অদৃষ্ট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
অদৃষ্ট
লেখক দণ্ডিনাথ কলিতা
[ শিৰোনাম ]
অদৃষ্ট

( সামাজিক উপন্যাস )






ৰচক —শ্ৰীদণ্ডিনাথ কলিতা।
তেজপুৰ।





১৮৭১ শক ( ১৯৪৯ খৃঃ )

মূল্য পকা বন্ধা ২ টকা

    কেচা
[ প্ৰকাশক ]

              প্ৰকাশক :– গ্ৰন্থকাৰ
                                          হিৰণ্য-ৰঞ্জন গ্ৰন্থকুটী,
                                                  লম্বোদৰ বৰা ৰোড,
                                                        তেজপুৰ।







কলিকতা ৬৩ নং ডিন ষ্ট্ৰীট, এলম প্ৰেছত
শ্ৰীদেৱ প্ৰসাদ মিত্ৰৰ দ্বাৰা ছপা হ'ল।
[ অৰ্পন ]
অৰ্পণ

    মোৰ পুত্ৰোপম বৰ জোৱাঁই শ্ৰীমান মাণিকচন্দ্ৰ শইকীয়াৰ শিৰত “অদৃষ্ট” আন্তৰিক স্নেহৰ নিৰ্ম্মালি।
       ইতি —
              শুভানুধ্যায়ী

              গ্ৰন্থকাৰ।

তেজপুৰ।
১ শাওণ ১৮৭০ শক।

[ পাতনি ]
পাতনি

মানুহৰ জীৱনৰ সোঁত স্বাভাবিক গতিৰে নচলে।কিবা এটা দুৰ্জেয় শক্তিৰ অদৃশ্য হাতে তাক একা-বেকা বাটে দি লৈ যায়। তাৰ ফলত মানৱ জীৱনত আশা-নিৰাশা, হঁহা-কন্দা, আনন্দ-বিষাদ আদি বিপৰীত অনুভূতিৰ আকস্মিক বিকাশ আৰু বিলয়। এই যে ঘটনাৰ প্ৰবাহ, সকলো সময়তে তাৰ কাৰ্য্য কাৰণৰ সম্বন্ধ বিচাৰি পোৱা নাযায়। এয়েই অদৃষ্ট। ইয়াৰ প্ৰভাৱতেই মানুহৰ সৰল জীৱন-যাত্ৰাত জটিলতাৰ সৃষ্টি হয়। “অদৃষ্ট” তাৰেই এটি চিত্ৰ। ইতি-

                     নিবেদক

                     গ্ৰন্থকাৰ।

   তেজপুৰ।                  }

বহাগ-বিহু, ১৮৭০ শক।  }

[  ]
প্ৰথম অধ্যায়

—---—

আকস্মিক দুৰ্ঘটনা

    সময় সন্ধিয়া। আন্ধাৰে প্ৰকৃতিৰ ৰেহ-ৰূপ অষ্পষ্ট কৰি তুলিছে, কিন্তু একেবাৰেই লুকুৱাব পৰা নাই। আকাশত দুই-এটা তৰাই মাথোন ভুমুকি মাৰিছে। জুৰ বতাহে ধীৰ গতিৰে নতুনকৈ ফুলা ফুলৰ ৰেণু ছটিয়াই ফুৰিছে। এনে সময়ত এজন মানুহ জখলাবন্ধাৰ পৰা শিলঘাটৰ ফাললৈ গৈ অাছিল। তেওঁৰ নাম দয়াৰাম, ঘৰ তেজপুৰৰ ফালে, বয়স তেইশ চৌবিশ বছৰমান হ’ব। তেওঁৰ সাজ-পাৰ আছিল এখন ধুতি, এটা কামিজ তাক এখন এৰীয়া কাপোৰ; ভৰিত কেনভাচৰ জোতা। হাতত এডাল সৌকাৰ লাখুটি।
    তেওঁ একেৰাহে গৈ আছিল, বাটত ঘৰলৈ উলটি অহা দুই এটা গৰুৰ বাহিৰে আন একো লগ পোৱা নাছিল। এনে দৰে অলপ সময় যোৱাৰ পাচত তেওঁ সম্মুখৰ ফালে কাৰবাৰ কাজিয়া লগা যেন শুনিলে। তেওঁ বেগেৰে আগ বাঢ়িল। অলপ গৈয়েই তেঁও দেখিলে, — এটা ডেকা মানুহে এজনী ডেকেৰীক

[  ]
অদৃষ্ট

ধৰি টনা আজোৰা লগাইছে । মানুহজনী মাটিত বহি যোৱাত মাহটোৱে চোঁচোৰাই আনিছে । মানুহটো ক’লা, অসমীয়া যেন নেদেখি। তিৰুতাজনী যে অসমীয়া তাক সাজ-পাৰ আৰু চেহেৰা দেখিলেই বুজা যায় । অস্পষ্ট আলোকত সিহঁতক দেখি দয়াৰামে ভাবিলে নিশ্চয় এইটো বঙাল, ই অসমীয়া তিৰোতাজনীক অকলৈ পাই বলেৰে ধৰি নিব খুজিছে । তেওঁ অলপো নৰৈ ওচৰ চাপি গ’ল আৰু মানুহটোক ক’লে,-“ তই মানুহজনী টানিছ কেলৈ ? এৰি দে।”

   মানুহ৷ নিদিওঁ, তই কি কৰিবি ?

   দয়া । এৰ বুলিছোঁ ভালে ভালে ।

   মানুহ । নেৰোঁ, তই কি কৰিবি ! এইজনী তোৰ মাৰ নে ঘৈণীয়েৰ !

   “কি ? নেৰ ? "-এই বুলিয়েই, দয়াৰামে মানুহটোৰ তপিনাতে এটা মাৰ শোধাই দিলে । মানুহটো বাগৰ খাই পৰিল আৰু অলপ সময় হাত-ভৰি আছাৰি সটং জুৰিলে ।

   মানুহজনীযে তাক তুলিবলৈ যত্ন কৰিলে, কিন্তু নোৱাৰিলে । দযাৰামে আলি খাৱৈৰ পৰা কচুপাতেৰে পানী আনি মূৰত দিলে, কিন্তু তাৰ পৰা একো ফল নহ’ল । মানুহটোৰ চকু ঢেল খালে , হাত-ভৰি ঠৰঙা হৈ আহিল। তেতিয়া মানুহ- জনীয়ে “ঔ তেনেয়ে মাৰিলে ঔ !” বুলি চিঞৰি কান্দিবলৈ ধৰিলে । তাইৰ কান্দোন শুনি কেইটামান মানুহ সেই ফাললৈ

লৰি আহিল। । দয়াৰামে প্ৰমাদ গণিলে। তেওঁ হতবুদ্ধি [  ]
আকস্মিক দুৰ্ঘটনা

হ’ল । শেহত মানুহ ওচৰ চপা দেখি লৰ মাৰি ওচৰৰে হাবি এডোখৰত সোমাল ।

   হাবিৰ মাজত সোমোৱাৰ পাচত এইকেইটা কথা তেওঁৰ কাণত পৰিল,—“মানুহটো বিচাৰ, পুলিচত খবৰ দে।”

   দয়াৰাম আৰু নৰল । হাবিৰ মাজে মাজে কিছুদুৰ আগ বাঢ়ি মানুহ-দুনুহ চাই-চিতি আলিলৈ উঠিল আৰু বেগাই শিলঘাটৰ ফাললৈ যাবলৈ ধৰিলে। মানুহৰ গম পালে আলিৰ পৰা নামি জোপাৰ আঁৰত নাইবা খাৱৈত লুকাই থাকে আৰু নিৰাপদ যেন দেখিলেই আকৌ বেগ দিযে। এনেকৈয়ে আহি তেওঁ চাৰে নমান বজাত শিলঘাটৰ জাহাজঘাট পালে । জাহাজত তেওঁ তেজপুৰলৈ যাব, কিন্তু জাহাজ এতিয়াও আহি গোৱা নাই। পোহৰত থাকিবলৈ তেওঁৰ ভয় লাগিল আৰু আতৰি আহি এজোপা গছৰ আঁৰত বহি থাকিল ।

   জাহাজ আহিল প্ৰায় এঘাৰ বজাত । তেওঁ গমগতি লৈ অতি সাৱধানে লুকোৱা ঠাইৰ পৰা ওলাল আৰু টিকট কিনি জাহাজত উঠিল ।

____
[  ]
দ্বিতীয় অধ্যায়।
সৰ্ব্বস্বান্ত ৷

    দয়াৰামৰ ঘৰ তেজপুৰ নগৰৰ পৰা প্ৰায় ষোল মাইল আতৰত আহতগুৰি গাঁৱত । মাজত জীয়া ভৰলী । তেওঁৰ পিতাক আছিল এজন প্ৰাইমাৰী স্কুলৰ শিক্ষক, নাম ভগীৰাম । মানুহজন সকলো কামতে উদ্যোগী আছিল । দুবিঘামান মাটিৰ বাৰীখনৰ উপৰিও দুবিঘা ফৰিঙতি আৰু ছবিঘা ৰুপিত মাটি তেওঁৰ পৈত্ৰিক সম্পত্তি আছিল । তেওঁ স্কুলৰ চাকৰি কৰিও নিজ হাতেই খেতি-বাতি কৰিছিল, বাৰীখনতো অলপ অচৰপ সকলো খেতিয়েই অাছিল। স্কুলখন ঘৰৰ ওচৰতে হোৱাত তেওঁ এইবোৰ কামলৈ আজৰি উলিয়াবলৈ সুযোগ পাইছিল। খেতিৰ ভাত খাই আৰু বাৰীৰ উপাৰ্জ্জেনেৰে লোণ-তেলৰ খৰচ উলিয়াই তেওঁ কোনো অভাবত নপৰাকৈ চলিব পাৰিছিল । দৰমহাৰ টকাৰে ৰাজহি-ততহি মাৰিছিল, কাপোৰ-কানি লৈছিল আৰু ঘৰকেইটাও কিছু চকুত লগা কৰিছিল।

    ভগীৰামে বিয়া কৰাইছিল প্ৰায় বাইশ বছৰমান বয়সতে । সন্তান হৈছিল দুটা,—প্ৰথমটো ছোৱালী আৰু দ্বিতীয়টো লৰা । ছোৱালীজনীৰ নাম সেউতী অাৰু লৰাটোৰ নাম দয়াৰাম ।

    দয়াৰামক তেওঁ পঢ়াশালিত পঢ়াইছিল। লৰাটোৰ বুদ্ধি [  ]
সৰ্ব্বস্বান্ত

চোকা আছিল অাৰু যি কোনো কামতে মনোযোগ দেখা গৈছিল । ভাওনাত ভাও দিয়াত যেনে পাকৈত আছিল, পঢ়া শুনাতো তেনে চোকা আছিল। বাৰীচুকত শাক-পাচলিৰ খেতি কৰিবলৈকো সৰুৰে পৰা শিকিছিল । প্ৰায় দহ বছৰ বয়সত প্ৰাইমাৰী পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ তেওঁ বৃত্তি লাভ কৰে আৰু ঘৰৰ পৰা পাঁচ মাইল আঁতৰত থকা এখন মজলীয়া ছাত্ৰবৃত্তি স্কুলত ভৰ্ত্তি হয়। স্কুললৈ তেওঁ সদায় ঘৰৰ পৰাই অহা-যোৱা কৰিছিল । সেই বাবেই হবলা তেওঁ ছাত্ৰবৃত্তিত ভাল ফল দেখুৱাব নোৱাৰিলে, দ্বিতীয় বিভাগতহে পাচ হ’ল ।
   দয়াৰামে মজলীয়া স্কুলত পঢ়ি থাকোঁতেই জখলাবন্ধাৰ হৰনাথ বৰাৰ লগত সেউতীৰ বিয়া হয় । তেতিয়াৰে পৰা ঘৰখনত দয়াৰামেই মাক-বাপেক দুয়োৰে গোটেইখিনি চেনেহৰ ভাগী হয়। ছাত্ৰবৃত্তি পাচ কৰাৰ পাচত ভগীৰামে পুতেকক তেজপুৰত থৈ ইংৰাজী স্কুলত পঢ়াবৰ মন কৰিছিল, কিন্তু একেটি মাথোন লৰাক চকুৰ আগৰ পৰা আঁতৰত ৰাখিবলৈ মাক একো পধ্যে মান্তি নহ’ল । ভগীৰামেও শেহত ঘৈণীয়েকৰ মততেই মত দিলে আৰু পুতেকৰ পঢ়াশলীয়া শিক্ষা ইমানতে শেষ কৰি খেতি-বাতিৰ কাম শিকাবলৈ ধৰিলে ।
   এনেকৈ দুবছৰমান যোৱাৰ পাচত এদিন লোকেল বোৰ্ডৰ ছেয়াৰমেন স্কুলৰ কাষৰ বাটে দি গৈছিল। তেতিয়া চাৰে এঘাৰ বাজিছিল, কিন্তু পণ্ডিত অহা নাছিল ; লৰাবোৰে

গোলমাল কৰি আছিল ।ছেয়াৰমেন স্কুললৈ সোমাই গ’ল [  ]

আৰু লৰাহঁতক পণ্ডিতৰ কথা সুধিলে । লৰাহঁতৰ পৰা তেওঁ বুজিলে যে পণ্ডিত ঠিক সময়ত নাহে ; কেতিয়াবা সোনকালে আহে, কেতিয়াবা পলম কৰে ।
   ছেয়াৰমেন সোমোৱাৰ পাঁচ মিনিটমানৰ পাচতে পণ্ডিত গৈ ওলাল অাৰু ছেয়াৰমেনক নমস্কাৰ জনালে । ছেয়াৰমেনে কলে —“এঘাৰ বজাত স্কুললৈ অহাৰ নিয়ম, তুমি ইমান পলম কৰিলা কিয় ?”
   ভগী। অামি গারলীয়া মানুহে ইমানকৈ ঘৰি ঘণ্টা চাই কেনেকৈ চলিম । ঘাইকৈ এই খেতিৰ দিনত কেতিয়াবা কেতিয়াবা সময়ৰ অলপ হেৰ-ফেৰ হ’বই । অলপ পলম হ’লেও পথাৰৰ কাম আধৰুৱাকৈ এৰি অহা টান।
   ছেয়াৰ। পথাৰৰ কাম কৰিবলৈ বোৰ্ডে তোমাক ৰখা নাই, স্কুলৰ কাম কৰিবলৈহে ৰাখিছে ।
   ভগী । স্কুলৰ কাম জানো নকৰাকৈ আচোঁ ! কেতিয়াবা যদি অহাত অলপ পলম হৈছে, যোৱাতো হৈছে। স্কুলৰ দৰমহাৰে জানো খাবলৈ অাটে ! জীয়াই থাকিবৰ নিমিত্তেই স্কুলৰ চাকৰিৰ বাহিৰেও আন কিবা এটা কৰিবই লাগিব । নকৰিলে চলিব কেনেকৈ ?
   ছেয়াৰ । নচলে, চাকৰি এৰি দিয়াঁ । বগা ভাত দেখিলে কাউৰীৰ আাকাল নালাগে ।
   ভগী । কাউৰীৰ আকাল নালাগে জানো, কিন্তু বগা ভাতে

পেট নভৰিলে যি কোনো কাউৰীয়েই আম কঠাল নাইবা আন [  ]
সৰ্ব্বস্বান্ত
---------------------------------------------------------

কিবা খোৱা বস্তু বিচাৰিব । কোনো পণ্ডিতেই অকল স্কুলখনকে লৈ থাকি বাৰটা টকাৰে চলিব নোৱাৰে।
   ছেয়াৰ । তুমি বৰ আওকথকী। মুখে মুখে চুপতি কৰিবলৈ আহিছা ।
   ভগী। চুপতি কৰা নাই, সঁচা কথা কৈছো । সঁচা ক’লে আপোনালোকে বেয়া পায়, মিছা কথা আকৌ মোৰ মুখত নোলায় ।
   ভগীৰামৰ কথাত ছেয়াৰমেন বৰ বিৰক্ত হ’ল আৰু পৰিদৰ্শন বহীত তেওঁৰ বিৰুদ্ধে মন্তব্য কৰি গ’ল ।
   এই ঘটনাৰ এমাহমানৰ মূৰত ভগীৰামক তেওঁৰ ঘৰৰ পৰা কুৰি মাইল দূৰৈত থকা এখন স্কুললৈ বদলি কৰা হ’ল । ভগীৰাম কিন্তু যাবলৈ মান্তি নহ’ল । নানা অসুবিধা দেখুৱাই তেওঁ সেই আদেশ ৰদ কৰিবৰ নিমিত্তে ডেপুটি ইন্সপেক্টৰ আৰু ছেয়াৰমেনলৈ আবেদন কৰিলে, কিন্তু ফল নহ’ল। তেতিয়া অান উপায় নাপাই তেওঁ চাকৰিকে ইস্তফা দিলে।
   চাকৰি এৰাৰ পাচত বাপেক পুতেক দুয়ো খেতিতে মন পুতি লাগিল। তাৰ পৰা ভগীৰামৰ অৱস্থা আগতকৈ বহুতো ভাল হ’ল । চাকৰি কৰোঁতে কোনোমতে পেটে-ভাতেহে খাইছিল । এতিয়া খাই-বৈ, ৰাজহি-ততঁহি মাৰিও বছৰে এশ ডেৰশ টকা ৰাহি কৰিব পৰা হ’ল । তেওঁ মাজে মাজে চাকৰি যোৱাৰ কথা মনত পেলাই নিজে নিজে কয়,—

“নামাৰিলা প্ৰভু মোক কৰিলাহা দয়া।” [  ]
অদৃষ্ট

   এনেকৈ ছবছৰ মানত তেওঁ সকলো খৰচ কৰিও আঠশ টকা জমা কৰিলে। দয়াৰামৰ বয়স তেতিয়া একৈশ বছৰ । তেওঁৰ প্ৰধান লক্ষ্য আছিল পুতেকক অলপ সৰহীয়াকৈ খেতিৰ মাটি লৈ দিয়া । সেই বাবে মাটিৰ অনুসন্ধান কৰি আছিল ।
   এনেকৈ ভগীৰামৰ জীৱনৰ আঢ়ৈ কুৰি বছৰ সুখ শান্তিতে পাৰ হ’ল । কিন্তু বিধাতাৰ ইচ্ছাত তেওঁৰ এই সুখ স্থায়ী নহ’ল । হঠাৎ মৰিয়া পৰি তেওঁৰ ভাৰ্য্যাই চকু মুদিলে, ভগীৰামৰ অন্তৰ ভেদি হাহাকাৰ উঠিল। কিছুমান দিনলৈ তেওঁ বৰ কাতৰ হৈ পৰিছিল, কাম-বন এৰি দিছিল ।
   লাহে লাহে ভগীৰামৰ শোক পাতলি আহিল, লাহে লাহে অাকৌ কামত মন দিবলৈ ধৰিলে । বহুতে তেওঁক আকৌ বিয়া কৰাবলৈ কলে, তেওঁ কিন্তু মান্তি নহল। এফালে তেওঁৰ পত্নীৰ স্মৃতি অন্তৰত জাগ্ৰত আছিল, আন ফালে বৃদ্ধস্য তৰুণী ভাৰ্য্যাৰ বহুতো বিষময় ফল তেওঁৰ জনা আছিল । লৰাটো- লৈকে বিয়া কৰাবলৈকো বহুতে উপদেশ দিলে। তেওঁ কলে,—লৰাৰ বয়স এতিয়াও কোমল, আৰু দুবছৰমান যাওক । ইয়াৰ ভিতৰতে পাৰোঁ যদি তাক অাৰু অলপ খেতিৰ মাটি লৈ দিওঁ, তেতিযা সেই মাটিৰ আৰ্জ্জনেৰেই সি মানুহ বোলাই খাব পাৰিব ।
   ভগীৰামৰ ঘৰৰ পৰা পাঁচ মাইল মান আঁতৰত এখন দ পথাৰ আছিল । তাতে হলি হাজৰিকা নামৰ এজন মানুহৰ

আঠ পুৰা শালিতলী মাটি আছিল। সেই মাটিখিনি হাজৰি[  ]
সৰ্বস্বান্ত

কাই বেচিবলৈ গ্ৰাহক বিচৰাৰ কথা ভগীৰামে শুনিবলৈ খুলে আৰু হলিৰ লগ ধৰিলে । হলিয়ে দৰ কৰিলে পূৰাত চাৰিশ কৈ । সেই ঠাইৰ মাটিৰ দাম তেতিয়া সিমান নাছিল । সেই কাৰণে ভগীৰামে পুৰাত দুশতকৈ বেচি দিবলৈ গাত নল’লে। হলিয়েও সেই দামত দিব নুখুজিলে । (চষ্টা হ’লে এজনেও নেৰিলে । দিনচেৰেক দৰ-ভাও চলি থকাৰ পিচত পুৰাত আঢ়ৈ শ দৰত দুয়ো পক্ষ মান্তি হ’ল ।
   ভগীৰামে হিচােপ কৰি দেখিলে—মাটিৰ মূল্য হ’ব দুহেজাৰ টকা । মাটি ল’লেই অাৰু এহাল গৰু কিনিব লাগিব । হালোৱা এটাও ৰাখিব লাগিব, ৰোৱণীৰ খৰচো বেচি হ’ব । তেওঁৰ হাতত জমা আছে মুঠেই আঠশ টকা । সকলো হিচাপ কৰি তেওঁ কেঞাৰ পৰা পোন্ধৰ শ টকা ধাৰে লবলৈ ঠিক কৰিলে । সুত শত মাহে দুটকাকৈ । তেওঁ ভাবিলে আগৰ মাটিৰ খেতিয়েই খাবলৈ জুৰিব, হালোৱা ৰোৱণীৰ খৰচো ওলাব। নতুন মাটি আঠ পুৰাত কমকৈও তিনিশ মোন ধান হ’ব; বাৰিষা দিনত বেচিব পাৰিলে অতিকমেও ডেৰ হাজাৰ টকা পোৱা যাব । যদি ভালমতে খেতি হয় দুবছৰতে ধাৰ মৰি যাব । তৃতীয় বছৰৰ পৰা সকলো টকাই জমা ৰ’ব আৰু তেওঁ ধনী মাহ হৈ খাব পাৰিব ।
   সকলো কথা ভাবি-চিন্তি ভগীৰামে টকা ধাৰ কৰি মাটি আঠ পূৰা কিনিলে আৰু নামজাৰিৰ দৰ্খাস্ত দিলে। ইফালে গৰু

অাৰু হালোৱাৰো দিহা কৰিলে। কিন্তু নামজাৰিত গোলমাল [ ১০ ]
অদৃষ্ট

লাগিল । হলিৰ আৰু তিনিজন ভায়েক অাছিল । তেওঁলোকে আপত্তি দৰ্শালে যে সেই মাটি তেওঁলোকৰ পৈত্ৰিক সম্পত্তি। যদিও পট্টাত তেওঁলোকৰ নাম নাই, তথাপি তেওঁলোকৰো তাত ভাগ আছে । ককায়েক এতিয়া বেলেগ, তেওঁলোকে নজনাকৈ তেওঁ মাটি বেচিছে। কিন্তু তেওঁ তেওঁৰ ভাগৰ দুপুৰা মাথোন বেচিব পাৰে । সাক্ষী বাদী লৈ চব-ডেপুটিয়ে কথাটো সচা বুলি প্ৰমাণ পালে আৰু মাত্ৰ দুপুৰাতহে ভগীৰামৰ নামজাৰি কৰিলে, ভগীৰামে এই আদেশৰ বিৰুদ্ধে আপীল কৰিলে কিন্তু আপীলতো চব-ডেপুটিৰ ৰায়েই বাহাল থাকিল।
   উকীলে ভগীৰামক হলিৰ ওপৰত ছপূৰা মাটিৰ মূল্য ডেৰ হাজাৰ টকাৰ বাবে দেৱানী মোকৰ্দ্দমা কৰিবলৈ উপদেশ দিলে । সেই মতেই মোকৰ্দ্দমা হ’ল । বহুত দিন চোঁচৰাৰ পাচত সেই টকা হলিৰ ওপৰত ডিক্ৰী হ’ল । কিন্তু টকা আদায় নহ’ল। হলিয়ে মাটি বেচাৰ আগতে তেওঁৰ অন্যান্য সম্পত্তি আঁতৰাই থৈছিল নাইবা আনৰ নামত ৰাখিছিল । আন কি বাৰীমাটিৰ তেওঁৰ অংশটোও বন্ধকত থৈছিল । ভগীৰামে ক্ৰোক কৰিবলৈ একো নাপালে । মুঠতে তেওঁৰ বুঢ়ী ছাগলীৰ ওপৰত মাহদোনো গ’ল। ইফালে মোকৰ্দ্দমাত ঘূৰি ফুৰোঁতে সেই বছৰ আগৰ সমান খেতিও কৰিব নোৱাৰিলে
   ভগীৰামৰ ধাৰ মৰাৰ উপায় নোহোৱা হ’ল । যদিও পিচ বছৰ খেতি ভালকৈ লাগিছিল তথাপি খেতিৰ উপাৰ্জ্জনৰ পৰা

সুতেই নোলাল । তৃতীয় বছৰৰ শেহত কেঞাই মোকৰ্দ্দমা [ ১১ ]
সৰ্ব্বস্বান্ত

কৰিলে আৰু সুতে মূলে তিনি হাজাৰৰ ওপৰ টকা ডিক্ৰী পালে । কেঞাই ভগীৰামৰ সকলো স্থাবৰ অস্থাবৰ সম্পত্তি নীলামত দিলে, কিন্তু সিমান বেচি দামত লওঁতা কোনো নোলাল । অগত্যা কেঞাই সকলোখিনি নিজেই ৰাখি থ'লে ।
   ভগীৰামৰ আজি একো নাই, ঘৰৰ ভেটিটোও নাই । পুতেকক ধনী মানুহ কৰি যাব খোজোঁতে এতিয়া বাটৰ ভিকহু কৰিলে । কিয় এনে হ’ল ! তেওঁ তো কাৰো অন্যায় কৰা নাছিল । এয়েইনে বিধাতাৰ ন্যায় বিচাৰ ! এই দৰে ভাবি ভাবি তেওঁৰ মূৰৰ ঠিক নোহোৱা হ’ল, শেহত একেবাৰেই জলকা লাগিল। খোৱা লোৱাৰ খবৰ নাই, চকুত টোপনি নাই, আন নালাগে মানুহৰ লগত কথা পাতিবলৈকো এৰিলে । এনেকৈ এমাহমান যোৱাত এদিন অকস্মাতে তেওঁৰ হৃদযন্ত্ৰ বন্ধ হ’ল ; দুখ-যন্ত্ৰণাৰ অন্ত পৰিল ।
   দয়াৰামৰ বয়স এতিয়া তেইশ বছৰ । ইমান দিন পিতাকৰ পাখিৰ আঁৰত থাকি সংসাৰৰ একো ভু-ভা লোৱা নাছিল। পিতাকৰ মৃত্যুত তেওঁৰ মূৰত আকাশী চৰগ ভাগি পৰিল । মাটি গ’ল, সম্পত্তি গ’ল, শেহত পিতাকো গ’ল ; জগৎখনেই তেওঁলৈ অন্ধকাৰ হৈ পৰিল। কি কৰিব, কি নকৰিব একোকে ভাবিব নোৱৰা হ’ল । বায়েক-ভিনীহিয়েক আহি পিতাকৰ মুখৰ ছাই গুচালে । তেওঁলোকৰ লগতে দয়াৰামকো লৈ যাব খুজিছিল, কিন্তু তেওঁ সম্প্ৰতি যাব নুখুজিলে ।

________
[ ১২ ]
তৃতীয় অধ্যায় ৷
মৃতকৰ ইচ্ছা ৷

দয়াৰামৰ ঘৰৰ পৰা দুমাইল আঁতৰত জালিৰ ঘৰ । জালিৰ ভায়েকৰ নাম হালি । হালি জালিতকৈ ছবছৰৰ সৰু । পঁচিশ বছৰমান বয়সতে জালিৰ বিবা হৈছিল । তেতিয়া বাপেক-মাক জীবিত অাছিল । বাপেক জীয়াই থাকোঁতেই তেওঁৰ দুটা লৰা আৰু এজনী ছোৱালী উপজিছিল ।
   জালিৰ ঘৈণীয়েকৰ নাম সুভদ্ৰ । তেওঁ সকলো ঘৰুৱা কামতে পাৰ্গত আছিল । দুযো ভায়েক-ককায়েকে হাল বাই কোৰ মাৰি খেতি কৰিছিল ; সুভদ্ৰাই ঘৰৰ সকলো কাম কৰি ভুই ৰুইছিল । বুঢ়ীয়ে লৰা ছোৱালীকেইটা চাইছিল আৰু ঘৰ ৰখিছিল। বুঢ়ায়ো মাজে মাজে পথাৰত একো পাক মাৰি পুতেকহঁতক দিহা-পোহা দিছিল ।
   বাপেক মৰাৰ পিচৰ বছৰতে হালিৰো বিয়া হয় । হালিৰ ঘৈণীেয়েকৰ নাম সুমথিৰা । প্ৰথমতে তেওঁলোক সকলোটিৰে মিল আছিল । আগেযে সুভদ্ৰাই অকলৈ ভূঁই ৰুইছিল ; চম্ভালিব নোৱাৰিলে মাজে সময়ে ৰোৱণীও বিচাৰিব লগা হৈছিল। এতিয়া দুয়ো জাকে ৰুবলৈ ধৰাত অান ৰোৱণীৰ প্ৰযোজন নোহোৱা হ’ল । এনেকৈ প্ৰায় এবছৰ হওঁ হওঁ হ’ল,

