সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বন্ধুত্বৰ সাক্ষী আছিল দীপক। সেই অলংকৃতাক তাৰ কাষত এৰি ধ্ৰুৱমে ভৱিষ্যতৰ বাট কাটিবলৈ গুচি গৈছিল। ক’লৈ গৈছিল কোনেও নাজানিছিল। দীপকেও এদিন ঘৰ এৰিছিল। ক’লৈ গৈছিল সেয়াও কোনেও নাজানিছিল। অলংকৃতাৰ জীৱনটোহে সৰলৰৈখিক গতিত গৈ আছিল। সৰলৰেখাত গৈ থকা বাটৰুৱাৰ আঘাতবোৰ বেছি। নিজকে বচাবলৈ অন্য পথ নাথাকে। তাৰ দৰে বক্ৰপথ বাচি লোৱা বাটৰুৱাই নিজকে বচাই চলিবলৈ অন্য পথ ল’ব পাৰে। যদিওবা তাৰ যাত্ৰাৰ পথচোৱা অত্যন্ত দীঘল, যদিওবা সম্পূৰ্ণ লক্ষ্যবিহীন এই যাত্ৰা, তথাপি সি এই মুহূৰ্তলৈকে উশাহ লৈ আছে। অলংকৃতাৰ উশাহবোৰ গধুৰ! ধ্ৰুৱমৰ উশাহবোৰ সাঁচতীয়া। অলংকৃতাৰ এক লক্ষ্য আছে। ধ্ৰুৱমৰো লক্ষ্য আছে হয়তো। লক্ষ্য নাই কেৱল দীপকৰ।

 ধ্ৰুৱমক লগ পাইছিল সি। সি এই অনিৰ্দিষ্ট পথত ভৰি দিয়াৰ পাছত এবাৰৰ বাবে মাত্ৰ ধ্ৰুৱমক লগ পাইছিল। ভূটানত আছিল তেতিয়া সিহঁতৰ দলটো। সৰ্বশৰীৰ গৰম কাপোৰেৰে ঢাকি আনৰ চকুত ধূলি মাৰি দীপকে নামনিমুৱা ৰেলখনত উঠি দিছিল। উদ্দেশ্য আছিল শিলিগুৰিৰ ইলেক্ট্ৰনিক্সৰ দোকান কেইখন। ৰেলৰ পৰা নামি আন্ধাৰৰ লগত বিলীন হোৱা মাত্ৰকে পিছফালৰ পৰা হাতোৰা এটাই বশ কৰি তাক গাড়ীত ভৰাই লৈ আনিলে। চেতনানাশক ঔষধৰ প্ৰভাৱত সি নিজৰ স্থিতি মনত পেলাব নোৱাৰিলে৷ যেতিয়া চকু মেলিলে, দেখিলে, এটা কাঠৰ ঘৰৰ খাট এখনত সি পৰি আছে। ওচৰতে এটা পুৰুষ-শৰীৰ। কোন হয়? ভাৰতীয় সেনা? নে পশ্চিমবংগৰ পুলিচ? আন্ধাৰ ৰূমৰ এচুকত ঢিমিক ঢামাককৈ জ্বলি আছিল এটা লণ্ঠন। ক’ত আছে মনিব নোৱাৰি তেনেকৈয়ে সি কিছু পৰ চকুমুদি খাটখনতে পৰি ৰয়।

 জনশূন্য এলেকা। দূৰৈৰ পৰা ৰেলৰ উকি ভাঁহি আহিছে। ৰেলৰ উকিটো শুনি সি আশ্বস্ত হয়, ষ্টেচনলৈ বেছিদূৰ নহয়। গতিকে তাৰ পলাবলৈ বেছি কষ্ট নহ’ব। কিন্তু শত্ৰুপক্ষৰ বিষয়ে কোনো ধাৰণা কৰিব নোৱাৰি সি পলাই যোৱাৰ চিন্তাটো বাদ দিয়ে। চোৱা যাওক কি হয়।

 লণ্ঠনৰ পোহৰটো কঁপি থাকে। এটা ছাঁ-মূৰ্তি সোমাই আহে।

“বাৰু এতিয়া ক’চোন তহঁতৰ আদৰ্শ কি?” গলগলীয়া কণ্ঠেৰে পুৰুষ-অৱয়বটোৱে মাত লগায়। মাতটো ইমান চিনাকি। ক’ত শুনিছিল? ক’ত এৰি আহিছিল এই মাতৰ আপোনত্ব?

