পৃষ্ঠা:অদৃষ্ট.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

   প্ৰথম।—কোন হয়, কোন নহয় কেনেকৈ জানিবা। নৰাই শৰ্মাৰ ধন-সোণ নিলে এনেকুৱা এটা বাবাজীয়েই।
   দ্বিতীয়।—অ’, হয় তো! পিচে চোৰ ওলাল নে?
   প্ৰথম।-কিয়, তুমি ক’ব নোৱাৰা?
   দ্বিতীয়।—মই সেই দিনাই গুৱাহাটীলৈ গৈছিলোঁ; কালি ৰাতিহে পালোঁহি!
   প্ৰথম।—চোৰ অাৰু ক’ত ওলাব। কেইটামান সন্ন্যাসী সেই দিনাই ধৰিছিল। কিন্তু পিচত নহয় বুলি প্ৰমাণ পোৱাত এৰি দিলে। দুদিন পাচত সিপাৰৰ পৰা অহা নেপালী গুৱাল এটাই সৌ পৰ্ব্বতৰ সিমুখে থকা ভৈৰবপদৰ ওচৰত বাবাজী এটাক ভাত ৰন্ধা দেখা পাই পুলিচক জনালে। তাত আগে- পিচে সন্ন্যাসী বাবাজী নাথাকে দেখি কোনেও বিচৰা নাছিল। খবৰ পাই দলে বলে দাৰোগা এজন গৈ তাতে তেওঁক ধৰা পেলালে।
   দ্বিতীয়।—তেন্তে চোৰ ধৰা পৰিল?
   প্ৰথম।—ক’ত ধৰা পৰিল! ইয়াৰ লগত চোৰ বাবজীৰ সাদৃশ্য নাই। আন কি, এওঁ অসমীয়াৰ বাহিৰে আন কোনো ভাষাকে নুবুজে।
   দ্বিতীয়।—তেন্তে তাক এৰি দিলে?
   প্ৰথম।-নাই দিয়া।
   দ্বিতীয়।—কিয় ?
   প্ৰথম।—এওঁৰ আচৰণ সন্দেহজনক। এওঁৰ ডাঢ়ি আৰু