মদনহঁতৰ ঘৰুৱা অৱস্থা ওচৰ চুবুৰীয়া সকলোতকৈ ভাল।
পীতাম্বৰৰ গঢ়টোও বেয়া নাছিল। মদনে নানা ঠাইত
ছোৱালীও চাইছিল। তথাপি কোনোমতে পীতাম্বৰৰ বিয়াখন
পাতিব পৰা নাই। কেইমাহমানৰ আগতে মণ্ডল হালিৰ
ওচৰলৈ গৈছিল আৰু ককায়েকক কৈ-মেলি কপাহীক ঠিক কৰি
দিবলৈ ধৰিছিল। হালিয়েও চেষ্টা কৰিছিল, কিন্তু জালিয়ে
ছোৱালী উলিয়াই নিদি চপনীয়া ৰাখিব খোজাত তেওঁলোকৰ
চেষ্টা মিছা হ’ল ।
তেজপুৰৰ ফালে ক’তো বিয়াৰ বন্দবন্ত নোহোৱাত মদনে
এইবাৰ কলিয়াবৰৰ ফালে চেষ্টা কৰিবলৈ মন মেলিলে। আন
মানুহৰ যোগে দি ভু-ভা লৈ তেওঁ জানিব পাৰিলে যে
কলিয়াবৰৰ ভূধৰ বায়নৰ এজনী ভাল ছোৱালী
আছে। ছোৱালীজনীৰ মাক দয়াৰামৰ ভিনীহিয়েক হৰৰ
বায়েক। মদনে এইজনী ছোৱালীকে পীতাম্বৰলৈ খুজিবৰ মন
কৰিলে। এদিন তেওঁ সুধন নামৰ তেওঁৰ চিনাকী কলিয়াবৰীয়া
মানুহ এজন লগত লৈ ভূধৰৰ ঘৰলৈ গ’ল। সুধনেই মদনৰ
পৰিচয় দি কথাটো উলিয়ালে। মদনৰ কিমান ধন-সম্পত্তি
আছে তাৰ বৰ্ণনা দি তেনে ঘৰত ছোৱালী দিবলৈ পোৱাটো
যে ভাগ্যৰ কথা তাকো তেওঁ নোকোৱাকৈ নেৰিলে। ভূধৰে
ক’লে—“আজিয়েই মই একো সমিধান দিব নোৱাৰোঁ। বংশ-
পৰিয়ালক সুধি চাৰ লাগিব, আপোনালোকৰো ঘৰ-দুৱাৰ চাব
লাগিব। তাৰ পাচত হে যি হয় ক’ব পাৰিম।”
পৃষ্ঠা:অদৃষ্ট.pdf/৪৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে