টোপনিতে কৰণ হাঁহি এটা বাগৰি গ’ল তাইৰ। আল্ট্ৰাছে তাইৰ প্রতিটো বুজাবুজিকে কয়, “এয়া ভণ্ডামি। এয়া নিজকে মহান দেখুওৱাৰ ভণ্ডামি। পৃথিৱীৰ চকুত ধূলি দিলেও মিচেছ অলংকৃতাৰ ভণ্ডামি মোৰ চকুৰ পৰা সাৰি নাযায়”।
নিচাগ্ৰস্ত হয় কেতিয়াবা আল্ট্ৰাছ৷ নিচাত প্রলাপ বকে। নিচাত থাকে তায়ো। দুয়োজনৰে নিচা বেলেগ। কেতিয়াবা নিচাৰ আচ্ছাদন আঁতৰাই দেখে, নিচা বিনে মৰিশালিৰ নিস্তব্ধতাৰে স্তব্ধ জীৱনৰ প্রতিটো কেঁকুৰি। নিচা নহ’লে ফেঁচাৰ নিউ নিউ শব্দৰে কঁপায় জীৱনৰ বাঁহীসুৰীয়া কলি। নিচা বিনে কুঁৱলী ফলা আকাশত অপৰিমিত হৈ পৰে শূন্যৰ বিশাল অংক ৷ নিচা বিনে শুকাই কৰ্কৰীয়া মৰা তুলিকাত উচুপি উঠে নিজস্বতাৰ পোট্ৰেইট। নিচা বিনে উৱলি যোৱা কেনভাচত মোলান পৰে কলা-বগা ছবিৰ কলাজ।
এই ৰূপলৈ ভীষণ ভয় লাগে তাইৰ ৷ ভয় লাগে বাবেই নিচা সানি লয় কলিজাত।৷ গানৰ নিচা, কলমৰ নিচা, আকাশত উৰি ফুৰাৰ নিচা। সত্যটো এয়ে যে, এই নিচা সত্য নহয়। নিচাৰ আঁৰৰ ক’লা-বগা৷ কেনভাচৰ মোলান মানুহজনীহে সত্য।
সপোনবোৰ তথাপি নিলাজ। বাস্তৱৰ নিষ্ঠুৰতাই চনকাই নাভাঙে সপোনৰ কাচ-ঘৰ। সেই সপোনতে আল্ট্ৰাছৰ উদাস মলিয়ন মুখ ভাঁহি আহে। কষ্টৰ প্রতিফলন ঘটা এখনি মুখ। কিয় কিয়? কিহৰ বাবে এই কষ্ট? উল্কি হেৰাই যোৱাৰ বাবেনে? কি আছিল সেই সৰুফুটীয়া ছোৱালীজনীৰ মাজত, সেই কথা জানিবলৈ মন তাইৰ।
খেপিয়াই খেপিয়াই তাই মোবাইলটো খোঁচৰে। ফোন নম্বৰ ডায়েল কৰে আল্ট্ৰাছৰ। ৰিং হৈ হৈ ফোনটো কাট খাই যায়। পুৱতি নিশাৰ চিকুণ টোপনি হয়তো তাৰ। নতুবা হয়তো কিছু অভিমান। কিছু অস্থিৰ হয় তাই। এবাৰলৈ যদি আল্ট্ৰাছৰ মাতটো শুনিলেহেঁতেন। এবাৰলৈ যদি সন্তানৰ কুশল বাৰ্তা পালেহেঁতেন। আকৌ ফোন কৰে তাই। পুনৰবাৰ ফোন বাজি বাজি অফ হৈ যায়।
সন্তান দুটিৰ মুখখন আমনি কৰিলে তাইক ৷ একো বুজি নোপোৱা ধৰণেৰে নিৰীহ দুয়োটি প্রাণী । তাই হেৰাই যোৱাৰ পথত সিহঁত দুটিয়ে ভেটা হৈ থিয় দিয়ে। সেই সন্তানৰ মাত শুনা নাই অতবেলি, চিঞৰি জগোৱা নাই তাই, “সোণহঁত মোৰ, উঠিলিনে? উঠ উঠ। স্কুল বাছ আহিবৰে হ’ল”।
