পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অপ্ৰকৃতিষ্ঠ ৰূপ দেখি আল্ট্ৰাছৰো টোপনি ভাঙি গৈছে। সৰুটোৱে শেতেলিত মাকক বিচাৰি ঠেনঠেন কৰিছে। অলংকৃতাৰ প্ৰতি যেন আল্ট্ৰাছ অসন্তুষ্ট হৈছে। হ’বই! ৰাতি দুইবজাত বেলকনিত কি কাম অলংকৃতাৰ? তথাপি আল্ট্ৰাছ উঠি আহি তাইৰ কপালখন চুই নাচায়। নোসোধে একোকে তাইক, কিয় এনেখন কৰিছা বুলি সোধাৰ প্ৰয়োজনবোধ নকৰে। সিমানখিনি আপোন হৈ নুঠিল আজিও তাই। কি এক অস্থিৰতাই গ্ৰাস কৰে তাইক!

 কোনোবাহীনতাই বুকু খান্দে অহৰহ। কোনখন মহাভাৰত অশুদ্ধ হ’লহেঁতেন, আল্ট্ৰাছে যদি এবাৰলৈ তাইৰ মনৰ খবৰ ল’লেহেঁতেন। ক্ষোভত নাকৰ দুপাহি ফুলি আহে তাইৰ।

 এৰা।

 বাৰাংগনাহে তাই। বাৰাংগনাৰ আকৌ কিহৰ মনৰ খবৰ?

 জুপুৰিটোত সোমাই লয় তাই। যিসময়ত সন্তানৰ কণমানি হাত দুখনিয়ে তাইৰ বুকুৰ উম বিচাৰি বিছনা খেপিয়াই থাকে, যিসময়ত আল্ট্ৰাছৰ শৰীৰ তাইৰ শৰীৰৰ উত্তাপ বিচাৰি উন্মাদ হৈ উঠে, সেই সময়ত একাকীত্বৰ জুপুৰিটোত তাই নিজৰ ছবি আঁকে। কোনোবাহীনতাৰ বেথা সামৰি তাই নিৰলে ডায়েৰীত কলম বুলাই যায়।

 “মোৰ গোপন কক্ষত কিছু অভিমান। তোমাৰ কক্ষতো কিছু গোপনীয়তা। অহা-যোৱাৰ চিৰন্তন সূত্ৰক মানি এদিন ময়ো যামগৈ, তুমিও যাবাগৈ..... হয়তো কিছু অগা-পিচাকৈ। অভিমানবোৰৰ ঠিকনা হেৰুওৱাৰ দিনা ইজনে সিজনৰ গোপনীয়তা খুঁচৰিম। সিদিনা ক্ষমা শব্দটি অপ্ৰাসংগিক যদিও কুহেলিকা উদ্ধাৰৰ উন্মাদনাত হয়তো থৰ হ’ব দুচকু......", কলমটো হঠাতে তাইৰ হাতৰ পৰা সৰি পৰে।

 কলমটো বিচাৰিবলৈ তাই খিৰিকীৰ পৰ্দাখন আঁতৰাই পোহৰকণাটোক আদৰণি জনায়৷ পূৱে ধলফাট দিছে। পুৱাৰ কিৰণজাকতো কি যে এক অস্বস্তি অনুভৱ! কোনোদিনেই এনে হোৱা নাছিল তাইৰ। ক’ৰবাত যেন প্ৰিয়জনৰ কোনো দুঃখবৰ আনিছে বেলিটোৱে। ৰাতিৰ বৰষুণজাক শাম কাটিছে। হকাৰটোৱে টিলিঙা বজাইছে, হয়তো কাকতখন দলিয়াই থৈ গৈছে।

