নৰাই।-নাম জাৰি নহলে জানো নীলামত দিব নোৱাৰি।
মণ্ডল।—তাৰ যেতিয়া নামেই নাই লোকৰ মাটি ক্ৰোক
কৰিব কেনেকৈ?
মূৰে-কপালে হাত দি বকি কি নৰাই ঘৰলৈ আহিল।
যিদিনা সৰ্ব্বেশ্বৰ পণ্ডিতৰ ঘৰত নৰায়ে কাজিয়া লগাইছিল,
সেইদিনাই চেনিৰামে নৰাইৰ ধাৰ মৰাৰ কথা ভাবিছিল আৰু
পণ্ডিতৰো সাহায্য বিচাৰিছিল। পণ্ডিতে তাৰ উত্তৰত কৈছিল,
—“যদি তই মোৰ ঘৰত খেতি-বাতি কৰ, তেন্তে বামুণৰ ৰূপ
কুৰি ময়ে দিব পাৰো। মোক খত-পত্ৰ একো দিব নালাগে।
দৰমহাও বামুণে যি দিছিল তাতকৈ দুটকা বেচি দিম। আৰু
যদি তোৰ কামত ভাল পাওঁ, তেনেহলে সেই কুৰি টকাও
নিবিচাৰোঁ।”
নৰায়ে ধন সাধিলত চেনিৰাম পণ্ডিতৰ ওচৰলৈ গ’ল;
নৰায়ে যে সুত নেৰে, ঘৰৰ ভেটিটোও লবলৈ হুমিয়াইছে তাকো
পণ্ডিতক ক’লে।
পণ্ডিতে সুধিলে,—“ঘৰৰ ভেটিটোত মাটি কিমান হ’ব?”
চেনি।—জানো, মনত নাই।
পণ্ডিত৷—পট্টাখন লৈ আহিবি।
চেনি।—পট্টা পোৱাই নাই।
পণ্ডিত৷—নামজাৰি কৰালি নে নাই ?
চেনি৷- নাই কৰোৱা।
পণ্ডিত।—খতখন কি হ’ল ?
পৃষ্ঠা:অদৃষ্ট.pdf/১১৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
অদৃষ্ট