এনেতে বুঢ়ীয়েও নাম ল’লে। [ ১৩ ]
মৃতকৰ ইচ্ছা

   মাক মৰাৰ পাচৰ পৰাই তেওঁলোকৰ মাজত অলপ আহুকালে দেখা দিলে আৰু সি দিনে দিনে বাঢ়িবলৈ ধৰিলে । লৰা-ছোৱালীকেইটা টেটুত লগাত সুভদ্ৰাই আগৰ দৰে কাম কৰিব নোৱৰাত পৰিল । জালিয়ে হাল মেলি অাহি সলনি নিদিলে তেওঁ পথাৰলৈ যাব নোৱাৰে । পথাৰলৈ নগলেও সুভদ্ৰাৰ আজৰি নাথাকে । ধান বনা, পানী অনা, গোবৰ পেলোৱা, ভাত ৰন্ধা অাদি গোটেইখিনি কামৰ ভাৰ তেওঁৰ মূৰতে । তথাপিও সুমথিৰাৰ মনত অসন্তোষে দেখা দিলে । তাতে অকলশৰীয়াকৈ পাই গাৱঁৰ ৰোৱণীহঁতে ক’বলৈ ধৰিলে,—“তই কুমলীয়া ছোৱালী, ইমানকৈ খাট কিয় ? তহঁতৰ নো খায় কোনে । মতা-মাইকী এহাল খাবলৈ নো কি ! সিহঁতৰ খায় এপালে, কাম কৰি মৰ তহঁত ।”
   এনেকৈ লগনীয়া কথা শুনি সুমথিৰাৰ মন ভাগি গ’ল ; আজি পেটৰ বিষ, কালিলৈ মূৰৰ কামোৰ ইত্যাদি আপত্তি উলিয়াই পথাৰলৈ নোযোৱা হ’ল, হালিয়েও একো উপায় নোপোৱাত পৰিল । ওচৰ-চুবুৰীয়াই ক’লে,-“তাই সৰু ছোৱালী, ইমানকৈ খাটিলে বেমাৰ নো কিয় নহ’ব | তাতকৈ তহঁত বেলেগ নহৱ কিয় ? সিহঁতে এপাল লৰা-ছোৱালীৰে তহঁতক গৰুৰ দৰে বাই খাব অাৰু তহঁতে চামোন হৈ সিহঁতে যি কয় তাকে কৰি যাবি । এইটো কি কথা ! আমি হ’লে বেলেগ হোৱাহে ভাল দেখোঁ ।”

   সেই একে মানুহেই আন ফালে জালিক ক’লে,-“বিয়া [ ১৪ ]
অদৃষ্ট

   কৰাবৰে পৰা দেখোন ভায়েৰৰ মতি-গতি বদলি গৈছে । আগেয়ে তেও যেন তেন আছিল, মাৰ মৰাৰ পৰা তহঁতক ক’ৰবাৰ কোনোবা বুলিহে ভাবে । এনেকৈ পেটত কপট ৰাখি লগ হৈ থকাতকৈ আমি দেখাত বেলেগ হোৱাই ভাল । সিহঁতৰ জানো লৰা-ছোৱালী নহ’ব । তেতিয়া সেকাটো পাব
   জালিৰ বেলেগ হ’বৰ ইচ্ছা নাছিল। সেই বাবে ভায়েকক বুজাই-বৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু ভায়েক-বোৱা- ৰীয়েকহঁতৰ ব্যৱহাৰে দিনে দিনে বেচিকৈহে তিতা লগাবলৈ ধৰিলে । শেহত অান উপায় নেদেখি এদিন তেওঁ ৰাইজ গোটাই বয়-বস্তু মাটি-বাৰী সকলো ভাগ বাটি লৈ ভায়েকক বেলেগাই দিলে । সুমথিৰাই আনন্দ পালে ; তেওঁৰ মূৰৰ কামোৰ, পেটৰ বিষ আদিও নাইকিয়া হ’ল ।
   বেলেগ হোৱাৰ পৰা প্ৰথমতে জালিৰ কিছু অসুবিধা হৈছিল, কিন্তু লাহে লাহে সেই অসুবিধা আঁতৰি গ’ল । এফালে যেনেকৈ তেওঁৰ সন্তানৰ সংখ্যা বাঢ়িল, আনফালে তেনেকৈয়ে ডাঙৰকেইটাই সৰুকেইটাক চাব পৰা হ’ল ; নানা কামত বাপেক-মাকৰ সহায় হৈ আহিল ।    হালিৰ কিন্তু ওলোটা হ’ল । নিঃসন্তান থাকেঁতে তেওঁ একোলৈকে কেৰেপ নকৰিছিল, এতিয়া সন্তান হোৱাৰ লগে লগে সকলো অসুবিধাই দেখা দিলে। কেচুৱা এৰি সুমথিৰাই

পথাৰত কাম কৰিব নোৱৰাত পৰিল, ভূঁই কবলৈ ৰোৱণী [ ১৫ ]
মৃতকৰ ইচ্ছা

ধৰিব লগা হ’ল ? তেওঁ এতিয়া বেলেগ হোৱা বাবে মাজে মাজে বেজাৰ কৰিবলৈ ধৰিলে।
   এনেকৈ বেলেগ হোৱাৰ পৰা তেৰ বছৰ পাৰ হ’ল। এতিয়া জালিৰ লৰাছোৱালী ছটা। মাজৰ দুটা ছোৱালী, বাকীকেইটা ল’ৰা। হালিৰ দুটা ল’ৰা আৰু দুজনী ছোৱালী। লৰা দুটা ডাঙৰ, প্ৰথমটোৰ বয়স এঘাৰ ।
   জালিৰ এতিয়া বিশেষ একো জঞ্জাল নাই। ডাঙৰ লৰা দুটা খেতি-পথাৰ চলাব পৰা হৈছে ; ছোৱালী-দুজনীয়েও ভূঁই ৰোৱা, তাঁত-সূত বোৱা অাৰু আন ঘৰুৱা কামত মাকক সাহায্য কৰিব পাৰে। হালিৰ লৰাই অলপ লাচনি-পাচনি কৰিব পাৰিলেও বাহিৰৰ কাম একো কৰিব নোৱাৰে। মুঠতে এতিয়া জালিৰ অৱস্থা হালিতকৈ বহুত গুণে ভাল।
   কিন্তু তেওঁলোকৰ এই অৱস্থাটো বেচি দিন নাথাকিল। জেঠ মাহত হঠাৎ জালিহঁতৰ গাৱত আৰু ওচৰ-চুবুৰীয়া গাওঁবোৰত সংক্ৰামক ভাবে হাইজা লাগিল। ওচৰত ডাক্তৰ নাই, কবিৰাজ নাই। বেজে মোৰৰ পুথি, বেজালি পুথি লৈ জাৰে, কিন্তু ৰোগী প্ৰায়েই মৰে। এনেকৈয়ে কুৰি দিনমানৰ ভিতৰত গাওঁকেইখনৰ তিনি ভাগৰ দুভাগ মানুহ সিফলীয়া হ’ল। ৰোগে যেতিয়া শাম কাটে, তেতিয়া তেজপুৰৰ পৰা এজন চৰকাৰী ডাক্তৰ গৈ ওলাইছিল। তেওঁ ৰোগী চিকিৎসা কৰিবলৈ নাপালে, নিৰোগ কেইটাকে বেজি দি

অাহিল। [ ১৬ ]
অদৃষ্ট

   এই ৰোগত জালিৰ প্ৰায় সকলো গ’ল ; থাকিল মাথোন তেওঁ নিজে, ঘৈণীয়েক সুভদ্ৰা অাৰু ডাঙৰ জীয়েক কপাহী। হালিৰো সৰু লৰাটো আৰু ডাঙৰ ছোৱালীজনী ঢুকাল।
   এই দুৰ্ঘটনাত দুয়ো ভায়েক-ককায়েকৰ শোকৰ পাৰ নোহোৱা হ’ল। হালিতকৈও জালি একেবাৰেই মৃত-প্ৰায় হ’ল । চাৰিটা লৰাৰ ভিতৰত ঈশ্বৰে নে এটাও এৰিব নাপায় নে। মনৰ বেজাৰত তেওঁ সেইবাৰ খেতিও এৰিলে।
   যদিও এনে নিদাৰুণ শোক পাহৰা সম্ভব নহয়, তথাপি দিন যোৱাৰ লগে লগে তাক সহিব পৰা হ’ল । কপাহীৰ বয়সে এতিয়া পোন্ধৰৰ ডেওনা ডেই গৈছে । জালিৰ এতিয়া আন চিন্তা নাই । ছোৱালীজনীৰ এটা দিহা লগাই যাব পাৰিলেই তেওঁৰ জীৱনৰ কাম শেষ হয়।
   এদিন হালি জালিৰ ওচৰ চাপি ক’লে,—“ককাই যি হ’ব লগা আছিল, হৈ গ’ল এতিয়া আমি আকৌ লগ হওঁ । ছোৱালীজনীৰো বিয়া দিবৰ বয়স হ’ল । তাই ৰূপে গুণে যেনে চকুত লগা, ভাল দৰা পোৱা টান নহ’ব । ইয়াৰ ভিতৰতে কেইবাজনেও মোক ধৰিছেই । মোৰ মতে তাৰে যিটোক মনে-পিঠিয়ে আঁটে, তাৰ লগতেই বিয়া দিয়া হওক । এতিয়া অাৰু তুমি দুখ কৰিব নালাগে । ময়ে যি হয় পথাৰে-সমাৰে কৰিম, তুমি বাৰীখনতে মন গ’লে কিবাকিবি কৰিবা । বৌৱেও টান কাম কৰিব নালাগে, ভাতমুঠি সিজাই

দিলেই হ’ব ?" [ ১৭ ]
মৃতকৰ ইচ্ছা

   জালিয়ে চকুলো টুকি ক’লে,-“মানুহৰ অাশা ভৰসা সকলো মিছা । ঈশ্বৰৰ যি ইচ্ছা সেয়ে হ’ব ৷ তই আকৌ লগ লগাৰ কথা কৈছ, তাত মোৰ মত নাই ৷ ফটা বাঁহ যিমান ভালকৈয়ে জোৰোৱা হওক জোৰা নালাগে । ছোৱালী ধৰিবলৈ মোৰ ওচৰলৈকো মানুহ আহিছে । পিচে মোৰ তাইক উলিয়াই দিবৰ মন নাই। মই ভাবিছোঁ তাইলৈ ভাল লৰা এটা চপাই লওঁ। ঈশ্বৰে যেতিয়া চাইটাকৈ লৰা দিও লৈ গ’ল, এতিয়া তায়েই লৰা, ছোৱালী সকলো । যি আছে সকলো তাইৰ হাততে অৰ্পি দিম বুলি ঠিক কৰিছোঁ৷
   হালিৰ ঘাই উদ্দেশ্য আছিল জালিৰ সম্পত্তিখিনি যাতে আগলৈ তেওঁৰ হাতত পৰে তাৰ ব্যৱস্থা কৰা । জালিৰ কথাত তেওঁ হতাশ হ’ল । জালিয়ে যে তেওঁৰ মনোভাব বুজিছে সেইটোও তেওঁৰ কথাত প্ৰকাশ পালে । তথাপি হালিয়ে নিজৰ কোনো স্বাৰ্থ নথকা যেন দেখুৱাই ক’লে-“সম্পত্তি যাকে দিয়া, যি কৰা সি তোমাৰ ইচ্ছা । মই সেই বিষয়ে ভবা নাই । মই ভাবিছোঁ, ভাল ঘৰৰ ভাল লৰা কেতিয়াও চপনীয়া চাপিবলৈ নাহে । কৰবাৰ খাবলৈ নোপোৱা চোৰ দগাবাজ এটাহে যদি আগ বাঢ়ে । তেনে লৰা জানো আমাৰ ছোৱালীৰ যোগ্য হ’ব ! ইফালে যেয়ে সেয়ে কিবা অলপ লাগিলেই ঢোকা চপনীয়া বুলি হাঁহিব, কথাই কথাই

ক’ব,—“মেল নষ্ট কৰে হোকাই, ঘৰ নষ্ট কৰে ঢোকাই ।” [ ১৮ ]
অদৃষ্ট

    সেই দেখি চপনীয়া ৰখাত মোৰ মত নাই । মই সম্পত্তি খাবলৈ এনেকৈ কোৱা নাই, মুঠেই ছোৱালীজনী লগতে অামাৰো যাতে মান হেৰুৱাব নালাগে তাৰ কথা ভাবিহে কৈছো ।”
   জালি। মই মান-সন্মানৰ লোভ এৰিলোঁ, কোনে কি ক’ব তাকো নাভাবোঁ । মনত যিটো ভাল লাগিছে তাকে কৰিম, কাৰো কথা নুশুনো ।
    একোপধ্যে জালিৰ মন ঘূৰাব নোৱাৰি হতাশ হৈ হালি উঠি গ’ল। জালিয়ে লৰা বিচাৰিবলৈ ধৰিলে ৷ সেই সময়তে দয়াৰামৰ বাপেক মৰে জাৰু দয়াৰ নাজল-নাথল অৱস্থা হয় । আগৰ অৱস্থা থকা হ’লে জালিয়ে দয়াৰামৰ ওচৰত প্ৰস্তাৱ কৰিবলৈকে সাহস নকৰিলেহেতেন, কিন্তু এতিয়াৰ অৱস্থা তেওঁৰ ইচ্ছাৰ আনুকুল । তেওঁ প্ৰথমতে আৰ-তাৰ যোগে দি অাৰু পিচত নিজেই দয়াৰ ওচৰত তেওঁৰ প্ৰস্তাব দাঙি ধৰিলে। দয়াই ভাবি-চিন্তি চাবলৈ আৰু আপোন মানুহৰ মত লবলৈ দিন ল’লে। ইয়াৰ ভিতৰতে তেওঁ ছোৱালী চাই স্বভাৱ-চৰিত্ৰ অাদিৰ বিষয়েও গম ল'লে । সকলো তেওঁৰ মনোমত হ’ল । তেতিয়া তেওঁ জালিৰ প্ৰস্তাৱত সন্মতি জনালে । তেতিয়া এইটো ঠিক হ’ল যে ফাগুনৰ সাত দিন যোৱাত বিয়াখন পতা হ’ব । দয়াৰামে নিজৰ ঘৰৰ পৰাই বিয়া কৰাব আৰু বিয়াৰ পাচত তেওঁৰ যি বয-বস্তু আছে সকলো লৈ জলিৰ ঘৰলৈ উঠি

আহিব৷ [ ১৯ ]
মৃতকৰ ইচ্ছা

   কথা বতৰা ঠিক হোৱাৰে পৰা দয়াৰাম মাজে সময়ে জালিৰ ঘৰলৈ আহি গৈ থাকে, কেতিয়াবা তাতে খায়, কেতিয়াবা ৰাতি হ’লে তাতে থাকেও ।
   কিন্তু ঈশ্বৰৰ কি ইচ্ছা কোনেও ক’ব নোৱাৰে। বিয়ালৈ ঘাৰ দিন থাকোঁতেই হঠাৎ জ্বালিৰ জ্বৰ হ’ল আৰু তিন দিন জ্বৰত ভুগিয়েই দেহা এৰিলে। আকৌ সুভদ্ৰা আৰু কপাহীৰ হাহাকাৰ লাগিল। বিয়া পৰিল ।
   জালিৰ প্ৰেতকাৰ্য্য হৈ যোৱাৰ পাচত হালিয়ে বৌয়েকৰ ওচৰ চাপি আকৌ ককায়েকৰ আগত কোৱা কথাকে দোহা- ৰিলে । তাৰ লগতে ক’লে,—“ককাই মৰিছে, মই আছোঁ । তোমালোকৰ ভালৰ নিমিত্তে মই নাভাবি নোৱাৰোঁ.। সেইহে কৈছোঁ চপনীয়া ৰখাৰ কথা এৰি দিয়া । দয়াৰামতকৈও ভাল অথচ ধনী মানী লৰা মই ঠিক কৰিম । কোনটা ভাল, কোনটো বেয়া ভালকৈ এবাৰ ভাবি চোৱাঁ ।
   সুভদ্ৰাই ক’লে—“কি ভাল, কি বেয়া এতিয়া ভাবিবলৈ যোৱা মিছা । মৃতকৰ ইচ্ছা পূৰ নকৰিলে তেওঁক সিপুৰীতো দুখ দিয়া হ’ব । কপালী অাৰু দয়াৰামেও তেওঁলোকৰ বিয়া হ’ব বুলি আগৰে পৰা জানে। এতিয়া তাক ভাঙিব নোৱাৰি । মই কোনোমতেই দয়াৰামৰ বাহিৰে আনক ছোৱালী নিদিওঁ।”
   হালি আকৌ বিফল-মনোৰথ হ’ল । সুভদ্ৰাই এজন পণ্ডিতৰ হতুৱাই দিন বাৰ চোৱাই বহাগৰ চৌবিশ তাৰিখে

বিয়া পাতিবলৈ স্থিৰ কৰিলে। [ ২০ ]
অদৃষ্ট

   এই বিয়াৰ কথা লৈয়েই বিহুৰ সাত দিনমান আগতে দয়াৰাম ভিনীহিয়েক হৰনাথক লগ ধৰিবলৈ গৈছিল। তাত এৰাতি থাকি কোমল চাউল, গুৰ, তামোল, পাণ গোটোৱাৰ ভাৰ ভিনীহিয়েক দি তেওঁ সেই দিনা ঘৰলৈ উলটিছিল। দুৰ্ভাগ্যবশতঃ বাটতে নভবা-নিচিন্তা দুৰ্ঘটনাত জড়িত হ’ব লগাত পৰিল।

_________
[ ২১ ]
চতুৰ্থ অধ্যায়।

ছদ্মবেশী৷

   দুৰ্ঘটনাৰ পিচ দিনাই দয়াৰাম ঘৰ পোৱাৰ কথা আছিল। সেইমতেই সুভদ্ৰা আৰু কপাহীয়ে বাট চাই আছিল । দয়াৰাম আবেলিতে পাবহি বুলি তেওঁলোকে ভাবিছিল । কিন্তু আবেলি নালাগে গধূলিও তেওঁ নাহিল। মটৰ অহাৰ সময় কেতিয়াবাই গ’ল । তেওঁ যে মটৰত অহা নাই সেইটোত সন্দেহ নাই । “কি জানি মটৰ ধৰিব নোৱাৰি খোজ কাঢ়ি আহিছে! নহ’লে ইয়াত নোসোমাই নিজৰ ঘৰলৈকে গ’ল বা।”-এনেদৰে ভাবি চিন্তি তেওঁলোকে বহুত সময় কটালে । তাৰ পাচত কিজানি ওলাবহিয়েই বুলি সুভদ্ৰা ভাত ৰান্ধিবলৈ গ’ল ।
   ৰন্ধা হলতো তেঁওলোকে কিছু সময অপেক্ষা কৰিলে । কিন্তু দয়াৰাম নাহিল। তেতিয়া মাক-জীয়েকে ভাত খালে আৰু শয্যাৰ আশ্ৰয ল’লে। তেতিয়া ৰাতি দুপৰ হৈছিল।
   পাটীত পৰিও তেওঁলোকৰ টোপনি নাছিল । তেওঁলোকৰ চিন্তা":—দয়াৰাম বিয়াৰ বিষয়ে আলচ কৰিবলৈ ভিনীহিয়ে- কৰ ঘৰলৈ গৈছে । ভিনীহিযেকে বা আকৌ কি কব [ ২২ ] কিজানি কিবা হকা-বধাকে কৰে ! কিজানি তেওঁলোকৰ মত নাপায়েই অহা নাই!
   তেওঁলোকে এনেদৰে চিন্তা কৰি থাকোতেই হঠাৎ কোনো- বাই দুৱাৰত খুন্দিয়ালে ।
   সুভদ্ৰাই সুধিলে, —“কোন ? ”
   বাহিৰৰ পৰা উত্তৰ আহিল,—“আই, মই হে । মই দয়াৰাম । দুৱাৰখন মেলি দিয়ক ।”
   সুভদ্ৰা শোৱাৰ পৰা উঠিল, তুঁহ-জুই ফুৱাই চাকিটো লগালে । তাৰ পাচত লাহে লাহে দুৱাৰখন মেলি দিলে । দুৱাৰ মেলি যি দৃশ্য দেখিলে তাক তেওঁ সমূলি আশা নাছিল। তেওঁ দেখিলে দীঘল ডাঢ়ি-গোফ আৰু মুৰেৰে গেৰুৱা কাপোৰ পিন্ধা এজন বাবাজী, তেওঁৰ হাতত এডাল ত্ৰিশূল । সুভদ্ৰো ভয়ত পিচ হুঁহকি গ’ল । ভয় খোৱা দেখি বাবাজীয়ে ক’লে,-“আই ভয় নাখাব হাই-উৰুমিও নকৰিব, মই দয়াৰাম ।”
   এনেকৈ কৈয়েই বাবাজী সোমাই গ’ল আৰু ডাঢ়ি-চুলি সোলোকাই পেলালে ! সুভদ্ৰাই দেখিলে,-দয়াৰামেই হয় । তেওঁ সুধিলে,—“এইটো আকৌ কি ভেশ ? ”
   দয়া । আই ! এটা বৰ ডাঙৰ ঘটনা হৈছে । সেইবোৰ পিচত ক’ম । মোক বৰ ভোক লাগিছে । অাছে যদি ভাত কেইটামান দিয়ক ।
   সুভদ্ৰা । ভাত আছে, কৰ্কৰাহে হ’ল ! হওঁতে ৰন্ধা [ ২৩ ] বেছি পৰ হোৱা নাই । তোলৈ বাট চাই চাই বহুত ৰাতিকৈহে ৰান্ধিছিলোঁ । ৰন্ধাৰ পাচতো কিজানি আহি পায় বুলি বাট চাইছিলোঁ । আমিও অলপ আগতেহে খালোঁ ।
    সুভদ্ৰাই তেতিয়া গা ধুই ভাত বাঢ়ি দিলে। হাত-ভৰি ধুই দয়াৰামে খাবলৈ ধৰিলে আৰু লৰালৰিকৈ খাই গোটেই কাঁহী শেষ কৰিলে ।
    খাই উঠি মুহুদি কৰি দয়াৰাম বহিল আৰু বাটত ঘটা ঘটনাটা বৰ্ণনা কৰি ক’লে,—“মই ধৰা নপৰাকৈ তেজপুৰ পালোঁহি, কিন্তু বাটত কোনোবাই দেখিলে মই কলিয়াবৰৰ পৰা আহিছোঁ বুলি জানিব পাৰে, তাৰ পৰা ধৰা পৰাৰ ভয় গাছে । সেই দেখি সাৱধান হৈ আহেঁতে ৰাতি হ’ল । ইয়ালৈকো পোনে পোনে নাহি ঘৰলৈ গ’লো । কিয়নো ইয়াত তেতিয়াও মানুহ শোৱা নাছিল। যদি পুলিচে মই বুলি জানে নিশ্চয় ইয়ালৈকো বিচাৰি আহিব । সেই দেখি কাকো দেখা নিদিয়াকৈ লুকাই থাকিম বুলি ওলাইছোঁ । এইটো সাজ তাহানি থিয়েটাৰত ভাও দিবলৈ কিনিছিলোঁ। তাকে পিন্ধি ভেশ ছন কৰি আহিছোঁ ।”
    সুভদ্ৰা । পিচে যাবি কলৈ ?
    দয়া । কেইদিনমান অ’ত ত’ত থাকি কিনো হয় চাওঁ । ষদি পুলিচে কোনে মাৰিলে উলিয়াব নোৱাৰে আৰু মোক নিবিচাৰে তেন্তে ঘূৰি আহিম। যদি ধৰা পৰাৰ ভয় থাকে [ ২৪ ] লুকাই-লুকায়েই ফুৰিব লাগিব । ইয়াত আৰু পলম নকৰোঁ৷ মই যাওঁ ।
   সুভদ্ৰাৰ মাত-বোল হৰিল ! বাবাজীৰ সাজটো পিন্ধি দয়াৰাম ওলাই গ’ল অাৰু আন্ধাৰৰ লগত মিহলি হৈ পৰিল । দয়াৰাম গ’লত সুভদ্ৰা আৰু কপাহীয়ে চকুলো টুকিবলৈ ধৰিলে। তেওঁলোকৰ কপালত নো বিধাতাই এনেকৈয়ে লিখিলে নে । যেনি খোজ দিব খোজে তেনিয়েই কাঁইট !
   সেই ৰাতি মাক-জীয়েক কাৰো টোপনি নাহিল ।

__________
[ ২৫ ]
পঞ্চম অধ্যায় ।
বামুণ-শূদিৰ ।

   চ’তৰ বিহু ওচৰ চাপিছে । সকলো মানুহেই বিহুৰ আয়ো- জনত লাগিছে। কোনোয়ে বাট পদূলি অতাইছে, কোনোৱে তৰাৰ পঘা বাটিছে, কোনোৱে উদঙীয়া গৰু বিচাৰি আনিছে, কোনোৱে গোহালি ঘৰ ভাল কৰিছে ।
   জীয়াৰী-বোৱাৰীহঁতে জা জলপানৰ আয়োজন কৰিছে, লগে লগে বিহুৰ গামোচা বোৱাত দিন-ৰাতিৰ ছেদভেদ নোহোৱা কৰিছে ।
   নৰাই শৰ্ম্মাৰ ঘৰ তেজপুৰ নগৰৰ পৰা তিনি মাইল আঁতৰত । ঘৰদুৱাৰৰ অৱস্থা আগেযে বৰ বেয়া আছিল, এতিযা কিছু ভাল হৈছে । সেই বুলি পিৰালিবোৰ খহি গৈছে, বাট-পদূলিবোৰ লেতেৰা হৈযে আছে ।
   ৰাতিপুৱা শোৱাৰ পৰা উঠি নৰাই শৰ্ম্মা পদূলিলৈ ওলাল আৰু বাটলৈ চাই থাকিল। অলপ পৰ তেনেকৈ থাকি তেওঁ নিজে নিজে কলে, -“বিহুলৈ মুঠেই তিন দিন আছে। বাৰী- ঘৰবোৰ লেতেৰা হৈয়েই থাকিল। বেচি নোৱাৰিলেও ভাগ ফালৰ পিৰালিকেইটা বান্ধি পদূলিমুখখন অঁতাই ৰাখিব [ ২৬ ] নোৱাৰিলে বৰ বেয়া হ’ব । ক’তা ! চেনিৰামলৈ কালিয়েই খবৰ পঠিয়ালোঁ, তেও যি এতিয়ালৈ নাহিল! উস! গোলামৰ সঁচ ! এতিয়ালৈকে ভাল টোপনিয়েই ভগা নাই ।”
   তাৰ পাচত এবাৰ বহি, এবার বাটলৈ ওলাই তেওঁ বহুত সময় কটালে, কিন্তু চেনিৰাম নাহিল । তেওঁ লাহে লাহে গৈ দীনাইৰ পদুলি পাই মাতিলে,—“দীনাই ! অ’ দীনাই । ঘৰত আছা নে ?
   ”হয় আছোঁ” বুলি দীনাই ওলাই আহিল ।
   নৰাই । কালি চেনিৰামক পাইছিলা নে ?
   দীনাই । হয়, পাইছিলোঁ ।
   নৰাই । মই পুৱাতে মাতিছো বুলি কৈছিলা নহয় ?
   দীনাই । কৈছিলোঁ ।
   নৰাই । সি কি ক’লে ?
   দীনাই। সি ক’লে বোলে তাৰ আন ঠাইত কাম আছে, আহিব নোৱাৰে ।
   নৰাই ৷ মোৰ কামতকৈও তাৰ অান কাম হে ডাঙৰ হ’ল ? উস ! এনে খাই পাত ফলা মানুহ আৰু দেখা নাই ! তুমি বৰ ডাঙৰ দৰকাৰ বুলি কোৱা নাছিলা জানো ?
   দীনাই । কৈছিলোঁ । সি ক’লে বোলে তাৰ তাতোকৈ ডাঙৰ দৰকাৰী কাম আছে ।
   নৰাই। যাক, মই তাক শিকাম । তাৰ টেটুত ধৰি যেতিয়া চোঁচোৰাই আনিম তেতিয়া সি গম পাব । [ ২৭ ] চেনিৰামৰ লগত নৰাই শৰ্ম্মাৰ এক প্ৰকাৰ সম্বন্ধও আছে৷
   নৰাইৰ ভদ্ৰ নামে এজন দদায়েক আছিল, বাপেক থাকোঁ- তেই বেলেগ । তেওঁলোকৰ অৱস্থা ভাল নাছিল । বেলেগ হওঁতে ভাগত এবিঘা বস্তি, এবিঘা ফৰিততি আৰু দুবিঘা ৰুপিত মাটি মাথোন পাইছিল ।
   বেলেগ হোৱাৰ পৰা কেনেকৈ ধন গোটাব এয়ে হ’ল ভদ্ৰৰ চিন্তা । সকাম-নিকামত যি চাউল-পাত, দান-দক্ষিণা, কাপোৰ কানি পায় তাৰেই তেওঁ গৃহস্থি চলায়, পাৰিলে দুই-এটকা জমাও কৰে । ৰুপিত মাটি দুবিঘা আধি দি যি ধান পায় তাক বেচি টকাকেইটা পুতি থয়।
   আগডোখৰত তেওঁৰ ঘৰত খাওঁতা গিৰীয়েক-ঘৈণীয়েক মাথোন আছিল, কোনো সন্তান নাছিল । ভাটী বয়সতহে তেওঁলোকৰ এজনী ছোৱালী জন্মে । তেতিয়াও ঘৰুৱা ব্যৱস্থা আগৰ দৰেই থাকিল ।
   ধানৰ দাম বঢ়া দেখি ভদ্ৰই নকৈ ছবিঘা ৰুপিত মাটি কিনিলে আৰু তাক আধি দি ধানৰ টকা পুতিবলৈ ধৰিলে ।    ছোৱালীজনীৰ নাম ৰূপহী । লাহে লাহে তাইৰ বিয়াৰ বযস চাপিল, প্ৰাৰ্থীও ওলাল। কিন্তু বহুত দিন দৰ-ভাও কৰোঁতেই গ’ল । প্ৰাৰ্থীসকলে ভাবে ভদ্ৰৰ অাৰু লৰা-ছোৱালী নাই যেতিয়া তেওঁৰ গোটেইখিনি ধন-সম্পত্তি ৰূপহীয়েই পাব । ভদ্ৰই ভাবে অলপ সৰহীয়াকৈ গা-ধন ল’ব পাৰিলে তেওঁৰ পোতৰ টকাৰ জোখ বঢ়াব পাৰিব । এনেকৈয়ে বহুত দিনলকৈ [ ২৮ ] বিয়াৰ একো বন্দবস্ত নহ’ল । এনেতে এজন প্ৰাৰ্থী ওলাল । তেওঁ পাঁচ শলৈকে গা-ধন দিবলৈ গাত ল’লে । তেওঁৰ নাম গদাধৰ শৰ্ম্মা, বয়স ৬৪ বছৰ । অলপ দিনৰ আগতে তেওঁৰ ঘৈণীয়েক ঢ়ুকাইছিল । তেওঁৰ পো-জীৰ বাহিৰেও নাতি নাতিনীও আছিল। এনেকুৱা বুঢ়াক সৰু ছোৱালীজনী দিয়াত বহুতে আপত্তি কৰিছিল, কিন্তু ভদ্ৰই নামানিলে । ইমানখিনি হাততে পোৱা টকা তেওঁ এৰি দিব পাৰে নে ! যদিও ভদ্ৰৰ বয়স সত্তৰ আৰু চকু মুদিলে ধন-সম্পত্তি ভোগ কৰিবলৈ কোনো নাই, তথাপি কেনেকৈ দুটকা বেচিকৈ পুতিব এয়ে আছিল তেওঁৰ দিনে-ৰাতিয়ে চিন্তা । সেই কাৰণে তেওঁ কাৰো কথালৈ কাণ নিদি গদাধৰ লগত জীয়েকৰ বিয়া দিলে আৰু আগৰ জমা পোন্ধৰ শৰ লগত এই পাঁচশও লগ লগাই দুহেজাৰ কৰি পাতিলে ।
   জীযেকৰ বিয়াৰ দুমাহমানৰ পাচতে আঠাৱন বছৰ বয়সত ভদ্ৰৰ ঘৈণীযেকৰ মৃত্যু হয আৰু ছোৱালী শান্তি হোৱাৰ অাগতে গদাধৰৰো পৰলোক হয ।
   জীযেকৰ বিয়াৰ পাচত ভদ্রই হিচাপ-কিতাপ কৰি দেখিলে যে তেওঁ মাটিখিনি আধি নিদি নিজে হালোৱা ৰাখি খেতি কৰোৱা হ’লে ইমান দিনে দুহেজাৰৰ ঠাইত কিজানি চাৰি হেজাৰ পুতিব পাৰিলেহেতেন । ইয়াকে ভাবি তেওঁ সেইবাৰ হালোৱা বিচাৰিলে আৰু বহুত দিন বিচৰাৰ পাচত এটা মানুহ পালে। মানুহটোৰ নাম চেনিৰাম, বয়স কুৰিৰ ওপৰ । তাৰ [ ২৯ ] কেও কিছু নাই, কাৰবাৰ ঘৰত চাকৰ হৈ থাকি কিছু টকা গোটাই দিয়াখন পতাই তাৰ একমাত্ৰ উদ্দেশ্য । চেনিৰামৰ লগতে ভদ্ৰৰ এই বন্দৱস্ত হ’ল যে জেঠৰ পৰা ভাদলৈকে চাৰি- মাহ সি ছটকাকৈ অাৰু বাকী আঠ মাহ চাৰি টকাকৈ দৰমহা পাব। বামুণৰ লগতে খাব, কিন্তু কাপোৰ-কানি নিজৰ খৰচতে ল’ব লাগিব।
   বাৰীৰ চুক এটাতে চেনিৰামক এটা বহা সাজি দিয়া হ’ল ।
   বিধবা হোৱাৰ কেইদিনমানৰ পাচতে ৰূপহী শাস্তি হ’ল । মাক নথকাত তেৱেই এতিয়া ঘৰখন চলাব লগাত পৰিল ।
   এনেকৈয়ে কেইমাহমান যোৱাৰ পাচত জনা গ’ল যে ৰূপহীৰ গাত অাসোঁৱাহ । সকলোৱে চেনিৰামকেই দোষী বুলি ধৰিলে । চেনিৰামে প্ৰথমতে অস্বীকাৰ কৰিছিল আৰু দোষী কোন ধৰিও দিছিল। কিন্তু ভদ্ৰই চেনিৰামক বুজাই- বৰাই ক’লে—“তই যাৰ কথা কৈছ, সি হ’বৰ হ’লে গোয়ে- পোৱে তল যোৱা কথা । তই সেইবোৰ নকৰি গাত ল। মোৰ কোনো নাই, সকলো সম্পত্তি তহঁতকে দিম ।”
   সম্পত্তিৰ লোভত চেনিৰামে আপত্তি নকৰিলে । তেতিয়া ৰাইজ গোট খাই চেনিৰামৰ হাততে ৰূপহীক গতাই দিলে । চেনিৰাম সেই বহাতে থাকিল অাৰু ভদ্ৰৰ খেতি-বাতি পূৰ্ব্বৰ দৰেই চলি থাকিল । তাতে ৰূপহীৰ এটা লৰা হ’ল ।
   ভদ্ৰই চেনিৰামক মাজে-সময়ে কাপোৰ-কানি লবলৈ দুই- এটকা দিয়াৰ বাহিৰে কোনো দৰমহা দিয়া নাই। চেনিৰামে [ ৩০ ] খোজাত আগ ছোৱাত কৈছিল,—“তোৰ হাতত থাকিলে খৰচ হৈ যাব, তাতকৈ মোৰ হাততে থাওক, পিচত একেবাৰেই নিবি।”
   ৰূপহীক গতাই দিয়াৰ পাচত কৈছিল,—“মোৰ গোটেইবোৰ সম্পতিয়েই দেখোন তহঁতৰ ৷ দৰমহাৰ নিমিত্তে ভাবিছ কিয়?”
   এনেকৈয়ে আৰু ডেৰ বছৰমান যোৱাত ভদ্ৰৰ মৃত্যু হ’ল । সম্পত্তিহে নালাগে চেনিৰামে পাবলগীয়া দৰমহাখিনিও নাপালে ।
   ভদ্ৰৰ উত্তৰাধিকাৰী হ’ল নৰাই শৰ্ম্মা । নৰাইৰ অৱস্থা আগেয়ে বৰ বেয়া আছিল ; ঘৈণীয়েক আৰু তিনটা লৰা- ছোৱালীৰে সৈতে কোনোমতেহে পেট-ভাতে খাইছিল । ভদ্ৰ মৰাৰ পাচতে নৰায়ে পোতৰ টকাখিনি খানি নিলে, মুঠতে আঢ়ৈ হেজাৰ পালে । টকাখিনি নিজৰ ঘৰলৈ নি তেওঁ মানুহক দেখুৱাই টকা বিচাৰি ঘৰৰ ভেটি গোটেইটো খানিলে । কিন্তু টকা ওলাব ক’ৰ পৰা ! যদিও নৰায়ে আগতে টকাখিনি সৰকালে, আন মানুহে টকাবোৰ কি হ’ল একো বুজিব নোৱাৰিলে । নৰায়ে এজন মানুহৰ পৰা টকাচেৰেক ধাৰ কৰি শাস্ত্ৰ-সমস্তকৈ পানীৰ দাঁতিতে দদায়েকৰ চুৱাটো গুচাই থ'লে । ”
   চেনিৰাম আৰু ৰূপহী তাত থকা টান হৈ উঠিল। ৰূপহীৰ লৰাটোৱে এতিয়া খোজ কাঢ়িব পাৰে ৷ সি কেতিয়াবা হঠাতে বামুণৰ ভিতৰলৈকে সোমাই যায়, কেতিয়াবা নৰাইৰ লৰা[ ৩১ ] ছোৱালীয়ে খাই থাকোতেই ছুই দিয়ে । তাৰ ফলত সি নিজে ঠেকেচা খায়েই, ৰূপাহীয়েও গালি খাব লগা পৰে । আন ফালে নৰাইৰো কিছু আহুকাল ওলাল। কেতিয়াবা অচিনাকী মানুহৰ আগতে ৰূপহীয়ে নৰাইক ককাই বুলি মাতে আৰু তাৰ পৰাই ৰূপহীৰ লগত তেওঁৰ সম্বন্ধটো প্ৰকাশ হৈ পৰে । তাত তেওঁ লাজ পায় ।
   দুয়ো পক্ষৰ এনে আহুকাল ঘটাত চেনিৰামহঁতে তাৰ পৰা আঁতৰিবলৈকে ঠিক কৰিলে ।
   এইটো সকলোৱে জনা কথা যে বামুণ-গাৱঁৰ ওচৰে ওচৰে একোখন বৰীয়া-গাওঁ আছে। ৰূপহী চেনিৰামৰ দৰে অৱস্থাত পৰা লোকসকলেই এনেবোৰ গাৱঁত থাকে । তেওঁলোকৰ বেচি ভাগৰে থকা ঘৰৰ ভেটিটোৰ বাহিৰে অান মাটি-বাৰী নাই । বামুণৰ ঘৰত হালোৱা-ৰোৱণী হৈ কোনো মতে পেট প্ৰবৰ্ত্তাই থাকে । নৰাই শৰ্ম্মাৰ গাৱৰ পৰা আধা মাইলৰ ভিতৰতে চৰকাৰী আলিটোৰ বিপৰীত ফালে এনে এখন গাওঁ আছিল। চেনিৰামহঁত তালৈকে যাবলৈ ওলাল। কিয়নো তাত আন নহলেও এখন নিজা সমাজ পাব । নৰাইৰ ওচৰলৈ গৈ চেনিৰামে ক’লে,—“আমি সৌ বৰীয়া চুবুৰীলৈ উঠি যাব খুজিছোঁ । মাটি দুকঠামান পাইছোঁ, পোন্ধৰ টকা লাগে । ঘৰটোও নিব লাগে । এয়ে সেয়ে দুকুৰিমান টকা লাগিব । আপুনি জানে দদায়েকৰ হাততে মোৰ দৰমহাৰ টকা জমা আছিল। এতিয়া তেওঁৰ সম্পত্তিৰ [ ৩২ ] মালিক আপুনি । আপুনি মোৰ টকা কেইটা দিয়ক৷ গোটেইখিনি দিব নোৱাৰিলে ৰূপ কুৰিকে দিয়ক ।
   নৰাই । তই দেখোন দেখিছই ঘৰৰ তেটি গোটেইটো খানিও মই এটা পইচাও নাপালোঁ, লোকৰ টকা ধাৰ কৰিহে চুৱাটোকে গুচাইছোঁ । তোৰ টকা জমা থাকিব পাৰে, কিন্তু তাক যেতিয়া নাপালোঁৱেই তোক ক’ৰ পৰা দিম ।
    চেনি৷ ধাৰেই দিয়ক ।
    নৰাই। থাকিলেহে দিম। দুকুৰি নালাগে দুটা টকাও মোৰ হাতত নাই ।
    চেনি৷ আপুনি চাওক, টকা নাপালে মই ইয়াৰ পৰা যাব নোৱাৰোঁ আৰু ইয়াত থাকিলে আপুনিযেই আহুকাল পাব ।
    বহুত বেলি কথা বতৰা পতাৰ পাচত নৰায়ে ক’লে ,--- “বাৰু, মই চেষ্টা কৰি চাওঁ, কাৰবাৰ পৰা ধাৰ কৰিব পাৰোঁ নে কি। পাৰোঁ যদি পাবি, নহলে অাৰু আন উপায নাই ।”
    দুদিনৰ পাচত নৰায়ে থত এখন লৈ পাঁচশ টকা ৰূপ চোনিৰামক ধাৰে দিলে । সুত লিখালে টকাই-পতি মাহে দুপইচাকৈ । ধন দি তেওঁ চেনিৰামক ক’লে,—“তই জানই মোৰ সমূলি টকা নাই , তথাপি ধাৰ কৰি আনি দিছো । সুত মোৰ পৰা লবই, সেইহে খততো লিখাইছোঁ । পিচে এটা কথা,—এতিয়াৰ পৰা আগৰ দৰে তই গোটেই বছৰ মোৰ ঘৰত খাটিব নালাগে, বাৰিষাৰ চাৰি মাহ কাম কৰি মাটিকেইডৰা [ ৩৩ ]    পুতি দিবি। তাৰ বাবে আগৰ বন্দবস্তমতেই দৰমহা পাবি৷ বাকী কেইমাহত মোৰ কিবা কাম থাকিলে খবৰ দিম, তেতিয়া কৰি দি যাবি । এনেয়ে তোৰ ইচ্ছামতে য’তে মন যায় তাতে কাম কৰিবি । সেয়ে হ’লে সুত মোৰ পৰাই দিম, তই দিব নালাগে । ”
   চেনিৰাম সন্মত হ’ল। টকাকেইটা লৈ গৈ মাটি কিনি বহাটা সাজিলে আৰু বামুণৰ বাৰী এৰি একেবাৰেই উঠি গ’ল ।
   নৰায়ে যদিও বাৰিষা চাৰিমাহৰ হে দৰমহা দিছিল, তথাপি চেনিৰামক কাম কৰিবলৈ নমতা মাহ এটাও নাছিল। কেতিয়াবা আনৰ ঘৰত কাম কৰি থকাৰে পৰা বামুণে লৈ অাহে। লাহে লাহে চেনিৰাম বিৰক্ত হ’ল । অান মানুহেও ক’লে,—“হেৰ’ তই বামুণৰ ঘৰত খাটি মৰিছ কিয় ? ইফালে জেঠেৰী বৈনাই, তেও খত এখন লৈহে টকা দিছে । সুত নলওঁ বুলিছে যদিও শেহত কি কৰে কোনে জানে! সুত নললেও তোৰ লাভ নহয় । বামুণৰ ঘৰত যিমান দিন এনেয়ে কাম কৰিছ, আনৰ ঘৰত কৰা হ’ল সুতহে নালাগে মুলো কেতিঘাবাই আদায় হৈ গ’লহেতেন।”
   কোনোৱে ক’লে,—“তোৰ বামুণৰ লগত কিহৰ মিতিৰ শহুৰেৰৰ টকা-পইচা, মাটি-বাৰী সোপাকে নৰায়ে পাইছে তেও সি তহঁতক ঘৰৰ ভেটি এটাও এৰি দিব নোৱাৰিলে অামি হোৱা হ’লে তাৰ পদূলিতো ভৰি নিদিলোঁহেতেন।” [ ৩৪ ]    চেনিৰামৰ নিজৰ মনতো এনে ভাব খেলাইছিল; তথাপি দুবছৰলৈকে সি একেদৰেই নৰাইৰ ঘৰত কাম কৰি থাকিল । খতৰ টকা এতিয়াও পৰিশোধ কৰা নাই, নৰায়েও খোজা নাই । নৰায়ে ভাবিছে টকাকেইটা আদায় হ’লে চেনিৰামৰ ওপৰত তেওঁ কৰ্তৃত্ব চলাব নোৱাৰিব । তদুপৰি হালোৱাৰ দৰমহা বছৰে বছৰে বাঢ়ি এতিয়া মাহে দহ বাৰ টকা হৈছে, চেনিৰামক এৰিলে তেওঁৰ বহুতো বেচি ভৰণি হ’ব । সি যি কি নহওক, তৃতীয় বছৰত চেনিৰাম আগতকৈ অলপ বেলেগ হ’ল, অন্ততঃ হাতৰ কাম এৰি বামুণৰ ঘৰলৈ লাখ মৰাটো বাদ দিলে। সেই দেখিয়েই সেই দিনা নৰায়ে মতাতো সি হাতৰ কাম এৰি নাহিল।
   নৰাইৰ বৰ খং উঠিল। ঘৰলৈ অাহি কান্ধত এখন চেলেং আৰু হাতত এডাল লাখুটি লৈ চেনিৰামৰ ঘৰলৈ ওলাল। চেনিৰামৰ পদূলিত থিয় হৈ নৰায়ে মাতিলে,-“চেনিৰাম! অ’ চেনিৰাম!” মাত শুনি ৰূপহী ওলাই আহি ক’লে,-"তেওঁ ঘৰত নাই।”
   নৰাই । কলৈ গ’ল ?
   ৰূপহী । সৰ্ব্বেশ্বৰ পণ্ডিতৰ ঘৰত কাম আছে, তালৈকে গৈছে ।
   নৰায়ে বহুতো গালি-শপনি পাৰি তাৰ পৰা পণ্ডিতৰ ঘৰলৈ খোজ ল’লে। চেনিৰামে তেতিয়া পণ্ডিতৰ গোহালি ঘৰৰ বাৰ দি আছিল। পদুলিতে থিয় হৈ নৰায়ে চেনিৰামক [ ৩৫ ] মাতিলে । কাম এৰি চেনিৰাম তেওঁৰ ওচৰলৈ আহিল । নৰায়ে ক’লে,—“তোক মই পুৱাতে মাতিছিলোঁ নহয়, নগলি কিয় ?”
   চেনি। মই পণ্ডিতৰ গোহালি-ঘৰটো সাজি দিম বুলি দহ টকাত ঠিকা লৈছিলোঁ ; বিহুৰ দিনা গৰু বান্ধিবলৈ উলিয়াই দিব লাগে। কাম নৌ হওঁতেই পৰহি পাঁচ টকা নিলোঁ । তাৰেই দেওবৰীয়া হাটৰ পৰা বৰা চাউল, গুৰ আৰু তিল আনিলোঁ। এতিয়া উৰুকাৰ দিনাই ঘৰটো নোলালে নহয়। নৰাই। মই সেইবোৰ একো নাজানো । তই আজি মোৰ ঘৰত কাম কৰিবই লাগিব । পণ্ডিতৰ ঘৰ দুদিন পিচত ওলালেও হ’ব।
   চেনি৷ পণ্ডিতে এৰি নিদিলে মই যাব নোৱাৰোঁ।
   নৰাই। তই গ’লে পণ্ডিতে ধৰি ৰাখিব নোৱাৰে। ব’ল এতিয়া।
   চেনি। যাব পাৰিম, কিন্তু টকা দিব কোনে। পণ্ডিতে টকা নিদিলে কি কৰিম।
   নৰাই। টকা নিদিব! তাৰ বাপেকে দিব ।
   সৰ্ব্বেশ্বৰ পণ্ডিতে ভিতৰৰে পৰা নৰাইৰ অাৰু চেনিৰামৰ কথা-বতৰা শুনি আছিল। নৰাইৰ কথা শেষ হোৱাৰ লগে লগে তেওঁ ঘপ কৰে ওলাই আহি ক’লে,—“দেউ! ইমানতে আপুনি ইয়াৰ পৰা অাঁতৰ হওক, নহলে কাছাৰী ঘৰলৈ যাব লগাত পৰিব।” [ ৩৬ ]    নৰাই। কি! কি কৰিবি! বাপেৰৰ দিনত হাল বাওতেই গ’ল; এতিয়া ভেকুলীয়ে পানী পালি।
   “কটা। বৰীয়া! তই মোৰ ঘৰতে দেখোন বৰকৈ ফকফকাৱ।” বুলি সৰ্ব্বেশ্বৰ বামুণৰ গালৈ খেদা মাৰি গ’ল৷ গতি বিষম দেখি নৰাই বেগাবেগিকৈ তাৰ পৰা আঁতৰ হ’ল। বহুতো আঁতৰৰ পৰা ক’লে,-“তই হতচিৰী হবি, ভেটিত তিতালাও গজিব। আজি তই থাক, মই দেখিম তই কেনেকুৱা শূদিৰ।”

______
[ ৩৭ ]
ষষ্ঠ অধ্যায় ।
ভাগ্যোদয় ৷

   খঙত একো নাই হৈ চেনিৰাম আৰু পণ্ডিতক শাও দি দি নৰাই অাহি চৰকাৰী অালিত উঠিল। এনেতে তেওঁ আলিয়ে আলিয়ে আহি থকা বাবাজী এজন দেখা পালে। বাবাজীৰ দাঢ়ি-গোঁফ দীঘল, চুলি জঁট বন্ধা, গাত লেংটিডালৰ বাহিৰে আন কাপোৰ-কানি একো নাই । হাতত এডাল চিমটা, কান্ধত সৰু জোলোঙা এখন ।
   নিলগতে বাবাজীক দেখা পাই নৰাইৰ খঙে শাম কাটিলে। তেওঁৰ মনত পৰিল, এনেকুৱা এজন বাবাজীয়েই হেনো তাহানি শূলপাণি শৰ্ম্মাক পোতা পুখুৰীৰ পৰা এনাও ধন উলিয়াই দিছিল । তেতিয়াৰে পৰা শূলপাণিৰ ঘৰ ধনী মানুহ । এতিয়া এই বাবাজীক সন্তুষ্ট কৰিব পাৰিলে কিজানিব৷ তেওঁৰো কপাল ফুলে। তেওঁ এনেকৈ ভাবি থাকোঁতেই বাবাজী অাহি তেওঁৰ ওচৰ পালে । নৰায়ে ততালিকে বাবাজীক আঠু কাঢ়ি সেৱা কৰিলে । বাবাজী সন্তুষ্ট হ’ল অাৰু আশীৰ্ব্বাদ দি খাব খুজিলে
   নৰায়ে সুধিলে —“আপুনি কলৈ যাব?” :
   বাবা। কহাঁ জাউগা, উসকা পতা নহীং হৈ ।
   নৰাই। আহিছে ক’ৰ পৰা? [ ৩৮ ]    বাবা। কহাঁসে আউঁগা ৷ মেৰে জানেকী কোই খাস জগহ নহীং হৈ।
   নৰাই । এতিয়া আহিল ক’ৰ পৰা?
   বাবা । উস নগৰকে শিৱাজীকে মন্দিৰসে । কল ৰাতকো ৱহা পহুচকৰ ৱহীং ঠহৰ গয়া ।
   নৰাই । আজি ক’ত থাকিব ?
   বাবা । জাহাঁ পৰ হী ৰাত হোতী হৈ। পেড়কে নীচে, পহাড়, মৰঘট য়ে হি মেৰে ৰহনেকে স্থান হৈ ।
   নৰাই। দয়া কৰি দুখীয়াৰ ঘৰত পদ-ধূলা দিব নে ?
   বাবা ৷ হম গৃহস্থ আদমীকে ঘৰ নহীং জাতে ।
   নৰাই । নহয়, দয়া কৰি মোৰ ঘৰত এবাৰ পদধূলা দি অাক ।
   বাবা । ৱহ মেৰে নিয়মকে বাহৰ হৈ । ফিৰভী তুমহাৰা মন দুখানা নহী চাহতা । ঘৰ কিতনা দূৰ হৈ ?
   নৰাই । বেচি নহয় । অলপ সোমাই গ’লেই পাম।
   নৰাইৰ কাকূতিত সন্তুষ্ট হৈ বাবাজীজন তেওঁৰ লগে লগে গ’ল আৰু নৰাইৰ ঘৰ পালে। নৰায়ে চৰা ঘৰতে পীৰা এখন পাৰি বহিবলৈ দিলত বাবাজীয়ে ক’লে,- ”মৈ ঘৰকে অন্দৰ নহীং বৈঠতা । (আকাশলৈ আঙ্গুলিয়াই) য়হী মেৰা ঘৰ হৈ । ”
   নৰায়ে তেতিয়া পীৰাখন আনি চোতালত দিলে । বাবাজী বহিল। তাৰ পাচত তেওঁ কাহী এখনত তুলি কল একাষি [ ৩৯ ] আৰু অমিতা এটা আনি বাবাজীৰ আগত দিলে; পানী এঘটিও আনিলে । তাকে দেখি বাবাজীয়ে ক’লে,-“মৈ কভী কভী সামান্য ভোজন কৰ লেতা হুঁ । ৱহ ভী যদি কোই বড়া ভক্তি সে মহীনে দোঁ মহীনেকে অন্ত মে দে তব । আজ এক মহীনা সাত দিন কুছ নহীং খায়া । আজ তুমনে ভক্তিসে দিয়া হৈ । নহীং খানেসে তুমকো কষ্ট হোগা । ইসলিয়ে কেলে হী খাতা হুঁ৷”
   এই দৰে কৈ বাবাজীযে কল এই গুচাই তাৰে এডোখৰ ওচৰত থকা ছাগলী পোৱালী এটাক দি বাকী ডোখৰ খালে । তাৰ পাচত এচলু পানী খাই কলে,— ”চবকৈ লিয়ে হো জায়গা, অৱশিষ্ট লে যাও । ইতনী বস্তু য়ে সাল ভৰ মৈ ভী নহী জাতী।”
   তাৰ পাচত নৰায়ে ৰূপ এটকা আৰু কম্বল এখন দি সেৱা কৰি ক’লে – “দুখীয়াৰ ঘৰত দয়া কৰি পদধূলা দিছে, ইয়াকে গ্ৰহণ কৰক ?”
   বাবাজীয়ে ক’লে,—“ৰূপয়োংসে ক্যা কৰূংগা ? কম্বলভী মুঝে ক্যোং চাহিয়ে । তুম মুঝকো তুমলোগোংকী তৰহ সমঝ- তে হো ক্যা ? তুম কুছ নহীং জানতে । মৈ য়োংহী তুম পৰ খুশ হুঅা হুঁ । য়ে লে জাও । যদি দেনা চাহতে হো তো জিসকা অভাৱ হৈ উসকো দেনা । ধৰম হোগা ”
   নৰাই । যদি আপুনি সন্তুষ্ট হৈছে তেন্তে মই যাতে কোনো বস্তুৰ অভাবত নপৰোঁ তাৰ কিবা এটা উপায় দি যাওক । [ ৪০ ] বাবাজীযে কিছু সময় নীৰৱে চিন্তা কৰি ক’লে, -”তুম দেখতে হী হো কি ধন-সোনেকে সাথ মেৰা কোই সম্বন্ধ নহীং হৈ । উনকী বাতঁ সোচনেসে ভী মনমে অশান্তি খৈদা হোতী হৈ ৷ ফিৰ ভী তুম মেৰী জিতনী ভক্তি কৰতে হো কি তুমহাৰে লিয়ে ন কৰনে যোগ্য কাম ভী কৰনা পড়া । তুমহাৰে পাস ৰূপয়ে পৈসে ঔৰ জেৱৰ ক্যা ক্যা হৈ লে অ্যাও ।”
   তেতিয়াই নৰায়ে দদায়েকৰ ঘৰত পোৱা আঢ়ৈ হেজাৰ টকা, ঘৈণীয়েকৰ আৰু খুৰীযেকৰ অলঙ্কাৰ গোটেইখিনি আনি বাবাজীক দেখুৱালে ৷ বাবাজীয়ে ক’লে ,—“তুমহাৰে ঘৰমে জো চবসে বড়া বাকস হৈ, ৱহ লে অাও ।
   নৰায়ে তেওঁৰ ঘৰত থকা আটাইতকৈ ডাঙৰ ট্ৰাঙ্কটো আনিলে। বাবাজীয়েয়ে ক’লে,-“বাকসকে অন্দৰ এক অচ্ছা কপড়া বিছা দৌ ঔৰ উসপৰ য়ে ৰূপয়ে ঔৰ জৈৱৰ ৰখো ৷
   নৰাযে বাবাজাৰ কথামতেই কাম কৰি গল । বাবাজীয়ে তেতিয়া বাকচৰ তলা-চাবি লৈ নৰাইক কলে,-" মৈ অভী মন্ত্ৰ কৰকে য়হ বাকস বন্ধ কৰূগা । তুম য়হ লে জাকৰ পূজাকী স্থাপনাকে পাস ৰখ দেনা । সবদা ৰাত কো উসকে পাস এক চিৰাগ জলাকৰ ৰখনা । ইস তৰহ বীস দিনকে বাদ অৰ্থাৎ আজসে ইককীসৱে দিনমে জা কৰ বাকস খোলনা ! তব বাকসমে জিতনে ৰহ সকতে হৈ, উতনে ৰূপয়ে ঔৰ জেৱৰ নিকলেংগে । কিন্তু খবৰদাৰ, উসকো বোলনেসে পহলে কভী ভী [ ৪১ ] বাকস মত খোলনা । বোলনেসে পহলেকে ৰখে হুএভী উড় জায়েংগে ।”    এনেকৈ কৈ বাবাজীয়ে জুলিৰ পৰা অলপ ভস্ম আৰু কেইটামান বেলপাত উলিয়াই ধনৰ ওপৰত থৈ কিবাকিবি মন্ত্ৰ মাতিলে। তাৰ পাচত নিজ হাতে তলা বন্ধ কৰি তেওঁ কোৱা মতে থ’বলৈ নিৰ্দেশ দি গুচি গ’ল ।
   নৰাইৰ মনত পৰম আনন্দ মিলিল, চেনিৰামৰ ওপৰত উঠা খং একেবাৰেই নোহোৱা হ’ল । তেওঁ ভাবিলে চেনিৰামক নিমিত্ত কৰিয়েই তেওঁৰ এই সৌভাগ্য, এবাকচ ধন-সোণ লাভ৷ তাৰ পুৰস্কাৰ স্বৰূপে চেনিৰামক ধাৰে দিয়া টকা এৰি দিবলৈকে তেওঁ মনে মনে স্থিৰ কৰিলে। কিন্তু সৰ্ব্বেশ্বৰ পণ্ডিতৰ প্ৰতি তেওঁৰ শত্ৰুভাৰ প্ৰবল হৈ হে উঠিল। তেওঁ ভাবিলে এতিয়া আৰু ভয় নাই। ধনৰ বলেৰেই তেওঁ সৰ্ব্বেশ্বৰ পণ্ডিতক ভালকৈ শিক্ষা দিব পাৰিব। শূদিৰ হৈ বামুণক অপমান কৰাৰ প্ৰতিশোধ নোলোৱাকৈ তেওঁ কেতিয়াও নাথাকে ।
   ভবাৰ লগে লগে তেওঁ অালিলৈ ওলাই গ’ল । তেওঁৰ ভয় আছিল, কিজানি আৰু কোনোবাই বাবাজীক তুষ্ট কৰি তেওঁৰ নিচিনাকৈ ধনী হবৰ সুযোগ পায় । কিন্তু চকুৰে দেখা পোৱা লৈকে বাবাজীক ৰোৱা নেদেখিলে । তেতিয়া তেওঁ নিশ্চিন্ত হৈ ঘৰলৈ উলটি আহিল।

