পুতি দিবি। তাৰ বাবে আগৰ বন্দবস্তমতেই দৰমহা পাবি৷
বাকী কেইমাহত মোৰ কিবা কাম থাকিলে খবৰ দিম, তেতিয়া
কৰি দি যাবি। এনেয়ে তোৰ ইচ্ছামতে য’তে মন যায় তাতে
কাম কৰিবি। সেয়ে হ’লে সুত মোৰ পৰাই দিম, তই দিব
নালাগে। ”
চেনিৰাম সন্মত হ’ল। টকাকেইটা লৈ গৈ মাটি কিনি
বহাটো সাজিলে আৰু বামুণৰ বাৰী এৰি একেবাৰেই উঠি
গ’ল।
নৰায়ে যদিও বাৰিষা চাৰিমাহৰ হে দৰমহা দিছিল, তথাপি
চেনিৰামক কাম কৰিবলৈ নমতা মাহ এটাও নাছিল।
কেতিয়াবা আনৰ ঘৰত কাম কৰি থকাৰে পৰা বামুণে লৈ
আহে। লাহে লাহে চেনিৰাম বিৰক্ত হ’ল। আন মানুহেও
ক’লে,—“হেৰ’ তই বামুণৰ ঘৰত খাটি মৰিছ কিয়? ইফালে
জেঠেৰী বৈনাই, তেও খত এখন লৈহে টকা দিছে। সুত নলওঁ
বুলিছে যদিও শেহত কি কৰে কোনে জানে! সুত নললেও
তোৰ লাভ নহয়। বামুণৰ ঘৰত যিমান দিন এনেয়ে কাম
কৰিছ, আনৰ ঘৰত কৰা হ’ল সুতহে নালাগে মুলো কেতিয়াবাই
আদায় হৈ গ’লহেতেন।”
কোনোৱে ক’লে,—“তোৰ বামুণৰ লগত কিহৰ মিতিৰ
শহুৰেকৰ টকা-পইচা, মাটি-বাৰী সোপাকে নৰায়ে পাইছে
তেও সি তহঁতক ঘৰৰ ভেটি এটাও এৰি দিব নোৱাৰিলে
আমি হোৱা হ’লে তাৰ পদূলিতো ভৰি নিদিলোঁহেতেন।”
পৃষ্ঠা:অদৃষ্ট.pdf/৩৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
বামুণ-শূদিৰ