 দীপকে আগন্তুকৰ মুখলৈ চাই ৰয়। লেম্পৰ পোহৰ বঢ়াই দিয়ে সেই আগন্তুকে।

 “ধ্ৰুৱম! তই?”, জাঁপ মাৰি উঠে সি।

 ধ্ৰুৱমক সাৱটি ধৰিলে সি। তাৰ চকুপানীয়ে ভেটা বান্ধি থাকিব নোৱাৰিলে। জীৱনৰ কি যে এক সংযোগঙ্গ দুই অভিন্ন বন্ধুৰ মিলন পৰ্ব এনে এক ৰুদ্ধ কোঠাত, য’ত সিহঁতে উকিয়াই উকিয়াই পুৰণি কথাবোৰো টানিব নোৱাৰে।

 কঁকাললৈ হাত যায় দীপকৰ। পিষ্টলটো ঠিকেই আছে। ধ্ৰুৱম নিৰ্বিকাৰ হৈ ৰয়। সি বাহিৰলৈ ওলাই আহে। আৱেগে তাৰ কথাবোৰত বাধা দিছে। তাৰ হাতত বেছি সময় নাই। বহুতদিনৰ পৰাই সি দীপকৰ ওচৰ চাপিবলৈ বিচাৰি আছিল। লগ পালেই তাৰ দুগালত দুচৰ লগাই গাঁওমুখী গাড়ীখনত উঠাই দিয়াৰ কথা আছিল। নোৱাৰিলে সি। দীপকৰ চকুত চকুপানী। আচৰিত। সি ভাবিছিল, বিপ্লৱীৰ চকুত পানী শুকায়। তেনে এক বিপ্লৱীৰ চকুত চকুপানী গজিছে। আচৰিত! আচৰিত! কিয় কান্দিছে দীপকে, কিয় অ’? বুকুখন মোচৰ খাই উঠে তাৰ। দূৰৰ আন্ধাৰখিনিৰ মাজত সি মোচৰ খোৱা বুকুখন মেলি দিয়ে হুমুনিয়াহ এটা বতাহত এৰি দিওঁতেই পিছফালে খোজৰ শব্দ শুনি ঘূৰি চায়।

 “কি ভাবিছ? চোৰাংচোৱাক মোৰ বিষয়ে খবৰ দিবি? যা, খবৰ দি আহ, মই ইয়াতে তোলৈ অপেক্ষা কৰিম”, পিছফালৰ পৰা দীপক আহি তাৰ ওচৰ পাইছিলহি। তেতিয়াহে ধ্ৰুৱমৰ হুঁচ আহে। এৰা। সি বেছি আৱেগিক হৈছে। তাৰ প্ৰফেচনত আৱেগিক হ’লে নচলে, এই কথা সি কিয় পাহৰি যায়?

 “পিষ্টলটোৱে দিগদাৰ দিব তোক, তইতো ট্ৰেইনতে যাবিগৈ”, ধ্ৰুৱমে দীপকলৈ নোচোৱাকৈ মাত লগায়। সি ধ্ৰুৱমৰ হাতখন থাপ মাৰি ধৰে। তাৰ পাছত ধ্ৰুৱমৰ ফালে চাই কয়,

 “বেয়া পাইছ? তোক কথা দিয়া মতে অলংকৃতাক মই ধৰি ৰাখিব নোৱাৰিলোঁ।”

 “নাঃ”, হাতখন দাঙি ধ্ৰুৱমে বাধা দিয়ে, “মই কৃতাৰ কথা সুধিবলৈ তোক ইয়ালৈ লৈ অনা নাই। মই তোক