ক’লে,—“আপুনি নিজে সুত নলওঁ বুলি কৈছিল, এতিয়া
আকৌ সুত নাপালে মোকৰ্দ্দমা কৰিব খুজিছে। সেই দেখি
ময়ো সুতহে নালাগে মুলো নিদিওঁ। যাওক, মোকৰ্দ্দমা
কৰকগৈ।”
নৰায়ে গালি-শপনি পাৰি চেনিৰামক মাৰিবলৈ খেদা
মাৰি গ’ল। তাকে দেখি ৰূপহী আগ বাঢ়ি আহি ক’লে,—
তুমি লোকৰ ঘৰত ইমানকৈ দপদপাইছা কিয়? কোনোবাই
উলটি হাত লগালে কোনে অপমান পাব, সেইটো ভাবি
চোৱাচোন। ৰূপ কুৰি আমাক দিছিলা দেখি বিচাৰি
আহিছা, নিদিয়া হ’লে বাকী আঢ়ৈ হেজাৰৰ লগতে নগ’ল
হেতেন' নে? সেই দেখি ইয়াকো চোৰে নিলে বুলিযেই
নধৰা কিয়? তাতে কোনো টকাই তোমাৰ অাৰ্জ্জনৰ নহয়।
পিতায়ে নিজে নাখাই পুতি থৈছিল। তুমি যদিও হাত কৰি
ল’লা, খাব নোৱাৰিলা। নাখাই-নব’ই পুতি থোৱা আৰু
চোৰ নিয়া দুয়োটা একে কথাই। সেই দেখি ইয়াত গোলমাল
কৰি অাৰু অপমান বিচাৰি নলবা। গুচি যোৱা।”
নৰায়ে ৰূপহীকো অকথ্য ভাষাৰে গালি পাৰি পাৰি সেই
ঠাই এৰিলে। মুঠতে তেওঁৰ টকা আদায নহ’ল।
নৰাইৰ গ্ৰহ মন্দ। টকা-পইচাতো গলেই, খেতি কৰাবলৈ
কো হালোৱা নোপোৱাত পৰিল। চেনিৰাম পণ্ডিতৰ ঘৰত
হালোৱা সোমাল। আন হালোৱাক দৰমহা লাগে চেনিৰামৰ
দুগুণ। সিমান টকা নৰায়ে দিব নোৱৰাত হালোৱা ৰাখিব
পৃষ্ঠা:অদৃষ্ট.pdf/১২০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
অদৃষ্ট