কৰিবলৈ আহি গাঁওখনত সি লমালমে বিষাদ বুটলিছিল। সেই বিষাদৰ মাজতো সি কিছু দায়িত্ব পালন কৰিছিল। প্ৰাণ যাওঁ যাওঁকৈ থকা দীপকৰ দেউতাকৰ কাষত সি ৰৈ দিছিল। দীপকৰ দেউতাকৰ মৃত্যুৰ দিনা আকাশ খনে কলহৰ কাণেৰে বৰষুণ ঢালিছিল। দীপকৰ দেউতাকৰ মৃত্যু আৰু অলংকৃতাৰ বিবাহৰ খবৰ, দুয়োটা বিষাদকে চকুপানীৰে বোৱাই নিবলৈ সি নিজকে বৰষুণৰ পানীত এৰি দিছিল।
বৰষুণে বোৱাই নিয়া পানীবোৰ লুণীয়া হৈ পৰিল।
“আজিয়েই ধ্ৰুৱম। আজিয়েই কান্দি ল’৷ এনে সুযোগ দ্বিতীয়বাৰলৈ নাপাবি।”
বৰষুণ আৰু বিষাদ। বিষাদ আৰু বৰষুণ। ইটোৱে সিটোৰ লগত ওৰে ৰাতি মিতিৰালি কৰি কৰি লৌহমুখা এখন তৈয়াৰ কৰি মুখৰ ওপৰত লগাই লৈ সি দীপকৰ অৱস্থানৰ সন্ধান কৰিলে।
ধ্ৰুৱম দাসৰ পক্ষে সেয়া কোনো টান কাম নাছিল।
++
(ছাব্বিশ)
“অই আকাশ, তোলৈ হেঁপাহ জাগিল, তৰিলো জাল।
জাল ভৰি উঠি আহিল শূন্যতাৰ ভঁড়াল”,
মেঘে ওন্দোলোৱা আকাশখনলৈ চাই চাই অলংকৃতাই শূন্যতাৰ জালখন মেলি ধৰিলে। জালখনেৰে সপোনবোৰ সৰকি গ’ল। ৰৈ গ'ল আকাশসম শূন্যতা। এই শূন্যবোধে তাইক খেদি ফুৰে। খেদি ফুৰে তেতিয়াও, যেতিয়া পৰকীয়া প্ৰেমৰ অভিযোগ লৈ তাইৰ টেবুলত বিভিন্নজনৰ বিবাহ বিচ্ছেদৰ আবেদন পৰে। বিভিন্নজনক বিবাহ বিচ্ছেদৰ পথ সুগম কৰি দিয়া৷ অলংকৃতাই নিজে সেই পথত খোজ দিব নোৱাৰে। ক’ৰবাত যেন ভাৰতীয় নাৰীজনী জাগি উঠে। স্বামীৰ পদতলৰ সেই অৱশগুণ্ঠিতা নাৰীৰ দৰেই তাই নিৰ্বিবাদে পালন কৰি যায় সংসাৰ ধৰ্ম। মোহবোৰ কমি কমি নোহোৱা হৈছেগৈ। যিকণ বাকী আছে সেয়া সন্তান দুটিৰ মাজতহে আছে।
মোহ এটা সোমাই আছে পুৰণি আলমাৰীটোত, যিটো আলমাৰীয়ে অশুৱনি ৰূপ এটা বিয়পাই আছে ৰূমটোৰ ভিতৰত। আল্ট্ৰাছে কেবাবাৰো আলমাৰীটো তাৰ পৰা আঁতৰাই দিয়াৰ কথা কৈছে।
“পুৰণি বস্তুৱে নতুন ঘৰটোত শোভা নাপায়। তুমি এই আওপুৰণি স্বভাৱবোৰ এৰি দিবৰ হ’ল। পুৰণিবোৰ আঁতৰাই নতুনবোৰ আদৰিবৰ হ’ল”, ইত্যাদি দেধাৰ অভিযোগ। নতুন আৰু পুৰণিৰ মাজৰ তুলনাবোৰত এলাগী অনুভৱ এটাই তাইক মেৰিয়াই ধৰে। নতুনবোৰ আদৰিলেও পুৰণিবোৰক ডাষ্টবিনৰ এচুকলৈ দলি মাৰিব নোৱাৰে। আওপুৰণি স্বভাৱবোৰ এৰবি নোৱাৰিলে কাৰণেই তাই ঘিলা পিঠাৰ সোৱাদটো পিজ্জাত বিচাৰি নাপায়। আওপুৰণি স্বভাৱবোৰ এৰিব নোৱাৰিলে কাৰণে আজিও মাকৰ হাতৰ কচুৰ জালুকীয়াখনলৈ মনত পেলাই উচুপে। মাকে পিন্ধা মুগাৰ সাজযোৰ সেই পুৰণি আলমাৰীটোত সাঁচি থৈছে। এইবোৰৰ দাম আল্ট্ৰাছে নাজানে।
তাই আলমাৰীটোৰ ওচৰত ৰৈ পুৰণা চিঠিবোৰ তথা এৰি অহা দিনৰ ডায়েৰীবোৰ খুঁচৰি চায়। জীৱনৰ সংজ্ঞা সোমাই থকা আখৰবোৰত মোহ থাকে। নামী-অনামী চিঠিবোৰ ভালপোৱাৰ ৰঙেৰে ভৰি থকা। অট'গ্ৰাফবোৰত প্ৰতিশ্ৰুতি থাকে। ফটোবোৰত জাকৰুৱা গাভৰুৰ খিলখিল হাঁহিবোৰ থাকে।
“এই যে হাঁহি থকা ছোৱালীজনী, তাই দুবছৰৰ আগতে আত্মহত্যা কৰিলে”।
“কিয়? কিয়?”
“কিয় আৰু? সেই একেই? পৰকীয়া প্ৰেম।”
“পৰকীয়া প্ৰেম? কাৰ?”
তাইৰে?”
“আচৰিত! তাইৰে যদি আত্মহত্যা কৰিলে কিয়? তাইৰ জানো সন্তান এটাও নাছিল”।
“আছিল। চাৰিবছৰীয়া ল’ৰা এটা আছিল।”
“তেতিয়াহ’লে তাই চুইচাইড কৰিলে কিয়?”
“কাৰণ তাইৰ এফেয়াৰচৰ বিষয়ে হাছবেণ্ডে গম পালে।”