সৰ্ব্বস্বান্ত
কৰিলে আৰু সুতে মূলে তিনি হাজাৰৰ ওপৰ টকা ডিক্ৰী পালে। কেঞাই ভগীৰামৰ সকলো স্থাবৰ অস্থাবৰ সম্পত্তি নীলামত দিলে, কিন্তু সিমান বেচি দামত লওঁতা কোনো নোলাল। অগত্যা কেঞাই সকলোখিনি নিজেই ৰাখি থ'লে।
ভগীৰামৰ আজি একো নাই, ঘৰৰ ভেটিটোও নাই। পুতেকক ধনী মানুহ কৰি যাব খোজোঁতে এতিয়া বাটৰ ভিকহু কৰিলে। কিয় এনে হ’ল! তেওঁ তো কাৰো অন্যায় কৰা নাছিল। এয়েইনে বিধাতাৰ ন্যায় বিচাৰ! এই দৰে ভাবি ভাবি তেওঁৰ মূৰৰ ঠিক নোহোৱা হ’ল, শেহত একেবাৰেই জলকা লাগিল। খোৱা লোৱাৰ খবৰ নাই, চকুত টোপনি নাই, আন নালাগে মানুহৰ লগত কথা পাতিবলৈকো এৰিলে। এনেকৈ এমাহমান যোৱাত এদিন অকস্মাতে তেওঁৰ হৃদযন্ত্ৰ বন্ধ হ’ল; দুখ-যন্ত্ৰণাৰ অন্ত পৰিল।
দয়াৰামৰ বয়স এতিয়া তেইশ বছৰ। ইমান দিন পিতাকৰ পাখিৰ আঁৰত থাকি সংসাৰৰ একো ভু-ভা লোৱা নাছিল। পিতাকৰ মৃত্যুত তেওঁৰ মূৰত আকাশী চৰগ ভাগি পৰিল। মাটি গ’ল, সম্পত্তি গ’ল, শেহত পিতাকো গ’ল; জগৎখনেই তেওঁলৈ অন্ধকাৰ হৈ পৰিল। কি কৰিব, কি নকৰিব একোকে ভাবিব নোৱৰা হ’ল। বায়েক-ভিনীহিয়েক আহি পিতাকৰ মুখৰ ছাই গুচালে। তেওঁলোকৰ লগতে দয়াৰামকো লৈ যাব খুজিছিল, কিন্তু তেওঁ সম্প্ৰতি যাব নুখুজিলে।
⸻