পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 তাৰ মাজতে কেইবাবাৰো তাইৰ ফোনটো বাজি উঠে। মাকৰ নম্বৰ দেখি তাইৰ মুখখন বিবৰ্ণ হৈ পৰে, যেন এই মুহূৰ্ততে খহি পৰিব পুঞ্জীভূত অভিমানৰ পাহাৰখন, ভেটা ভাঙি হলহলাই বৈ আহিব চকুলোৰ বান। নাই নাই। এনে কৰিব নোৱাৰি। মাকক শুঙিবলৈ দিয়া নাযায় ক্ষত-বিক্ষত কলিজাৰ কেঁচা তেজৰ গোন্ধ। কুঁচিমুচি নিজৰ মাজতে সোমাই থাকিব তাই, নিজৰ দুহাতেৰে নিজক সাৱটি যেন মাকক কৈ উঠিব,

 “মই ঠিকে আছোঁ মা, বহুত নাৰীতকৈ মই বহুত সুখত আছোঁ। দুপইছাৰ বিনিময়ত শৰীৰ দান কৰা অন্ধকাৰ গলিৰ নাৰীজনীতকৈ মই বহুত সুখত আছো। সুখত আছোঁ মা, মাতাল স্বামীৰ শাৰীৰিক-মানসিক অত্যাচাৰত তিল তিল মৃত্যু হোৱা প্ৰতিগৰাকী নাৰীৰ তুলনাত মই বৰ সুখেৰে আছোঁ। সুখেৰে আছোঁ মা, মেডিকেল কলেজৰ বাৰ্ণ ইউনিটৰ বহুতো মহিলা ৰোগীৰ কাহিনী মোৰ লগত ঘটা নাই যেতিয়া মইতো বহুত সুখেৰে আছোঁ। নাৰী হৈ জন্ম লৈছোঁ, ইয়াতকৈ আৰু কি সুখৰ সন্ধান কৰোঁ মা। মা মা শুনিছানে মা, বাকী সৱ ঠিকেই আছে মা।”

 তাইৰ নিৰৱ কোলাহলৰ মাত্ৰা ভেদি চকুপানী এটোপাল ফোনটোৰ স্ক্ৰীণত পৰে মানে মাকে সিফালৰ পৰা ফোনটো বিছিন্ন কৰি দিয়ে। বিশালে তাইলৈ চাই ৰয়, খঙো উঠে কিঞ্চিত, কি দৰকাৰ নিজকে ইমান শাস্তি দিবলৈ? দিনততো ঠিকেই আছিল তেওঁ, এতিয়ানো এনে আচৰণৰ প্ৰয়োজন কি বিশালে তত ধৰিব নোৱাৰিলে। পলকতে সুখ, পলকতে দুখ, এয়ে নেকি অলংকৃতাৰ বৈশিষ্ট্য। অলপ পৰৰ বাবে মাথো অলংকৃতাক এৰি থৈ নিজৰ কাৰ্যালয়লৈ বুলি গাড়ী ঘূৰাইছিল। সেইকণ সময়ৰ ভিতৰতে অলংকৃতাৰ এনে অসুস্থ আচৰণ। চেপি ৰখা উচুপনি, উবুৰিয়াই ঢাকি থ’ব বিচৰা বুকুৰ পোৰণি-অলংকৃতাৰ প্ৰতিটো কৰ্ম কাণ্ডত সি মাথোঁ আচৰিত হয়। এই অস্বস্তিকৰ পৰিস্থিতিৰ উপশম ঘটাবলৈ সি একো শব্দ বিচাৰি পোৱা নাই। তাৰ মনত প্ৰিয় নাৰীৰ এক পৰিকাঠামো আছে। সেই পৰিকাঠামোত অতি ধুনীয়াকৈ খাপ খাই পৰে অলংকৃতা নামৰ এই নাৰীমূৰ্তিটো। অথচ সি জোৰ কৰি ঠেলি হেঁচি সেই কাঠামোত অলংকৃতাক ভৰাব নোখোজে, জোৰ কৰিলেই কোনোবাখিনিত যেন চনচনকৈ ভাগি পৰিব এই মূৰ্তি। যিমানেই আধুনিক হিচাপে নিজকে তুলি ধৰিলেও এই নাৰীৰ নিজ স্বামীৰ সৈতে পুৰাতন প্ৰেমৰ সংজ্ঞাত সি বাৰুকৈয়ে পৰিচিত। অতি ৰক্ষণশীল সেই প্ৰেম, কোনো কাৰণতে যি প্ৰেমক স্থিতিস্থাপক কৰি তোলা নাযায়। স্বামীৰ বিৰুদ্ধে অতখিনি জনাৰ পাছতো যি প্ৰেমৰ কোনো চোক নকমে, স্বামীৰ সুখৰ স্বাৰ্থত নিজৰ সুখ ত্যাগ কৰাৰ কথা পৰ্যন্ত মনলৈ আনি লোৱা যায়, শংকাৰে আৱৰা মন লৈও স্বামীৰ ওচৰত পৰনাৰীৰ খবৰ সোধা যায়, “তুমি উল্কিক বিয়া পাতিব বিচৰা নেকি?” নঞাৰ্থক উত্তৰত আকৌ স্বস্তিৰ নিশ্বাস এৰি ঢাপলি মেলে তাই উল্কিৰ খবৰ ল’বলৈ, উল্কিৰ স্বামীৰ সৈতে এষাৰ কথা পাতিবলৈ প্ৰেমৰ বাটত সকলোৰে ভৰিৰ তলৰ বুটজোতাৰ গচকতো মূৰ তুলি ৰোৱা দুবৰিজনীৰ দৰেই সজীৱ হৈ উঠে এই প্ৰেম। নুবুজে বিশালে, বঞ্চিতা পত্নীৰ এনে প্ৰেমৰ সূত্ৰ সি নাজানে। সি অলংকৃতাক ক’ব খোজে, বুকুৰ মাজত অত সযতনে সাঁচি ৰখা এই অনুভূতিৰ নাম প্ৰেম নে মোহ? কিহৰ তাড়নাত তাই বাৰে বাৰে আঁচলত বান্ধি ৰাখে সৰি পৰা প্ৰেমৰ বিভঞ্জ খণ্ডবোৰ? ক’বলৈ মন যায় বিশালৰ,

