মাক মৰাৰ পাচৰ পৰাই তেওঁলোকৰ মাজত অলপ আহুকালে দেখা দিলে আৰু সি দিনে দিনে বাঢ়িবলৈ ধৰিলে। লৰা-ছোৱালীকেইটা টেটুত লগাত সুভদ্ৰাই আগৰ দৰে কাম কৰিব নোৱৰাত পৰিল। জালিয়ে হাল মেলি আহি সলনি নিদিলে তেওঁ পথাৰলৈ যাব নোৱাৰে। পথাৰলৈ নগলেও সুভদ্ৰাৰ আজৰি নাথাকে। ধান বনা, পানী অনা, গোবৰ পেলোৱা, ভাত ৰন্ধা আদি গোটেইখিনি কামৰ ভাৰ তেওঁৰ মূৰতে। তথাপিও সুমথিৰাৰ মনত অসন্তোষে দেখা দিলে। তাতে অকলশৰীয়াকৈ পাই গাৱঁৰ ৰোৱণীহঁতে ক’বলৈ ধৰিলে,—“তই কুমলীয়া ছোৱালী, ইমানকৈ খাট কিয়? তহঁতৰ নো খায় কোনে। মতা-মাইকী এহাল খাবলৈ নো কি! সিহঁতৰ খায় এপালে, কাম কৰি মৰ তহঁত।”
এনেকৈ লগনীয়া কথা শুনি সুমথিৰাৰ মন ভাগি গ’ল; আজি পেটৰ বিষ, কালিলৈ মূৰৰ কামোৰ ইত্যাদি আপত্তি উলিয়াই পথাৰলৈ নোযোৱা হ’ল, হালিয়েও একো উপায় নোপোৱাত পৰিল। ওচৰ-চুবুৰীয়াই ক’লে,—“তাই সৰু ছোৱালী, ইমানকৈ খাটিলে বেমাৰ নো কিয় নহ’ব | তাতকৈ তহঁত বেলেগ নহৱ কিয়? সিহঁতে এপাল লৰা-ছোৱালীৰে তহঁতক গৰুৰ দৰে বাই খাব আৰু তহঁতে চামোন হৈ সিহঁতে যি কয় তাকে কৰি যাবি। এইটো কি কথা! আমি হ’লে বেলেগ হোৱাহে ভাল দেখোঁ।”
সেই একে মানুহেই আন ফালে জালিক ক’লে,—“বিয়া