______
[ ৪২ ]
সপ্তম অধ্যায়।
অাঙঠি-পিন্ধোৱা।

   জালিৰ ঘৰৰ পৰা ছমাইল আঁতৰত ৰসাই মণ্ডলৰ ঘৰ। ৰসাইৰ অৱস্থা যদিও অাগ ছোৱাত বৰ ভাল নাছিল, তথাপি পিছৰ ছোৱাত চকুত লগা হৈ উঠিছিল। নিজৰ চেষ্টাৰ বলতে তেওঁ দুপূৰা বাৰী-মাটি আৰু বাৰ পূৰা ৰুপিত মাটিও নকৈ ল’লে। ঘৰ এটা এটাকৈ প্ৰায় সকলোখিনিয়েই টিনৰ হৈ উঠিল। গুটি আৰু গছি ধানৰ দুটা ভঁৰাল হ’ল। চাকৰিতো উন্নতি কৰি শেহত কাননও হৈছিল। তেওঁৰ লৰা তিনটা,- ডাঙৰটোৰ নাম মদন, মাজিউটোৰ নাম ৰত্ন আৰু সৰুটোৰ নাম পীতাম্বৰ। প্ৰথমটো ছাত্ৰবৃত্তি আৰু সৰুটো প্ৰাইমাৰী পাচ। মাজিওটোৱে ইংৰাজী স্কুলৰ সপ্তম মানলৈকে পঢ়িছিল। বাপেকে চাকৰিৰ পৰা অৱসৰ লোৱা বাবেই মদনক মণ্ডলৰ কামত সুমাই দিয়ে। ৰত্ন বাগিচাৰ মহৰী। পীতাম্বৰ ঘৰতে থাকে অাৰু সময়মতে খেতি-পথাৰ চায়।
   ৰসাইৰ পৰলোক হোৱা এতিয়া পাঁচ বছৰ হৈছে । তাৰো সাত বছৰৰ আগতে মদনৰ বিয়া হয়। ৰত্নৰ বিয়া হয় তাৰ দুবছৰ পাচত । কিন্তু পীতাম্বৰৰ এতিয়ালৈকে বিয়া হোৱা নাই। তেওঁৰ বয়স ডেৰ কুৰিৰ ওপৰ । [ ৪৩ ]    মদনহঁতৰ ঘৰুৱা অৱস্থা ওচৰ চুবুৰীয়া সকলোতকৈ ভাল। পীতাম্বৰৰ গঢ়টোও বেয়া নাছিল। মদনে নানা ঠাইত ছোৱালীও চাইছিল। তথাপি কোনোমতে পীতাম্বৰৰ বিয়াখন পাতিব পৰা নাই। কেইমাহমানৰ আগতে মণ্ডল হালিৰ ওচৰলৈ গৈছিল আৰু ককায়েকক কৈ-মেলি কপাহীক ঠিক কৰি দিবলৈ ধৰিছিল। হালিয়েও চেষ্টা কৰিছিল, কিন্তু জালিয়ে ছোৱালী উলিয়াই নিদি চপনীয়া ৰাখিব খোজাত তেওঁলোকৰ চেষ্টা মিছা হ’ল ।
   তেজপুৰৰ ফালে ক’তো বিয়াৰ বন্দবন্ত নোহোৱাত মদনে এইবাৰ কলিয়াবৰৰ ফালে চেষ্টা কৰিবলৈ মন মেলিলে। আন মানুহৰ যোগে দি ভু-ভা লৈ তেওঁ জানিব পাৰিলে যে কলিয়াবৰৰ ভূধৰ বায়নৰ এজনী ভাল ছোৱালী আছে। ছোৱালীজনীৰ মাক দয়াৰামৰ ভিনীহিয়েক হৰৰ বায়েক। মদনে এইজনী ছোৱালীকে পীতাম্বৰলৈ খুজিবৰ মন কৰিলে। এদিন তেওঁ সুধন নামৰ তেওঁৰ চিনাকী কলিয়াবৰীয়া মানুহ এজন লগত লৈ ভূধৰৰ ঘৰলৈ গ’ল। সুধনেই মদনৰ পৰিচয় দি কথাটো উলিয়ালে। মদনৰ কিমান ধন-সম্পত্তি আছে তাৰ বৰ্ণনা দি তেনে ঘৰত ছোৱালী দিবলৈ পোৱাটো যে ভাগ্যৰ কথা তাকো তেওঁ নোকোৱাকৈ নেৰিলে। ভূধৰে ক’লে—“আজিয়েই মই একো সমিধান দিব নোৱাৰোঁ। বংশ- পৰিয়ালক সুধি চাৰ লাগিব, আপোনালোকৰো ঘৰ-দুৱাৰ চাব লাগিব। তাৰ পাচত হে যি হয় ক’ব পাৰিম।” [ ৪৪ ]    মদনে আনন্দেৰে ক’লে,-বৰ সজ কথা। আজিয়েই মানুহ পঠিয়াব পাৰে। লৰাও চাই আহিব পাৰিব।”
   সুধনে ক’লে,—“এৰা, চাই-চিতি কাম কৰা ভাল৷ তেওঁ বুলি মই যি কৈছোঁ আপুনি তাতকৈ ভাল দেখিলেও বেয়া নেদেখে।”
   ভূধৰ। আজিয়েই যোৱা সম্ভব নহয়। আপোনালোক যাওক, মই নিজে চ’ঠা দিনালৈ যাম।
   তেতিয়া মদনে বিদায় ল’লে। ভূধৰে বংশ-পৰিয়ালৰ লগত অালোচনা কৰিলে, মোমায়েক হৰনাথৰো মত সুধিলে। সকলোৰে মত থকাত তেওঁ নিদিষ্ট দিনত দৰা-ঘৰ চাবলৈ গ’ল।
   দৰা-ঘৰ চাই সুধনে যে মিছা কোৱা নাই তাক তেওঁ বুজিব পাৰিলে। সকলো কথাতে তেও সন্তুষ্ট হ’ল, মাত্ৰ এটা কথাত অলপ কোঁচ খালে। লৰাটোৰ গঢ়টো যদিও বেয়া। নহয়, তথাপি কিছু বেমাৰী যেন দেখি। বয়সো বেচি হোৱা যেন লাগে। এনেকুৱা ধনী মানুহৰ ঘৰৰ লৰাৰ ইমান বয়স- লৈকে বিয়া হোৱা নাই কিয় এইটো তেওঁ ভাবিব লগাত পৰিল। তেওঁ ক’লে —“লৰাৰ বয়স ডেৰ কুৰিৰ ওপৰ হ’ব পায়।”
   মদন শিয়ান মানুহ। কথাটো শুনিয়েই ভূধৰৰ মনোভাব ধৰি পেলালে। তেওঁ ততালিকে উত্তৰ দিলে,-“সিমান নহয়। এই ছাবিশত সোমাইছে মাথোন। অৱশ্যে অামাৰ বয়সৰ [ ৪৫ ] তুলনাত বেচি হৈছে। আমি বিয়া কৰাইছিলোঁ। বাইশ-তেইশ বছৰ বয়সতে। ইয়াৰো কেতিয়াবাই বিয়া হ’লহেতেন, কত মানুহে ছোৱালী যাচি দিছিল তাৰ লেখেই নাই। পাচে এটা কথাৰ পৰা বিয়া পতা নাছিলোঁ। এজন জ্যোতিষীয়ে তাৰ হাত চাই কৈছিল বোলে তাৰ পাঁচিশ বছৰ বয়সত এটা ডাঙৰ ৰিষ্ট আছে, বঁচাৰ অাশা বৰ কম। যদি কেনেবাকৈ ৰক্ষা পায় তেন্তে আশী বছৰলৈকে কোনো ভয় নাই। সেই দেখিয়েই পঁচিশ বছৰৰ ভিতৰত বিয়া নাপাতোঁ বুলি ঠিক কৰিলোঁ। জ্যোতিষীজন কম নহয়, তেওঁৰ কথা আখৰে আখৰে ফলিয়ালে। যোৱা মাঘত তাৰ পঁচিশ বছৰ পুৰ হৈছে। তাৰ এমাহমান আগতে সি নৰিয়া পৰে অাৰু যোৱা-থোৱা অৱস্থা হয়। এদিন একেবাৰেই মাত-বোল নোহোৱা হ’ল, অামি লৰালৰিকৈ বাজলৈ আনিলোঁ। এনেতে এজন সন্ন্যাসী ক’ৰ পৰা আহি ওলাল ক’ব নোৱাৰোঁ, তেওঁ কিবা গুৰি অলপ দি পানীত গুলি খুৱাবলৈ কৈয়েই গুচি গ’ল। তেওঁ কেনি গ’ল, ক’লৈ গ’ল কোনেও ক’ব নোৱাৰিলে। সি যি কি নহওক, আমি দৰব পালি খুৱাই দিলোঁ। অলপ সময়ৰ ভিতৰতে সি উঠি বহিল অাক লাহে লাহে ভাল হ’ল। কিন্তু সেই নৰিয়াতে সি ইমান দুৰ্ব্বল হৈছিল যে আজিলৈকে আগৰ শ্ৰী ঘুৰি অহা নাই। সেইহে দেখাত আচল বয়সতকৈ বেচি বয়সীয়া যেন লাগে? অাৰু এমাহমানতে আগৰ দৰে হ’ব বুলি আশা কৰিছোঁ। জ্যোতিষীৰ কথা এটা ফলিয়াইছে যেতিয়া [ ৪৬ ] ইটোও ফলিয়াবই। আশী বছৰৰ ভিতৰত তাৰ নৰিয়াৰ ভয় নাই।”
   মদনৰ কথাত ভূধৰৰ সন্দেহ আঁতৰ হ’ল। তেওঁ ক’লে, —“মই আজি একো নকওঁ। ঘৰলৈ গৈহে মতামত জনাম।
   ভূধৰ ঘৰলৈ আহি যি দেখিলে শুনিলে আত্মীয়-কুটুম্ব সকলোকে জনালে। সকলোৱে ছোৱালী দিয়াটোকে সমৰ্থন কৰিলে। ইয়াৰ দুদিন পাচত যেতিয়া মণ্ডল খবৰ লবলৈ আহিল, ভূধৰে ছোৱালী দিয়াত আপত্তি নাই বুলি জনালে।
   ভূধৰৰ সন্মতি মতে বিহুৰ পাচতে ছোৱালীক আঙঠি পিন্ধোৱা হ’ল। বিয়াৰ দিন ধাৰ্য্য হ’ল একৈশ বহাগত।

_______
[ ৪৭ ]
অষ্টম অধ্যায়।
গোপন পৰামৰ্শ।

   ভুধৰহঁতৰ গাৱত দধি বুলি এজন মানুহ আছিল। তেওঁৰ ঘৰুৱা অৱস্থা ভাল নহয়। এপুৰামান মাটিত খেতি কৰি কোনোমতে পেটে-ভাতে খাই প্ৰবৰ্ত্তি থাকে। তেওঁৰ একেটা লৰা মণিৰাম গাওঁখনৰ ভিতৰতে ভাল লৰা। বাপেকে তাক যেনে তেনে পঢ়াবৰ ইচ্ছা কৰি স্কুলত দিছিল। কিন্তু মাইনৰ পাচ কৰাৰ পাচত আৰু পঢ়োৱা তেওঁৰ পক্ষে সম্ভব নহ’ল। তেতিয়া মণিৰ বয়স ষোল বছৰ হৈছিল।
   কিছুমান দিন ঘৰতে থকাৰ পাচত মণি চাকৰি বিচাৰি ওলাল আৰু বাগিচাই বাগিচাই ঘুৰিবলৈ ধৰিলে। কিন্তু বহুত দিনলৈকে কোনো চাকৰি যোগাৰ কৰিব নোৱাৰিলে। কেতিয়াবা ক’ৰবাত দুই-এমাহ অস্থায়ী ভাবে কাম পালেও স্থায়ী কাম নাপায়। তাৰ কাৰণ প্ৰায়বোৰ বাগিছাতে বৰ কেৰাণী, ডাক্তৰ আদি বঙ্গালী। কিবা চাকৰি ওলালেই তেওঁলোকে তেওঁ- লোকৰ লগা-ভগা মানুহ আনি সুমুৱাই লয়; অসমীয়া লৰাই কেতিয়াবাহে সুবিধা পায়। মণিৰামো সেই কাৰণেই বহুত বাৰ হতাশ হ’ব লগাত পৰিছিল। এনেকৈযে চাৰি বছৰ মৰি [ ৪৮ ] ঘূৰি শেহত তেওঁ কলিয়াবৰতেই এখন বাগিচাত মহৰী-কাম পায়। কাম পোৱা এতিয়া প্ৰায় দুবছৰ হৈছে।
   ভূধৰৰ হোৱালীজনীৰ নাম মালতী। মালতী মণিতকৈ ছ বছৰৰ সৰু। গাওঁখনৰ ভিতৰতে মালতী ধুনীয়া ছোৱালী। স্বভাৱ-চৰিত্ৰ আৰু কাম-কাজতো ভাল। মণি আৰু মালতীৰ ঘৰ একে গাৱঁতে হোৱাত সৰুৰে পৰা তেওঁলোকৰ দেখা- সাক্ষাৎ আছিল। অকল দেখা-সাক্ষাৎ কিয় কেতিয়াবা একে লগে উমলিছিলো। দুয়োৰে ৰূপ-গুণলৈ লক্ষ্য কৰি গাৱঁৰ তিৰোতাবিলাকে মাজে মাজে কয়,—“ইহঁত দুটাৰ বিয়াখন হ’লে বৰ মিল হ’ব। তেনেকৈ কোৱা মণি বা মালতীৰ কাণতো নপৰাকৈ নাথাকে। বয়স বঢ়াৰ লগে লগে তেওঁ- লোকৰ মনতো যে তেনে ভাব খেলাইছিল তাত সন্দেহ নাই। কিন্তু তেওঁলোকৰ এজনেও সেই কথা কাকো জানিবলৈ দিয়া নাই। মণিয়ে ভাবিছিল তেওঁৰ ঘৰৰ অবস্থা বেয়া। কেই বছৰমান চাকৰি কৰি অৱস্থাটো অলপ ভাললৈ আনিহে তেনে ইচ্ছা প্ৰকাশ কৰা উচিত হ’ব।
   মালতী ছোৱালী মানুহ। বিয়াৰ বিষয়ে নিজে কোনো কথা কবলৈ উপায় নাই।
   ভূধৰেও মণিৰ কথা ভাবিহিল। দধিয়ে ধৰা হ’লে তেওঁ নিশ্চয় দিলেহেতেন। কিন্তু দধি নাইবা মণি এজনেও কোনো প্ৰস্তাব তেওঁলৈ আগ বঢ়োৱা নাই। মণিৰ আশাতে ৰাখি থ’লে পিচত যদি মণিয়ে বিয়া কৰাব নোখোজে তেতিয়া কি হ’ব! [ ৪৯ ] আনফালে মণিৰ দৰে অৱস্থাৰ লৰা এটাক যাচি দিবলৈ গ’লে তেওঁৰ সন্মান নৰয়। অকল সেয়ে নহয়, তেওঁৰ প্ৰস্তাব যদি দধিহঁতে গ্ৰহণ নকৰে তেতিয়া তেওঁ অনাহকত লাজ পাব লাগিব। কথাতে কয় বোলে যাচি দিলে নাই সুবৰ্ণৰো দৰ। এনে অনিশ্চিত অৱস্থাত থাকেঁতেই পীতাম্বৰলৈ ধৰাত তেওঁ আৰু বাট চোৱা উচিত বুলি বিবেচনা নকৰিলে। তেওঁ ভাবিলে, হাততে পায়ো ভাল ঘৰৰ লৰাটো যদি এতিয়া এৰি দিয়া হয়, পিচত কিজানি গেলা বৰালীতে হাত দিব লগাত পৰে! এই দৰে সাত-পাঁচ গুনিহে তেওঁ মদনৰ প্ৰস্থাব গ্ৰহণ কৰিলে।
   বাতৰিটো পাই মণিৰ বৰ বেজাৰ লাগিল; তেওঁৰ মনৰ পোহনীয়া অাশা মাৰ গ’ল। কিন্তু দোষেই বা দিব কাক। তেওঁতো তেওঁৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। অান হে নালাগে মালতীকো তেওঁৰ মনোভাব জনোৱা নাছিল। এতিয়া উপায় কি!
   মণিয়ে পাটীত পৰি বহুত ভাবিলে। তাৰ পাচত-কিবা এটা সঙ্কল্প স্থিৰ কৰি তিন দিনৰ ছুটী লৈ ঘৰলৈ আহিল।
   সেই দিনাই মণিযে গোপনে মালতীক লগ ধৰিলে আৰু তেওঁৰ মনৰ কথা ভাঙি ক’লে। উত্তৰত মালতীয়ে ক’লে,- “আপোনাৰ যি ইচ্ছা মোৰো সেয়ে। পিচে মই কি কৰিম! আপুনি কেতিয়াও তাপোনাৰ ইচ্ছাৰ কথা পিতাইক জনোৱা নাই৷ মই কেনেকৈ তেনে কথা পিতাইক কওঁ। এষিা অাকৌ ক’লেও লাভ নহয়।” [ ৫০ ]    মণি।---তোমাৰ তেন্তে মোৰ কথাত মত অাছে?
   মালতী৷ —আছে।
   মণি৷ —মই চেষ্টা কৰি চাওঁ। যদি একো নহয়, তোমাক বিয়াৰ আগতে পলুৱাই নিম।
   মালতী৷ — সেইটো জানো ভাল হ’ব। মানুহে কি বুলিব।
   মণি৷ —সেইটো ভাল যে নহয় তাক জানো। কিন্তু বিয়াখন ভাঙিব নোৱাৰিলে তাকে কৰাৰ বাহিৰে অাৰু কি উপায় অাছে!
   মালতীয়ে একো উত্তৰ দিব নোৱাৰিলে। মণিও সাৱধানে আঁতৰি গ’ল।


________
[ ৫১ ]
নবম অধ্যায়।
আঁৱৰীয়া।

   দয়াৰামৰ অাৰু মদন মণ্ডলহঁতৰ গাঁৱৰ মাজামাজিত থকা এখন গাৱঁত সূৰ্য্য বৰাৰ ঘৰ। সূৰ্য্য ছত্ৰবৃত্তি পাচ কৰাৰ পাচত তেজপুৰলৈ আহে। কোনো এটা গোচৰৰ সম্পৰ্কত এজন উকীলৰ লগত তেওঁৰ পিতাকৰ চিনাকি আছিল। সেই আল- মতে তেওঁ উকীলৰ ঘৰত আশ্ৰয় লয়। উকীলৰ ঘৰত থাকি তেওঁ উকীলৰ সৰু লৰাটো পঢ়ায়, বজাৰ-সমাৰ কৰে আৰু উকীলৰ ওচৰত আদালতৰ নিয়ম-কাৰণবোৰ শিকে; লগে লগে মোক্তাৰী পৰীক্ষাৰ কিতাপো পঢ়ে। এনেকৈ দুবছৰ থকাৰ পাচত তেওঁ সেই উকীলৰে মহৰী হয় ।
   সূৰ্যাৰ ব্যৱসায় প্ৰথমৰে পৰা ভলাকৈ চলিবলৈ ধৰিলে। বিশেষকৈ তেওঁলোকৰ ফালৰ মানুহ আদালতলৈ আহিলে পোনেই তেওঁকে লগ ধৰে। তেতিয়াও তেওঁ উকীলৰ ঘৰতে আছিল আৰু উকীলৰ কাৰ্য্যত আগৰ দৰেই সাহায্য কৰিছিল। তেনেকৈ চলাত তেওঁ খোৱাৰ নিমিত্তে খৰচ কৰিব নালাগিছিল, যি উপাৰ্জ্জন কৰিছিল গোটেইখিনি জমা ৰৈছিল।
   এনেভাবে দুবছৰমান যোৱাত তেওঁ উকীলৰ ঘৰৰ পৰা অলপ আতৰতে নিজাকৈ এটা ঘৰ সাজি লয়। যদিও মাটি[ ৫২ ] ডোখৰ অান মানুহৰ আাছিল, তথাপি ধন গোট খালেই কিনি লোৱাৰ বন্দবস্ত কৰি লৈছিল। কেই বছৰমান পাচত কিনি ল’লেও।
   নিলগৰ গাৱঁৰ পৰা অাহি নগৰত থকা মানুহৰ ঘৰত প্ৰায়ে আলহী নুগুচে। নিজৰ গাৱঁৰেই হওক বা ওচৰ-চুবুৰীয়া গাৱঁৰেই হওক যি কোনো মানুহ নগৰলৈ আহিলে তেওঁৰ ওচৰলৈকে যায় আৰু অচিনাকী হলেও কিয়া এটা সম্পৰ্ক উলিয়ায়। কোনোবা আহে আদালত গোচৰ কৰিবলৈ, কোনোবা আহে কিবা মাল-বস্তু কিনিবলৈ অাৰু কোনোবা অাহে থিয়েটাৰ, চিনেমা চাবলৈ। এনেকৈ অালহী ৰাখি বহুতে নিজে কষ্ট ভুগিব লগা হয়। সূৰ্য্যৰ কিন্তু বিশেষ হানি নহৈছিল। আদালতলৈ অহা অালহীৰ খৰচ দৰ্খাস্ত লিখাত আৰু উকীল ধৰাত সুদে-মূলে উলিয়াই লয়। কোনো কোনোৱে আকৌ বজাৰৰ পৰা মাছ-পুঠী, শাক-পাচলি আদিকে অানে। কোনোৱে অান নহলেও ঘৰৰ পৰা আহোঁতেই কেইসেৰমান চাউল লৈ আহে । অৱশ্যে ফুটা কড়ি এটাও নভঙাকৈ তিনি-চাৰি দিন পেট পেলাই খোৱা অালহীও নোহোৱা নহয়।
   নিজে ভালকৈ চলিব পৰা হোৱাত সূৰ্য্যই বিয়া কৰালে। ঘৈণীয়েক কলিয়াবৰৰ, মণিৰামৰ জেঠায়েকৰ জীয়েক। তেতিয়াৰে পৰা কলিয়াবৰৰ পৰা অহা মানুহো তেওঁৰ ঘৰত আলহী হবলৈ ধৰিলে। এই বোৰ আলহীৰ গোচৰ নাথাকে৷ [ ৫৩ ] তেওঁলোকৰ গোচৰ হয় নগাৱঁত। কিন্তু কিবা বস্তু কিনিব লগা হ’লে নাইবা তেনে আন কাম থাকিলে, তেওঁলোক নগাৱঁলৈ নগৈ তেজপুৰলৈ আহে। সূৰ্য্যই তেওঁলোকক এনেয়ে খুৱাব লগাত পৰে। কিন্তু তেৱোঁ উকীলৰ মহৰী, পোন পটিয়ে নোৱাৰিলেও অাও পাকে দি কিছু আদায় নকৰাকৈ নেৰে। সূৰ্য্যই আলহীসকলৰ খেতি-বাতি কেনে হৈছে সোধাৰ চলতে কাৰ ঘৰত কি আছে গম লয়। তাৰ পাচত এমোন মাহ বা একলহ গুৰ নাইবা পাঁচসেৰ থেকেৰা, নহলে চাৰি পোন তামোলৰে তেওঁৰ প্ৰয়োজন হৈ পৰে। তেওঁ আলহীক সেই সেই বস্তু বিচাৰি দিবলৈ কয়, আৰু যি দাম পৰে দিবলৈ গাত লয়। আলহীয়ে তেতিয়া আকৌ আহিব লগা হ’লে সেই বস্তু লৈ অাহিব লগাত পৰে আৰু বিনামূল্যে দিবলৈ বাধ্য হয়।
   মালতীক লগ ধৰাৰ পাচত মণিৰাম তেজপুৰলৈ আহিল। জাহাজ বহুত ৰাতি তেজপুৰ পোৱাত তেওঁ তাতে শুই থাকিল।
   পিচ দিনা পুৱা শোৱাৰ পৰা উঠি মণিৰামে সূৰ্য্যৰ ঘৰলৈ খোজ ল’লে। তেওঁ পীতাম্বৰৰ বিষয়ে সকলো কথা শুনিছিল, কিন্তু জ্যোতিষী অাৰু সন্ন্যাসীৰ কথাখিনি সঁচা বুলি তেওঁ বিশ্বাস কৰিব পৰা নাছিল। তেওঁ ভাবিছিল ইমান ধনী মানুহ হৈও যেতিয়া তেজপুৰত ছোৱালী নাপালে, নিশ্চয় কিবা এটা ডাঙৰ দোষ আছে। সেই দোষটো উলিয়াব পাৰিলেই বিয়াখন ভাঙিবলৈ চেলু ওলাব। সূৰ্য্য সম্পৰ্কত তেওঁৰ ভিনীহিয়েক [ ৫৪ ] আৰু পীতাম্বৰহঁতৰো ওচৰৰ, সেই কাৰণে সূৰ্য্যৰ পৰাই ৰহস্যটো বুজিৰ পাৰিব বুলি আশা কৰি তেওঁ আহিছে।
   মণিৰাম যেতিয়া সূৰ্য্যৰ ঘৰ পায় তেতিয়া সকলো শোৱাৰ পৰা উঠিছিল। মুখৰ খোটালীতে এজন ডেকা মানুহ বহি আছিল আৰু এজন আদহীয়া মানুহে বাৰাণ্ডাতে বহি মুখ ধুইছিল। সূৰ্য্য ভিতৰৰ পৰা ওলাই আহিছিল। হঠাৎ মণিক দেখা পাই তেওঁ আচৰিত হ’ল আৰু ক’ৰ পৰা আহিল, কিয় আহিল আদি প্ৰশ্ন কৰিলে। মণিয়ে প্ৰশ্নৰ উত্তৰ দিবলৈ নৌ পাওঁতেই বহি থকা ডেকাজন বাগৰি পৰিল আৰু ছাগলীয়ে বেবোৱাৰ দৰে শব্দ কৰিবলৈ ধৰিলে। তেওঁক যেন কোনোবাই ঠেকেচি হে পেলাইছে! অলপ পাচতে তেওঁ সটং জুৰিলে; মুখে দি ফেন ওলাবলৈ ধৰিলে। মুখ ধুই থকা মানুহজনে লৰ মাৰি আহি ধৰিলে। সূৰ্য্যই বিচনী এখন আনি বিচিবলৈ লাগিল।
   মুখ ধুই থকা মানুহজন হৈছে মদন মণ্ডল আৰু মূৰ্চ্ছা যোৱা- জনেই হৈছে পীতাম্বৰ। তেওঁলোক বিয়াৰ মাল কিনিবলৈ আহিছিল আৰু আগ দিনাই উলটি যোৱাৰ কথা আছিল। কিন্তু মাল কিনোতে পলম হোৱাত আগ দিনা যাব নোৱাৰিলে অাজি যোৱাৰ কথা আছিল।
   সূৰ্য্যই একো বুজিব নোৱাৰি মদনক সুধিলে। মদনে কলে,—“ময়ো একো বুজা নাই। অকস্মাৎ কিয় এনে হ’ল ভাবিয়েই পোৱা নাই।” [ ৫৫ ]    সূৰ্য্যৰ ঘৰৰ পৰা অলপ আঁতৰতে এজন ডাক্তৰ অাছিল। সূৰ্য্যই তেওঁকে মতাই আনিলে। ডাক্তৰে কিবা দৰবৰ বটল এটা নাকৰ গুৰিত ধৰিলে। পীতাম্বৰে অলপ মূৰ জোকাৰিলে। ডাক্তৰে চাই-চিতি ক’লে,—“বোধ কৰো আঁৱৰীয়া বেমাৰ। এই বেমাৰ হোৱা কিমান দিন হ’ল?”
   মদনে ক’লে,—“অাগে-পিচে হোৱা নাই। আজিয়েই প্ৰথম।”
   ডাক্তৰ।— আপোনাৰ কথা সঁচা নে? মোৰ বিশ্বাস হোৱা নাই। এটা কথা মনত ৰাখিব, ডাক্তৰক ফাকি দিলে ৰোগ- নিৰ্ণয় কৰাত ভুল হ’ব পাৰে। তাৰ কুফল ৰোগীয়েই ভুগিব লাগিব।
   মণ্ডলে তেতিয়া ডাক্তৰক অকলশৰীয়াকৈ মাতি নি পাঁচোটা টকা দি ক’লে,—“আপোনাৰ কথা সঁচা। তাৰ এইটো বেমাৰ সৰুৰে পৰা আছে, মাজে মাজে উক দিয়ে। বহুতো বেজ- জ্ঞানী, ডাক্তৰ কবিৰাজ লগালোঁ, একো নহ’ল। অাৰু দহ দিনৰ মূৰত তাৰ বিয়া। বিয়াৰ মাল কিনিবলৈ বুলিয়েই জিলালৈ আহিছিলোঁ; আজিয়েই উক দিব বুলি ভবা নাছিলোঁ। কালিমানলৈ সি এনেয়ে ভাল হ’ব। কথাটো আনে জানিলে বিয়াখন ভাগিব পাৰে; সেই দেখিহে মই তেওঁলোকৰ আগত কোৱা নাছিলোঁ। আপুনি যেন কথাটো কাকো নকয়।”
   ডাক্তৰে কিছু খং আৰু বিৰক্তিৰ ভাব দেখুৱাই ক’লে,— “ই কি কথা। এনেকৈ মৰা মানুহ এটা লোকৰ ছোৱালী [ ৫৬ ] এজনীৰ টেটুত আঁৰি দিবা কিয়? ই বৰ অন্যায়। মই কওঁ আপুনি এতিয়াও বিয়াখন বন্ধ কৰক। মই আপোনাৰ অনুৰোধ ৰাখিব নোৱাৰিম। মোক মতাই আনিছে সূৰ্য্যই, বেমাৰীও অাছে তেওঁৰ ঘৰতে। আনক নকলেও মই তেওঁক সঁচা কথা ক’বলৈ বাধ্য।”
   ইয়াৰ পাচত সূৰ্য্যই যেতিয়া ৰোগীক কেনে দেখিলে সুধিলে ডাক্তৰে ক’ব লগাত পৰিল,—“ই সাংঘাতিক একো নহয়, আঁৱৰীয়া বেমাৰ। যদিও ই ভাল নহয়, সময়ে সময়ে উকাই থাকিব, তথাপি ৰোগী মৰাৰ ভয় নাই। কেনেবাকৈ ওচৰত কোনো নাথাকোঁতে জুই নাইবা পানীত পৰিলেহে বিপদ। এতিয়া সি ভাল হ’ব পাৰে, নহলে আৰু দুই এবাৰ এনে হ’বও পাৰে। ভাল হ’লেও দুদিনমান জলকা লাগি থাকিব, আপোনা- লোকে তাত ভয় নাখাব।”
   মণিৰ মনত পৰম আনন্দ মিলিল। যি তথ্য বিচাৰি তেওঁ তেজপুৰলৈ আহিছিল বিনা-চেষ্টাই সি ওলাই পৰিল। তেওঁৰ এনেহে ইচ্ছা হৈছিল যেন সেই মুহূৰ্ত্ততে তেওঁ কলিয়াৰৰ পাবগৈ। কিন্তু উপায় নাই; গধূলিৰ আগতে জাহাজ নাপায়।
   পীতাম্বৰ সেই দিনা আৰু দুবাৰ মূৰ্ছা গৈছিল। যদিও সূৰ্য্যই মদনক সেই দিনাই তেওঁৰ ঘৰৰ পৰা যাবলৈ কৈছিল, তথাপি তাৰ সুস্থ নোহোৱাত যাব নোৱাৰিলে।
   মণি ভিতৰলৈ গ’ল। বায়েক-ভিনীহিয়েকে ঘৰৰ আৰু গাঁৱৰ বা-বাতৰি ল’লে আৰু হঠাৎ অহাৰ কাৰণ সুধিলে। [ ৫৭ ] মণিয়ে ক’লে,—“তিনি দিনৰ ছুটী লৈ ঘৰলৈ আহিছিলোঁ। পিচত ভাবিলোোঁ বোলো তিনিও দিন ঘৰতে কটোৱাতকৈ তোমালোকৰো খবৰটো লৈ যাওঁ৷”
   বায়েক।—আহিলি, ভাল কৰিলি। পিচে যাবি কেতিয়া?
   মণি।—আজিয়েই গধুলি জাহাজত।
   বায়েক।- ইঃ! হয়। আজিয়েই যায়! এৰাতিও নাথাক যদি আহিছিলি কিয?
   মণি৷-পাৰিলেতো থাকিলোঁৱেইহেতেন। পিচে থাকোঁ কেনেকৈ? পৰহিলৈ কামত হাজিৰ হ’বই লাগিব।
   তেতিয়াৰ কথা সিমানতে শেষ কৰি বাযেকে মণিক মুখ ধুবলৈ দিলে আৰু চাহ আনিলে। মণিয়েও মুখ ধুই চাহ খালে।
   দুপৰীয়া ভাত খোৱাৰ পাচত সূৰ্য্য কাছাৰীলৈ গ’ল। মণিয়ে বায়েকৰ লগত নানা প্ৰকাৰ ঘৰুৱা কথা পাতি অাৰু এবাৰ এখন্তক ইফালে-সিফালে ফুৰি দিনটো নিয়ালে, গধুলি বেলিকা বায়েক-ভিনীহিয়েকৰ ওচৰত বিদায় লৈ জাহাজ ঘাটলৈ গ’ল।

