এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জাহাজ শিলঘাট পালেগৈ ৰাতি দহ বজাত। মণিয়ে
জাহাজৰ পৰা নামি ঘৰ পায়গৈ মানে এঘাৰ বাজি গ’ল।
মণিৰ যদিও ৰাতিয়েই ভূধৰক লগ ধৰিবৰ ইচ্ছা আছিল, তথাপি
তেতিয়া বহুত ৰাতি হোৱাত সেই ইচ্ছা পূৰাব নোৱাৰিলে।
পিচ দিনা ৰাতিপুৱা মণিৰাম ভূধৰৰ ঘৰলৈ গ’ল। ভূধৰে
সুধিলে ,—“অ’ বাপা! কেতিয়া আহিলা?”
মণি।—আহিলো পৰহিয়েই ।
ভূধৰ।—পৰহিয়েই আহিলা,তেও দেখাকে দিয়া নাই।
মণি।—মই তেজপুৰলৈ গৈছিলোঁ । কালি ৰাতিহে
পালোঁহি ।
ভূধৰ।-কিয? কিবা সকাম আছিল হবলা?
মণি৷ — একো নাছিল। তিন দিনৰ ছুটী লৈ আহিছিলোঁ। পিচে বোলো ঘৰতে বহি থকাতকৈ বাইদেউহঁতকো চাই অাহোঁ।
ভূধৰ।–“ভাল কৰিলা । পিচে আমাৰ কথা শুনিছা জানো? মালতীৰ বিয়া নহয়। বহাগৰ একুৰি এদিন যোৱাত। সময় পালেহিয়েই ।