ৰাতিৰ ৰাতিটো বৰষুণে তিয়াইছিল বুকু। ৰাতিৰ ৰাতিটো সপোনৰ উমলাঘৰত উমলি আছিলগৈ দুচকু। ৰাতিৰ ৰাতিটো মাকৰ চাদৰৰ তলত ঘৰচিৰিকাজনীৰ দৰে চিৰিক চাৰাক কৰি থাকিল তাই। ৰাতিৰ ৰাতিটো আশ্বাসৰ পৰম আশ্ৰয়ত নিৰাপদ হৈ ৰ’ল তাই। পুৱাৰ ৰ’দকণে বৰষুণৰ টোপালবোৰত মুকুতা সানি খিৰিকীত ওলমাই ৰখাৰ দৃশ্যটো চাই বিভোৰ হ’বলৈ লওঁতেই সম্তানদ্বয়ৰ মাতষাৰিয়ে আমনি কৰি থাকিল। টোপালবোৰত ওফন্দি থাকিল জোন গলা ৰাতিৰ সাধুবোৰ। তথাপি এলাগী ৰাণীৰ অনুভূতিকণে চুই যায় তাইক। এলাগী হ’লেও তাইৰ এটি ঠিকনা আছে। উল্কিৰ সেই ঠিকনা নাছিল। কঞ্জনীলৰ ঠিকনাও এতিয়া জিপচিৰ দৰে অঘৰী ঠিকনা হৈ পৰিছে। কঞ্জনীল উন্মাদ হৈ পৰিছে। তাই উমান পাইছিল সেই উন্মাদনাৰ।
নাভাবো বুলিও বিশালৰ চকু দুটিয়ে আমনি কৰিছে তেওঁক। আকুলতা সানি লোৱা এযুৰি কপৌৰ দৰে গভীৰ চকু। ঠিক যেন তেওঁৰ সন্তানৰ দৰেই ৷ বিশালৰ মাকে হয়তো পদূলিমুখলৈ বাৰে বাৰে বাটি চাইছে। মাকৰ ওচৰলৈ ঘূৰি গ’লনে বাৰু তেওঁ? গভীৰ মমতাৰে অলংকৃতাৰ মনটো ভৰি পৰিল। ক’ত আছে ল'ৰাটো? ফোনটোত এইবাৰ বিশালৰ নাস্বাৰটো ডায়েল কৰিলে। এবাৰতে বিশালে ফোন ৰিচিভ কৰিলে।
“বিশাল”, লাহেকৈ তাই মাত লগালে।
“ও”, সিপাৰে শতযুগৰ তৃষ্ণা সামৰি লোৱা এক অপেক্ষাৰত কণ্ঠ।
“ক'ত আছে?”, তাই কয়।
“আপুনি য’ত এৰি থৈ গৈছিল”, কণ্ঠত যেন অভিমান!
“মানে ?”, অজান অনুভৱে কঁপাই যায় তাইক।
“খিৰিকীৰে চাওক তললৈ”, সি কৈ উঠে।
মুহূৰ্ততে তাই কম্বল দলিয়াই উঠি বহে। জাপ মাৰি বিছনাৰ পৰা নামি খিৰিকীৰ গধুৰ পৰ্দাখন চপাই দিয়ে। খিৰিকীত ওলমি আছে বৰষুণৰ টোপাল। সেমেকা দৃষ্টি ভেদি তললৈ চাই পঠিয়ালে তাই। দুৱাৰ খুলি গাড়ীৰ পৰা নামি সি ওপৰলৈ চাই পঠিয়ায়। এহাতে ফোনটো কাণত লৈ কিশোৰ প্ৰেমিকৰ দৰে হাঁহি এটাৰে আনখন হাত