পৃষ্ঠা:অদৃষ্ট.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিয়া বুলিলে জানো মুখৰ কথাতে বিয়া হয়! অলঙ্কাৰ- পাতি, কাপোৰ-কানি গোটাবলৈকো ধনৰ দৰকাৰ। যদি তেতিয়ালৈকে বাট চাব পাৰা তেতিয়া মোৰ কোনো আপত্তি নাই।”
   হৰ।—এনেয়ে বাট চোৱাত কোনো কথা নাছিল, কিন্তু এতিয়া বাট চাব নোৱাৰি। আপুনি জানে বহাগৰ একুৰি এদিন যোৱাত বিয়াৰ কথা আছিল। সেই মতে সকলো যোগাৰ হৈ গ’ল। এতিয়া সেই সমলেৰেই সেই দিনাই বিয়াখন পাতিব লাগে। সেই হে আপোনাক ইমানকৈ টানি ধৰিছো। আপুনি ভয় খাবৰ একো কাৰণ নাই। অামাক একো নালাগে, অকল দৰাটো পালেই হ’ল। অলঙ্কাৰ- পাতি, কাপোৰ কানি কিবা আছে যদি দিব পাৰে, নিদিলেও কোনো কথা নাই
   দধি।- অলঙ্কাৰ কাপোৰ থাকিলেও আজি কালিৰ লৰা- ছোৱালীয়ে জানো সেইবোৰ পছন্দ কৰিব।
   হৰ৷— নকৰে নাই। অামি আপত্তি কৰিলেহে। এতিয়া কামটো চলক। পিচত সিহঁতে ধন ঘটি পছন্দমতে লৈ থাকিব।”
   দধি।– সেইটো বাৰু পালোঁ। পিচে ঘৰকেইটাৰ কি অৱস্থা, তাক নোচোৱা কিয়? উৰুষণি নপৰা ঠায়েই নাই। বিয়া বাৰু হলেই, থাকিব ক’ত?
   হৰ৷ –বিয়া কৰায়েই ছোৱালীজনী ইয়াত থৈ সি গুচি