----
[ ৫৮ ]
দশম অধ্যায়।

নোটিচ৷

   জাহাজ শিলঘাট পালেগৈ ৰাতি দহ বজাত। মণিয়ে জাহাজৰ পৰা নামি ঘৰ পায়গৈ মানে এঘাৰ বাজি গ’ল। মণিৰ যদিও ৰাতিয়েই ভূধৰক লগ ধৰিবৰ ইচ্ছা আছিল, তথাপি তেতিয়া বহুত ৰাতি হোৱাত সেই ইচ্ছা পূৰাব নোৱাৰিলে।
   পিচ দিনা ৰাতিপুৱা মণিৰাম ভূধৰৰ ঘৰলৈ গ’ল। ভূধৰে সুধিলে ,—“অ’ বাপা! কেতিয়া আহিলা?”
   মণি।—আহিলো পৰহিয়েই ।
   ভূধৰ।—পৰহিয়েই আহিলা,তেও দেখাকে দিয়া নাই।
   মণি।—মই তেজপুৰলৈ গৈছিলোঁ । কালি ৰাতিহে পালোঁহি ।
   ভূধৰ।-কিয? কিবা সকাম আছিল হবলা?
   মণি৷ — একো নাছিল। তিন দিনৰ ছুটী লৈ আহিছিলোঁ। পিচে বোলো ঘৰতে বহি থকাতকৈ বাইদেউহঁতকো চাই অাহোঁ।
   ভূধৰ।–“ভাল কৰিলা । পিচে আমাৰ কথা শুনিছা জানো? মালতীৰ বিয়া নহয়। বহাগৰ একুৰি এদিন যোৱাত। সময় পালেহিয়েই । [ ৫৯ ]    মণি৷ —শুনিছোঁ। অকল শুনাই নহয় দৰাকো লগ পাই অাহিছোঁ।
   ভূধৰ।–“ক’ত লগ পালা?
   মণিয়ে তেতিয়া কেনে অৱস্থাত, ক’ত দেখা পাইছিল, ডাক্তৰে কি কৈছিল,—সকলো কথা ভাঙি-পাতি ক’লে। ভূধৰ থৰ লাগিল। ভিতৰত কাৰবাৰ কান্দোন শুনা গ’ল। মণিয়ে ভূধৰক ক’লে,-“মই আজিয়েই বাগিচালৈ যাব লাগিব । সেইহে এতিয়াই মাত লগাবলৈ আহিলোঁ। এতিয়া যাওঁ।”
   ভূধৰ।—ভাল বোপা, যোৱা ।
   মণি গ'ল। ভূধৰ চিন্তাত নিমগ্ন হ’ল। ঘৈণীয়েকে ভিতৰৰ পৰা সকলো শুনিছিল| এতিয়া কান্দি কান্দি ভূধৰক ক’লে,—“ইমানকৈ চাই-চিতি আঁতি-গুৰি লৈ ইয়াকেহে কৰিলা! অইনৰ ছোৱালীৰ নিচিনা আলাইজাবৰী হোৱা হ’লেও এক কথা অাছিল। মোৰ ছোৱালীক ৰূপতেই পেলাব নে গুণতেই পেলাব । এতিযা সিহঁতক জনাই দিয়া। মই জীয়াই থাকোোঁতে মোৰ ছোৱালীক এনে মৰা মানুহ এটালৈ কেতিযাও নিদিওঁ। দিবৰ হ’লে মই বিহ খাই মৰিম৷ ”
   মালতীযে ঘটনাটো শুনি ভালকে পালে। যেনে তেনে বিয়াখন ভাগিলেই হয়, নাভাগিলেও এতিয়া পলাই গলে কোনেও দোষ দিব নোৱাৰে৷
   ভূধৰে সেই দিনা তেওঁৰ লগা-ভগা লোকসকলৰ লগত পৰামৰ্শ কৰিলে। বিয়ালৈ মাজত মাত্ৰ নদিন আছে, সকলো [ ৬০ ] আয়োজন এক প্ৰকাৰ সম্পূৰ্ণ হৈছে। এতিয়া বিয়া ভাঙিলে কিজানি কিবা ডাঙৰ লেঠাত পৰিব লাগে। তাতে দৰা হৈছে ধনী মানুহ। এইবোৰ বিষয়ে তেওঁ সকলোৰে মতামত ল’লে।
   সকলোৱে ক’লে,—“তেজপুৰলৈ গৈ প্ৰথমতে কথাটোৰ ভালকৈ আঁতি-গুৰি লোৱা উচিত। সচা হ’লে কোনোমতেই ছোৱালী দিব নোৱাৰি। তেতিয়া উকীলৰ লগত পৰামৰ্শ কৰি যি হয় কৰিব লাগে।”
   সকলোৰে উপদেশ মতে পিচ দিনা ভুধৰ তেজপুৰলৈ গৈ সূৰ্য্য বৰাৰ আলহী হ’ল অাৰু সকলো কথাৰ সম্ভেদ ল’লে। ঘটনাৰ সত্যতা সম্বন্ধে যেতিয়া তেওঁৰ সন্দেহ নাথাকিল,তেতিয়া তেওঁ বৰাকেই কিবা এটা উপায় দিবলৈ খাটনি ধৰিলে। বৰাই তেতিয়া উকীলৰ লগত পৰামৰ্শ কৰি মণ্ডললৈ এখন নোটিচ লিখিলেঃ —
   যেহেতু তুমি পীতাম্বৰ নামে তোমাৰ যিটো ভায়েৰালৈ মোৰ মোক্কেল শ্ৰীভূধৰ বায়নৰ ছোৱালী মালতীক আঙঠি পিন্ধাইছিলা, সেই পীতাম্বৰৰ দুৰাৰোগ্য ব্যাধি আছে বুলি ভালকৈ প্ৰমাণ পোৱা গৈছে, সেই কাৰণে তোমাক জনোৱা যায় যে উক্ত মালতীক তোমাৰ ভায়েৰা পীতাম্বৰলৈ বিয়া দিয়া নহয়। এই জাননী পোৱা মাত্ৰে তুমি মোৰ মোক্কেলৰ লগত আপোচ কৰিবা। নতুবা সত্য গোপন কৰি মোৰ মোক্কেলক প্ৰবঞ্চনা অাৰু ক্ষতিগ্ৰস্ত কৰাৰ বাবে তুমি দায়ী থাকিবা ইতি। [ ৬১ ]    সেই দিনা ৰেজিষ্ট্ৰেশ্যনৰ সময় অতীত হোৱাত ভূধৰ তাতে থাকিল। পিচ দিনা উকীলৰ চহী লৈ নোটিচখন মদন মণ্ডললৈ ৰেজিষ্ট্ৰৰী কৰিলে। সূৰ্য্যই উকীল আৰু মহৰীৰ খৰচৰ বাবে ভূধৰৰ পৰা পাঁচ টকা আদায় কৰি তাৰে দুটকা উকীলক দি নিজৰ ভাগত বাকী তিন টকা ৰাখিলে।

   সেই দিনাই ভূধৰ ঘৰলৈ উলটিল। [ ৬২ ]
একাদশ অধ্যায়।

চেষ্টাৰ সফলতা।

   তেজপুৰৰ পৰা উলটি গৈ ভূধৰে হৰনাথকে আদি কৰি আত্মীয়-কুটুম্বসকলক মতাই আনিলে আৰু সকলো কথা কৈ এতিয়া কেনেকৈ কি কৰিব তাৰ উপায় বিচাৰিলে। তেওঁ ক’লে,—“যদিও পীতাম্বৰলৈ ছোৱালী নিদিয়া ঠিক হ’ল, তথাপি সেই দিনাই বিয়াখন পাতিব পৰা হ’লে ভাল আছিল। সকলো যা-যোগাৰ হৈ গ’ল ; গাখীৰ-পানীৰো বয়না দিয়া হ’ল। এতিয়া সেইবোৰ পেলনি গ’লে বহুতো লোকচান হ’ব।”
   এজনে ক’লে,—“মণিৰ লগত বিয়াখন পাতিব পৰা হ’লে বেয়া নহ’ল হেতেন। এতিয়া যদিও সিহঁতৰ অৱস্থা বেয়া, তথাপি আগলৈ ভাল হোৱাৰ অাশা আছে। লৰা-ছোৱালীও জোৰ হ’ব। তাতে সৰুৰে পৰা দেখা-শুনা, ফাকি-ফুকাৰ ভয় নাই।”
   আন এজনে ক’লে,—“সিহঁতৰো মন থাকিব পায়। কোনো কোনোৱে ধেমালিতে সিহঁতক জোৰাই দিলে সিহঁতে বেয়া নাপায়, মুখ টিপি হাঁহিহে মাৰে।”
   ভূধৰ।—ময়ো আগৰে পৰা মণিকেই দিম বুলি ভাবি ছিলোঁ। কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো চেষ্টা [ ৬৩ ] নেদেখিলোঁ। সেই হে ভাবিলো বোলো মণিলৈ আশা পালি থাকোঁতে যদি ইকুলো হেৰায়, সিকুলো হেৰায়,তেতিয়া কি হ’ব! মণিৰ বাপেকে ধৰাৰ আগন্তক দেখা হলেও মই ইপাৰ সিপাৰলৈ দিবলৈ নোলালোঁহেতেন।”
   হৰনাথে ক’লে,—“যি হ’ল হ’ল, এতিয়াও দধিকেই ধৰা যাওক। যাচি দিলে তেওঁ নানা ওজৰ-আপত্তি উলিয়াব পাৰে, তথাপি যেনে-তেনে তেওঁক সন্মত কৰাবলৈ যত্ন কৰাই বোধ কৰোঁ ভাল। ওচৰত ছোৱালীৰ জোৰৰ অাৰু কোনো ভাল লৰা নাই। নিলগত বিচাৰিব লাগিলে এই কেই দিনত ঠিক কৰা অসম্ভব।”
   হৰৰ কথাত সকলোৱে হয় দিলে আৰু দধিৰ ওচৰলৈ তেওঁকেই যাবলৈ ক’লে। ভূধৰে ক’লে,-“দধিয়ে ই নাই, সি নাই, অলঙ্কাৰ নাই, যোগাৰ নাই এনেবোৰ আপত্তি উলিয়ালে ক’বা যে আমাক একো নালাগে, অকল দৰাটো হৈ গলেই হ’ল।”
   এই সিদ্ধান্ত মতে হৰ দধিৰ ঘৰলৈ গ’ল আৰু তেওঁৰ উদ্দেশ্যৰ কথা ভাঙি ক’লে। সকলো শুনি দধিয়ে ক’লে- “ছোৱালীজনী বিয়া কৰোৱাত আপত্তি নাই, কিন্তু এতিয়া কোনোমতেই নোৱাৰো। দেখিছাই নহয় মোৰ ঘৰ দুৱাৰৰ অৱস্থা। তাতে লৰা কামত সোমোৱা বেচি দিন ছোৱা নাই, বয়সো হোৱা নাই। আগতে সি দুপইচা উপাৰ্জন কৰি ঘৰ দুৱাৰখিনি ভাল কৰক, তাৰ পাচত হে বিয়াৰ কথা ভাবিম। [ ৬৪ ] বিয়া বুলিলে জানো মুখৰ কথাতে বিয়া হয়! অলঙ্কাৰ- পাতি, কাপোৰ-কানি গোটাবলৈকো ধনৰ দৰকাৰ। যদি তেতিয়ালৈকে বাট চাব পাৰা তেতিয়া মোৰ কোনো আপত্তি নাই।”
   হৰ।—এনেয়ে বাট চোৱাত কোনো কথা নাছিল, কিন্তু এতিয়া বাট চাব নোৱাৰি। আপুনি জানে বহাগৰ একুৰি এদিন যোৱাত বিয়াৰ কথা আছিল। সেই মতে সকলো যোগাৰ হৈ গ’ল। এতিয়া সেই সমলেৰেই সেই দিনাই বিয়াখন পাতিব লাগে। সেই হে আপোনাক ইমানকৈ টানি ধৰিছো। আপুনি ভয় খাবৰ একো কাৰণ নাই। অামাক একো নালাগে, অকল দৰাটো পালেই হ’ল। অলঙ্কাৰ- পাতি, কাপোৰ কানি কিবা আছে যদি দিব পাৰে, নিদিলেও কোনো কথা নাই
   দধি।- অলঙ্কাৰ কাপোৰ থাকিলেও আজি কালিৰ লৰা- ছোৱালীয়ে জানো সেইবোৰ পছন্দ কৰিব।
   হৰ৷— নকৰে নাই। অামি আপত্তি কৰিলেহে। এতিয়া কামটো চলক। পিচত সিহঁতে ধন ঘটি পছন্দমতে লৈ থাকিব।”
   দধি।– সেইটো বাৰু পালোঁ। পিচে ঘৰকেইটাৰ কি অৱস্থা, তাক নোচোৱা কিয়? উৰুষণি নপৰা ঠায়েই নাই। বিয়া বাৰু হলেই, থাকিব ক’ত?
   হৰ৷ –বিয়া কৰায়েই ছোৱালীজনী ইয়াত থৈ সি গুচি [ ৬৫ ] গ’লে জানো ভাল হ’ব। তাতকৈ এতিয়া বিয়া কৰাই দুই এদিন এই ঘৰতে থাকক। তাৰ পাচত লৰাৰ লগতে ছোৱালীও বাগিচালৈ যাওক। ইয়াৰ ভিতৰতে লাহে-ধীৰে ঘৰকেইটা ভাল কৰাৰ দিহা কৰক। যেতিয়া সেইখিনি হৈ উঠিব, তেতিয়া ছোৱালীজনী ইচ্ছা কৰিলে আপোনালোকৰ লগতো ৰাখিব পাৰিব।
   দধি।-অকল মই কলেই নহ’ব নহয়। লৰাই বা কি কয়। হওঁতে যাচি দিয়া ছোৱালী এৰিব নাপায়। তথাপি তাক সুধিহে কব পাৰিম ।
   হৰ।— সেইটো সঁচা৷ লৰাৰ মত নাথাকিলে, আপুনি গাৰ বলেৰে কিবা কৰিবলৈ যোৱা যে ভাল নহয়, সেইটো ময়ো কওঁ। আপুনি কয় যদি ময়ে মণিৰ মতামতটা বুজি আহিব পাৰোঁ।
   অলপ ভাবি দধিয়ে ক’লে,—“তুমি অকলৈ যাব নালাগে ময়ো যাম।”
   হৰ।—বৰ ভাল কথা। আজিয়েই তেন্তে খাই বৈ ওলা- ওক। যি হয় এটা আজিৰ ভিতৰতে খাটাং কৰিব লাগে।
   সেই মতে দুপৰীয়া খাই বৈ উঠি দুয়ো খোজ ল’লে আৰু গধূলি বেলিকা বাগিচা পালেগৈ। তেওঁলোকক দেখিয়েই মণিয়ে তেওঁৰ চেষ্টা যে সফল হ’ল তাক বুজি ল’লে। তথাপি নুবুজাৰ ভাও ধৰিয়েই তেওঁলোক যোৱাৰ উদ্দেশ্য জানিব খুজিলে। [ ৬৬ ]    হৰ আৰু দধি বাগিচালৈ যোৱাৰ কাৰণ মণিক ভাঙি-পাতি কোৱা হ'ল। মণিৰ আনন্দৰ পাৰ নোহোৱা হ'ল। কিন্তু বাহিৰত নিৰ্ব্বিকাৰ দেখুৱাই অলপ কেঁহো-ঘেঁহোকৈ থাকি ক'লে যে পিতাকৰ মত থাকিলে তেঁওৰ কোনো আপত্তি নাই।
   সেই ৰাতি দুয়ো বাগিচাতে থাকিল। তাতেই বিয়াৰ সকলো দিহা-পোহাও হ'ল। তেঁওলোকে বৰ কেৰাণীৰ লগতো দেখা কৰিলে আৰু চাহাবক কৈ যাতে মণিক দহ দিনৰ ছুটী দিয়ায় তাৰো ব্যৱস্থা কৰিলে।
   পিছদিনা হৰ আৰু দধি ঘুৰি আহিল। বিয়াৰ নতুন বন্দৱস্তৰ কথা সকলোৱে শুনিলে। কন্যাঘৰত আগৰে পৰা আযোজন চলি আছিলেই। এতিয়া দৰাঘৰতো যিমানখিনি সম্ভৱ আয়োজন কৰা হ'ল। কন্যাঘৰীয়ায়ো নানা প্ৰকাৰে সাহায্য কৰিলে।

-————-
[ ৬৭ ]
দ্বাদশ অধ্যায়।

এজাহাৰ।

   আজি বহাগৰ ওঠৰ দিন। বিহুৰ তিন দিন আগতে বাবাজীয়ে নৰাই শৰ্ম্মাৰ বাকচ বন্ধ কৰি থৈ গৈছিল, কালিয়েই কুৰি দিন পূৰ হ’ল। ইয়াৰ ভিতৰত নৰায়ে কিমান যে কল্পনা কৰিছে তাৰ সীমা নাই। তেওঁ ভাবিছে এবাকচ টকাৰে তেওঁৰ বহুত কাম হ’ব। প্ৰথমতে বৰ ঘৰটো অাৰু তাৰ পাচত ভঁৰাল ঘৰটো টিনৰ কৰিব, কেই পুৰামান ৰুপিত মাটিও কিনিব। তাৰ পাচত নেপালীৰ লগত বন্দবস্ত কৰি এটা গৰুৰ আৰু এটা ম’হৰ খুটি পাতিব। কিছু টকা সৰহীয়া সুতত ধাৰে দিব আৰু যি থাকে পুতি থ’ব। সকলো কামৰ দিহা হৈ গলে সৰ্ব্বেশ্বৰ পণ্ডিতক ভালকৈ এশিকনি দিব। মাজে মাজে, তেওঁ দুখ কৰে যে তেওঁৰ ঘৰত তাতকৈ ডাঙৰ বাকচ নাছিল। থকা হ’লে আৰু সৰহ টকা পালেহেতেন।
   ওঠৰ বহাগৰ দিনা প্ৰত্যুষতে উঠি তেওঁ প্ৰাতঃকৃত্য সমাপন কৰিলে। তাৰ পাচত গা ধুই গোঁসাই-সেৱা কৰিলে। তাৰ পাচত মনে মনে ঈশ্বৰৰ নাম আৰু হাতত চাবি কোছা লৈ ধনৰ বাকচৰ ওচৰ চাপিল। কিবা এটা আবেগত তেওঁৰ গোটেই শৰীৰ কঁপি উঠিছিল। থৰক-বৰক হাতেৰে তেওঁ [ ৬৮ ] তলাটো মেলিলে আৰু অতি সন্তৰ্পণে স্বাকচৰ ঢ়াকনীখন তুলিলে। হঠাৎ চিঞৰ মাৰি তেওঁ মাটিত বাগৰি পৰিল। তেতিয়াই ঘৈণীয়েক লৰি আহিল আৰু একো বুজিব নোৱাৰি পানী একলহ আনী মূৰত ঢালিলে।
   কিছু সময় অচেতন হৈ থকাৰ পাচত নৰাইৰ চেতনা আহিল। ঘৈণীয়েকে তেওঁৰ কি হৈছিল সুধিলত তেওঁ মুখেৰে নামাতি বাকচটো আঙুলীয়াই দেখুৱালে। ঘৈণীয়েকে বাকচটো চাই দেখিলে তাত একো নাই, একেবাৰেই শুদা। তেৱোঁ নৰাইৰ নিচিনাকৈয়ে মাটিত পৰি গ’ল।
   নৰাইৰ ঘৰত হুলস্থূল লাগিল। ওচৰ-চুবুৰীয়া মানুহো গোট খালে। সকলো কথা শুনি নানা জনে নানা অভিমত প্ৰকাশ কৰিবলৈ ধৰিলে।
   এজনে ক’লে,—“আপুনি দেখোন দদায়েকৰ চুৱাটোও ধাৰকৈহে গুচাইছিল, এতিয়া আকৌ আঢ়ৈ হেজাৰ টকা ওলাল ক’ৰ পৰা?”
   নৰাই।—তেতিয়া পোৱা নাছিলোঁ।কেই দিন মানৰ আগতে বাৰীচুকত কোৰ মাৰোঁতে পালোঁ।
   আন এজনে ক’লে,—“সেই বাবাজীয়েই যে চোৰ তাত সন্দেহ নাই। সি অতি ধূৰ্ত্ত। ধন-সোণখিনি যাতে বিচাৰি নুফুৰাকৈ একে ঠাইতে পায়, সেইবাবেই এইটো বুদ্ধি লগালে। বাকচটোও যাতে পোনেই চকুত পৰে আৰু শব্দ নকৰাকৈ মেলিবপাৰে তাৰ বাবেই চাকি লগোৱাৰ দিহা কৰি গৈছিল, [ ৬৯ ] অাৰু তলাত কেনে চাবি লাগিব বন্ধ কৰাৰ লগতে তাক চাই-চিতি লৈছিল।”    নৰাই।—সি বাৰু সোমাল কেনি! কেনিও সিন্ধি দিয়া নাই।
   প্ৰথম মানুহ।—সি ছেগ চাই কেতিয়াবা তোমালোক সাৰে থাকোঁতেই মেলা দুৱাৰে সোমাই কাম সমাধা কৰিলে। মুঠতে সি এই কাম সন্ধ্যাৰ ভাগতে কৰিছে।
   দ্ধি, মা৷— এতিয়াই থানাত এখন এজাহাৰ দিয়া ভাল।
   প্ৰ, মা৷— এজাহাৰ দিলেও একো লাভ নহয়। সি ইয়ালৈ অহাৰ দুই এদিনৰ ভিতৰতে কামটো কৰিছে। এতিয়া সি তেজপুৰ হে নালাগে, কি জানি অসমতেই নাই। নহ’লে সি কুৰি দিন সময় নল’লেহেতেন।
   দ্ধি, মা৷— তথাপি এজাহাৰ দিব লাগে। কি জানি পুলিচে কিবা সূত্ৰ উলিয়ায়েই।
   ইয়াৰ পাচত নৰাই থানালৈ গ’ল অাৰু সকলো কথা বৰ্ণনা কৰি এখন এজাহাৰ দিলে। দাৰোগাই ক’লে, “তাক পোৱাৰ আশা নাই। এদিন, দুদিন নহয় একেবাৰে কুৰি দিন। ইয়াৰ ভিতৰত সি কোনখিনি পালেগৈ তাৰ কি ঠিক আছে! তথাপি অামি আমাৰ কাম কৰিব লাগিব। তুমি মানুহটো ক’ৰ বুলি অনুমান কৰা?
   নৰাই৷— পশ্চিমীয়া হ’ব পায়। সি হিন্দুস্থানী কয়, অসমীয়া নাজানে।
[ ৭০ ]    দাৰোগা৷ — বয়স কিমান হ’ব?
   নৰাই।—আঢ়ৈ কুৰি কম হ’ব নালাগে।
   দাৰোগা৷- বৰণ কেনে?
   নৰাই—ক’লা। সেই বুলি একেবাৰেই এঙাৰৰ দৰে নহয়।
   দাৰোগ৷- ওখ কিমান?
   নৰাই।—সাধাৰণ মামু যিমান ওখ সিমানেই হ’ব। মোতকৈ দুই একাঙুল বেচি ওখ হ’ব পাৰে।
   দাৰোগা গৈ মজৰা চালে, কিন্তু তাত অনুসন্ধানৰ কোনো সূত্ৰ আবিষ্কাৰ কৰিব নোৱাৰিলে। তথাপি য’ত য’ত সন্ন্যাসী- বাবাজী থকাৰ সম্ভাবনা, তেনেবোৰ ঠাইত বিচাৰিবলৈ ধৰিলে।

