সেই দেখি চপনীয়া ৰখাত মোৰ মত নাই । মই সম্পত্তি
খাবলৈ এনেকৈ কোৱা নাই, মুঠেই ছোৱালীজনী লগতে
অামাৰো যাতে মান হেৰুৱাব নালাগে তাৰ কথা ভাবিহে
কৈছো ।”
জালি। মই মান-সন্মানৰ লোভ এৰিলোঁ, কোনে কি
ক’ব তাকো নাভাবোঁ । মনত যিটো ভাল লাগিছে তাকে
কৰিম, কাৰো কথা নুশুনো ।
একোপধ্যে জালিৰ মন ঘূৰাব নোৱাৰি হতাশ হৈ হালি
উঠি গ’ল। জালিয়ে লৰা বিচাৰিবলৈ ধৰিলে ৷ সেই সময়তে
দয়াৰামৰ বাপেক মৰে জাৰু দয়াৰ নাজল-নাথল অৱস্থা হয় ।
আগৰ অৱস্থা থকা হ’লে জালিয়ে দয়াৰামৰ ওচৰত প্ৰস্তাৱ
কৰিবলৈকে সাহস নকৰিলেহেতেন, কিন্তু এতিয়াৰ অৱস্থা তেওঁৰ
ইচ্ছাৰ আনুকুল । তেওঁ প্ৰথমতে আৰ-তাৰ যোগে দি অাৰু
পিচত নিজেই দয়াৰ ওচৰত তেওঁৰ প্ৰস্তাব দাঙি ধৰিলে। দয়াই
ভাবি-চিন্তি চাবলৈ আৰু আপোন মানুহৰ মত লবলৈ দিন
ল’লে। ইয়াৰ ভিতৰতে তেওঁ ছোৱালী চাই স্বভাৱ-চৰিত্ৰ
অাদিৰ বিষয়েও গম ল'লে । সকলো তেওঁৰ মনোমত হ’ল ।
তেতিয়া তেওঁ জালিৰ প্ৰস্তাৱত সন্মতি জনালে । তেতিয়া এইটো
ঠিক হ’ল যে ফাগুনৰ সাত দিন যোৱাত বিয়াখন পতা হ’ব ।
দয়াৰামে নিজৰ ঘৰৰ পৰাই বিয়া কৰাব আৰু বিয়াৰ পাচত
তেওঁৰ যি বয-বস্তু আছে সকলো লৈ জলিৰ ঘৰলৈ উঠি
আহিব৷