কি কৰে তাই? অভিমানেৰে ওফন্দি উঠা মুখমণ্ডল। এই যেন লণ্ড-ভণ্ড কৰি পেলাব ঘৰৰ সমূহ আচবাব, চিঞৰি চিঞৰি কান্দিব নতুবা বেডিং পত্ৰ বান্ধি ঘৰলৈ গৈ ককায়েকৰ আগত স্বামীৰ প্ৰতিবাদ কৰিব। মাকৰ আঁচলেৰে চকুলো মচি কৈ উঠিব, “আই সেইখন ঘৰত নাথাকোঁগৈ, নপঠিয়াবি মোক দুনাই”।
পদূলিত গাড়ী ৰখাৰ শব্দ হ’ল। অফিচৰ সময় হৈ গ’ল। কলিংবেলৰ শব্দত তাই বাহিৰলৈ ওলাই আহিল। দুৱাৰমুখত অফিচৰ গাড়ীচালক ৰমেশ। তাইলৈ মোবাইল ফোনটো আগবঢ়াই দিলে, “বাইদেউ, ৰাতিটো এইটো গাড়ীতে পৰি থাকিল। মই এতিয়াহে দেখিছোঁ”।
ফোনটো তাই দাঙি ল’লে। বহুতকেইটা মিছকল। আল্ট্ৰাছৰ, কঞ্জনীলৰ, দুটামান বেলেগ নম্বৰৰ। লগতে কেইবাটাও মেচেজ। কঞ্জনীলৰ মেচেজ কেইবাটাও। মেচেজ বক্সটো খুলি ল’লে তাই,
“বাইদেউ আপুনি একো নক’লে। মই মৰি যাম বাইদেউ। তাইকো মাৰি পেলাম। আপোনাৰ মিষ্টাৰকো জেলত ভৰাম। আপোনাৰ মিষ্টাৰে মোৰ মিছেচৰ লগত এনেকুৱা সম্পৰ্ক গঢ়ি তুলিছে, আপোনাৰ অকণো গাত লগা নাই?”
বুকুখন কঁপি উঠে তাইৰ। কলীয়া ডাৱৰবোৰ গলি এজাক বৰযুণেৰে সেমেকা কৰি তোলে পৃথিৱী। কিদৰে বুজায় কঞ্জনীলক, কতদিনৰ পৰা যে ৰ’দলৈ বাট চাই চাই চাই ভাগৰি পৰিছে তাইৰো মনৰ ৰামধেনু।
আদিম বন্যতাত ভাঁহি আহে এখন মুখ। কঞ্জনীলৰ মুখ৷ পুৰুষতান্ত্ৰিক সমাজৰ বিচাৰকৰ ভূমিকা লোৱা এখন মুখ। পুৰুষে অবাটৰ বাট ল’লেও আঙুলি নুঠে সহস্ৰজনৰ। সেয়া সমাজে দিয়া পুৰুষৰ অধিকাৰ। নাৰীয়ে অবাটৰ বাট ল’ব নোৱাৰে, সেয়া সমাজে বান্ধি দিয়া নাৰীৰ দায়িত্বৰ শিকলি।
গভীৰ অৱসাদেৰে তাই অনুভৱ কৰিলে, চৌপাশে এজাক চাতক চৰাই। তাইৰ খবৰ লৈ লৈ ভাগৰি পৰা নাই চৰাইৰ জাকটো। অথচ সমাজ প্ৰতিষ্ঠাৰ ভীষ্ম-প্ৰতিজ্ঞাত যেন অন্ধ সময়।
সমাজৰ দেৱালখন গিৰ-গিৰকৈ খহে। শুধ বগা শাৰীখনে মেৰিয়াই ধৰে তাইৰ কজলা হৃদয়। ক’লা কোট আৰু বগা টাইৰ মাজত বান্ধি থয় চিন্তাৰ বৈপৰীত্য।
বিশাল তামুলীয়ে কৈছিল নিউটনৰ সূত্ৰ। তায়ো বুজি উঠিছে অহা-যোৱাৰ সূত্ৰই সত্য। তথাপি মনৰ মাজত যুদ্ধখন চলি থাকে।
