তেওঁলোকৰ গোচৰ হয় নগাৱঁত। কিন্তু কিবা বস্তু কিনিব লগা
হ’লে নাইবা তেনে আন কাম থাকিলে, তেওঁলোক নগাৱঁলৈ
নগৈ তেজপুৰলৈ আহে। সূৰ্য্যই তেওঁলোকক এনেয়ে খুৱাব
লগাত পৰে। কিন্তু তেৱোঁ উকীলৰ মহৰী, পোন পটিয়ে
নোৱাৰিলেও অাও পাকে দি কিছু আদায় নকৰাকৈ নেৰে।
সূৰ্য্যই আলহীসকলৰ খেতি-বাতি কেনে হৈছে সোধাৰ চলতে
কাৰ ঘৰত কি আছে গম লয়। তাৰ পাচত এমোন মাহ বা
একলহ গুৰ নাইবা পাঁচসেৰ থেকেৰা, নহলে চাৰি পোন
তামোলৰে তেওঁৰ প্ৰয়োজন হৈ পৰে। তেওঁ আলহীক সেই
সেই বস্তু বিচাৰি দিবলৈ কয়, আৰু যি দাম পৰে দিবলৈ গাত
লয়। আলহীয়ে তেতিয়া আকৌ আহিব লগা হ’লে সেই বস্তু
লৈ অাহিব লগাত পৰে আৰু বিনামূল্যে দিবলৈ বাধ্য হয়।
মালতীক লগ ধৰাৰ পাচত মণিৰাম তেজপুৰলৈ আহিল।
জাহাজ বহুত ৰাতি তেজপুৰ পোৱাত তেওঁ তাতে শুই
থাকিল।
পিচ দিনা পুৱা শোৱাৰ পৰা উঠি মণিৰামে সূৰ্য্যৰ ঘৰলৈ
খোজ ল’লে। তেওঁ পীতাম্বৰৰ বিষয়ে সকলো কথা শুনিছিল,
কিন্তু জ্যোতিষী অাৰু সন্ন্যাসীৰ কথাখিনি সঁচা বুলি তেওঁ
বিশ্বাস কৰিব পৰা নাছিল। তেওঁ ভাবিছিল ইমান ধনী মানুহ
হৈও যেতিয়া তেজপুৰত ছোৱালী নাপালে, নিশ্চয় কিবা এটা
ডাঙৰ দোষ আছে। সেই দোষটো উলিয়াব পাৰিলেই বিয়াখন
ভাঙিবলৈ চেলু ওলাব। সূৰ্য্য সম্পৰ্কত তেওঁৰ ভিনীহিয়েক
পৃষ্ঠা:অদৃষ্ট.pdf/৫৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
আৱৰীয়া