আনফালে মণিৰ দৰে অৱস্থাৰ লৰা এটাক যাচি দিবলৈ গ’লে
তেওঁৰ সন্মান নৰয়। অকল সেয়ে নহয়, তেওঁৰ প্ৰস্তাব যদি
দধিহঁতে গ্ৰহণ নকৰে তেতিয়া তেওঁ অনাহকত লাজ পাব
লাগিব। কথাতে কয় বোলে যাচি দিলে নাই সুবৰ্ণৰো দৰ।
এনে অনিশ্চিত অৱস্থাত থাকেঁতেই পীতাম্বৰলৈ ধৰাত তেওঁ
আৰু বাট চোৱা উচিত বুলি বিবেচনা নকৰিলে। তেওঁ ভাবিলে,
হাততে পায়ো ভাল ঘৰৰ লৰাটো যদি এতিয়া এৰি দিয়া হয়,
পিচত কিজানি গেলা বৰালীতে হাত দিব লগাত পৰে! এই
দৰে সাত-পাঁচ গুনিহে তেওঁ মদনৰ প্ৰস্থাব গ্ৰহণ কৰিলে।
বাতৰিটো পাই মণিৰ বৰ বেজাৰ লাগিল; তেওঁৰ মনৰ
পোহনীয়া অাশা মাৰ গ’ল। কিন্তু দোষেই বা দিব কাক।
তেওঁতো তেওঁৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। অান হে নালাগে
মালতীকো তেওঁৰ মনোভাব জনোৱা নাছিল। এতিয়া
উপায় কি!
মণিয়ে পাটীত পৰি বহুত ভাবিলে। তাৰ পাচত-কিবা
এটা সঙ্কল্প স্থিৰ কৰি তিন দিনৰ ছুটী লৈ ঘৰলৈ আহিল।
সেই দিনাই মণিযে গোপনে মালতীক লগ ধৰিলে আৰু
তেওঁৰ মনৰ কথা ভাঙি ক’লে। উত্তৰত মালতীয়ে ক’লে,-
“আপোনাৰ যি ইচ্ছা মোৰো সেয়ে। পিচে মই কি কৰিম!
আপুনি কেতিয়াও তাপোনাৰ ইচ্ছাৰ কথা পিতাইক জনোৱা
নাই৷ মই কেনেকৈ তেনে কথা পিতাইক কওঁ। এষিা
অাকৌ ক’লেও লাভ নহয়।”
পৃষ্ঠা:অদৃষ্ট.pdf/৫৩
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
গোপন পৰামৰ্শ
