চেনি৷—ঘৰতে আছে।
পণ্ডিত৷—বৰ ভাল কথা। সেইখন নেহেৰুৱাবি।
চেনি।—মই ভাবিছোঁ সোনকালে বামুণৰ লেঠাটো মাৰি
পেলোৱাই ভাল। কিমান লোকৰ কথা শুনি থাকিম।
আপুনি টকা দিম বুলিছিল নহয়? সেই হে আহিলোঁ।
এইবাৰ আপোনাৰ খেতিতে লাগিম বুলি ঠিক কৰিছো।
পণ্ডিত৷—ঠিক কৰা শুনি মই ভাল পাইছোঁ। কিন্তু
বামুণক টকা দিবৰ প্ৰয়োজন নাই। ভালভাবে কোৱা হ’লে
মূল কেইটকা দিবলৈ কলোঁহেতেন, কিন্তু সি যিদৰে বৰমতালি
কৰিবলৈ আহিছে তাক এটা পইচাও দিব নালাগে। সেই
টকা তাৰ নহয়, তোৰ শহুৰেকৰ। তেতিয়া চুৱা গুচাবলৈকো
টকা নাই বুলিছিল নহয়। এতিয়া চোৰক দিবলৈ আঢ়ৈ
হেজাৰ টকা ক’ত পালে!
চেনি।— নিদিলে মোকৰ্দমা কৰিম বুলিছে।
পণ্ডিত।-কৰিব নোৱাৰিছে! সি কেনেকৈ টকা আদায়
কৰে দেখা যাব। তই ভাবিব নালাগে, তাৰ দায় মই লৈছোঁ।
ভৰিব লাগে যদি মই ভৰিন।
চেনিৰাম ৰং মনেৰে ঘৰলৈ উলটিল আৰু পণ্ডিতে কোৱা
কথা ঘৈণীয়েকক ক’লে। ঘৈণীয়েকেও পণ্ডিতৰ কথাকে সমৰ্থন
কৰিলে। সেই কাৰণে চেনিৰামে বামুণৰ লেঠা মৰাৰ কোনো
চেষ্টাকে নকৰিলে।
পিচ দিনা নৰাই আকৌ টকা বিচাৰি আহিল।। চেনিৰামে
পৃষ্ঠা:অদৃষ্ট.pdf/১১৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