 “আহাঁ অলংকৃতা, এই বান্ধোন, এই সমাজ এৰি আমি নতুন সম্পৰ্ক গঢ়ি তোলোঁ, য’ত তোমাৰ সুখবোৰ মই গণিম, মোৰ সুখবোৰ তুমি বুটলিবা”।

 বিবাহক লৈ আস্থা নাই বিশালৰ। পশ্চিমীয়া দেশৰ কিছুমান ধাৰণাৰ স’তে পৰিচিত হৈ উঠিছে সি। পাশ্চাত্যৰ বিবাহ পদ্ধতিত সি আস্থা হেৰুৱাই পেলাইছে। যি বিবাহ পদ্ধতিত আৱেগৰ বেচা কিনা চলে, যি বিবাহ পদ্ধতিত অবলা নাৰী নিতে মৰে, নিতে দহে, যি বিবাহ পদ্ধতিত নাৰীক সন্তান উৎপাদনৰ এক পদ্ধতিৰূপে গণ্য কৰা হয়, সেই বিয়ালৈ আস্থা নাইকিয়া হৈ গৈছে তাৰ। কিন্তু এসময়ত এনে হোৱা নাছিল তাৰ। বিয়া মানে তাৰ বাবে তেতিয়া সাতজনমৰ প্ৰতিশ্ৰুতি হৈ ধৰা৷ দিছিল। সেয়েহে তাৰ লগৰ তুষাৰ আৰু হিমানীয়ে লিভিং টুগেদাৰৰ দৰে সিদ্ধান্ত লওঁতে আটাইতকৈ আপত্তি কৰিছিল সি। কিন্তু কোৰ্টত ডাঙৰ ডাঙৰ শিক্ষিত মানুহৰ সংসাৰৰ ভিতৰচৰা দেখি শুনি তাৰ বিতৃষ্ণা লাগি গৈছে। প্ৰেমহীন সংসাৰেৰে চলি আছে দেশ। আমেৰিকাৰ দৰেই ক্ৰমাৎ বাঢ়ি আহিছে ডিভৰ্চৰ সংখ্যা। আগৰ দৰে পুৰুষপ্ৰধান সমাজৰ সকলো কথা নিৰ্বিবাদে মানি চলিবলৈ প্ৰস্তুত নহয় আজিৰ নাৰী। এয়াতো ভাল লক্ষণ। পুৰুষ সমানে সমানে নাৰীশক্তিৰো বিকাশ ঘটিছে। অথচ কিছুমান পুৰুষৰ অহমিকাত কিয় লাগে কথাবোৰ? সেইসকল পুৰুষে এতিয়াও কিয় নাৰীশক্তিক স্বীকাৰ কৰি ল’ব পৰা নাই?

 বিশালে ভাবে, অলংকৃতা তাৰু আল্ট্ৰাছৰ কথাবোৰো সেই অহমিকাৰে বলি। জনমানসত দিনে দিনে সবল