পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ককায়েকে মাকক লৈ গুৱাহাটীলৈ যাবলগাত পৰিছিল সেইবাৰ। অলংকৃতাই ওচৰৰে পিচিঅ এটাৰ পৰা গুৱাহাটীত থকা ককায়েকলৈ দৰকাৰী কাগজ এখন ফেক্স কৰি ঘৰ সোমাইছিলগৈ মাথোঁ, ধুমুহা-বৰষুণ এজাক আহি গধূলিটো গভীৰ কৰি তুলিছিল। ধ্ৰুৱমৰ গতিটোত আউল লগোৱাৰ দৰেই আউল লগাই থৈ যোৱাৰ বতাহজাকে সেইদিনা আউল লগাইছিল তাৰ বিশ্বাসৰ ভেটিটোক। যিখিনি বতাহক সি নিজৰ বুলি গণ্য কৰিছিল, যিকণ মাটিৰ বাদে বেলেগ এটুকুৰা মাটিক সি আপোন বুলি ভবা নাছিল, সেই মাটিখিনিয়ে যেন তাক আঁকোৱালি ল’ব পৰা নাছিল। আৰু হঠাতে সেই মাটিৰ পৰা পলাই যোৱাৰ দুৰ্বাৰ হেঁপাহ জাগিছিল তাৰ।

 পিচিঅ'ৰ পৰা গৈ ধ্ৰুৱমে তাইক ঘৰত থৈ আহি নিজৰ পঢ়া-টেবুলত বহিছিল। বৰষুণৰ এছাৰকণিবোৰ টেবুলত পৰাত ধ্ৰুৱমে খিৰিকীখন বন্ধ কৰি দিবলৈ পঢ়া-টেবুলৰ পৰা উঠি আহোঁতেই দেখিছিল, পিচিঅ'ৰ মানুহজনে অলংকৃতাহঁতৰ ঘৰৰ দেৱাল পাৰ হৈছে। যেন কিবা এটা গোন্ধ পালে সি। অকলে থকা ছোৱালী এজনীৰ ঘৰৰ দেৱাল পাৰ হৈ যোৱা মানুহজনৰ মতলব জানিবলৈ তাৰ বেছি পৰ নালাগিল। মূৰৰ ওপৰেৰে এসোঁতা গৰম তেজ উতলি আহিল তাৰ। তৰ চাবলৈ সময় নহ’ল। সি প্ৰায় দৌৰি আহি চল্লিশোৰ্ধৰ মানুহজনক বগৰাই ঘোঁচা এটা শোধাই দিলে। নাকৰ পৰা বিৰিঙি অহা তেজখিনি সামৰি সেই লম্পটজনে তাক আঙুলি দেখুৱাই থৈ গ'ল, “চাল্লা ভিকছৰ জাত! আমাৰ ভেটিত থাকি আমাৰেই গাত হাত উঠাৱ’”।”

 সি লগে লগে দীপকৰ ওচৰ পালেগৈ৷ তাৰ পাছত কেইদিন সি আৰু দীপক অলংকৃতাৰ গেটত পহৰা চকু দেখিছে। অলংকৃতাৰ চলি থকা পৰীক্ষালৈ লক্ষ্য ৰাখি দীপক আৰু সি সিদ্ধান্ত ল’লে যে এই বিষয়ে কোনো কথাকেই অলংকৃতাক সিহঁতে নক’ব। তাৰ পাছতেই সি সিদ্ধান্ত লৈছিল, সি সেই ঠাই এৰি যাবগৈ। অলংকৃতাক নিৰাপত্তা দিব পৰাকৈ যোগ্য হৈ আহিব সি।

 “অলংকৃতাক চাবি দেই দীপক। সন্মুখৰ পৰা নহয়, পিছফালৰ পৰা ঠিয় হৈ চাবি তাইক। তাইক অকলে অকলেই মজবুত হবলৈ দে, ভাগি পৰা দেখিলে মোক খবৰ দিবি।”

