এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চ’তৰ বিহু ওচৰ চাপিছে। সকলো মানুহেই বিহুৰ আয়োজনত লাগিছে। কোনোয়ে বাট পদূলি অতাইছে, কোনোৱে তৰাৰ পঘা বাটিছে, কোনোৱে উদঙীয়া গৰু বিচাৰি আনিছে, কোনোৱে গোহালি ঘৰ ভাল কৰিছে।
জীয়াৰী-বোৱাৰীহঁতে জা জলপানৰ আয়োজন কৰিছে, লগে লগে বিহুৰ গামোচা বোৱাত দিন-ৰাতিৰ ছেদভেদ নোহোৱা কৰিছে।
নৰাই শৰ্ম্মাৰ ঘৰ তেজপুৰ নগৰৰ পৰা তিনি মাইল আঁতৰত। ঘৰদুৱাৰৰ অৱস্থা আগেয়ে বৰ বেয়া আছিল, এতিযা কিছু ভাল হৈছে। সেই বুলি পিৰালিবোৰ খহি গৈছে, বাট-পদূলিবোৰ লেতেৰা হৈয়ে আছে।
ৰাতিপুৱা শোৱাৰ পৰা উঠি নৰাই শৰ্ম্মা পদূলিলৈ ওলাল আৰু বাটলৈ চাই থাকিল। অলপ পৰ তেনেকৈ থাকি তেওঁ নিজে নিজে কলে,—“বিহুলৈ মুঠেই তিন দিন আছে। বাৰী- ঘৰবোৰ লেতেৰা হৈয়েই থাকিল। বেচি নোৱাৰিলেও ভাগ ফালৰ পিৰালিকেইটা বান্ধি পদূলিমুখখন অঁতাই ৰাখিব