পৃষ্ঠা:অদৃষ্ট.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিয়াৰ একো বন্দবস্ত নহ’ল । এনেতে এজন প্ৰাৰ্থী ওলাল । তেওঁ পাঁচ শলৈকে গা-ধন দিবলৈ গাত ল’লে । তেওঁৰ নাম গদাধৰ শৰ্ম্মা, বয়স ৬৪ বছৰ । অলপ দিনৰ আগতে তেওঁৰ ঘৈণীয়েক ঢ়ুকাইছিল । তেওঁৰ পো-জীৰ বাহিৰেও নাতি নাতিনীও আছিল। এনেকুৱা বুঢ়াক সৰু ছোৱালীজনী দিয়াত বহুতে আপত্তি কৰিছিল, কিন্তু ভদ্ৰই নামানিলে । ইমানখিনি হাততে পোৱা টকা তেওঁ এৰি দিব পাৰে নে ! যদিও ভদ্ৰৰ বয়স সত্তৰ আৰু চকু মুদিলে ধন-সম্পত্তি ভোগ কৰিবলৈ কোনো নাই, তথাপি কেনেকৈ দুটকা বেচিকৈ পুতিব এয়ে আছিল তেওঁৰ দিনে-ৰাতিয়ে চিন্তা । সেই কাৰণে তেওঁ কাৰো কথালৈ কাণ নিদি গদাধৰ লগত জীয়েকৰ বিয়া দিলে আৰু আগৰ জমা পোন্ধৰ শৰ লগত এই পাঁচশও লগ লগাই দুহেজাৰ কৰি পাতিলে ।
   জীযেকৰ বিয়াৰ দুমাহমানৰ পাচতে আঠাৱন বছৰ বয়সত ভদ্ৰৰ ঘৈণীযেকৰ মৃত্যু হয আৰু ছোৱালী শান্তি হোৱাৰ অাগতে গদাধৰৰো পৰলোক হয ।
   জীযেকৰ বিয়াৰ পাচত ভদ্রই হিচাপ-কিতাপ কৰি দেখিলে যে তেওঁ মাটিখিনি আধি নিদি নিজে হালোৱা ৰাখি খেতি কৰোৱা হ’লে ইমান দিনে দুহেজাৰৰ ঠাইত কিজানি চাৰি হেজাৰ পুতিব পাৰিলেহেতেন । ইয়াকে ভাবি তেওঁ সেইবাৰ হালোৱা বিচাৰিলে আৰু বহুত দিন বিচৰাৰ পাচত এটা মানুহ পালে। মানুহটোৰ নাম চেনিৰাম, বয়স কুৰিৰ ওপৰ । তাৰ