_______
[ ৭১ ]
ত্ৰয়োদশ অধ্যায়।

অভিযান।

   সুভদ্ৰাৰ ককায়েক বলোৰ ঘৰ সুভদ্ৰাৰ ঘৰৰ পৰা ছমাইল আঁতৰত। দুয়ো ঘৰৰ ভিতৰত বিশেষ ঘনিষ্ঠতা অাছিল। বিহুৱে-সংক্ৰান্তিয়ে অহা-যোৱাৰ উপৰিও এনেয়ে ভু-ভা লৈ থকা দুয়ো ঘৰৰ কৰ্ত্তব্যৰ ভিতৰত পৰিছিল। আগ ডোখৰত জালিৰ লৰা-ছোৱালীকেইটা ইটোৰ পাচত সিটোকৈ মোমায়েকৰ ঘৰলৈ গৈয়েই আছিল, কেতিয়াবা তিনি-চাৰি দিন একেৰাহে তাতে থকাও দেখা গৈছিল। কিন্তু সকলো শেষ হৈ যোৱাৰ পাচত সুভদ্ৰা আৰু কপাহীৰ যোৱাটো এক প্ৰকাৰ বন্ধই হ’ল। বলোৱে মাজে-সময়ে ভু-ভা লৈ আছিল। কিন্তু বিহুৰ সময়ৰে পৰা বলো সুভদ্ৰাৰ ঘৰলৈ অহা নাই। বছেৰেকৰ বিহুতো এই বাৰ সুভদ্ৰাহঁত নোযোৱাত বোধ কৰোঁ তেওঁ বেয়া পালে। অকল সেয়ে নহয়, কপাহীৰ বিয়া বহাগৰ একুৰি চাৰি দিন যোৱাত হ’ব বুলি তেওঁ জানিছিল, অথচ এতিয়াও তেওঁক সেই সংবাদটোকে দিয়া নাই। তেওঁ মনে মনে ভাবিলে -“ভাইৰ বাৰু মনত বেজাৰ, সেই দেখি অহা নাই। দয়াৰামৰ হতুৱায়ো খবৰটো দিয়াব নোৱাৰিলে নে মোক আনক মতা দি মাতিব নালাগে, কিন্তু খবৰটো তো দিয়াব লাগিছিল। একো জনোৱা নাই যেতিয়া, ময়ো [ ৭২ ] নোযোৱাই ভাল। কি জানি মই গ’লে কিবা বেয়া হ’ব বুলিয়েই ভাবিছে।”
   বলোৱে এনেকৈ ভাবি অভিমানতেই সুভদ্ৰাৰ ঘৰলৈ নাহিল। অাহিবৰ তেওঁৰ একান্ত ইচ্ছা, কিন্তু কোনো বাতৰি নোপোৱাকৈ বিয়া-ঘৰলৈ অহা তেওঁ উচিত বুলি নাভাবিলে। লাহে লাহে ব’হাগৰ উনৈশ দিন হ’ল, আগৰ দিহামতে বিয়া হবৰ হ’লে মাজত অাৰু চাৰি দিনহে অাছে। তেতিয়াও কোনেও একো নজনোৱাত বলোৰ মনত সন্দেহ জন্মিল। তেওঁ ভাবিলে,কি জানি কিবা অথন্তৰেই মিলিল, সেই হে একো উম-ঘাম নাই। বহুতো ভাবি চিন্তি তেওঁ সেই দিনা আবেলি সুভদ্ৰাৰ ঘৰলৈ আহিল। ঘৰ পায়েই বিয়াৰ অায়োজনৰ কোনো অ্যাভাস নাপাই, বিয়া সে নহয় তাক নিজেই ঠাৱৰাই ল’লে।
   সুভদ্ৰা অাৰু কপাহীৰ চেহেৰা দেখি তেওঁৰ বেজাৰ লাগিল। ইমান শুকাই-খীণাই গৈছে সিহঁত! বলোৱে ক’লে,—“তহঁত বাৰু এনেয়ে যাব নোৱাৰ, বিহুতো এবাৰ দেখা দিব নাপাৱ নে?”
   সুভদ্ৰাই কান্দিবলৈ ধৰিলে। অলপ পাচত দোকাদুকি মাতেৰে দয়াৰামৰ সকলো বৃত্তান্ত বৰ্ণাই ক’লে—“তেতিয়াৰে পৰা অামাৰ পেটলৈ ভাত যোৱা নাই। আমি দেখোন চৰাটটো হৈও কাৰো ধানটো খুটি থোৱা নাই, তেও নো বাৰু ঈশ্বৰে ইমান শাস্তি দিব লাগে নে?” [ ৭৩ ]    বলোৱে ঘটনাটো শুনি বৰ দুখ পালে, আৰু অন্যায় ভাবে সুভদ্ৰাৰ ওপৰত কৰা অভিমানৰ বাবে লজ্জিত হ’ল। তেওঁ সুধিলে,-“দয়াৰাম যোৱাৰ পৰা কিবা খবৰ পাই জানো?”
   সুভদ্ৰা।—নাই।
   বলো৷ —তাক বিচাৰি কেতিয়াবা পুলিচ অহাৰ গম পাৱ নে?
   সুভদ্ৰা।— নাই পোৱা।
   বলো।—মোৰ বোধেৰে। সিয়েই মাৰিছে বুলি পুলিচে এতিয়াও গম ধৰিব পৰা নাই। গম পোৱা হ’লে তাক বিচাৰি তাৰ ঘৰ পালেহেতেন আৰু তহঁতৰ ঘৰতো বিচাৰিলেহেতেন।
   সুভদ্ৰা।—ধৰা পেলাব নোৱাৰিলেই হয়।
   বলো।—সি পলোৱাই ভুল হৈছে। ঘটনাৰ সময়ত কাণি-মুনি আন্ধাৰ। সেই তিৰুতাজনীৰ বাহিৰে আন কোনেও দেখা নাই। তায়ো যে চিনাক্ত কৰিব পাৰিব তাৰ আশা নাই। পুলিচে পম খেদি কেনেবাকৈ তাক চোভা কৰিলেও প্ৰমাণ কৰা টান হ’লহেতেন। সেই দিনা সি যে হৰৰ ঘৰৰ পৰা সেই সময়ত সেই বাট আহিছিল, সেইটো কেনেবাকৈ উলিয়াব পাৰিলেহে পুলিচে তাৰ ওপৰত সন্দেহ কৰিব পাৰে। সেয়ে হ’লে নিশ্চয় পুলিচে হৰৰ ঘৰত খবৰ কৰিছে। তহঁতে তেতিয়াই মোলৈ খবৰটো দিয়া হ’লে মই জখলাবন্ধালৈ গৈ ঘটনাৰ আঁতি-গুৰি ল’ব পাৰিলোঁহেতেন। এনে এটা ঘটনাৰ কথাও তহঁতে মোক জনাব নাপাৱ নে? [ ৭৪ ]    সুভদ্ৰা। জনাওঁ কেনেকৈ? এইবোৰ জানো যাকে তাকে ক’ব পৰা কথা?
   বলো। মোক মাতি পঠোৱা হ’লেই হ’লহেতেন
   সুভদ্ৰা। মোৰ মূৰৰে ঠিক নোহোৱা হ’ল। তেনে কথা মনতেই নেখেলালে।
   বলো — বাৰু যি হ’ল হ’ল ; মই কালিলৈকে জখলা- বন্ধালৈ যাওঁ। তাত সকলো কথাৰ জাতি গুৰি লৈ আহিহে কি কৰিব লাগে বুজিব পাৰিম।
   বলোৰ কথাত সুভদ্ৰাই অলপ সান্তনা পালে। আৰু কিছু সময় আন আন কথা পাতি, জা-জলপান খাই গধূলি বেলিকা বলো ঘৰলৈ উলটিল।

________
[ ৭৫ ]
চতুৰ্দশ অধ্যায়।
ছেগ

   যি দিনা বলো সুভদ্ৰাৰ ঘৰলৈ আহিছিল, তাৰ পিচ দিনা মদন মণ্ডল হালিৰ ঘৰলৈ আহিল। হালিয়ে তেওঁক আথে- বেথে বহুৱালে আৰু তামোল-ছালি দি অকস্মাৎ অহাৰ কাৰণ সুধিলে।
   মণ্ডলে ক’লে —“অহাৰ কাৰণ ডাঙৰেই।”
   হালি৷—কি ?
   মদন৷— ক’ম। তাৰ আগতে এটা কথা সোধোঁ৷ তোমালোকৰ ছোৱালীজনীলৈ চপনীয়া ৰাখিব খুজিছিলা নহয়, সেইটোৰ কি হ’ল?
   হালি।—একো হোৱা নাই। চৌবিশ বহাগত বিয়াৰ কথা আছিল। একো দেখোন গম পোৱা নাই। কিয় সুধিলে নো ?
   মদন।—সোধাৰ কাৰণ আছে। ছোৱালীজনী মোৰ পছন্দ হৈছিল, সেই দেখি ভাইটোলৈ বিয়া কৰাবৰ মন কৰি তোমাৰ ওচৰলৈ আহিছিলোঁও। কোনোবা দয়াৰাম বুলি ল’ৰা এটা চপাই ল’ব খুজিছে বুলি তুমিয়েই মোক ককায়েৰাৰ ওচৰলৈ যাবলৈ হাক দিলা। এতিয়া ককায়েৰা নাই, দয়া[ ৭৬ ] ৰামকো চপোৱা নাই, ছোৱালীৰ মালিকা তুমিয়েই। সেই দেখি আকোঁ এবাৰ কথাটো সুধিবলৈ আহিলোঁ ।
   হালি।-কিয় আপোনাৰ ভায়েকলৈ জানো কলিয়াবৰত ছোৱালী ঠিক হোৱা নাই? কালিলৈকে বিয়া বুলি শুনি- ছিলোঁ ।
   মদন।—হওঁতে ঠিক হৈছিল। পিচে হৈও নোহোৱা হ’ল ।
   হালি।—কিয় ?
   মদন।—নক’বা অাৰু! এনেয়ে বুঢ়ালোকে কৈছে নে বোলে অচিন কাঠৰ থোৰাকো নলগাব। মই অাক-তাক সুধি-পুচি, ছোৱালীও চাই ভালকে পালোঁ আৰু সেই দেখিয়েই খোজা-বঢ়া কৰিলোঁ৷ এতিয়া মূৰামূৰিত জানিব পাৰিলোঁ ছোৱালীৰ অান এজনৰ লগত কথা আছে। আন কি, বিয়াৰ বন্দবস্ত হোৱা শুনি পলাইছিলেই বোলে। বাপেকে ধৰি বান্ধিহে বিয়া দিব খুজিছিল৷ সেইবোৰৰ প্ৰমাণ মোৰ হাতত পৰিল৷ একো নজনাতে বিয়াখন হৈ যোৱা হলেও এক কথা অাছিল। এতিয়া জানি-শুনি তেনে এজনী ছোৱালী কেনেকৈ চপাই লওঁ। সেই দেখি বিয়া কৰোৱা নহয় বুলি খাটাং কৈ জনাই দিলোঁ।
   হালি।—তেনেহলে বিয়াখন ভাগিল।
   দিন।—এৰা, সেই হে তোমাৰ ওচৰলৈ আহিছোঁ৷ বিয়াৰ সকলো বস্তু যোগাৰ হৈ গ’ল, সেইবোৰ পেলনি নিয়াব [ ৭৭ ] নোৱাৰি। যদিও কালিলৈকে বিয়া পতা টান হ’ব, তথাপি চৌবিশ তাৰিখেই যেনেকৈ হওক বিয়াখন পাতিব লাগিব৷ সেই দিনাও বিয়াৰ দিন আছে। ইয়াৰ ভিতৰতে তিনিজনী মানৰ খবৰ আহিছে। পিচে মোৰ হ’লে তোমালোকৰ লগত হে মিতিৰ পাতিবৰ মন৷ যদি মত দিয়া, মই অান ঠাইত কথা নিদিওঁ।
nbsp;  হালি।—মই কেনেকৈ মত দিওঁ। বৌহঁতে মত দিলেহে পাৰোঁ। তাতে এই তিন দিনৰ ভিতৰত বিয়াৰ যোগাৰ কৰা জানো সম্ভৱ।
nbsp;  মদন।—অসম্ভবেই বা কেনেকৈ! গাখীৰ, গুৰ, কোমল চাউল, তামোল-পাণ একোকে তোমালোকে গোটাব নালাগে। সকলো যোগাৰ মই দিম। লাগিলে অান খৰচৰ বাবেও ডেৰ কুৰি, দুকুৰি টকা দিয়া হ’ব।
nbsp;  হালি।—যৌতুকীয়া মালো যি পাৰোঁ গোটাবলৈ সময় লাগিব। বৌৰ হাতত কিবা টকা-পইচা আছে নে নাই তাকো ক’ব নোৱাৰোঁ।
nbsp;  মদন।—সেই বিষয়ে চিন্তা কৰিব নালাগে। তাকো ময়ে গোটাই দিবলৈ গাত ল’লো। তুমি মাত্ৰ কথাটো ঠিক কৰি দিয়াঁ।
nbsp;  হালি৷—মই এতিয়াই একো ক’ব নোৱাৰোঁ। আগেয়ে চেষ্টা কৰি চাওঁ।
nbsp;  মদন৷ —মোৰ কথা হৈছে চৌবিশ তাৰিখে বিয়া পাতিমেই, [ ৭৮ ] কিন্তু মনেপিঠিয়ে অটা ছোৱালীজনী হ’লে ভাল হয়। সেই হে তোমাক ধৰিছোঁ। নহলে অান ছোৱালী যাচিবই লাগিছে। তুমি যদি মোৰ কথা-মতে বন্দবন্ত কৰি দিব পাৰা, তোমাকো দুকুৰি টকা দিবলৈ গাত ললোঁ।
nbsp;  তেতিয়া মদনক বিদায় দি হালি বৌৱেকৰ ওচৰলৈ আহিল আৰু বৌৱেকক মাতি ক’লে,—“বৌ! এইখন কৰিছা কি? বহাগৰ একুৰি চাৰি দিন যোৱাত বিয়া বুলি কৈছিলা। আজি কুৰি দিন। ক’তা? দেখোন একো উম-ঘামেই নাই। দয়া- ৰামকো আজি বহুত দিন দেখাই নাই। তুমি একো নোকোৱা দেখি ইমান দিন নোসোধোঁ বুলিয়েই আছিলোঁ। পিচে দেখিছো ধাৰে মাৰিলেও কাটে, গাদিয়ে মাৰিলেও কাটে। ককাই নাই যেতিয়া তোমালোকৰ ভাল-বেয়াৰ বাবে মানুহে মোকেই দায়ী কৰিব; সেই দেখি সুধিবলৈ আহিছোঁ। বিয়াৰ কি হ’ল? ”
nbsp;  সুভদ্ৰাই চকু-লো মচি ক’লে, —“একো নাই হোৱা।”
nbsp;  “হালি।—দয়াৰাম গ’ল কলৈ? তাক দেখোন চকুৰেও দেখা নাই৷
nbsp;  সুভদ্ৰা।—ক’বই নোৱাৰোঁ ক’লৈ গ’ল, বিহুৰ আগতে ভিনীহিয়েকৰ ঘৰলৈ গৈছিল কিবা-কিবি বিয়াৰ সমল গোটাবলৈ। এতিয়া ক’লৈ গল, কি হ’ল একো নাজানো।
nbsp;  হালি৷ —মই বুজিছোঁ, তাক চপনীয়া চাপিবলৈ ভিনী- হিয়েকে হাক দিলে। সেই দেখি সি তাপ মাৰিলে। সি যি [ ৭৯ ] কি নহওক, বিয়াৰ সময়ত পলাল যেতিয়া, তাৰ বিয়া কৰাবৰ মন নাই। আমি মিছাতে তালৈ বাট চাই থকাৰ দৰকাৰ নাই।
   সুভদ্ৰা৷– আৰু নো কি কৰিম!
   হালি!—মোৰ মতে তুমি দয়াৰামৰ অাশা এৰাঁ। এটা বৰ ভাল ছেগ মিলিছে। তুমি মদন মণ্ডলৰ নাম শুনিছা নহয়?
   সুভদ্ৰা।—নাম শুনিছোঁ, মানুহটো দেখা নাই। তেওঁ- লোক বোলে বৰ ধনী মানুহ।
   হালি।— আকৌ কৈছা হে নে। তেওঁলোকৰ দৰে ধনী মানুহ জিলাতো নাই।
   সুভদ্ৰা।—পিচে কি হ’ল?
   হালি৷—তেওঁৰ এটা ভায়েকৰ এতিয়াও বিয়া হোৱা নাই। তালৈকে কলিয়াবৰত ছোৱালী ঠিক কৰিছিল; কালিলৈ বিয়াই অাছিল। পিচে এতিযা গম পালে ছোৱালীৰ হেনো অানৰ লগত কথা আছিল! সেই দেখি এৰি দিলে। এতিয়া সেই সমলেৰেই বহাগৰ একুৰি চাৰি দিন যোৱাত অান এজনীকে বিয়া কৰাব খোজে। ইয়াৰ ভিতৰতে কেইবাজনীও যাচি দিছে। মই ভাবিছোঁ ময়ো এবাৰ চেষ্টা কৰি চাওঁ, কিজানি কপাহীকে দিব পাৰোঁ। কেনেবাকৈ দিব পাৰিলে তাইৰেই ভাগ্য বুলিব লাগিব।
   সুভদ্ৰা৷ —মই এতিয়া একো ক’ব নোৱাৰোঁ। ককাই [ ৮০ ] আজি কলিয়াবৰলৈ যোৱাৰ কথা। তেওঁ ঘুৰি আহিলেই দয়াৰামৰ কিবা এটা বাতৰি পাম। তাৰ আগতে মই একো ভাবিব নোৱাৰোঁ।
   হালি৷—তেওঁনো কেতিয়া ঘুৰিব?
   সুভদ্ৰা।-আজি গ’লে কালিলৈকে ঘুৰিব পাৰিব। তেতিযা হ’লে পৰহিলৈ এইখিনি পাবহি।
   হালি।—তেতিয়া হ’লে বৰ পলম হ’ব। ইয়াৰ ভিতৰতে আনৰ লগত ঠিক-ঠাক হৈ গ’লে সকলো মিছা হ’ব।
   সুভদ্ৰা৷—মিছা হওক, সঁচা হওক, দয়াৰামৰ এটা বাতৰি নোপোৱাকৈ মই একো ক’ব নোৱাৰোঁ।
   হালি হতাশ হৈ উঠি গ’ল।

_____
[ ৮১ ]
পঞ্চদশ অধ্যায়।

সন্দেহ৷

   সুভদ্ৰাক কোৱামতেই পিচ দিনা বলো সোনকালে খাই-বৈ ওলাল। মটৰ ধৰিবলৈ ঘৰৰ পৰা দুমাইল খোজ কাঢ়ি যাব লাগে। কেনেবাকৈ মটৰ নাপাব পাৰে বুলি তেওঁ সময়তকৈ আগতে গৈ বাটত খাপ লৈ থাকিল। এঘণ্টামান অপেক্ষা কৰাৰ পাচত মটৰ আহিল, কিন্তু তাত ঠাই নাই। তথাপি যেনে তেনে তাতে উঠিল৷ বহিবলৈ ঠাই নথকাত তেওঁ গোটেই বাটটো থিয়তে থাকিব লগা হ’ল।
   গধূলিৰ কিছু আগতে তেওঁ তেজপুৰ পালে আৰু ক’তো ন’ৰৈ ঘাটলৈ আগ বাঢ়িল। তেতিয়াও জাহাজৰ সময় হোৱা নাছিল, পেটতো ভোক লাগিছিল। তেওঁ এইটো জানি-শুনি- য়েই ঘৰৰ পৰা অলপ শুকান পিঠাগুৰি অাৰু গুৰ আনিছিল । এতিয়া কৌ-পাত এটা বিচাৰি লৈ নৈৰ দাঁতিলৈ গ’ল আৰু জলপানটো খাই ল’লে। তাৰ পাচত তামোল এখন খাই জাহাজলৈ গ’ল আৰু টিকট এটা কিনি জাহাজত উঠিল।
   ন-মান বজাত জাহাজ গৈ শিলঘাট পালে। জাহাজৰ পৰা নামিয়েই তেওঁ জখলাবন্ধালৈ খোজ ল’লে। আগে-পিচে তেওঁ কলিয়াবৰলৈ আহিছিল আৰু এবাৰ হৰৰ ঘৰতো আলহী [ ৮২ ] আছিল। সেই কাৰণে ৰাতি হলেও বাট হেৰোৱাৰ ভয় নাহিল।
   বলো হৰৰ ঘৰ পাওঁতে এঘাৰ বাজি গৈছিল। তেতিয়া বহুতো মানুহ শুইছিলেই। হৰৰ ঘৰত কিন্তু তেতিয়া খোৱাই হোৱা নাছিল। তাৰ কাৰণ হৰও বলোৰ আগে অাগেহে ঘৰ সোমাইছিল৷ বলো যে কপাহীৰ মোমায়েক তাক হৰই জানে। সেই কাৰণে তেওঁ অহাৰ লগত বিয়াৰ কিবা সম্পৰ্ক অাছে বুলি হৰই অনুমান কৰিছিল। তেওঁ বলোক বহিবলৈ দি নিজেও ওচৰ চাপি বহিল অাৰু হঠাৎ তেওঁ যোৱাৰ উদ্দেশ্য কি জানিব খুজিলে। বলোৱে তেতিয়া দয়াৰামৰ বিষয়ে আদ্যোপান্ত বৰ্ণনা কৰি ক’লে,-“মই আগতে এইবোৰ কথাৰ গমেই পোৱা নাছিলোঁ। বিয়াৰ সময় ওচৰ চপাতো মোক একো নজনোৱা দেখি ময়ো গপ কৰিয়েই মনে মনে অাছিলোঁ। কালি বহুত ভাবি-চিন্তি খবৰ ল’বলৈ আহি খবৰ পালো এই সোপা। তাক মই লগেই নাপালোঁ, সেই দেখি বোলো ঘটনা- টোৰ উৱাদিহ লৈ আহোঁ, সেই হে আহিলোঁ। ঘটনাটো কোনে কৰিলে পুলিচে গম পাইছে জানো? ইয়াত কিবা তদন্ত কৰিছিল নে?
   হৰ। ঘটনাটো সঁচা বুলি মই বিশ্বাস কৰিব নোৱাৰোঁ৷ এই খিনিতে মানুহ এটা মৰা হ’লে আমি গম নোপোৱাকৈ থাকিলাঁহেতেন নে? তেতিয়াই গোটেইখন ৰৌজাল বৌজাল হ’লহেঁতেন। ইয়াত হে নালাগে নগাওঁ নাইবা তেজপুৰত [ ৮৩ ]    ঘটিলেও ইয়াত সকলোৰে মুখে মুখে হয়।মোৰ বোধেৰে কথাটো মিছা, কিবা এটা মতলৱ লৈহে সি তেনে কৰিছে ।
   বলো। তেনেহলে সি পলোৱাৰ কি কাৰণ থাকিব পাৰে?
   হৰ।—তাকেই তো বুজিব পৰা নাই।
   বলো—কিজানি তাৰ বিয়া কৰাবৰ ইচ্ছা নাই। তাকে মুখ ফুটাই ক’ব নোৱাৰি আঁতৰি গৈছে।
   হৰ।—সেইটোও সচা যেন নালাগে! যদি তাৰ মনেই নাথাকিব, সি বিয়াৰ যোগাৰ কৰিবলৈ মোক ভাৰ দি যাব কিয়? আগদিনা ইমান আগ্ৰহেৰে আগ বাঢ়ি পিচ দিনা পলাব কিয়? সেইটো নহয়, আন কিবা এটাহে কথা।
   বলো।—কি বাৰু হোৱাৰ সম্ভব?
   হৰ।—তাক বুজিবৰ উপায় নাই। মই সকলো বস্তু যোগাৰ কৰি ৰাখিছিলোঁ। এসপ্তাহমানৰ আগতে সি মোক খবৰ দিবৰ কথা আছিল, তেতিযা সকলো লৈ মোৰো যোৱাৰ কথা আছিল। পিচে কোনো খবৰ নাহিল, ময়ো অান এটা লেঠাত পৰিলোঁ। কালিলৈ ভাগিনী ছোৱালীজনীৰ বিয়া। বিয়াৰ পাচত হে ভু ল’মগৈ বুলি ভাবিছিলোঁ।
   বলো।— ভাগিনীযেকৰ দৰা নো ক’ত?
   হৰ।-এতিয়া ইয়াতে, একে গাঁৱতে। আগতে বন্দবস্ত হৈছিল আপোনালোকৰ ফালৰ মদন মণ্ডলৰ ভায়েকৰ লগত। পিচে মূৰামূৰিত বিয়াখন ভাঙিব লগা হ’ল। [ ৮৪ ]    বলো।-কিয়? মণ্ডলৰ ঘৰ বৰ ধনী মানুহ। মই ভায়েক- হঁতক নিচিনো যদিও মণ্ডলক চিনি পাওঁ। বিয়া ভাঙিলে কোনে? দৰা ঘৰে নে আপোনালোকে?
   হৰই তেতিয়া আদিৰ পৰা অন্তলৈকে সকলো কথা বলোক ক’লে। সকলো শুনি বলোৱে ক’লে,—মই আগেয়ে পীতাম্বৰৰ কথা ইমানখিনি নাজানিছিলোঁ। জানিবলৈ আমাৰ গাৱঁৰ পৰা তিনিখন গাওঁ এৰিহে মণ্ডলৰ ঘৰ পায়, অহা-যোৱাও নাই বুলিলেই হয়। তাৰ বয়স বহুত হৈছে বুলি কোনোবাই কোৱা শুনিছিলোঁ। ইমান দিন বিয়া নোহোৱাৰ কাৰণ আজিহে বুলিলোঁ৷
   হৰ।— লৰালৰিকৈ দৰা বিচাৰি বিয়াখন পাতিব লগা হোৱাত এই কেইদিন মোৰ খোৱা-শোৱাৰে ঠিক নোহোৱাত পৰিছে। এতিয়াও অাপোনাৰ আগে অাগেহে ঘৰ সোমাইছোঁ। আগৰ দৰে হোৱা হ’লে মোক পাটীত হে পালেহিহেঁতেন।
   বলো৷-বিয়াখন কালিলৈ হৈ গ’লেই আপোনাৰ আজৰি ওলাব। তেতিয়া দয়াৰামৰ বিচাৰ খোচাৰ কৰি চোৱা ভাল হ’ব। ময়ো আহিছিলোঁ সেই উদ্দেশ্য লৈয়েই, ভাবিছিলোঁ বোলো যদি পুলিচে এতিয়াও তাক দোষী বুলি জনা নাই, তেন্তে তাক বিচাৰি উলিয়াব লাগিব। আৰু যদি কিবা শুংসূত্ৰ উলিয়াছে বুলি গম পোৱা যায় তেন্তে য’ৰে মানুহ য’লৈকে যায় যাওক, আমি নিবিচাৰোঁ। [ ৮৫ ]    হৰ।—বিচাৰিব লাগিব নিশ্চয়। ঘটনাটো সজাবুলিয়েষ্ট মোৰ বিশ্বাস।
   হৰৰ ঘৰত খাবৰ সময় আগতে হৈছিল, কিন্তু আলহী অহা দেখি তেওঁলোকে কথা পাতি থাকোঁতেই হৰৰ ঘৈণীয়েকে আৰু দুখনমান আঞ্জা নকৈ ৰান্ধিলে। কথাৰ অন্তত বলোক গা ধুবলৈ যতনাই দিলে। ৰাতি হ’লেও জাহাজত আহি গা নাধোৱাকৈ তেওঁ খাব নোৱাৰে।
   তেতিয়া ৰাতি বহুত হৈছিল। ভাত খাই, মুহুদি কৰি তেওঁলোক পাটীত পৰিল।

