বাবা। কহাঁসে আউঁগা ৷ মেৰে জানেকী কোই খাস
জগহ নহীং হৈ।
নৰাই । এতিয়া আহিল ক’ৰ পৰা?
বাবা । উস নগৰকে শিৱাজীকে মন্দিৰসে । কল ৰাতকো
ৱহা পহুচকৰ ৱহীং ঠহৰ গয়া ।
নৰাই । আজি ক’ত থাকিব ?
বাবা । জাহাঁ পৰ হী ৰাত হোতী হৈ। পেড়কে নীচে,
পহাড়, মৰঘট য়ে হি মেৰে ৰহনেকে স্থান হৈ ।
নৰাই। দয়া কৰি দুখীয়াৰ ঘৰত পদ-ধূলা দিব নে ?
বাবা ৷ হম গৃহস্থ আদমীকে ঘৰ নহীং জাতে ।
নৰাই । নহয়, দয়া কৰি মোৰ ঘৰত এবাৰ পদধূলা দি
অাক ।
বাবা । ৱহ মেৰে নিয়মকে বাহৰ হৈ । ফিৰভী তুমহাৰা
মন দুখানা নহী চাহতা । ঘৰ কিতনা দূৰ হৈ ?
নৰাই । বেচি নহয় । অলপ সোমাই গ’লেই পাম।
নৰাইৰ কাকূতিত সন্তুষ্ট হৈ বাবাজীজন তেওঁৰ লগে লগে
গ’ল আৰু নৰাইৰ ঘৰ পালে। নৰায়ে চৰা ঘৰতে পীৰা এখন
পাৰি বহিবলৈ দিলত বাবাজীয়ে ক’লে,- ”মৈ ঘৰকে অন্দৰ
নহীং বৈঠতা । (আকাশলৈ আঙ্গুলিয়াই) য়হী মেৰা
ঘৰ হৈ । ”
নৰায়ে তেতিয়া পীৰাখন আনি চোতালত দিলে । বাবাজী
বহিল। তাৰ পাচত তেওঁ কাহী এখনত তুলি কল একাষি
পৃষ্ঠা:অদৃষ্ট.pdf/৪২
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
