পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 সংজ্ঞাবোৰৰ ভাঙনি বিচাৰি বিশালৰ সৈতে গভীৰ আলাপত ৰত হয় তাই। কোনোবা এদিন ল’নখনৰ ঝুলনাত বহি নতুবা কোনোবাটো সময়ত ছাদৰ ওপৰৰ চেগুনজোপাৰ ছাঁত ৰৈ প্ৰায় বিশালৰ সৈতে তাই দীঘলীয়াকৈ কথা পাতে,

 “মোৰ অহংকাৰটো ক’ত জানে বিশাল, মই যি স্থানলৈ উন্নীত হৈছোঁ, তাৰ পৰা মোক কোনেও নমাব নোৱাৰে”।

 “কিয়? কেনেকৈ”, বিশালে ওলোটাই প্ৰশ্ন কৰে।

 “নহয়নো কি? এতিয়া যে মোৰ একো হেৰুওৱাৰে ভয় নাই”।

 “এই কথাবোৰ নুবুজোঁ মই। মুঠতে বুজোঁ, আপুনি সুখে থাকিলেই মোৰো সুখ”।

 ইমান প্ৰেম! ইমান প্ৰেম! অতদিনৰ পৰা তাইৰ প্ৰতি বিশালৰ প্ৰেমৰ আকুল নিবেদন। তথাপি তাই হাত মেলি নিদিয়ে, কৈ নুঠে, “আহক হেৰাই যাওঁ কোনোবা মাতাল ৰাজ্যত” বুলি।

 “বিয়া পাতক”, কথা সলায় অলংকৃতাই।

 দীঘলকৈ হুমুনিয়াহ এটা এৰে বিশালে। তাৰ পাছত লাহে লাহে কয়, “বিয়াৰ কথা ভাবিবই নোৱৰা হ’লোঁ মেডাম। অলেখটা ভুলৰ সাগৰত ককবকাই আছো। মোৰ সহস্ৰ ভুলেৰে আন এটা জীৱন নষ্ট কৰিবলৈ মন নাই”।

 কোনবোৰ ভুল? কৈশোৰৰ কোনো এক সন্ধিক্ষণত ঘৰৰ পৰা পলাই গৈ অৰণ্যত আশ্ৰয় লোৱাটো নে অৰণ্যৰ পৰা পলাই আহি নতুন জীৱনৰ পাতনি মেলা কথাবোৰ? কি অস্থিৰতাই বাউল কৰে বিশালক? জানিবলৈ মন যায় তাইৰ।

 “আপোনাক ভাল পাওঁ৷ সেই ভালপোৱাৰ পৰা আঁতৰিব নোৱাৰিলোঁ, সেয়াও মোৰ জটিল জীৱনৰ এক ভুল কাৰণ”, তাইৰ মৌনতাৰ পম খেদি বিশালে ধীৰে ধীৰে উচ্চাৰণ কৰে।

 ঢককৈ কঁপি উঠে তাইৰ বুকু। এগৰাকী বিবাহিতা নাৰীক এজন পৰপূুৰুষে প্ৰেমৰ কথা কৈছে৷ আৰু নিৰ্বিকাৰভাবেৰে তাই শুনি আছে। পাপ। পাপ। চূড়ান্ত পাপ। এই পাপৰ ভাগী হ’ব তাই। শীতল ৰক্তস্ৰোত এটা বিয়পি পৰে তাইৰ সিৰাই সিৰাই। প্ৰেমৰ বৰষুণত তাইৰো জুৰুলি জুপুৰি হ’বলৈ মন যায়। অথচ তাই তিতিব নোৱাৰে। তাইৰ নীতিবোধে সেয়া হ’বলৈ নিদিয়ে। সেইবোৰ অনীতি, অনিয়ম বুলি ধ্ৰুৱমে ক’ৰবাৰ পৰা সকীয়ায়, “খবৰদাৰ। সদায় আৱেগেৰ জীৱন নচলে। বিবেকক বন্ধকত নথবি”। তাই বিশালৰ কথাবোৰ একাষৰীয়াকৈ থৈ দিয়ে। সিও বিবেকদংশনত ভোগে, তাইক ভালপোৱাৰ অপৰাধত ভোগে। তাইতো মাতৃ। তাইৰ বিবেক দংশন তাতকৈ বহুত বেছি। সন্তানৰ স’তে চকু মিলাই চাব নোৱৰাৰ দংশন এয়া। ইতৰ প্ৰাণী নহয় তাই। তাইৰ ওচৰত পিছৰ প্ৰজন্মৰ দুটি সদস্যৰ দায়িত্ব আছে৷ সেই দায়বদ্ধতাৰ বাবে তাই ব্যক্তিগত স্বাৰ্থক বলি দিবলৈ সাজু।

 দীপকক লগ কৰিবলৈ যোৱাৰ দিন ওচৰ চাপি আহিছে। আল্ট্ৰাছক নিয়মমাফিক খবৰ দিয়ে,

 “দুদিনমান নাথাকিম ঘৰত।”

 “ক’লৈ যোৱা আকৌ?”, কাকতখন পঢ়ি থকাৰ পৰা আল্ট্ৰাছে তাইলৈ দষ্টি নিক্ষেপ কৰে। শানিত তৰোৱালৰ দৰে সেই দৃষ্টি। সেই দৃষ্টিত অনুৰোধ নাই, আকুলতা নাই, আছে পুৰুষচালিত সমাজৰ দম্ভ। সেই দম্ভলৈ পৰোৱা কৰিবলৈ এৰিছে তাই। মৰমৰ জুইত হাজাৰবাৰ গলিলেও দম্ভৰ জুইত নজ্বলে তাই। সিমান দুৰ্বল নহয় অলংকৃতা। গতিকেই নিৰুদ্বেগ চিত্তে উত্তৰ দিয়ে আল্ট্ৰাছক,

 “অৰুণাচল।”

 “আৰু কোন যাব?”

 প্ৰশ্নটোৰ লগে লগে অলংকৃতাৰ মূৰৰ পৰা ভৰিলৈ চাই পঠিয়ায় সি৷ সেই চাৱনিত তাই কোঁচমোচ খায়। সেই যে এদিন তাইৰ শৰীৰত থূপ খাবলৈ ধৰা মেদখিনিক লৈ তেওঁ তাচ্ছিল্য কৰিছিল, সেই মেদখিনিৰ জোখাৰে বয়সৰ অংক কৰিছিল, সেই তেতিয়াৰে তাই সচেতন হৈছে। বহুত কষ্ট কৰি শৰীৰটোক তাই ধৰি ৰাখিছে। শৰীৰে বয়স কমায়। শৰীৰে সেউজ কৰি ৰাখে মনটোকো। তাৰ বাদে বেলেগ কোনো অংক নাই। এতিয়া তাইৰ শৰীৰৰ সেউজীয়াখিনিয়ে আল্ট্ৰাছক হীনমন্যতাত ভোগায়। এই শৰীৰে শংকিত কৰে আল্ট্ৰাছক। সেই শংকাত তাই তৃপ্তি পায়। সেয়া তাইৰ অহংকাৰ। সেয়া তাইৰ প্ৰতিশোধ। সেয়া তাইৰ আত্মবিশ্বাস। আৰু বহুত কিবাকিবি।