বিয়াৰ একো বন্দবস্ত নহ’ল। এনেতে এজন প্ৰাৰ্থী ওলাল। তেওঁ পাঁচ শলৈকে গা-ধন দিবলৈ গাত ল’লে। তেওঁৰ নাম গদাধৰ শৰ্ম্মা, বয়স ৬৪ বছৰ। অলপ দিনৰ আগতে তেওঁৰ ঘৈণীয়েক ঢ়ুকাইছিল। তেওঁৰ পো-জীৰ বাহিৰেও নাতি নাতিনীও আছিল। এনেকুৱা বুঢ়াক সৰু ছোৱালীজনী দিয়াত বহুতে আপত্তি কৰিছিল, কিন্তু ভদ্ৰই নামানিলে। ইমানখিনি হাততে পোৱা টকা তেওঁ এৰি দিব পাৰে নে! যদিও ভদ্ৰৰ বয়স সত্তৰ আৰু চকু মুদিলে ধন-সম্পত্তি ভোগ কৰিবলৈ কোনো নাই, তথাপি কেনেকৈ দুটকা বেচিকৈ পুতিব এয়ে আছিল তেওঁৰ দিনে-ৰাতিয়ে চিন্তা। সেই কাৰণে তেওঁ কাৰো কথালৈ কাণ নিদি গদাধৰ লগত জীয়েকৰ বিয়া দিলে আৰু আগৰ জমা পোন্ধৰ শৰ লগত এই পাঁচশও লগ লগাই দুহেজাৰ কৰি পাতিলে।
জীয়েকৰ বিয়াৰ দুমাহমানৰ পাচতে আঠাৱন বছৰ বয়সত ভদ্ৰৰ ঘৈণীযেকৰ মৃত্যু হয আৰু ছোৱালী শান্তি হোৱাৰ আগতে গদাধৰৰো পৰলোক হয।
জীয়েকৰ বিয়াৰ পাচত ভদ্ৰই হিচাপ-কিতাপ কৰি দেখিলে যে তেওঁ মাটিখিনি আধি নিদি নিজে হালোৱা ৰাখি খেতি কৰোৱা হ’লে ইমান দিনে দুহেজাৰৰ ঠাইত কিজানি চাৰি হেজাৰ পুতিব পাৰিলেহেতেন। ইয়াকে ভাবি তেওঁ সেইবাৰ হালোৱা বিচাৰিলে আৰু বহুত দিন বিচৰাৰ পাচত এটা মানুহ পালে। মানুহটোৰ নাম চেনিৰাম, বয়স কুৰিৰ ওপৰ। তাৰ