নেদেখিলোঁ। সেই হে ভাবিলোঁ বোলো মণিলৈ আশা
পালি থাকোঁতে যদি ইকুলো হেৰায়, সিকুলো হেৰায়, তেতিয়া
কি হ’ব! মণিৰ বাপেকে ধৰাৰ আগন্তক দেখা হলেও
মই ইপাৰ সিপাৰলৈ দিবলৈ নোলালোঁহেতেন।”
হৰনাথে ক’লে,—“যি হ’ল হ’ল, এতিয়াও দধিকেই ধৰা
যাওক। যাচি দিলে তেওঁ নানা ওজৰ-আপত্তি উলিয়াব
পাৰে, তথাপি যেনে-তেনে তেওঁক সন্মত কৰাবলৈ যত্ন কৰাই
বোধ কৰোঁ ভাল। ওচৰত ছোৱালীৰ জোৰৰ আৰু কোনো
ভাল লৰা নাই। নিলগত বিচাৰিব লাগিলে এই কেই দিনত
ঠিক কৰা অসম্ভব।”
হৰৰ কথাত সকলোৱে হয় দিলে আৰু দধিৰ ওচৰলৈ
তেওঁকেই যাবলৈ ক’লে। ভূধৰে ক’লে,-“দধিয়ে ই নাই,
সি নাই, অলঙ্কাৰ নাই, যোগাৰ নাই এনেবোৰ আপত্তি
উলিয়ালে ক’বা যে আমাক একো নালাগে, অকল দৰাটো
হৈ গলেই হ’ল।”
এই সিদ্ধান্ত মতে হৰ দধিৰ ঘৰলৈ গ’ল আৰু তেওঁৰ
উদ্দেশ্যৰ কথা ভাঙি ক’লে। সকলো শুনি দধিয়ে ক’লে-
“ছোৱালীজনী বিয়া কৰোৱাত আপত্তি নাই, কিন্তু এতিয়া
কোনোমতেই নোৱাৰোঁ৷ দেখিছাই নহয় মোৰ ঘৰ দুৱাৰৰ
অৱস্থা। তাতে লৰা কামত সোমোৱা বেচি দিন হোৱা
নাই, বয়সো হোৱা নাই। আগতে সি দুপইচা উপাৰ্জ্জন কৰি
ঘৰ দুৱাৰখিনি ভাল কৰক, তাৰ পাচত হে বিয়াৰ কথা ভাবিম।
পৃষ্ঠা:অদৃষ্ট.pdf/৬৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
চেষ্টাৰ সফলতা
