সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
বামুণ-শূদিৰ

মাতিলে। কাম এৰি চেনিৰাম তেওঁৰ ওচৰলৈ আহিল। নৰায়ে ক’লে,—“তোক মই পুৱাতে মাতিছিলোঁ নহয়, নগলি কিয়?”

 চেনি। মই পণ্ডিতৰ গোহালি-ঘৰটো সাজি দিম বুলি দহ টকাত ঠিকা লৈছিলোঁ; বিহুৰ দিনা গৰু বান্ধিবলৈ উলিয়াই দিব লাগে। কাম নৌ হওঁতেই পৰহি পাঁচ টকা নিলোঁ। তাৰেই দেওবৰীয়া হাটৰ পৰা বৰা চাউল, গুৰ আৰু তিল আনিলোঁ। এতিয়া উৰুকাৰ দিনাই ঘৰটো নোলালে নহয়। নৰাই। মই সেইবোৰ একো নাজানো। তই আজি মোৰ ঘৰত কাম কৰিবই লাগিব। পণ্ডিতৰ ঘৰ দুদিন পিচত ওলালেও হ’ব।

 চেনি৷ পণ্ডিতে এৰি নিদিলে মই যাব নোৱাৰোঁ।
 নৰাই। তই গ’লে পণ্ডিতে ধৰি ৰাখিব নোৱাৰে। ব’ল এতিয়া।
 চেনি। যাব পাৰিম, কিন্তু টকা দিব কোনে। পণ্ডিতে টকা নিদিলে কি কৰিম।
 নৰাই। টকা নিদিব! তাৰ বাপেকে দিব।

 সৰ্ব্বেশ্বৰ পণ্ডিতে ভিতৰৰে পৰা নৰাইৰ আৰু চেনিৰামৰ কথা-বতৰা শুনি আছিল। নৰাইৰ কথা শেষ হোৱাৰ লগে লগে তেওঁ ঘপ কৰে ওলাই আহি ক’লে,—“দেউ! ইমানতে আপুনি ইয়াৰ পৰা আঁতৰ হওক, নহলে কাছাৰী ঘৰলৈ যাব লগাত পৰিব।”