_______
[ ৮৬ ]
ষোড়শ অধ্যায়।
বিয়াৰ যো-জা।

   বলো জখলাবন্ধালৈ যোৱাৰ পিচ দিনা আবেলি সুভদ্ৰা অতীত-ভবিষ্যৎ ভাবি অকলৈ বহি আছিল। কপাহীয়ে তাতকে দুমোৰমান মাৰিছিল। সুভদ্ৰাৰ চিন্তাৰ অন্ত নাই। ককায়েকে বা জখলাবন্ধাত কি খবৰ পায়, যদিহে কথা বেয়া তেন্তে দয়াৰামৰ কি হ’ব, কপাহীৰেই বা কি দিহা লগাব ইত্যাদি চিন্তাই তেওঁক জুমুৰি দি ধৰিছে। এনেতে পদূলিত কোঢ়াল শুনি তেওঁ মূৰ দাঙি চালে। তেওঁ দেখিলে, এজন দাৰোগা, দুজন চিপাহী আৰু লগতে কিছুমান গাৱঁৰ মানুহ। তেওঁৰ মূৰ ঘূৰি গ’ল, বুকু কঁপি উঠিল, চকুৰে ধোঁৱা-কোঁৱা দেখিলে। তেওঁ বুজিলে, পুলিচে গম পালে, দয়াৰামৰ আৰু সাৰিবৰ উপায় নাই।
   দাৰোগা সুভদ্ৰাৰ চোতাল পালেগৈ আৰু তেওঁক মাতিলে। সুভদ্ৰা প্ৰথমতে মুছকঁছ যাওঁ যাওঁ হৈছিল আৰু ওলোৱা নাছিল। কিছু সময়ৰ পাচত তেওঁ অলপ স্থিৰ হ’ল, গাৱঁৰ মানুহে বুজাই বৰাই অভয় দিয়াত ওলাই আহিল।
   দাৰোগাই ক’লে,—“মিছাতে ভয় কৰিছা কিয়? আমি জানো বাঘ! আমি মুঠেই কেইটামান কথা সুধিম। তাৰ [ ৮৭ ] ঠিকমতে উত্তৰ দিলেই লেঠা মৰিল। তুমি আঁহতগুৰি গাৱঁৰ দয়াৰামক চিনি পোৱা?
   সুভদ্ৰা।—পাওঁ।
   দাৰোগা।—তোমাৰ ছোৱালীলৈ বোলে তাক চপাই ল’ব খুজিছিলা, হয় নে?
   সুভদ্ৰা।—হয়। ব’হাগৰ একুৰি চাৰি দিন যোৱাত বিয়াৰ কথা আছিল।
   দাৰোগা।—বিয়াৰ পিচে কি হ’ল?
   সুভদ্ৰা।—একো হোৱা নাই। দৰাটোৱেই নাই।
   দাৰোগা৷ —কেতিয়াৰ পৰা নাই?
   সুভদ্ৰা। —যোৱা বিহুৰ কেইদিনমান আগৰে পৰা তাক দেখাই পোৱা নাই।
   দাৰোগা৷ —সি এনেকৈ পলাল কিয়?
   সুভদ্ৰা।-মই কেনেকৈ ক’ম। ঘৰখনত সি অকলশৰীয়া,মাক নাই, বাপেক নাই, মাটি-বাৰী নাই, সেই দেখি কিজানি কিবা বেজাৰত আপোন-ঘাতীয়েই হ’ল।
   দাৰোগা।-তাৰ স্বভাৱ কেনে আছিল?
   সুভদ্ৰা।—আমি জনাত বৰ ভাল আছিল। সেইহে বাপেকে ধনী মানুহৰ লৰাকো নিদি তাক ছোৱালী দিব খুজিছিল।
   দাৰোগা।—সি বাৰু খাইছিল কেনেকৈ?
   সুভদ্ৰা৷—বাপেকৰ দিনত সিহঁত প্ৰতাপী মানুহ আছিল। [ ৮৮ ] যদিও পিচত সকলো গ’ল, তেওঁৰ ভঁৰালত আগৰে অলপ ধান আছিল, বাৰীত শাক-পাচলি আছিল, আৰু হেনো বাপেকৰ দিনৰে সাঁচি থোৱা টকাও গোটাচেৰেক আছিল। সেই বোৰ- ৰেই এই কেইমাহ খাইছিল।
   দাৰোগাই অাৰু একো নুসুধিলে। সুভদ্ৰাৰ জবানবন্দী লিখি লৈ চিপাহী দুটাৰে গুচি গ’ল। পুলিচ গ’লত মানুহ- বিলাকে নানা কল্পনা-জল্পনা কৰিবলৈ ধৰিলে। দয়াৰামে যে কিবা এটা ডাঙৰ অপৰাধ কৰিছে তাত সকলোৰে বিশ্বাস জন্মিল। দাৰোগাৰ লগত দয়াৰামহঁতৰ গাৱঁৰ গাওঁবুঢ়াও আহিছিল। ঘটনাটো কি তেওঁক সকলোৱে সুধিবলৈ ধৰিলে। গাওঁবুঢ়াই ক’লে,--“মই একো নাজানো৷ এওঁলোক গৈ গাৱঁৰ মানুহক দয়াৰামৰ বিষয়ে সুধিছিল। মানুহবিলাকেও সঁচা কথা যি জানে কৈছিল। কথাৰ মাজতে দয়াৰাম যে ইয়াত চপনীয়া চপাৰ কথা আছিল তাকে কোনোৱে কোনোৱে কৈছিল, তাকে শুনি তেওঁলোক ইয়ালৈ আহিব খুজিলে অাৰু ঘৰখন দেখুৱাই দিবলৈ মোক লৈ আহিল।”
   গঞা।—দয়াৰামক কিয় বিচাৰিছে কোৱা নাই নে?
   গাওঁবুঢ়া।–নাই। মই সুধিলত ক’লে বোলে তোমাক সেইবোৰ কথা নালাগে।
   মানুহবিলাক গ’লত সুভদ্ৰাই আকাশ-পাতাল ভাবিবলৈ ধৰিলে। দয়াৰামৰ বিৰুদ্ধে যে পুলিচে প্ৰমাণ পাইছে বিশ্বাস তেওঁৰ মনত বদ্ধমুল হ’ল। ইয়াৰ অলপ পাচতে [ ৮৯ ] হালি আহি সুভদ্ৰাক ক’লে,—‘বৌ! দেখিছা দয়াৰামক কেনেকৈ পুলিচে বিচাৰি ফুৰিছে। নিশ্চই সি কিবা ডাঙৰ জগৰ লগাইছে। সি পলাই যোৱাৰ কাৰণ এতিয়াহে ওলাই পৰিল। এতিয়া ধৰা পৰিলে সি ফাটেকলৈ যাৰ। নপৰিলেও সি ইয়ালৈ আহিব নোৱাৰে সদায় লুকায়েই থাকিব লাগিব। এতিয়াও তুমি তালৈকে অাশা পালি থাকিবা নে?
   সুভদ্ৰা।— মই নো কি কৰিম!
   হালি৷—তুমি একো কৰিব নালাগে। যি কৰিব লাগে মই কৰিম। তুমি মুঠেই মোৰ কথাত মত দিয়াঁ। ছেগ এবাৰ হে আহে। এনে এটা ছেগ হাততে পাই এৰি দিলে অাৰু কেতিয়াও নোপোৱা।
   সুভদ্ৰা।—ককাইকো এবাৰ সুধি চাব লাগিছিল। তেৱোঁ অাহক, ময়ো ভাবি চাওঁ।
   হালি। তাকে কৰিবলৈ সময় ক’ত! মই আগেয়েই কৈছোঁ তেওঁলোকৰ ছোৱালীৰ অাকাল লগা নাই। যেই সেই এজনীৰ লগতে চ’ঠা দিনালৈ বিয়া পাতিবই৷ আজিয়েই খাটাংকৈ ক’ব লাগে।
   সুভদ্রা।—কেচ নহলে ৰাতিটো বাট চোৱাঁ। কালিলৈ যে হয় ক’ম। ছোৱালীজনীয়ে বা কি কয়।
   হালি।—সেইটো আকৌ কি কথা! তাই ক’বলৈ কি আছে। আমি যি কওঁ তাকে তাই শুনিব লাগিব ।
   সুভদ্ৰা।—তেও বুলি কথাটো তাই জনা ভাল। [ ৯০ ]    হালি।—বাৰু তেন্তে,মই এতিয়া যাওঁ। ৰাতিৰ ভিতৰতে কি কথা পাতা পাতা। পুৱাতে মোক খাটাংকৈ সমিধান দিব লাগিব।
   হালি গ’ল। সুভদ্ৰাই অকলৈ বহুত সময় ভাবিলে৷ তাৰ পাচত জীয়েকক মাতি ক’লে—“আই! দেখিছ নহয় আমাৰ পোৰা কপাল। এতিয়া আৰু দয়াৰামলৈ আশা কৰা মিছা। পুলিচে বিচাৰিছে যেতিয়া তাৰ আৰু সাৰিবৰ উপায় নাই। কি জগৰ কৰিছে, আনে নাজানিলেও আমি জানো। যদি ধৰা পৰে ফাঁচী বা কলীয়া পানী হ’ব। অাৰু যদি ধৰা নপৰে, তেনেহলেও দেখা-শুনাকৈ ওলাব নোৱাৰে। যি ফালৰ পৰা চাওঁ, দয়াৰামৰ লগত বিয়া হোৱাৰ অাশা সমূলি নাই।”
   কপাহীৰ চকু-লো বৈ গ’ল; কোনো উত্তৰ নিদিলে
   সুভদ্ৰা।—এতিয়া দদায়েৰ লাগিছে সৌ মদন মণ্ডলৰ ভায়েকলৈ দিবলৈ। মই যদিও নিজে একো নাজানো, তেও মণ্ডলৰ ঘৰ যে বৰ ধনী মানুহ সেই কথা আগৰে পৰা মানুহৰ মুখত শুনিছোঁ। মণ্ডলৰ ভায়েকৰ বিয়া পাতিছিল কলিয়া- বৰত। আজিয়েই বিয়াৰ দিন আছিল। পিচে বোলে ছোৱালীৰ কিবা দোষ ওলাল; সেই দেখি বিয়া নকৰোৱা হ’ল। ইফালে বিয়াৰ সকলো যোগাৰ হ’ল। যেই দেখি চ’ঠা দিনালৈ য’তে ত’তে বিয়া কৰাবই। ছোৱালী দিবলৈ হেনো বহুতো ওলাইছে। দদায়েৰেও তোৰ নিমিত্তে চেষ্টা [ ৯১ ] কৰিব খোজে, সেই দেখি তেওঁক কালিলৈ পুৱাতে আমাৰ মতামত লাগে। এতিয়া তোৰ মত কি?
   কপাহী৷—মোৰ কালৈকো যাবলৈ মত নাই। পিতায়ে যি ঠিককৈ গৈছিল সেয়ে যেতিয়া নহ’ল, মই ঘৰতে থাকিম৷ ইয়াতে আধি-কটনা কাটি মা-জী দুয়ো খাই থাকিম।
   সুভদ্ৰা।—সেইটো কেনেকৈ হব! মই জানো সদায় তোক ধৰি থাকিম! মই চকু মুদিলে তোৰ কি গতি হ’ব!
   কপাহীৰ মনত এনে ভাব খেলোৱাই নাছিল। হঠাৎ মাক নথকা অৱস্থাটোৰ কথা ভাবি তাই শিয়ঁৰি উঠিল। তাই একো ক’ব নোৱাৰিলে; উচুপি উচুপি কান্দিবলৈ লাগিল।
   বহুত বেলি বহুতো অালোচনাৰ পাচত কপাহীয়ে মাকক কলে,—“তোমাক এৰি মোৰ কলৈকো যাবৰ মন নাই। তথাপি যদি নগ’লেই নহয় মোক নুসুধিবা। তুমি যি ভাল দেখা তাকে কৰা।”
   ৰাতি এইবোৰ কথাকে ভাবি এজনীৰো টোপনি নাহিল। ৰাতিপুৱা পাটীৰ পৰা উঠাৰ লগে লগেই হালি পালেহি আৰু বৌৱেকক সুধিলে,—“কি ঠিক কৰিলে বৌ? এতিয়াই মণ্ডলৰ তালৈ যাব লাগে নহলে সকলো মিছা হ’ব।”
   সুভদ্ৰা।—মই একোকে নাজানো। তুমি যদি সচাকৈয়ে ভাল দেখিছা, কৰা তোমাৰ মতেই। মুঠেই চাবা যাতে পিচত কান্দিব লগা নহয়। [ ৯২ ]    হৰহঁতে বিড়ি কিনি থাকোঁতেই দোকানৰ আগে দি মানুহ এটা যোৱা দেখি দোকানীয়ে মাতিলে,—“এই বুধু, এই ফালে আহ।”
   বুধু সোমাই আহিল। তাৰ গঢ়টো দেখিলে উৰিয়া যেন লাগে। দোকানীয়ে সুধিলে,-“কলৈ যাৱ?”
   বুধু৷ — গৰুকেইটা অহা নাই, তাকে বিচাৰিবলৈ।
   দোকানী।— আজি-কালি ঘৈণীয়েৰ পলায় নে নপলায়?
   বুধু৷ — সেই দিনাৰ পৰা পলোৱা নাই৷
   দোকানী।— তই তেন্তে মৰি বৰ ডাঙৰ কামকে কৰিলি।
   বুধু৷— নমৰা হ’লে তাইক ক’ত ঘৰ লোৱাব পাৰোঁ!
   দোকানী। তোৰ বুধিটো মই নশলাগি নোৱাৰিলোঁ। বাৰু যা।
   বুধু গ’ল। দোকানত থকা মানুহ কেইজনে কথাৰ একো মোৰ ধৰিব নোৱাৰিলে; তেওঁলোকৰ কৌতুহল জন্মিল। এজনে দোকানীক সুধিলে-“এইখন কি দোৱান দিলা, আমি দেখোন ততকে ধৰিব নোৱাৰিলোঁ। কথাটো কি?”
   দোকানীয়ে হাঁহি হাঁহি ক’লে,—"ই এটা মজাৰ ঘটনা। এই যে বুধু বোলা মানুহটো, তাৰ বাপেক আছিল বাগিচাৰ কুলি। ই সৰু থাকোঁতেই মাক-বাপেক বাগিচাৰ পৰা ওলাই আহে। এদিন ইয়াৰে মৌজাদাৰে পাই সিহঁতক লৈ গল আৰু, তেওঁৰ বাঁৰী এখনতে ঘৰ এটা সজাই থাকিবলৈ দিলে। সিহঁত তাতে থাকে মৌজাদাৰৰ খেতি-পথাৰ আৰু আন কাম-বন [ ৯৩ ]    কৰে; বাৰীখনতো শাক-পাচলি, কেৰেলা-বেঙেনাৰ খেতি কৰে। এনেকৈয়ে ই ডাঙৰ হ’ল, মাক-বাপেকো বুঢ়া হ’ল। বাপেকে কৰা কামখিনি ইয়েই চলাব পৰা হ’ল।
   “দুবছৰমান আগতে তাৰ মাক-বাপেক ঢুকাল। তেতিয়াৰে পৰা সি অকলে অকলে থাকি ভাল নোপোৱা হ’ল। সি ভাবিলে সি যদি বাগিচালৈ যায়, তাত তাৰ সমাজ পাব আৰু বিয়াখনো পাতিব পাৰিব। শেহত সি তাৰ মনৰ কথা মৌজাদাৰক ভাঙি ক’লে। মৌজাদাৰে কিন্তু তাক নেৰিলে। তেওঁ বুধুক গোসাইৰ ওচৰত শৰণ লোৱাই কোচ জাতলৈ তুলিলে। তাৰ পাচত সৌ গাওঁখনৰ কুচুনী ছোৱালী এজনী বিয়া কৰাই দিলে। ছোৱালীজনীৰ মাকৰ বাহিৰে অান কোনো নাছিল। মাকে ভিক্ষা কৰি খাইছিল। সেই দেখিযেই তাইক বিয়া কৰাবলৈ কোনো আগ নাবাঢ়িছিল।
   ‘সিহঁতৰ বিয়া হোৱা এবছৰমানেই হ’ল, তথাপি সিহঁতৰ ভিতৰত খিটিং-খাটাং লাগি থাকিবলৈ নেৰিলে। তেনেকৈ কিবা অলপ লাগিলেই ঘৈণীয়েকে চল চাই টোপোলা-তাপলি বান্ধি মাকৰ ঘৰলৈ লৰ দিয়ে। কোতযাবা বুধুৱে বাটৰ পৰা ধৰি আনে, কেতিয়াবা মাকৰ ঘৰত দুদিন তিন দিন থকাৰ পাচত লৈ অাহেগৈ। যোৱা বিহুৰ সময়লৈকে এনে দৰেই চলি আছিল। বিহুলৈ কেইদিনমান থাকোঁতে তাই আগৰ দৰেই সন্ধ্যা সময়ত পলাই গৈছিল। বুধুৱে খেদি গৈ তাইক সৌখিনিতে ধৰিলে। তাই কোনোমতে নহাত ই ধৰি চোচাঁ [ ৯৪ ] ৰাই অানিলে। ঠিক এনে সময়েতে এই ফালৰ পৰা এজন মানুহ যাওক। তেওঁ ছোৱালীজনীক কেনোবা গুণ্ডাই বলেৰে নিবলৈ ধৰিছে বুলিয়েই নে কি দিলে সৌকাৰ লাখুটিৰে মাৰ শোধাই। ই তেতিয়াই বাগৰ খাই পৰি সটং জুৰিলে। ঘৈণীয়েকে তেতিয়া কান্দি কান্দি মানুহ মাতিবলৈ ধৰিলে। চিঞৰ শুনি মই লৰ মাৰি গলোঁ, আৰু তিনিজন মানুহো অাহি পালে। আমি যোৱা দেখিয়েই বাটৰুৱাজন কেনিবা পলাল। আমি মানুহটো মৰিল বুলি জানিছিলোঁ। ঘটনাটোৰ কথা ঘৈণীয়েকৰ পৰা শুনি আমি বাটৰুৱাজনক বিচাৰিবলৈ অাৰু থানাত জনাবলৈ কাৰবাৰ কৰিলোঁ। এনেতে দেখোন সি কাণমূৰ লৰাই চকু মেলিলে আৰু লাহে লাহে উঠি বহিল। অামি সুধিলত সি ক’লে যে মাৰ খোৱাৰ পাচত কি হৈছিল সি ক’ব নোৱাৰে। অলপ সময়ৰ পাচত সি সম্পূৰ্ণ সুস্থ হ’ল অাৰু ঘৈণীয়েকেৰে সৈতে ঘৰলৈ গ’ল। কথাটোত কিবা ৰহস্য থকা যেন লগাত পিচ দিনা তাক মই অকলৈ পাই সুধিলোঁ। সি ক’লে সি হেনো বেচি দুখ পোৱা নাছিল, ঘৈণীয়েকক ভয় খুৱাবলৈ হে মৰা ভাও জুৰিছিল।”
   ঘটনাটো শুনি সকলোৱে হাঁহিলে আৰু বুধুৰ বুদ্ধিটোৰ প্ৰশংসা কৰিলে। বলো আৰু হৰই দয়াৰামৰ হত্যাকাণ্ডৰ আচল তথ্যটো পাই আনন্দ পালে। তেওঁলোকৰ এটা ডাঙৰ চিন্তা আঁতৰ হ’ল। দুয়ো দোকানৰ পৰা ওলাই গন্তব্য স্থানলৈ খোঁজ ল’লে। [ ৯৫ ]    বাটত বলোৱে ক’লে, —“মিছাতে সি ঘৰ-দুৱাৰ এৰিলে! তাকে নকৰি সি যদি কথাটো মোক ক’লেহেতেন, তেনে হলে মই তেতিয়াই আহি কথাটোৰ আঁতি-গুৰি লৈ যাব পাৰিলোঁ- হেতেন।”
   হৰ। যি হ’ল হল, এতিযা যেনেকৈ হওক তাক বিচাৰি উলিয়াব লাগিব।

________
[ ৯৬ ]
অষ্টাদশ অধ্যায়।
১১০ ধাৰা।

   সেই দিনা ৰাতি এক বজাত বলো অাৰু হৰ তেজপুৰ পালেহি। ইমান ৰাতি কলৈকো যাবলৈ সুবিধা নথকাত ৰাতি তেওঁলোক জাহাজতে থাকিল। পুৱা উঠি তেওঁলোকে নৈৰ দাঁতিতে প্ৰাতঃকৃত্য সমাপন কৰিলে আৰু গামোচা সলাই গা- পা ধুই ল’লে। তাৰ পাচত ক’ত ক’ত দয়াৰামক বিচাৰিব তাৰে আলোচনা কৰি পাৰলৈ উঠি আহিল।
   তেতিয়া গুৱাহাটীলৈ যাবলৈ দুই এজনকৈ যাত্ৰী জাহাজলৈ আহিছিল। দুজন ভদ্ৰলোক ফুৰি ফুৰি আহি ঘাটৰ ওচৰতে নৈৰ দাঁতিত থকা আসনখনত বহিছিল। এনেতে এজন বাবাজী অাহি জাহাজ এতিয়া শিঙৰীলৈ যাব নে নাযায় সুধিলে। তেওঁলোকে যাব বুলি ক’লে।
   বাবাজী জাহাজলৈ গ’ল। ভদ্ৰলোক দুজনৰ এজনে ক’লে। —“এই বাবাজীহঁতক দেখিলেই মোৰ খং উঠে। ইহঁত হয় চোৰ, নহয় লম্পট, নহয় ঢাঁদ।”
   আন জনে ক’লে,—“দুই এজন হব পাৰে, সেই বুলি অাটাইবোৰ তেনে নহয়।” [ ৯৭ ]    প্ৰথম।—কোন হয়, কোন নহয় কেনেকৈ জানিবা। নৰাই শৰ্মাৰ ধন-সোণ নিলে এনেকুৱা এটা বাবাজীয়েই।
   দ্বিতীয়।—অ’, হয় তো! পিচে চোৰ ওলাল নে?
   প্ৰথম।-কিয়, তুমি ক’ব নোৱাৰা?
   দ্বিতীয়।—মই সেই দিনাই গুৱাহাটীলৈ গৈছিলোঁ; কালি ৰাতিহে পালোঁহি!
   প্ৰথম।—চোৰ অাৰু ক’ত ওলাব। কেইটামান সন্ন্যাসী সেই দিনাই ধৰিছিল। কিন্তু পিচত নহয় বুলি প্ৰমাণ পোৱাত এৰি দিলে। দুদিন পাচত সিপাৰৰ পৰা অহা নেপালী গুৱাল এটাই সৌ পৰ্ব্বতৰ সিমুখে থকা ভৈৰবপদৰ ওচৰত বাবাজী এটাক ভাত ৰন্ধা দেখা পাই পুলিচক জনালে। তাত আগে- পিচে সন্ন্যাসী বাবাজী নাথাকে দেখি কোনেও বিচৰা নাছিল। খবৰ পাই দলে বলে দাৰোগা এজন গৈ তাতে তেওঁক ধৰা পেলালে।
   দ্বিতীয়।—তেন্তে চোৰ ধৰা পৰিল?
   প্ৰথম।—ক’ত ধৰা পৰিল! ইয়াৰ লগত চোৰ বাবজীৰ সাদৃশ্য নাই। আন কি, এওঁ অসমীয়াৰ বাহিৰে আন কোনো ভাষাকে নুবুজে।
   দ্বিতীয়।—তেন্তে তাক এৰি দিলে?
   প্ৰথম।-নাই দিয়া।
   দ্বিতীয়।—কিয় ?
   প্ৰথম।—এওঁৰ আচৰণ সন্দেহজনক। এওঁৰ ডাঢ়ি আৰু [ ৯৮ ]    জঁট আচল নহয়, বজাৰৰ পৰা কিনি লগাই লোৱা। তাতে পুলিচে সন্দেহ কৰি বোলে হাজোতত থৈছে আৰু তাৰ তদন্ত কৰিছে।
   দ্বিতীয়৷ —তাৰ ঘৰ ক’ত?
   প্ৰথম৷ —ঘৰ ইয়াতে, ভৰলীৰ সিপাৰে কোনোবা গাঁৱত।
   দ্বিতীয়।—অাও! ইয়াৰ মানুহেও ইমানখিনি পালেগৈ নে।
   মানুহ দুজনৰ কথা-বতৰাৰ পৰা সেই বাবাজীয়েই যে দয়া ৰাম তাত হৰ বা বলো এজনৰো সন্দেহ নাথাকিল। এতিয়া কি কৰিলে তাক সৰুৱাব পাৰিব এয়েই হ’ল ভাবিব লগীয।। কথা।
   হৰ।—দয়াৰামৰ বাতৰি এক প্ৰকাৰ পোৱাই গ’ল। এতিযা পুলিচৰ হাতৰ পৰা নিয়া যায় কেনেকৈ?
   বলো।—তাকে তো ভাবি পোৱা নাই।
   হৰ।—থানালৈকে যোৱা যাওক। তাতে সুধি-পুছি যি হয় কৰিম।
   বলো৷— আমি গ’লে বৰ সুবিধা নহ’ব। পুলিচে বা অাকৌ কি বিচাৰে। এজন আদালতৰ নিয়ম-কাৰণ জনা মানুহক আগেয়ে কথাটো সুধি লওঁ। তেতিয়াহে পুলিচ ওচৰলৈ যোৱা ভাল হ’ব।
   হৰ।—এৰা সেয়ে ভাল। পিচে যোৱা যায় কাৰ তালৈ?
   বলো।—সূৰ্য্য বৰাৰ ঘৰলৈকে যাওঁ। তেওঁৰ লগত আগৰে চিনাকি অাছে। জিলালৈ আহিলে তেওঁৰ ঘৰতে থাকোঁ৷ [ ৯৯ ]    হৰ।—মোৰ লগতো জনা-শুনা আছে। তেওঁৰ পৰিবাৰ আমাৰ তাৰহে।
   বলো।—তেন্তে ভালেই। তেওঁৰ তালৈ গৈ সকলো কথা বুজি লওঁগৈ। তেওঁ উকীলৰ মহৰী যেতিয়া সকলো কথাৰ চাগৈ গম পায়। কি কৰিব লাগে তেৱেঁই ক’ব পাৰিব।
   হৰ।—সেই বাবে লাগিলে দুই চাৰি টকা খৰচো কৰিব পাৰোঁ।
   তেতিয়া দুয়ো সূৰ্য্য বৰাৰ ঘৰলৈ গ’ল আৰু বাটত শুনা কথাৰ বিষয়ে কি জানে সুধিলে। সূৰ্য্যই ক’লে,—“ময়ো শুনিছোঁ হে, নিজে তাৰ গম লোৱা নাই। ক’ৰ মানুহ, কি কথা একো নাজানো।”
   তেতিয়া বলো আৰু হৰই কথাটো ভালকৈ বুজি আহিবলৈ সূৰ্য্যক ধৰিলে, সূৰ্য্যও সন্মত হ’ল।
   সূৰ্য্য থানালৈ গ’ল আৰু দাৰোগাৰ ওচৰত ঘটনাটোৰ সম্ভেদ ল’লে। উকীলৰ মহৰীৰ লগত দাৰোগা-চিপাহীৰ প্ৰায়ে চিনা-পৰিচয় থাকে। সেই কাৰণে তেওঁ সহজে জানিব- লগীয়া সকলো কথা জানিব পাৰিলে। সকলো কথা বুজি লৈ সূৰ্য্য ঘূৰি আহি ক’লে,—“হয়, সেইটো ভগী পণ্ডিতৰ পুতেক দয়াৰাম।”
   হৰ৷-অচল ঘটনাটো কি ?
   সূৰ্য্যই নৰাই শৰ্ম্মাই বাবাজীক লগ পোৱাৰে পৰা সকলো ঘটনাৰ বৰ্ণনা দি ক’লে—“সেই চোৰ বাবাজী বুলিয়েই তাক [ ১০০ ] ধৰিছিল, কিন্তু সি যে সেই বাবাজী নহয় সেইটো পাচত জনা গ’ল। এনেয়ে পুলিচে এৰি দিলেহেতেন, কিন্তু সি ভেশছন কৰি ফুৰাত তাৰ ওপৰত তেওঁলোকৰ সন্দেহ জন্মে আৰু তাক হাজোতত থৈ গাৱেঁ-ভূয়ে তদন্ত কৰে। তদন্তত তাৰ বিৰুদ্ধে একো প্ৰমাণ পোৱা নাই। কিন্তু তাৰ কোনো ব্যৱসায় নাই অাৰু ছদ্মবেশ ধৰি ফুৰিছে। সেই কাৰণে অসৎ উপায়েৰে জীবিকা অৰ্জন কৰে বুলি সন্দেহ কৰি পুলিচে ১১০ ধাৰাত চালন দিছে।
   হৰ৷—তাক সৰুৱাবৰ উপায় নাই নে?
   সূৰ্য্য।— আছে। যদি তোমালোকে তাৰ দায়িত্ব ল’ব পাৰা তেন্তে তাক এৰি দিব পাৰে।
   বলো। —আমি কি কৰিব লাগিব।
   সূৰ্য্য৷ — এজন উকীল ধৰি তোমালোকক জামীন লৈ তাক এৰি দিবলৈ দৰ্খাস্ত দিব লাগিব। যদি কেতিয়াবা তাৰ বিৰুদ্ধে কিবা ওলায়, তেতিয়া তাক আদালতত হাজিৰ কৰি দিব লাগিব। নহলে জামীনেই জগৰত পৰিব।
   হৰ।-মই তাৰ ভিনীহিযেক। ময়েই জামীন হ’ম। তাৰ নিমিত্তে মোৰ ভয় নাই। সি অতি নিৰ্জ্জু-মাটি যেন, তাৰ কোনো কুমতলব নাই। মনৰ বেজাৰত মূৰৰ ঠিক নোহোৱা হোৱাত হে ঘৰ এৰি আহিছিল। দৰ্খাস্তৰ খৰচ কিমান লাগিব?
   —উকীলক দিব লাগিব পাঁচ টকা। লিখাৰ খৰচ, টিকটৰ খৰচ, আৰু কিবা কিবি আন খৰচো পাঁচ টকামান [ ১০১ ] পৰিব। মিঠাই খাবলৈ দাৰোগাকো পাঁচ টকামান দিব লাগিব। এয়ে-সেয়ে পোন্ধৰ টকামান হ’লেই হ’ব।
   হৰই কিবা দৰকাৰ হ’ব পাৰে বুলি ঘৰৰ পৰা আহোঁতেই ৰূপ একুৰি লৈ আহিছিল। তাৰে পোন্ধৰ টকা সূৰ্য্যৰ হাতত দিলে।
   সূৰ্য্য উকীলৰ ঘৰলৈ গ’ল আৰু দৰ্খাস্ত লিখি হৰৰ হতুৱাই দাখিল কৰালে। কিন্তু সেই দিনা তাৰ একো মীমাংসা নহ’ল। হৰ আৰু বলো সেই নিশা সূৰ্য্যৰ ঘৰতে থাকিব লগাত পৰিল। তেওঁলোকে নিজৰ খৰচতে টৌ-খুটি মাৰি দুয়ো সাজ খালে।
   পিচ দিনা দৰ্খাস্তৰ বিচাৰ হ’ল। প্ৰায় চাৰি বজাত দুশ টকাৰ জামীনত দয়াৰামক এৰি দিয়া হ’ল। জামীন হ’ল হৰনাথ।
   দয়াৰামৰ পৰা হৰহঁতে জানিলে যে তেওঁ ঘৰৰ পৰা ওলাবৰ দিনাৰে পৰা তিন-চাৰি ৰাতিকৈ নাগশঙ্কৰ, বিশ্বনাথ, হলেশ্বৰ মহাভৈৰৱ, ভৈৰৱী আদিত আছিল। সেই দিনাহে ভৈৰৱ-পদ পাইছিল। ইযাৰ ভিতৰত তেওঁ কেতিয়াবা দেৱালয়ৰ প্ৰসাদ খাযেই কটাইছিল আৰু কেতিয়াবা চাউল, আলুগুটি আৰু নিমখ কিনি মলা এটাত ৰান্ধি খাইছিল। তেওঁ ঘৰৰ পৰা অহোঁতে আগৰ সাঁচতীয়া একুৰি টকা লৈ আহিছিল, এনেকৈ খাওঁতে তাৰে ৪% খৰচ হ’ল, বাকী ১৫ অনা তেওঁক ধৰোঁতে পুলিচে কাঢ়ি লৈছিল। এতিয়া খুঁজিলে কিজানি [ ১০২ ] আকৌ লেঠাত পৰে বুলি তেওঁ তাৰ নামকে নুলিয়ালে।
   তেওঁলোক তেতিয়া সূৰ্য্যৰ ঘৰলৈ আহিল। হৰই দয়া- ৰামৰ নিমিত্তে বজাৰৰ পৰা ধুতী এখন আৰু কামিজ এটা কিনি আনিলে। দয়াৰামক গা ধুবলৈ আৰু নতুন কাপোৰ পিন্ধিবলৈ দিয়া হ’ল। তাৰ পাচত চাহ এটোপা খাই তিনিও জনে সূৰ্য্যৰ ওচৰত বিদায় ললে আৰু কোবাকুবিকৈ মটৰ ধৰিবলৈ গ’ল। কিন্তু মটৰ নাপালে, আধাঘণ্টামান আগতে মটৰ এৰিলে।
   অান উপায় নথকাত তেওঁলোকে খোজ কাঢ়ি যোৱাকেই ঠিক কৰিলে। আৰু এৰাতি লোকক আমনি কৰিবলৈ তেওঁ- লোকৰ ইচ্ছা নাছিল।
   প্ৰায চাৰে সাত বঞ্জাত তেওঁলোক ভৰলী পাৰ হ’ল।

