পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

যাত্ৰা। দূৰদূৰণি জুৰি অকলশৰীয়া যাত্ৰা”।

 মৌনতাত গুণগুণাই থকা কোলাহলবোৰ খেদিবলৈ বিশালে গান এটা বজাই দিলে। তাৰ প্রিয় জগজিতৰ কণ্ঠ নিগৰি আহিল,

 “জানতী হু, তুমহে চহাৰে কী জৰুৰত নহী, মে চীৰ্ফ চাথ দেনে আয়া হু”

 অলংকৃতা উচপ খাই উঠিছে। বিশালৰ দৰে ল’ৰাই গজল শুনে? এটা সময়ত তায়ো খুব শুনিছিল গজল। আজিকালি শুনিব নোৱাৰে৷ আল্ট্ৰাছে গজল বেয়া পায়, এবাৰ বৰ বেয়াকৈ কৈছিল তেওঁ, “বৰ বেবাইছেহে সেইজনাই। বন্ধ কৰা”। বুকুখনে খুব কান্দিছিল সিদিনা । শিল্পী এজনক অপমান কৰিলে ক’ৰবাত তাইৰ বুকুখন কান্দি উঠে। সেই তেতিয়াৰে পৰা তাই গজল শুনা নাই। গাড়ীত কেতিয়াবা ৰমেশে গান বজায়, আধুনিক গান, জুবিনৰ, পাপনৰ নতুবা মানস-ৰবীনৰ গান, সিমানখিনিতেই ভৰি থাকে বুকু। স্কুল-কলেজৰ দিনৰ দৰে প্ৰিয় গজলৰ গানৰ শব্দবোৰত জীৱন বিচাৰি লোৱা নাই।

 “জিন্দেগী তেজ, বহুত তেজ চলী হৌ জেচী”।

 গজলে কৈ যায়। সঁচাকৈ জীৱন তীব্ৰ গতিত আগুৱাই গৈছে। গান শুনা ছোৱালীজনীৰ জীৱনটো তালবিহীন হৈ পৰিছে। খিলখিলকৈ হঁহা ছোৱালীজনীৰ হাঁহিবোৰ নিমাত হৈছে। কিয় কিয়? কাৰ কি লাভ হ'ব এই নিৰ্বাসন দণ্ডৰ পৰা? নিজৰ পৰা নিজক নিলগাই কি লাভ হৈছে তাইৰ? টকা পইচা, দায়িত্ববোধ, কৰ্মব্যস্ততা এই সকলোৰে আঁৰত তাইৰ যে নিজাকৈ এখন পৃথিৱী আছে, সেই কথা কিয় পাহৰি পেলাইছে তাই?

 ওহো৷ নহ’ব। আৰু নহ’ব। এই মুহূৰ্তৰ পৰাই তাই নিজৰ হৈ পৰিব। নিজৰ খোলাত আলফুলকৈ সাঁচিব আনে মূল্য নিদিয়া তাইৰ সমস্ত অনুভৱ। তাই পুনৰ তাইৰ হৈ পৰিব। তাইৰ কাষেৰে অহা যোৱা মানুহবোৰে অহা যোৱা কৰি থাকিব। কিন্তু তাই নিজকে সযতনে ৰাখিব।

 মনত পৰে তাইৰ। কলেজত এবাৰ সদানন্দ দত্ত ছাৰে কৈছিল, “এটা কণী বাহিৰা শক্তিৰ বাবে ভাঙিলে এটা জীৱন কলিতে মৰি যায়, একেটা কণী ভিতৰৰ শক্তিৰ বাবে ভাঙিলে এটা নতুন জীৱনৰ আৰম্ভণি হয়”। তাইক আৰু কোনো বাহিৰা শক্তিয়ে ভাঙিব নোৱাৰে। বৰঞ্চ নিজে নিজকে টুকুৰিয়াই টুকুৰিয়াই নিজকে ভাঙি সহস্ৰজনৰ জীৱনক গঢ় দি উঠিব তাই।

 আল্ট্ৰাছ, মই তোমাৰ হৈও মই নিজৰ হৈ থাকিব পৰাটোতে মোৰ কৃতিত্ব হৈ ৰ’ব। বৰগছজোপাৰ দৰে হ’ব নোৱাৰিলেও কাৰোবাক শুহি শুহি জী উঠিবলৈ ৰঘূমলাডালো নহওঁ। হ’ম মই দূবৰিৰ দৰে। হাজাৰ ধুমুহাত হালি পৰিলেও পুনৰবাৰ জী উঠিবলৈ শক্তি গোটাম। সৰু হৈও মূৰ দাঙি আকাশ চাবলৈ সাহস গোটাম।

 “মেডাম, কথা এটা সোধোঁ”, মাজতে বিশালে মাত মাতে।

 “ওমম, নিশ্চয়। নিশ্চয় সোধক”, তাইৰ মনটো মুকলি হৈ উঠিছে।

 “দীপকক চিনি পায়নে?”

 “দীপক মানে?” কোন দীপকৰ কথা কৈছে বিশালে তাই মনত পেলাব পৰা নাই।

 “লক্ষীমপুৰৰ বগলীজানৰ আছিল তেওঁ।”

 লক্ষীমপুৰৰ বগলীজানৰ? তাইৰ মনৰ বগলীজনী বয়স নামৰ গছজোপাৰ দৰে একেচাটে নামি আহি শৈশৱৰ ফেৰেঙনিত ৰৈ দিলে। সেই বগলীজান, য’ত তাইৰ শৈশৱ-কৈশোৰ, য’ত তাইৰ ধ্ৰুৱম আৰু এজাক সমনীয়া। য’ত সিহঁতক ওমলাই ওমলাই কেতিয়াও ভাগৰি নপৰা এখনি পথাৰ। য’ত বহত গছৰ ফুলেৰে শ্লেট মচাৰ সুখকণ, আমলখি-শিলিখাৰে ডাঠ কৰা জিভা, সেই বগলীজানৰে কথা কয়নে বিশালে? আছিল। তাত এজন দীপক আছিল। পিছলৈ শুনিছিল দীপক নিৰুদ্দেশ হৈছিল। সেই দীপকক বিশালে চিনিলে কেনেকৈ? কিছু উৎকণ্ঠাৰে তাই সুধি পেলায়,

 “অ অ’ চিনি পাওঁ দীপকক। মোৰ লগৰে আছিল সি। আপুনি ক’ত লগ পালে তাক?”

 ক’বনে বিশালে? দীপকৰ প্রসংগ উলিওৱাৰ লগে লগে যে নিজৰ বিষয়েও ক’ব লাগিব। সেই অধ্যায় সি খুলিব লাগিব, যি অধ্যায় সি বন্ধ কিতাপত সামৰি থৈছে। মুখখন মোহাৰি লয় বিশালে। বন্ধ কিতাপখনতো অকণমান ফাঁক আছে, যিহেৰে জিলিকিছে সেই পৃষ্ঠাৰ এটি দুটি আখৰ।