ছোৱালীয়ে খাই থাকোতেই ছুই দিয়ে। তাৰ ফলত সি নিজে
ঠেকেচা খায়েই, ৰূপাহীয়েও গালি খাব লগা পৰে। আন
ফালে নৰাইৰো কিছু আহুকাল ওলাল। কেতিয়াবা অচিনাকী
মানুহৰ আগতে ৰূপহীয়ে নৰাইক ককাই বুলি মাতে আৰু তাৰ
পৰাই ৰূপহীৰ লগত তেওঁৰ সম্বন্ধটো প্ৰকাশ হৈ পৰে।
তাত তেওঁ লাজ পায়।
দুয়ো পক্ষৰ এনে আহুকাল ঘটাত চেনিৰামহঁতে তাৰ পৰা
আঁতৰিবলৈকে ঠিক কৰিলে।
এইটো সকলোৱে জনা কথা যে বামুণ-গাৱঁৰ ওচৰে ওচৰে
একোখন বৰীয়া-গাওঁ আছে। ৰূপহী চেনিৰামৰ দৰে অৱস্থাত
পৰা লোকসকলেই এনেবোৰ গাৱঁত থাকে। তেওঁলোকৰ
বেচি ভাগৰে থকা ঘৰৰ ভেটিটোৰ বাহিৰে আন মাটি-বাৰী
নাই। বামুণৰ ঘৰত হালোৱা-ৰোৱণী হৈ কোনো মতে পেট
প্ৰবৰ্ত্তাই থাকে। নৰাই শৰ্ম্মাৰ গাৱৰ পৰা আধা মাইলৰ
ভিতৰতে চৰকাৰী আলিটোৰ বিপৰীত ফালে এনে
এখন গাওঁ আছিল। চেনিৰামহঁত তালৈকে যাবলৈ
ওলাল। কিয়নো তাত আন নহলেও এখন নিজা সমাজ
পাব। নৰাইৰ ওচৰলৈ গৈ চেনিৰামে ক’লে,—“আমি সৌ
বৰীয়া চুবুৰীলৈ উঠি যাব খুজিছোঁ। মাটি দুকঠামান পাইছোঁ,
পোন্ধৰ টকা লাগে। ঘৰটোও নিব লাগে। এয়ে সেয়ে
দুকুৰিমান টকা লাগিব। আপুনি জানে দদায়েকৰ হাততে
মোৰ দৰমহাৰ টকা জমা আছিল। এতিয়া তেওঁৰ সম্পত্তিৰ
পৃষ্ঠা:অদৃষ্ট.pdf/৩৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
***
বামুণ-শূদিৰ
