এনেকৈ ছবছৰ মানত তেওঁ সকলো খৰচ কৰিও আঠশ টকা
জমা কৰিলে। দয়াৰামৰ বয়স তেতিয়া একৈশ বছৰ । তেওঁৰ
প্ৰধান লক্ষ্য আছিল পুতেকক অলপ সৰহীয়াকৈ খেতিৰ মাটি
লৈ দিয়া । সেই বাবে মাটিৰ অনুসন্ধান কৰি আছিল ।
এনেকৈ ভগীৰামৰ জীৱনৰ আঢ়ৈ কুৰি বছৰ সুখ শান্তিতে
পাৰ হ’ল । কিন্তু বিধাতাৰ ইচ্ছাত তেওঁৰ এই সুখ স্থায়ী
নহ’ল । হঠাৎ মৰিয়া পৰি তেওঁৰ ভাৰ্য্যাই চকু মুদিলে,
ভগীৰামৰ অন্তৰ ভেদি হাহাকাৰ উঠিল। কিছুমান দিনলৈ
তেওঁ বৰ কাতৰ হৈ পৰিছিল, কাম-বন এৰি দিছিল ।
লাহে লাহে ভগীৰামৰ শোক পাতলি আহিল, লাহে লাহে
অাকৌ কামত মন দিবলৈ ধৰিলে । বহুতে তেওঁক আকৌ
বিয়া কৰাবলৈ কলে, তেওঁ কিন্তু মান্তি নহল। এফালে তেওঁৰ
পত্নীৰ স্মৃতি অন্তৰত জাগ্ৰত আছিল, আন ফালে বৃদ্ধস্য তৰুণী
ভাৰ্য্যাৰ বহুতো বিষময় ফল তেওঁৰ জনা আছিল । লৰাটো-
লৈকে বিয়া কৰাবলৈকো বহুতে উপদেশ দিলে। তেওঁ
কলে,—লৰাৰ বয়স এতিয়াও কোমল, আৰু দুবছৰমান
যাওক । ইয়াৰ ভিতৰতে পাৰোঁ যদি তাক অাৰু অলপ
খেতিৰ মাটি লৈ দিওঁ, তেতিযা সেই মাটিৰ আৰ্জ্জনেৰেই সি
মানুহ বোলাই খাব পাৰিব ।
ভগীৰামৰ ঘৰৰ পৰা পাঁচ মাইল মান আঁতৰত এখন দ
পথাৰ আছিল । তাতে হলি হাজৰিকা নামৰ এজন মানুহৰ
আঠ পুৰা শালিতলী মাটি আছিল। সেই মাটিখিনি হাজৰি-
পৃষ্ঠা:অদৃষ্ট.pdf/১২
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
