অৱস্থান কৰে। শ্ৰেণীকোঠাতেই হওক নতুবা কোৰ্টতে হওক নতুবা অফিচ চেম্বাৰতে হওক, তাই কিছু চিৰিয়াচ মুডত থাকে৷ অলপ যদি বেচিজিল আছিল, সেয়া নিজৰ মাকৰ ঘৰত নতুবা ধ্ৰুৱমৰ ওচৰত। বেচিজিল হ’ব বিচাৰিছিল আল্ট্ৰাছৰ ওচৰত কিন্তু আল্ট্ৰছে তাইৰ বিশৃংখল আঁত মাৰিব নোৱাৰে, বৰং সি নিজৰ মতে তাইৰ মনটো সজাই লবলৈ বিচাৰে। প্ৰেমত নিজকে সলোৱা যায়। মৰমৰ জুইত গলি যোৱা যায়। অপ্ৰেমত হাতুৰী মাৰিলে সেয়া ভাগি যায়। তাইৰ সেয়ে হৈছিল।
তাইক হাতুৰীৰে যিমানে টুকুৰিয়ায়, সিমানবাৰেই তাই ভাঙি পৰে। সেয়া যে প্ৰেম নহয়, দম্ভালিৰ বহিঃপ্ৰকাশহে মাথোঁ, সেয়া তাই বুজি পায়। দম্ভালিৰ এনে বহিঃপ্ৰকাশত তাইৰ দৰে অজস্ৰজনৰ সংসাৰ ভাগে। শিৱানীৰো ভাঙোনমুখৰ হৈছিল নিজৰ সংসাৰ। ডিভৰ্চৰ বাবে আবেদন কৰা স্বামীৰ কথাবোৰ অলংকৃতাৰ লগত মুকলিকৈয়ে পাতিছিল শিৱানীয়ে।
“আচলতে কি জাননে অলংকৃতা, এই যে আমি চিন্তা কৰাৰ অধিকাৰ পালোঁ, তাতেই সংসাৰ ভঙাৰ কাহিনীবোৰ লুকাই আছে। দাসত্ব স্বীকাৰ কৰি ল’বি, বশ্যতা স্বীকাৰ ল’বি, স্বামীৰ ভুলবোৰক ফুল বুলি মানি লবি, সকলো বিশৃংখলতাৰ মাজতো শৃংখল হৈ থাকিব তোৰ সংসাৰ। কৰি থকা কলেজৰ চাকৰিটো স্বামীৰ ট্ৰেন্সফাৰ হৈ থকা চাকৰিটোৰ বাবে এৰি দিলোঁ। এতিয়া তেওঁ মোক কথাই প্ৰতি শুনাবলৈ নেৰে, মোৰ হেনো চাকৰি এটা পোৱাৰ যোগ্যতাই নাই, ঘৰত থাকি থাকি মোৰ মন ঠেক হৈ পৰিছে, মোৰ নিচিনা হাউচৱাইফৰ আজিৰ যুগত হেনো কোনো কাম নাই, ইত্যাদি ইত্যাদি। কথাবোৰ মই মানিব নোখোজোঁ। শুনিব নোখোজোঁ। তৰ্কযুদ্ধত লিপ্ত হওঁ। এনেকৈয়ে আমাৰ কাজিয়াবোৰ বাঢ়ি গৈছে”।
