কথা বতৰা ঠিক হোৱাৰে পৰা দয়াৰাম মাজে সময়ে জালিৰ ঘৰলৈ আহি গৈ থাকে, কেতিয়াবা তাতে খায়, কেতিয়াবা ৰাতি হ’লে তাতে থাকেও।
কিন্তু ঈশ্বৰৰ কি ইচ্ছা কোনেও ক’ব নোৱাৰে। বিয়ালৈ ঘাৰ দিন থাকোঁতেই হঠাৎ জ্বালিৰ জ্বৰ হ’ল আৰু তিন দিন জ্বৰত ভুগিয়েই দেহা এৰিলে। আকৌ সুভদ্ৰা আৰু কপাহীৰ হাহাকাৰ লাগিল। বিয়া পৰিল।
জালিৰ প্ৰেতকাৰ্য্য হৈ যোৱাৰ পাচত হালিয়ে বৌয়েকৰ ওচৰ চাপি আকৌ ককায়েকৰ আগত কোৱা কথাকে দোহাৰিলে। তাৰ লগতে ক’লে,—“ককাই মৰিছে, মই আছোঁ। তোমালোকৰ ভালৰ নিমিত্তে মই নাভাবি নোৱাৰোঁ। সেইহে কৈছোঁ চপনীয়া ৰখাৰ কথা এৰি দিয়া। দয়াৰামতকৈও ভাল অথচ ধনী মানী লৰা মই ঠিক কৰিম। কোনটা ভাল, কোনটো বেয়া ভালকৈ এবাৰ ভাবি চোৱাঁ।
সুভদ্ৰাই ক’লে—“কি ভাল, কি বেয়া এতিয়া ভাবিবলৈ যোৱা মিছা। মৃতকৰ ইচ্ছা পূৰ নকৰিলে তেওঁক সিপুৰীতো দুখ দিয়া হ’ব। কপালী আৰু দয়াৰামেও তেওঁলোকৰ বিয়া হ’ব বুলি আগৰে পৰা জানে। এতিয়া তাক ভাঙিব নোৱাৰি। মই কোনোমতেই দয়াৰামৰ বাহিৰে আনক ছোৱালী নিদিওঁ।”
হালি আকৌ বিফল-মনোৰথ হ’ল। সুভদ্ৰাই এজন পণ্ডিতৰ হতুৱাই দিন বাৰ চোৱাই বহাগৰ চৌবিশ তাৰিখে বিয়া পাতিবলৈ স্থিৰ কৰিলে।