পৃষ্ঠা:অদৃষ্ট.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম অধ্যায় ।
বামুণ-শূদিৰ ।

   চ’তৰ বিহু ওচৰ চাপিছে । সকলো মানুহেই বিহুৰ আয়ো- জনত লাগিছে। কোনোয়ে বাট পদূলি অতাইছে, কোনোৱে তৰাৰ পঘা বাটিছে, কোনোৱে উদঙীয়া গৰু বিচাৰি আনিছে, কোনোৱে গোহালি ঘৰ ভাল কৰিছে ।
   জীয়াৰী-বোৱাৰীহঁতে জা জলপানৰ আয়োজন কৰিছে, লগে লগে বিহুৰ গামোচা বোৱাত দিন-ৰাতিৰ ছেদভেদ নোহোৱা কৰিছে ।
   নৰাই শৰ্ম্মাৰ ঘৰ তেজপুৰ নগৰৰ পৰা তিনি মাইল আঁতৰত । ঘৰদুৱাৰৰ অৱস্থা আগেযে বৰ বেয়া আছিল, এতিযা কিছু ভাল হৈছে । সেই বুলি পিৰালিবোৰ খহি গৈছে, বাট-পদূলিবোৰ লেতেৰা হৈযে আছে ।
   ৰাতিপুৱা শোৱাৰ পৰা উঠি নৰাই শৰ্ম্মা পদূলিলৈ ওলাল আৰু বাটলৈ চাই থাকিল। অলপ পৰ তেনেকৈ থাকি তেওঁ নিজে নিজে কলে, -“বিহুলৈ মুঠেই তিন দিন আছে। বাৰী- ঘৰবোৰ লেতেৰা হৈয়েই থাকিল। বেচি নোৱাৰিলেও ভাগ ফালৰ পিৰালিকেইটা বান্ধি পদূলিমুখখন অঁতাই ৰাখিব