পৃষ্ঠা:অদৃষ্ট.pdf/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


   মদনে আনন্দেৰে ক’লে,-বৰ সজ কথা। আজিয়েই মানুহ পঠিয়াব পাৰে। লৰাও চাই আহিব পাৰিব।”
   সুধনে ক’লে,—“এৰা, চাই-চিতি কাম কৰা ভাল৷ তেওঁ বুলি মই যি কৈছোঁ আপুনি তাতকৈ ভাল দেখিলেও বেয়া নেদেখে।”
   ভূধৰ। আজিয়েই যোৱা সম্ভব নহয়। আপোনালোক যাওক, মই নিজে চ’ঠা দিনালৈ যাম।
   তেতিয়া মদনে বিদায় ল’লে। ভূধৰে বংশ-পৰিয়ালৰ লগত অালোচনা কৰিলে, মোমায়েক হৰনাথৰো মত সুধিলে। সকলোৰে মত থকাত তেওঁ নিদিষ্ট দিনত দৰা-ঘৰ চাবলৈ গ’ল।
   দৰা-ঘৰ চাই সুধনে যে মিছা কোৱা নাই তাক তেওঁ বুজিব পাৰিলে। সকলো কথাতে তেও সন্তুষ্ট হ’ল, মাত্ৰ এটা কথাত অলপ কোঁচ খালে। লৰাটোৰ গঢ়টো যদিও বেয়া। নহয়, তথাপি কিছু বেমাৰী যেন দেখি। বয়সো বেচি হোৱা যেন লাগে। এনেকুৱা ধনী মানুহৰ ঘৰৰ লৰাৰ ইমান বয়স- লৈকে বিয়া হোৱা নাই কিয় এইটো তেওঁ ভাবিব লগাত পৰিল। তেওঁ ক’লে —“লৰাৰ বয়স ডেৰ কুৰিৰ ওপৰ হ’ব পায়।”
   মদন শিয়ান মানুহ। কথাটো শুনিয়েই ভূধৰৰ মনোভাব ধৰি পেলালে। তেওঁ ততালিকে উত্তৰ দিলে,-“সিমান নহয়। এই ছাবিশত সোমাইছে মাথোন। অৱশ্যে অামাৰ বয়সৰ