এই যুদ্ধখন নিত্য সহচৰ। কথা কমকৈ কয় তাই। মনৰ মাজত অবিৰাম চলি থাকে নাটকৰ সংলাপ। ভাল বেয়াবোৰৰ সীমাৰেখা বিচাৰি ফুৰে। কোনবোৰ ভাল, বেয়াইনো কোনবোৰ? সমাজে নিৰ্ধাৰিত কৰি দিয়া ৰচীডালতে ওলমি থাকেনে ভাল-বেয়া সংজ্ঞাবোৰ? সেই সংজ্ঞাত সন্তুষ্ট হয়নে সকলোবোৰ? ধৰা হওক, এচাম সন্তুষ্ট নহয় চলি অহা এই সংজ্ঞাত৷ সমাজৰ নিয়মবোৰ ভাঙি নতুন নিয়মেৰে সমাজ প্ৰতিষ্ঠা কৰাৰ সংজ্ঞাত বিশ্বাসী তেওঁলোক। সেই নিয়মত বান্ধোন নাথাকে, থাকে মুক্ত চাল-চলন। দুয়োটা সংজ্ঞাৰে চলকৰ মনত বহি লয় তাই। প্ৰচলিত কিছু ব্যৱস্থাৰ বিৰুদ্ধে তাইৰো বিষোদগাৰ নোহোৱা নহয়। কিন্তু তাই সদায় সেই পক্ষত, যি পক্ষত শান্তি থাকে। তাই সেই পক্ষত, যি পক্ষত ক্ষতিভয়ৰ পৰিমাণ কম হয়। লাগিলে তাৰ বাবে হৃদয়ৰ উছৰ্গাই নহওক কিয়।
মুণ্ডহীন নাৰী দেহটিৰ পষ্টমৰ্টেমৰ সময়ছোৱাত উপস্থিত আছিল তাই। সেই নাৰীগৰাকীৰ কটা মূৰটো লৈ তাইৰ স্বামীয়ে পুলিচ থানাত আত্মসমৰ্পণ কৰিছিল। চমকি উঠে তাই। সেই কেচটোৰ শুনানী আছে আজি। আচামীয়ে স্বীকাৰ কৰিছে সেই হত্যাকাণ্ডৰ কথা। যাবজ্জীৱন কাৰাদণ্ডৰে কেচটো সামৰিছে জিলা আৰু সত্ৰ ন্যায়াধীশে। লোমহৰ্যক হত্যাটিৰ শুনানিৰ পৰিপ্ৰেক্ষিতত আদালতৰ বাহিৰত সহস্ৰজনৰ ভিৰ।
ওলাই আহোঁ বুলিও আদালতৰ পৰা তাই ওলাই আহিব পৰা নাই। কেমেৰা আৰু সাংবাদিকৰ প্ৰশ্নৰে ভিৰ লাগি থকা আদালত চৌহদ। বিশালে তাইক গাড়ীত তুলি দিবলৈকে আদালতৰ চৌহদৰ পৰা ওলাই আহিল৷ তাইৰ মনৰ গতিৰ উঠা-নমা সি লক্ষ্য কৰিছে। সেয়ে তাইৰ কাষে কাষে আছে সি। এয়া তাৰ সহানুভূতি নে? নে আন কিবা? আন কিবাই হয়তো। হয়তো কিছু দায়িত্বৰোধ আপোন মানুহৰ প্ৰতি, যি কথা সি কাকো ক'ব নোৱাৰে। মুঠতে তাতকৈ জ্যেষ্ঠ মহিলাগৰাকীক সি মনে-গ্ৰাণে নিৰাপত্তা দিব বিচাৰে।
“মেডাম, আপুনি যাওক। আমি বাকীখিনি চম্ভালি ল’ম”, ৰমেশক গাড়ী চলাবলৈ অস্থিৰতাত ডুব যোৱা শৰবিদ্ধ মেডাম, আপুনি যাওক। আমি বাকীখিনি চম্ভালি ল’ম”, ৰমেশক গাড়ী চলাবলৈ নিৰ্দেশ দি সি পুনৰ