এৰা। এয়া যুগ যুগ ধৰি চলি অহা মানসিকতা নাৰীশিক্ষাৰ প্ৰচলননো কেতিয়াৰ পৰা? যি মানসিকতা স্থাপন হ’বলৈ হেজাৰ যোৰা শতিকাৰ পৰিকল্পনা আছিল, সেই মানসিকতা এক শতিকাৰ নাৰীশিক্ষাই ৰোধ কৰিব পাৰিবনে? ফ্ৰয়েদেই কৈ গৈছে, শিশুৰ মাজতো সেই দমনীয় চৰিত্ৰৰ প্ৰভাৱ দেখা যায়। পুৰুষশিশুৱে স্বভাৱগতভাবেই উচ্চাত্মীকাবোধত ভোগে। এয়া হয়তো পাৰিপাৰ্শ্চিক প্ৰভাৱ নতুবা জ্যেষ্ঠজনৰ কথা-বাৰ্তাৰ প্ৰভাৱ। ঘৰখনত সেই মানসিকতা কিয় বিকাশ নহয় যে, আমি প্ৰথমতে মানুহ, তাৰ পিছতহে নাৰী-পুৰুষ।
শিৱানী ঘোৰ নাৰীবাদী হৈ পৰিছিল। অলংকৃতাই দুয়োৰে মাজত মধ্যস্থতা স্থাপন কৰি সংসাৰখন ধৰি ৰাখিবলৈ পৰামৰ্শ দিছিল। শিৱানীৰ স্বামীক বুজাইছিল, “অলপ এৰা ধৰা, অলপ বুজা পৰা| লাগিবই, সংসাৰ ধৰি ৰাখিবলৈ।”
‘সকলোৰে লগত সংসাৰ ধৰি ৰখাৰ ফালে যুক্তি দিয়া অলংকৃতাৰ জীৱনত উত্থান-পতন হৈ গ’ল। বিধিয়ে নাচিলে, নিয়তিয়ে গান গালে। তাইক উপলুঙা কৰি অসংখ্য চৰাইয়ে বাদ্য সংগত কৰিলে। শিয়ালীবোৰে ৰাতি হ’লেই হোৱা হোৱাকৈ চিঞৰিলে। কিমানৰ মুখত যে আল্ট্ৰাছৰ অত্যাধিক নাৰীপ্ৰীতিৰ অভিযোগ নুশুনিলেঙ্গ
ৰঙানদীয়ে তাইক দীপকৰ কথা মনত পেলাই দিছে। বগলীজানৰ সেই ঘৰটোলৈ যাব লাগিছিল। যাব লাগিছিল দীপকৰ ঘৰলৈ। পিছে সময় বৰ খৰ। কি কৰে তাই? কি কৰে? পিছৰদিনা পুৱা চাৰিবজাতে তাই ওভোতনি যাত্ৰা আৰম্ভ কৰিব। তেতিয়াহে তাই বাহিৰে বাহিৰে অফিচ পাবগৈ। মুঠেই সাতঘণ্টা আছে হাতত। ৰহিমাৰ ঘৰত এঘন্টা। বাকী থাকিল ছঘন্টা। ছঘন্টা তাই দিব নিজকে। বহুত উত্তৰেই বাকী ৰৈছে। সেই উত্তৰবোৰ বিচাৰি অলপ পাছতেই গাড়ী ঘূৰিব বগলীজানৰ সেই ঘৰটোলৈ। যিখন ঘৰৰ পৰা ওলাই দীপকে কোনোবা গভীৰ জংঘলত অস্ত্ৰচালনাৰ প্ৰশিক্ষণ লৈছিল, সেই ঘৰটোত বন্দুকৰ গুলীত ৰাতিপুৱায় নে পখীৰ শব্দত পুৱায়, সেই খবৰ ল’ব তাই। দীপকৰ হাতত বন্দুক!! কিয় কিয়? অলেখ প্ৰশ্নৰ উত্তৰ তাই জানিব লগা আছে। বগলীজানৰ সেই ঘৰটোলৈ তাই যাব লগা আছে। গাড়ীৰ চকা ঘূৰিছে লাহে লাহে। পেনড্ৰাইভাৰটোত বাজি উঠিছে ৰুদালীৰ গান,
“সময় অ’ ধীৰে চলো
বুঝ গয়ী ৰাহ চে শয়াম
দূৰ হে দূৰ হে পী কা গাঁও....’’
লতাৰ কণ্ঠত ডুবিছে সময়,