 জুপুৰিটোৰ পৰা ওলাই আহে তাই। সন্তানৰ স্কুলৰ বেগ-ইউনিফৰ্ম চিজিল লগাই বাথৰূমলৈ যায়। কাৰণ নোহোৱা বিষাদ এখিনিয়ে তাইৰ বুকুখন গধুৰ কৰি তুলিছে। যেন আল্ট্ৰাছে এই মাত্ৰই তাইলৈ বিকৃত চাৱনি নিক্ষেপ কৰি কৈ উঠিব, “তুমি সুখী কৰিব পৰা নাই মোক”।

 তায়ো বুজি উঠে, দুখ আহে সংগোপনে, দুখ আহে অকাৰণে।

 কাকতখনৰ হেডলাইনকেইটাই তাইলৈ দুঃখবৰ কঢ়িয়াই আনিছে। সেই কথা তাই নাজানে। আল্ট্ৰাছে ৰেডিঅ’টো বজাই দিয়ে। ঘোষিকা নয়নতৰাৰ মাতত ল’ৰাহঁতৰ ৰাতি পুৱায়। দৌৰি দৌৰি ৰাতিপুৱাৰ সময়বোৰে গতি লয়। ল’ৰাহঁতো দৌৰি দৌৰি স্কুললৈ বুলি ওলাই যায়। কেৱল তাইৰ মনটোৱেহে লৰচৰ নকৰে। লৰচৰ কৰিব নিবিচৰা মনটোৱে ৰেডিঅ’ৰ বাতৰিটো শুনাৰ লগে লগে কোনোবা অনন্তধামলৈ গতি কৰে। তাই বাৰু ঠিকে শুনিলেনে? নে এয়া শ্ৰম আছিল? ৰেডিঅ’ই কঢ়িয়াই আনিছিল বিপ্লৱী সংগঠনৰ কোনো এক সদস্যৰ মৃত্যুৰ খবৰ। সংগঠনৰ চিফে এতিয়ালৈকে নিশ্চয়তা দিয়া নাই যদিও সেই সদস্যজন দীপক হোৱাৰ সন্দেহ ব্যক্ত কৰিছে চৰকাৰীপক্ষই!

 বগা শাৰী-ক’লা কোটৰ ইউনিফৰ্মটো হাতত লৈ স্থানুৰ দৰে ৰৈ থাকে তাই। দীপকৰ মৃত্যুৰ কথা অলংকৃতাৰ বাবে এক অনাকাংক্ষিত বতৰ৷। কিছুপৰৰ পাছতহে তাইৰ সস্বিত ঘূৰি আহে। শৈশৱৰ বন্ধুৰ মৃত্যুৰ বাতৰিটো এইবাৰ চকুপানীৰ ঢল হৈ বৈ আহে। মৃত্যু ইমান সহজনে? ইমান সুলভনে? বাথৰূমৰ টেপ খুলি তাই হুকহুকাই উঠে। এই কান্দোনৰ শব্দবোৰ নিষিদ্ধ৷ এই চকুপানীবোৰ বাথৰূমৰ পানীতে আবদ্ধ। পৃথিৱীক দেখুৱাব নোৱাৰে এই চকুপানী। “দীপক তাইৰ কোন হয়?”, পৃথিৱীয়ে এই প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তুলিব তাইক। বাথৰূমত টেপৰ পানী বৈ যায়। তাইৰ অফিচৰ সময় হয়। ৰমেশ আহি কলিংবেল বজোৱাৰ খবৰ তাই নাপায়। বাথৰূমৰ দুৱাৰত নক কৰে সহায়িকাজনীয়ে,

 “বাইদেউ, বাইদেউ, ন বাজি গ’ল। কোৰ্টলৈ নাযায় নেকি?”

 “যাম, যাম, কিয় নাযাম?”, চকুপানীখিনি মচি স্বাভাৱিক হ’বলৈ চেষ্টা চলায় তাই। তাইৰ চকুপানীৰ সিমান শক্তি নাই যে তাই পৃথিৱীৰ গতি ৰুদ্ধ কৰিব পাৰে। দীপকৰ মাকলৈ মনত পৰে। সেই মাকক কথা দি থোৱা