 ভাগি নপৰিল তাই। নিজ স্বামীৰ পৰকীয়৷ প্ৰেমৰ কথা ফাদিল হোৱাৰ পাছতো তাই বাট নসলাই নিজৰ ৰাস্তাত গৈ থাকিল। অলপ বেছি হ’ল নেকি বাৰু? খং এটা উঠে তাৰ৷ ইমানখিনিৰ পাছতো আল্ট্ৰাছ নামৰ সেই প্ৰবঞ্চকজনৰ দম্ভালিক প্ৰশ্ৰয় দিয়াৰ কি প্ৰয়োজন? যিগৰাকী এতিয়া নিজেই নিজৰ আশ্ৰয়, সেই গৰাকীয়ে স্বামীৰ আশ্ৰয়ৰ বাবে চিন্তা কৰিবলগা কি আছে? কিয় তাই বাট সলাই গুচি নাহে? অবুজ বেদনাত তাৰ বুকুখন ধৰফৰাই উঠে। সেই সময়তেই বেতাঁৰত কথা-বতৰাৰ অনুচ্চ সুৰ ভাঁহি আহে। উচ্চ প্ৰাবল্যৰ সংকেতসমূহ তাৰ অত্যাধুনিক যন্ত্ৰত ভাঁহি আহিলেও কোড ব্যৱস্থাত থকা সংকেতবোৰ ভাঙিবলৈ সক্ষম হোৱা নাই সি। মাজতে তাৰ নামটো শুনি সি সচকিত হৈ উঠিল। কেনেবাকৈ তাৰ উপস্থিতিৰ কথা বিদ্ৰোহী পক্ষই গম পোৱা নাইতো?

 সি ৰেকৰ্ডিং হৈ থকা বাৰ্তাবোৰ পুনৰাই কাণ পাতি শুনিলে। সাংকেতিক ভাষাবোৰ অসাংকেতিক কৰিবলৈ সি পাৰ্যমানে চেষ্টা চলালে। ৰাতিটো ক্ৰমাৎ জয়াল হৈ পৰিছে। সুগৰি পহুৰ চিঞৰবোৰ কমি আহিছে। শিবিৰবোৰ আন্ধাৰত বুৰ গৈছে। এনে সময়তে সি বাৰ্তাবোৰৰ সংকেত ভাঙিবলৈ সক্ষম হৈ ওঁঠত হীঁহি এটা বিৰিঙাই ল’লে। ওঁঠৰ হাঁহিটো স্নান পৰিবলৈ তাৰ বেছি সময় নালাগিল, যেতিয়া সি গম পালে এই বাৰ্তাই কঢ়িয়াই আনিছে তাৰ প্ৰিয়বন্ধু দীপকৰ হত্যাৰ পৰিকল্পনাৰ খবৰ।

 আসঃ। দীপকৰ হত্যাৰ পৰিকল্পনা! ক’ত আছে সি? সি নিশ্চয় ওচৰতেই আছে। হৰিণীনয়নাত বিভোৰ তেতিয়া দীপক। ওলাবলৈ বিচাৰিও শিবিৰত খাপ পিতি ৰোৱা দীপক। পলাই যাব নোৱাৰাকৈ বন্দী সি। ইয়াত পলাই যোৱাৰ শাস্তি মৃত্যুদণ্ড। পলাই গৈ সদস্যসকলে শিৱিৰৰ বহু গোপন কথা ফাদিল কৰি দিয়াৰ শংকাতে সংগঠনৰ এই সিদ্ধান্ত৷

 সেই দীপকৰে হত্যাৰ পৰিকল্পনা চলিছে সংগঠনৰ মজিয়াত৷ চিফৰ ঘনিষ্ঠ সদস্যজনৰ চকুত দীপকৰ হাতত ভাৰত ৰাষ্ট্ৰই নিয়োজিত কৰা চোৰাংচোৱা ধ্ৰুৱমৰ ডায়েৰী উদ্ধাৰৰ কথাটো ইমান সহজ নহয়। দীপকে হয়তো গম পোৱা নাই তাৰ হত্যাৰ বতৰা। কিন্তু বেঁতাৰৰ যোগেৰে ধ্ৰুৱমে জানি গৈছে সেই খবৰ। ছটফটাই মৰিছে ধ্ৰুৱম। ছটফটাইছে অলংকৃতাও। বেয়া সপোন এটা দেখি তাই পানী খাইছে ঘোটঘোটকৈ। কপালখন ঘামিছে তাইৰ। নিয়ৰৰ টোপালবোৰে যেন মৃত্যুশোকত চকুলো টুকিছে। তাই লাহেকৈ উঠি আহিছে বেলকনিলৈ। তাইৰ