_____
[ ১০৩ ]
উনবিংশ অধ্যায়।

বিধতাৰ লিখিতা।

   বলো, হৰ আৰু দয়াৰাম গৈ গৈ ৰাতি দহ বজাত জালি- হঁতৰ গাওঁ পালে। বলোৰ ঘৰলৈ আৰু দুৰৈ। তাতে তেওঁ- লোকে ভাবিলে বলো আগ দিনা নহা দেখি সুভদ্ৰাই চাগৈ বৰকৈ চিন্তা কৰি আছে। সেই কাৰণে সুভদ্ৰাৰ ঘৰলৈ যোৱাই ভাল বুলি তেওঁলোকে স্থিৰ কৰিলে। সুভদ্ৰাৰ ঘৰৰ পৰা অলপ আঁতৰতে এখন দোকান আছিল। দোকানখন এতিয়াও বন্ধ হোৱা নাই। এই ৰাতি হঠাৎ তিনিজন আলহী ওলালে সুভদ্ৰাই খোৱাৰ যোগাৰ কৰিবলৈ টান পাব বুলি ভাবি বলোৱে তাৰ পৰাই অলপ ডাইল আৰু আলু লৈ যাবৰ মন কৰি দোকানত সোমাল।
   বলো মাজে—সময়ে সুভদ্ৰাৰ ঘৰলৈ আহি থাকে অাৰু কেতিয়াবা কেতিয়াবা এই দোকানৰ পৰাই কিবাকিবি লৈ যায়। সেই কাৰণে, দোকানীয়ে তেওঁক ভালকৈ চিনে। এতিয়া দেখা পাই সুধিলে,—“ক’ৰ পৰা আহিল?”
   বলো। —মই কলিয়াবৰলৈ গৈছিলোঁ ; এতিযা অহাতে আছোঁ।
   দোকানী। — ভালে হে বিয়াত নাই। মই আকৌ বিয়া ঘৰত নেদেখি আচৰিত মানিছিলোঁ। আপুনি নো ভাগিনীয়েকৰ বিয়াখন এৰি আঁতৰি যাব লাগেনে ? [ ১০৪ ]    বলো।—কৰি বিয়া!
   দোকানী৷-কপাহীৰ,-আপোনাৰ ভাগিনীয়েকৰ। আপুনি জানো ক’ব নোৱাৰে ?
   বলো৷ — মই এই মাত্ৰ তোমাৰ পৰা হে শুনিলোঁ। মই কলিয়াবৰলৈ যোৱাৰ পৰা আজিৰে পাঁচ দিন হ’ল! তাৰ আগ দিনা ইয়ালৈ আহিছিলোঁ তেতিয়া বিয়াৰ কোনো কথাই ওলোৱা নাছিল।
   দোকানী।—তেন্তে আপুনি যোৱাৰ পাচত হে ঠিক হ’ল।
   বলো।—দৰা ক’ৰ।
   দোকানী৷—মদন মণ্ডলৰ ভায়েক পীতাম্বৰ।
   বলো।-অ’ সেই আৱঁৰীয়াটো। ঠিক কৰিলে কোনে?
   দোকানী।—দদায়েকে ঠিক কৰিলে বুলি শুনিলোঁ। দৰা- টোৰ কলিয়াবৰত বিয়াৰ কথা আছিল। পিচে মণ্ডলে ছোৱালীজনীৰ হেনো অান কাৰবাৰ লগত কথা থকাৰ প্ৰমাণ পালে; সেই দেখি সেই জনী এৰি সেই সমলেৰেই ইয়াতে পাতিলে। বন্যাঘৰৰ যোগাৰো দৰা-ঘৰেই দিছে।
   বলো থৰ লাগিল, হৰও বিমৰ্ষ হ’ল; দয়াৰামৰ চকু-লো ব’বলৈ ধৰিলে।
   দোকানীয়ে বলোক সুধিলে —“এতিয়া তালৈকেহে যাব?”
   বলো।—যাম বুলিয়েই আহিছিলোঁ, কিন্তু এতিয়া যাব নোৱাৰোঁ৷ মই গম নোপোৱাকৈ যেতিয়া সিহঁতে বিয়া [ ১০৫ ] পাতিছে, মই তালৈ নোযোৱাই হে ভাল। ঘৰলৈকে যাবগৈ লাগিল।
   ঠিক এনে সময়তে দুটা লৰা বেগেৰে চাইকেল চলাই আহি দোকানৰ ওচৰত ৰ’ল আৰু হালিৰ ঘৰখন কোনখিনিত সুধিলে। দোকানীয়ে তাৰ সমিধান দি প্ৰশ্ন কৰিলে,- “তোমালোক ক’ৰ পৰা আহিছা ?”
   লৰা।-দৰা-ঘৰৰ পৰা।
   দোকানী।— দৰা দেখোন অহা নাই ? শুনিছিলোঁ লগ্ন বোলে দহ বাজাতে। দহ দেখোন প্ৰাথনিয়েই বাজি গ’ল।
   লৰা।--দৰা অহা পলম হ’ব। কোনোবাই কুমন্ত্ৰ কৰি দৰাটো মাৰি থৈছে। এতিয়াও ভাল হোৱা নাই। তাকে কন্যা ঘৰত জনাবলৈ হে আমাক পঠিয়াইছে। লগ্ন বোলে তিনি বজাতো এটা আছে, সেইটোত হে বিয়া হ’ব।
   ল’ৰা দুটা লৰালৰিকৈ বিযাঘৰলৈ গ’ল আৰু দৰাৰ খবৰটো দি তেতিয়াই উলটিল।
   বলোৱে দোকানীক ক’লে —“ঘৰলৈ যাওঁ বুলিছিলোঁ যদিও, এতিযা নাযাওঁ। তোমাৰ ইয়াতে থাকি কিনো হয তাৰ আলেখ-লেখটোকে চাওঁ।”
   তেতিয়া তিনিও জন দোকানতে বহিল। দোকানীয়ে ক’লে,—“নাযায় যদি চাউলকে এমুঠি সিজাওক। ৰাতিটো লঘোনে থাকিব নে?”
   কিন্তু তেওঁলোকৰ এজনেও ভাত খাব নুখুজিলে। তেতিয়া [ ১০৬ ] দোকানীয়ে চাহ-জলপানৰে দিহা কৰিলে; হাত-ভৰি ধুই তিনিও জনে খাব লগাত পৰিল।
   খোৱাৰ পাচত বলোৱে হৰ আৰু দয়াৰ পৰিচয় দিলে। দোকানীয়ে দয়ালৈ চাই ক’লে,—“এৰা এওঁক আগতে ক’ৰবাত দেখা যেন লাগিছিল, এতিয়াহে ভালকৈ মনত পৰিছে?”
   বলোৱে পীতাম্বৰৰ বিয়া কলিয়াবৰত কেনেকৈ ভাগিল তাৰ আদ্যোপান্ত বিবৰণ দোকানীক জনাই ক’লে —“মোৰ বিশ্বাস হালিয়ে এইবোৰ কথা নজনাকৈ থকা নাই। তথাপি যে ছোৱালীজনীৰ মূৰ খাৰলৈ ওলাইছে, সেইটো অকল সম্পত্তিৰ লোভত। তেওঁ ভাবিছে যেনে-তেনে ছোৱালীজনী উলিয়াই দিব পাৰিলেই ককায়েকৰ সম্পত্তিখিনি ভোগ কৰিব পাৰিব। সেই দেখিয়েই দয়াৰামৰ লগত যাতে বিয়া নহয় তাৰ বাবে সদায় চেষ্টা কৰি আহিছে ।
   দোকানী৷-সেইটোৱেই সচা যেন লাগিছে। তাৰ উপৰি মণ্ডলৰ পৰা নগদ টকাও কিছু পাব পায়।
   বলো।—তাত সন্দেহ নাই।
   দোকানী।--এতিয়া কি কৰিব খোজে?
   বলো।—মই অকলৈ কি কৰিম! তোমালোকে যদি সাহায্য কৰা চেষ্টা কৰি চাব পাৰোঁ।
   দোকানী৷—কি সাহায্য লাগে?
   বলো৷—মোৰ বিশ্বাস পীতাম্বৰৰ বেমাৰ উক দিছে। [ ১০৭ ] যদি সেয়ে হয়, সি সটকাই ভাল নহয়। ৰাতিৰ ভিতৰতে আৰু দুই এবাৰ মৰিব পাৰে। কিছু সময় বাট চাই যদি দৰা অহাৰ গম পোৱা নাযায়, তেন্তে দৰাৰ আচল অৱস্থাটো চাই অহাৰ দৰকাৰ। সেইটো কামৰ ভাৰ ল’ব পাৰিবা জানো?
   দোকানী।- পাৰিম। তাত কন্যা-ঘৰৰ পৰা খবৰ লবলৈ পঠিয়াইছে বুলি ক’লেই হ’ব। পিচে তাৰ পৰা লাভ হ’ব কি?
   বলো।-কি লাভ হ’ব খবৰটো পালেহে ক’ব পাৰিম। সি আজি ৰাতিৰ ভিতৰত অাহিব পৰাৰ সম্ভাবনা আছে নে নাই তাক আগ ধৰি জানিব লাগে।
   বিয়াঘৰীয়া মানুহ তেতিয়াও দৰাৰ অপেক্ষাতে আছিল। দোকানীয়ে তেওঁৰ লগৰীয়া ডেকা দুজনক মাতি আনি পঠিয়াবলৈ ঠিককৈ ৰাখিলে।
   লাহে লাহে চাৰে বাৰ বাজিল, কিন্তু দৰাৰো গম নাই, কোনো বাতৰিও নাই। তেতিয়া দোকানীয়ে ডেকা দুজনক দৰাৰ খবৰ লবলৈ পঠিয়াই দিলে। তেওঁলোক চাইকেলেৰে বৰ কোবেৰে গৈ অলপ সময়তে দৰাঘৰত উপস্থিত হ’ল।
   ডেকা দুজনে মণ্ডলক দেখা কৰি ক’লে,—“ইমান পৰ- লৈকে দৰা নোযোৱা দেখি কন্যাঘৰত পৰা আমাক খবৰ লবলৈ পঠিয়াইছে। এতিয়া দৰা কেনে?
   মণ্ডল।—ভাল হৈছে। আমিও ওলাবৰ কাৰবাৰ কৰিছোঁ। এইবোৰ যে কি মানুহ ক’ব নোৱাৰোঁ। মানুহ [ ১০৮ ] মৰাও ইহঁতৰ আমোদ! এনেকৈ নো বাৰু মানুহৰ হৰিষত বিষাদ মিলাব লাগে নে!
   ডেকা দুজনে দৰাক চাব খুজিলে, মণ্ডলে দেখুৱাবলৈ লৈ গ’ল। দৰা তেতিয়া গাৰুত আউজি বহিছিল, এটা মানুহে ধৰি আছিল। তেওঁৰ অৱস্থা কলা ঘুমটিত থকা মানুহৰ দৰে। ডেকা দুজনে চাই থাকেঁতেই হঠাৎ তেওঁ ডেডাউৰিয়াই বাগৰি পৰিল; গাত এটা জোকাৰণি উঠিল; মুখে ফেন ওলাবলৈ ধৰিলে।
   মণ্ডলে ক’লে,—“গধূলি যাবলৈ সাজু হওঁতেই কোনোবাই কুমন্ত্ৰ কৰিলে। বেজ-জ্ঞানী লগোৱাত ভাল হৈছিল। আকৌ কিবা কৰিলে। এজন কাটন বেজ আনিবলৈ পঠাইছিলোঁ, তেওঁ এতিয়াও অাহি পোৱা নাই। তেওঁ আহি পালেই কুমন্ত্ৰ কেনিবা যাব। দৰাৰ লগতে তেওঁকো লৈ যাম। যোৱাত হয়তো কিছু পলম হ’ব পাৰে। কন্যাঘৰত বুজাই ক’বা।”
   “বাৰু” বুলি ডেকা দুজন উলটি আহিল আৰু দুই বজাৰ পিচতেই দোকান পাই তাত যি দেখিলে বলোহঁতক ভাঙি পাতি ক’লে। বলোৱে তেতিয়া তেওঁলোকক ক’লে,— “তোমালোক নাযাবা, ইয়াতে থাকাঁ। মই এবাৰ সুভদ্ৰাক লগ ধৰি আহোঁ৷” দোকানৰ পৰা সুভদ্ৰাৰ ঘৰলৈ মাত্ৰ তিন-চাৰি মিনিটৰ বাট। বলো গৈ পালতে নানা জনে তেওঁ কলৈ গৈছিল, বিয়ালৈ কিয় অহা নাছিল ইত্যাদি নানা প্রশ্ন কৰিবলৈ [ ১০৯ ] ধৰিলে। বলোৱে কাম আছিল বুলি কৈয়েই ভিতৰলৈ গ’ল অাৰু সুভদ্ৰাক অকলশৰীয়াকৈ মাতি নি দৰাৰ বিষয়ে যি জানে সকলো ক’লে। তাৰ পাচত ক’লে,—“দয়াৰামক আনিছোঁ, সি মিছাতে পলাইছিল। সি যিটো মানুহ মাৰিলে বুলি ভাবিছিল, সি মৰা নাই, দুষ্টালি কৰিহে মৰা ভাও জুৰিছিল। এতিয়া কথা হৈছে পীতাম্বৰ আজি আহিব নোৱাৰে, তালৈ বাট চালে আজি বিয়া নহয়। মই ক’বৰ হ’লে দয়াৰামক লৈ আহোঁ, বিয়াখন হৈ যাওক।”
   সুভদ্ৰা।—তেনে কৰিলে মণ্ডলে জানো শুদাই এৰিব।
   বলো।-কি কৰিব! আমি ছোৱালী নিদিওঁ বুলি কোৱা নাই। দৰা নহাৰ বাবে জানো আমি জগৰীয়া! আমি লগ্নমতে যাৰে লগত হওক বিয়া দিবই লাগিব। জোৰণৰ বস্তুখিনি লাগে যদি সিহঁতে লৈ যাব, আৰু কি কৰিব।
   সুভদ্ৰা।—দদায়েককো এবাৰ সোধা ভাল।
   বলো।—তাক সুধিলে কি হ’ব। সিয়েই তহঁতৰ সম্পত্তি খাবৰ মনেৰে মৰা মানুহ এটালৈ ছোৱালীজনী দিবৰ ফিকিৰ কৰিছে। আগেয়েই সি দয়াৰামৰ নামকে নুশুনে, এতিয়া আকোঁ দিবলৈ ক’ব নে!
   সুভদ্ৰা।—তেন্তে কি কৰা কৰা।
   বলো।—-বাৰু, মই কৰিব লগাটো কৰিম। তই এতিয়া এইবোৰ কথা কাকো নকবি।মই দৰা লৈ আহোঁ৷
   বলো তেতিয়াই দোকানলৈ ঘূৰি গ’ল আৰু তেওঁৰ [ ১১০ ] অভিপ্ৰায় সকলোকে জনালে। দোকানীয়ে বৰ ভাল পালে। তেওঁ ক’লে,—“মই এতিয়াই সকলো যোগাৰ কৰিম, কিন্তু কন্যাদানৰ ভোজটো হ’লে ভালকৈ খুৱাব লাগিব।
   বলো —সেইটো তুমি ক’বই নালাগে।
   দোকানীযে দয়াক গা ধুবলৈ দিলে আৰু নিজৰ কাপোৰ- কানি দি দৰা সজালে। বিয়াঘৰীয়া লৰা-ডেকাৰ দলটোও তেওঁ মতাই আনিলে অাৰু সকলো কথা ভাঙি-পাতি কৈ তেওঁলোকক বৰযাত্ৰী কৰিলে। কেইটামান লৰাই দুটা ঢোল আৰু দুজোৰ তালো বিচাৰি আনিলে। এই গোটেইখিনি কাম প্ৰায় পোন্ধৰ মিনিটৰ ভিতৰত হৈ উঠিল।
   আযোজন সম্পূৰ্ণ হ’লত দয়াৰামক লৈ সকলোটি সমদলে কন্যা ঘৰলৈ আগ বাঢ়িল।
   “দৰা আহিল, “দৰা আহিল” বুলি কন্যা-ঘৰত হুল-স্থুল লাগিল। দৰা গৈ কলৰ তলত ৰ’ল; হালি আগ বঢ়াবলৈ আহিল। দৰাক দেখা পাই হালিৰ বিষম খং উঠিল। তেওঁ ক’লে,-“আকৌ মান-মৰাণৰ দিন হ’ল নেকি? দিন-ডকাইতি কৰিবলৈ আহিছা। তোমালোক ভালে ভালে ইয়াৰ পৰা গুচি যোৱাঁ।”
   বলো।— আমি গুচি যাবলৈ অহা নাই। তুমি ধনৰ লোভত, সম্পত্তিৰ লোভত মৰা মানুহক ছোৱালীজনী দিব খুজিলেই আমিও দিম নে! সেইটো বাৰু নকৱেঁই, দৰা নাহিলেও অামি ছোৱালীজনী দি আহিবগৈ লাগিব নে! [ ১১১ ] বেমাৰ উক দিছে যেতিয়া সি অাৱঁৰীয়া আজি হে নালাগে কালিলৈকো আহিব নোৱাৰে। মই নাজানো নে?
   প্ৰকৃত ঘটনাটো সকলো ৰাইজে জনাত পলম নঘটিল। দদায়েক হৈ এনে এটা মানুহক ছোৱালীজনী দিবলৈ ওলোৱা দেখি হালিক সকলোৱে গৰিহণা দিলে। হালিক সমৰ্থন কৰোঁতা কোনো নথকাত হালিৰ উপায় নোহোৱা হ’ল। তেওঁ তেতিয়াই উচাট মাৰি বিয়া-ঘৰৰ পৰা আঁতৰি গ’ল। যাওঁতে কৈ গ’ল,—“কৰ বাৰু তহঁতে কি কৰ। পিচত দেখা যাব। মদন মণ্ডল হে তেওঁ, তহঁতৰ কি ধুন ছিটিকাই গম পাবি।”
   হালি গ’লত সুভদ্ৰাই দযাৰামক আদৰি নিলে। বলোৱেই হ’ল কন্যাদাতা। যথাৰীতি কাম আৰম্ভ কৰিলে, কন্যা অনা হ’ল, বিধিমতে সম্প্ৰদান হৈ গ’ল।
   মণ্ডলৰ ঘৰৰ পৰা খবৰ আহিল,- দৰা এতিয়াও ভাল হোৱা নাই। আজি আহিব নোৱাৰে, অইন এদিন ভাল দিন চাই হোম পোৰা হ’ব।”
   সকলোৱে আমোদ উপভোগ কৰিলে। বহুত দিনীয়া আশা পূৰ হোৱাত দয়াৰাম, কপাহী, সুভদ্ৰা—সকলোৰে আনন্দৰ পাৰ নোহোৱা হ’ল।
   বুঢ়া-মেথাই ক’লে —“যি যাৰ তিল-মাহ খাই আহিছে তাৰ হ’বই, তাক কোনে খণ্ডাব।”

   পুৰোহিতে ক’লে,—“বিধতাৰ লিখিতা, কি কৈ বাধিতা।” [ ১১২ ]
বিংশ অধ্যায়৷
অতি লোভৰ পৰিণাম।

   নৰাই শৰ্ম্মাৰ ধন আৰু নোলাল। চোৰ কোন খিনি পালেগৈ কোনে জানে ! নৰাইৰ এতিয়া সকলোৰে ওপৰত খং। বাবাজীক লগ পোৱাৰ পাচত তেওঁৰ চেনিৰামৰ ওপৰত উঠা খং মাৰ গৈছিল, বৰং কৃতজ্ঞতাৰ ভাব হে জন্মিছিল। এতিয়া সি ওলোটা হৈ পৰিল। তেওঁ ভাবিলে,— ‘এই চেনিৰামেই মোৰ সৰ্ব্বনাশৰ গুৰি। সি যদি সেই দিনা পুৱা। মোৰ ঘৰলৈ আহিলহেতেন, মই কেতিযাও ওলাই নগলোঁ- হেতেন, তেতিয়া বাবাজীয়ে মোৰ ধন-সোণ চুৰ কৰিবলৈ চল নাপালেহেতেন! এই চেনিৰামকেই কিবা এটা কৰিব লাগিব।”
   কিন্তু কৰিব কি! বহুত ভাবি-চিন্তি তেওঁ চেনিৰামৰ ঘৰ পালেগৈ। চেনিৰামক মাতি ক’লে,—“মোৰ টকাৰ দৰকাৰ হৈছে, মোৰ টকাকেইটা দে।”
   চেনি।—দে বুলিলেই ক’ব পৰা দিম। বিচাৰি-খোচাৰি পালেহে দিব পাৰিম।
   নৰাই।—মই সেইবোৰ নাজানে।। অাজি নহলেও কাইলৈ মোক লাগেই। আজিলৈকে দুবছৰ পাঁচ মাহৰ সুত ১৮% অনা আৰু মূলৰ একুৰি গোটেইখিনি লাগে।
   চেনি —টকা দিওঁতেই দেখোন আপুনি সুত নালাগে বুলি [ ১১৩ ] কৈছিল। সেই দেখিয়েই ময়ো যেতিয়াই মাতিছে তেতিয়াই কাম কৰি দি আছো।    নৰাই।—কাম কৰি দিছ। সেই দিনা মই মাতোঁতে গৈছিলি? তই যদি গলিহেতেন মোৰ ধন-সোণখিনি যাবলৈ নাপায়। তোৰ পৰাই মোৰ সৰ্ব্বনাশ হ’ল, মই এটা পায়ো নেৰোঁ।
   চেনি।—এৰকেই বা ধৰণেই, মই হ’লে সুতৰ এটা পইচাও নিদিওঁ।
   নৰাই।—বাৰু দি নে নিদিয় দেখিম। মই কালিলৈ দিনটো বাট চাম। কালিলৈ টকা নাপালে পৰহিলৈ খত দাখিল দি মোকৰ্দমা কৰিম। তেতিয়া ভেটি এৰিব লাগিব, মনত ৰাখিবি।
   এনেকৈ কৈ মুখেৰে ভোৰভোৰাই গালি-শপনি পাৰি নৰাই সেই লাটৰ মণ্ডলৰ ঘৰলৈ গ’ল। মণ্ডলক চেনিৰামৰ মাটিৰ পৰিমাণ আৰু পট্টাৰ নম্বৰটো বিচাৰি দিবলৈ ক’লে। দাগ-চিঠা, জমাবন্দী অাদি চাই মণ্ডলে ক’লে —“ক’তা। চেনিৰামৰ নামত কোনো মাটি নাই।”
   নৰাই।—কিয় নহ’ব! সি মোৰ পৰা টকা আনি মাটি কিনাৰ কথা মই নিজে জানো। মাটি নিকিনাকৈ সি ঘৰ সাজিলে নে ?
   মণ্ডল —মই কেনেকৈ ক’ম! মাটি কিনিছে যদি এতিয়াও নামজাৰি হোৱা নাই। [ ১১৪ ]    নৰাই।-নাম জাৰি নহলে জানো নীলামত দিব নোৱাৰি।
   মণ্ডল।—তাৰ যেতিয়া নামেই নাই লোকৰ মাটি ক্ৰোক কৰিব কেনেকৈ?
মূৰে-কপালে হাত দি বকি কি নৰাই ঘৰলৈ আহিল।
   যিদিনা সৰ্ব্বেশ্বৰ পণ্ডিতৰ ঘৰত নৰায়ে কাজিয়া লগাইছিল, সেইদিনাই চেনিৰামে নৰাইৰ ধাৰ মৰাৰ কথা ভাবিছিল আৰু পণ্ডিতৰো সাহায্য বিচাৰিছিল। পণ্ডিতে তাৰ উত্তৰত কৈছিল, —“যদি তই মোৰ ঘৰত খেতি-বাতি কৰ, তেন্তে বামুণৰ ৰূপ কুৰি ময়ে দিব পাৰো। মোক খত-পত্ৰ একো দিব নালাগে। দৰমহাও বামুণে যি দিছিল তাতকৈ দুটকা বেচি দিম। আৰু যদি তোৰ কামত ভাল পাওঁ, তেনেহলে সেই কুৰি টকাও নিবিচাৰোঁ।”
   নৰায়ে ধন সাধিলত চেনিৰাম পণ্ডিতৰ ওচৰলৈ গ’ল; নৰায়ে যে সুত নেৰে, ঘৰৰ ভেটিটোও লবলৈ হুমিয়াইছে তাকো পণ্ডিতক ক’লে।
   পণ্ডিতে সুধিলে,—“ঘৰৰ ভেটিটোত মাটি কিমান হ’ব?”
   চেনি।—জানো, মনত নাই।
   পণ্ডিত৷—পট্টাখন লৈ আহিবি।
   চেনি।—পট্টা পোৱাই নাই।
   পণ্ডিত৷—নামজাৰি কৰালি নে নাই ?
   চেনি৷- নাই কৰোৱা।
   পণ্ডিত।—খতখন কি হ’ল ? [ ১১৫ ]    চেনি৷—ঘৰতে আছে।
   পণ্ডিত৷—বৰ ভাল কথা। সেইখন নেহেৰুৱাবি।
   চেনি।—মই ভাবিছোঁ সোনকালে বামুণৰ লেঠাটো মাৰি পেলোৱাই ভাল। কিমান লোকৰ কথা শুনি থাকিম। আপুনি টকা দিম বুলিছিল নহয়? সেই হে আহিলোঁ। এইবাৰ আপোনাৰ খেতিতে লাগিম বুলি ঠিক কৰিছো।
   পণ্ডিত৷—ঠিক কৰা শুনি মই ভাল পাইছোঁ। কিন্তু বামুণক টকা দিবৰ প্ৰয়োজন নাই। ভালভাবে কোৱা হ’লে মূল কেইটকা দিবলৈ কলোঁহেতেন, কিন্তু সি যিদৰে বৰমতালি কৰিবলৈ আহিছে তাক এটা পইচাও দিব নালাগে। সেই টকা তাৰ নহয়, তোৰ শহুৰেকৰ। তেতিয়া চুৱা গুচাবলৈকো টকা নাই বুলিছিল নহয়। এতিয়া চোৰক দিবলৈ আঢ়ৈ হেজাৰ টকা ক’ত পালে!
   চেনি।— নিদিলে মোকৰ্দমা কৰিম বুলিছে।
   পণ্ডিত।-কৰিব নোৱাৰিছে! সি কেনেকৈ টকা আদায় কৰে দেখা যাব। তই ভাবিব নালাগে, তাৰ দায় মই লৈছোঁ। ভৰিব লাগে যদি মই ভৰিন।
   চেনিৰাম ৰং মনেৰে ঘৰলৈ উলটিল আৰু পণ্ডিতে কোৱা কথা ঘৈণীয়েকক ক’লে। ঘৈণীয়েকেও পণ্ডিতৰ কথাকে সমৰ্থন কৰিলে। সেই কাৰণে চেনিৰামে বামুণৰ লেঠা মৰাৰ কোনো চেষ্টাকে নকৰিলে।
   পিচ দিনা নৰাই আকৌ টকা বিচাৰি আহিল।। চেনিৰামে [ ১১৬ ] ক’লে,—“আপুনি নিজে সুত নলওঁ বুলি কৈছিল, এতিয়া আকৌ সুত নাপালে মোকৰ্দ্দমা কৰিব খুজিছে। সেই দেখি ময়ো সুতহে নালাগে মুলো নিদিওঁ। যাওক, মোকৰ্দ্দমা কৰকগৈ।”
   নৰায়ে গালি-শপনি পাৰি চেনিৰামক মাৰিবলৈ খেদা মাৰি গ’ল। তাকে দেখি ৰূপহী আগ বাঢ়ি আহি ক’লে,— তুমি লোকৰ ঘৰত ইমানকৈ দপদপাইছা কিয়? কোনোবাই উলটি হাত লগালে কোনে অপমান পাব, সেইটো ভাবি চোৱাচোন। ৰূপ কুৰি আমাক দিছিলা দেখি বিচাৰি আহিছা, নিদিয়া হ’লে বাকী আঢ়ৈ হেজাৰৰ লগতে নগ’ল হেতেন' নে? সেই দেখি ইয়াকো চোৰে নিলে বুলিযেই নধৰা কিয়? তাতে কোনো টকাই তোমাৰ অাৰ্জ্জনৰ নহয়। পিতায়ে নিজে নাখাই পুতি থৈছিল। তুমি যদিও হাত কৰি ল’লা, খাব নোৱাৰিলা। নাখাই-নব’ই পুতি থোৱা আৰু চোৰ নিয়া দুয়োটা একে কথাই। সেই দেখি ইয়াত গোলমাল কৰি অাৰু অপমান বিচাৰি নলবা। গুচি যোৱা।”
   নৰায়ে ৰূপহীকো অকথ্য ভাষাৰে গালি পাৰি পাৰি সেই ঠাই এৰিলে। মুঠতে তেওঁৰ টকা আদায নহ’ল।
   নৰাইৰ গ্ৰহ মন্দ। টকা-পইচাতো গলেই, খেতি কৰাবলৈ কো হালোৱা নোপোৱাত পৰিল। চেনিৰাম পণ্ডিতৰ ঘৰত হালোৱা সোমাল। আন হালোৱাক দৰমহা লাগে চেনিৰামৰ দুগুণ। সিমান টকা নৰায়ে দিব নোৱৰাত হালোৱা ৰাখিব [ ১১৭ ] নোৱাৰিলে। আগতে বন্দবস্ত নকৰাত মাটিখিনি আধি দিবও নোৱৰা হ’ল। শেহত কেই ডৰামান খাজান ভৰাকৈ দিলে; বাকীখিনি চনতে থাকিল।
   এতিয়া নৰাইৰ আন কথা নাই, মাত্ৰ বাবাজী, চেনিৰাম, সৰ্ব্বেশ্বৰ পণ্ডিত। যেনি যায় তেনি এওঁলোকক গালি পাৰি ফুৰে। তাকে দেখি বহুতে ভেঙুচালি কৰি জোকায়, এৱোঁ যাকে তাকে মাৰিবলৈ খেদি ফুৰে। কাকো একো কৰিব নোৱাৰি কেতিয়াবা এওঁ নিজৰ চুলিকে ছিঙে, নাইবা কপালত ভুকুৱায়।
   সকাম-নিকামলৈকো মানুহে মাতিবলৈ এৰিলে, হোৱাই নোহোৱাই তেওঁ যজমানক গালি পাৰে, শ্ৰাদ্ধৰ মন্ত্ৰ মাতি যাওঁতে মাজতে বাবাজী, ধন-সোণ, চেনিৰাম, সৰ্ব্বেশ্বৰ পণ্ডিত অাদি যি পায় তাকে বলকি যায়। কেতিয়াবা আকৌ আশীৰ্ব্বাদৰ মাজতে চিঞৰি উঠে, —“হতচিৰী হবি, ভেটিত তিতা লাও গজিব, শূদিৰ ধনী হ’ল, ভেকুলীয়ে পানী পালি", ইত্যাদি।
   এনেকৈয়ে দুমাহমান যোৱাত নৰাই শৰ্ম্মা সম্পূৰ্ণৰূপে পগলা হ’ল। এতিয়া তেওঁ পগলা ফাটেকত।

অন্ত
Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)