এজনীৰ টেটুত আঁৰি দিবা কিয়? ই বৰ অন্যায়। মই কওঁ
আপুনি এতিয়াও বিয়াখন বন্ধ কৰক। মই আপোনাৰ
অনুৰোধ ৰাখিব নোৱাৰিম। মোক মতাই আনিছে সূৰ্য্যই,
বেমাৰীও অাছে তেওঁৰ ঘৰতে। আনক নকলেও মই তেওঁক
সঁচা কথা ক’বলৈ বাধ্য।”
ইয়াৰ পাচত সূৰ্য্যই যেতিয়া ৰোগীক কেনে দেখিলে সুধিলে
ডাক্তৰে ক’ব লগাত পৰিল,—“ই সাংঘাতিক একো নহয়,
আঁৱৰীয়া বেমাৰ। যদিও ই ভাল নহয়, সময়ে সময়ে উকাই
থাকিব, তথাপি ৰোগী মৰাৰ ভয় নাই। কেনেবাকৈ ওচৰত
কোনো নাথাকোঁতে জুই নাইবা পানীত পৰিলেহে বিপদ।
এতিয়া সি ভাল হ’ব পাৰে, নহলে আৰু দুই এবাৰ এনে হ’বও
পাৰে। ভাল হ’লেও দুদিনমান জলকা লাগি থাকিব, আপোনা-
লোকে তাত ভয় নাখাব।”
মণিৰ মনত পৰম আনন্দ মিলিল। যি তথ্য বিচাৰি তেওঁ
তেজপুৰলৈ আহিছিল বিনা-চেষ্টাই সি ওলাই পৰিল। তেওঁৰ
এনেহে ইচ্ছা হৈছিল যেন সেই মুহূৰ্ত্ততে তেওঁ কলিয়াৰৰ
পাবগৈ। কিন্তু উপায় নাই; গধূলিৰ আগতে জাহাজ নাপায়।
পীতাম্বৰ সেই দিনা আৰু দুবাৰ মূৰ্ছা গৈছিল। যদিও
সূৰ্য্যই মদনক সেই দিনাই তেওঁৰ ঘৰৰ পৰা যাবলৈ কৈছিল,
তথাপি তাৰ সুস্থ নোহোৱাত যাব নোৱাৰিলে।
মণি ভিতৰলৈ গ’ল। বায়েক-ভিনীহিয়েকে ঘৰৰ আৰু
গাঁৱৰ বা-বাতৰি ল’লে আৰু হঠাৎ অহাৰ কাৰণ সুধিলে।
পৃষ্ঠা:অদৃষ্ট.pdf/৬০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
