সেই দেখি চপনীয়া ৰখাত মোৰ মত নাই। মই সম্পত্তি খাবলৈ এনেকৈ কোৱা নাই, মুঠেই ছোৱালীজনী লগতে আমাৰো যাতে মান হেৰুৱাব নালাগে তাৰ কথা ভাবিহে কৈছো।”
জালি। মই মান-সন্মানৰ লোভ এৰিলোঁ, কোনে কি ক’ব তাকো নাভাবোঁ। মনত যিটো ভাল লাগিছে তাকে কৰিম, কাৰো কথা নুশুনো।
একোপধ্যে জালিৰ মন ঘূৰাব নোৱাৰি হতাশ হৈ হালি উঠি গ’ল। জালিয়ে লৰা বিচাৰিবলৈ ধৰিলে। সেই সময়তে দয়াৰামৰ বাপেক মৰে জাৰু দয়াৰ নাজল-নাথল অৱস্থা হয়। আগৰ অৱস্থা থকা হ’লে জালিয়ে দয়াৰামৰ ওচৰত প্ৰস্তাৱ কৰিবলৈকে সাহস নকৰিলেহেতেন, কিন্তু এতিয়াৰ অৱস্থা তেওঁৰ ইচ্ছাৰ আনুকুল। তেওঁ প্ৰথমতে আৰ-তাৰ যোগে দি আৰু পিচত নিজেই দয়াৰ ওচৰত তেওঁৰ প্ৰস্তাব দাঙি ধৰিলে। দয়াই ভাবি-চিন্তি চাবলৈ আৰু আপোন মানুহৰ মত লবলৈ দিন ল’লে। ইয়াৰ ভিতৰতে তেওঁ ছোৱালী চাই স্বভাৱ-চৰিত্ৰ আদিৰ বিষয়েও গম ল'লে। সকলো তেওঁৰ মনোমত হ’ল। তেতিয়া তেওঁ জালিৰ প্ৰস্তাৱত সন্মতি জনালে। তেতিয়া এইটো ঠিক হ’ল যে ফাগুনৰ সাত দিন যোৱাত বিয়াখন পতা হ’ব। দয়াৰামে নিজৰ ঘৰৰ পৰাই বিয়া কৰাব আৰু বিয়াৰ পাচত তেওঁৰ যি বয-বস্তু আছে সকলো লৈ জলিৰ ঘৰলৈ উঠি
আহিব৷