পৰিব। মিঠাই খাবলৈ দাৰোগাকো পাঁচ টকামান দিব লাগিব।
এয়ে-সেয়ে পোন্ধৰ টকামান হ’লেই হ’ব।
হৰই কিবা দৰকাৰ হ’ব পাৰে বুলি ঘৰৰ পৰা আহোঁতেই
ৰূপ একুৰি লৈ আহিছিল। তাৰে পোন্ধৰ টকা সূৰ্য্যৰ হাতত
দিলে।
সূৰ্য্য উকীলৰ ঘৰলৈ গ’ল আৰু দৰ্খাস্ত লিখি হৰৰ হতুৱাই দাখিল কৰালে। কিন্তু সেই দিনা তাৰ একো মীমাংসা নহ’ল।
হৰ আৰু বলো সেই নিশা সূৰ্য্যৰ ঘৰতে থাকিব লগাত
পৰিল। তেওঁলোকে নিজৰ খৰচতে টৌ-খুটি মাৰি দুয়ো সাজ
খালে।
পিচ দিনা দৰ্খাস্তৰ বিচাৰ হ’ল। প্ৰায় চাৰি বজাত দুশ
টকাৰ জামীনত দয়াৰামক এৰি দিয়া হ’ল। জামীন হ’ল
হৰনাথ।
দয়াৰামৰ পৰা হৰহঁতে জানিলে যে তেওঁ ঘৰৰ পৰা ওলাবৰ দিনাৰে পৰা তিন-চাৰি ৰাতিকৈ নাগশঙ্কৰ, বিশ্বনাথ, হলেশ্বৰ
মহাভৈৰৱ, ভৈৰৱী আদিত আছিল। সেই দিনাহে ভৈৰৱ-পদ
পাইছিল। ইযাৰ ভিতৰত তেওঁ কেতিয়াবা দেৱালয়ৰ প্ৰসাদ
খাযেই কটাইছিল আৰু কেতিয়াবা চাউল, আলুগুটি আৰু
নিমখ কিনি মলা এটাত ৰান্ধি খাইছিল। তেওঁ ঘৰৰ পৰা
অহোঁতে আগৰ সাঁচতীয়া একুৰি টকা লৈ আহিছিল, এনেকৈ
খাওঁতে তাৰে ৪% খৰচ হ’ল, বাকী ১৫ অনা তেওঁক
ধৰোঁতে পুলিচে কাঢ়ি লৈছিল। এতিয়া খুঁজিলে কিজানি
পৃষ্ঠা:অদৃষ্ট.pdf/১০৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে