পৃষ্ঠা:অদৃষ্ট.pdf/১১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দোকানীয়ে চাহ-জলপানৰে দিহা কৰিলে; হাত-ভৰি ধুই তিনিও জনে খাব লগাত পৰিল।
   খোৱাৰ পাচত বলোৱে হৰ আৰু দয়াৰ পৰিচয় দিলে। দোকানীয়ে দয়ালৈ চাই ক’লে,—“এৰা এওঁক আগতে ক’ৰবাত দেখা যেন লাগিছিল, এতিয়াহে ভালকৈ মনত পৰিছে?”
   বলোৱে পীতাম্বৰৰ বিয়া কলিয়াবৰত কেনেকৈ ভাগিল তাৰ আদ্যোপান্ত বিবৰণ দোকানীক জনাই ক’লে —“মোৰ বিশ্বাস হালিয়ে এইবোৰ কথা নজনাকৈ থকা নাই। তথাপি যে ছোৱালীজনীৰ মূৰ খাৰলৈ ওলাইছে, সেইটো অকল সম্পত্তিৰ লোভত। তেওঁ ভাবিছে যেনে-তেনে ছোৱালীজনী উলিয়াই দিব পাৰিলেই ককায়েকৰ সম্পত্তিখিনি ভোগ কৰিব পাৰিব। সেই দেখিয়েই দয়াৰামৰ লগত যাতে বিয়া নহয় তাৰ বাবে সদায় চেষ্টা কৰি আহিছে ।
   দোকানী৷-সেইটোৱেই সচা যেন লাগিছে। তাৰ উপৰি মণ্ডলৰ পৰা নগদ টকাও কিছু পাব পায়।
   বলো।—তাত সন্দেহ নাই।
   দোকানী।--এতিয়া কি কৰিব খোজে?
   বলো।—মই অকলৈ কি কৰিম! তোমালোকে যদি সাহায্য কৰা চেষ্টা কৰি চাব পাৰোঁ।
   দোকানী৷—কি সাহায্য লাগে?
   বলো৷—মোৰ বিশ্বাস পীতাম্বৰৰ বেমাৰ উক দিছে।