কৰিলে আৰু সুতে মূলে তিনি হাজাৰৰ ওপৰ টকা ডিক্ৰী
পালে । কেঞাই ভগীৰামৰ সকলো স্থাবৰ অস্থাবৰ সম্পত্তি
নীলামত দিলে, কিন্তু সিমান বেচি দামত লওঁতা কোনো
নোলাল । অগত্যা কেঞাই সকলোখিনি নিজেই ৰাখি থ'লে ।
ভগীৰামৰ আজি একো নাই, ঘৰৰ ভেটিটোও নাই ।
পুতেকক ধনী মানুহ কৰি যাব খোজোঁতে এতিয়া বাটৰ ভিকহু
কৰিলে । কিয় এনে হ’ল ! তেওঁ তো কাৰো অন্যায় কৰা
নাছিল । এয়েইনে বিধাতাৰ ন্যায় বিচাৰ ! এই দৰে ভাবি
ভাবি তেওঁৰ মূৰৰ ঠিক নোহোৱা হ’ল, শেহত একেবাৰেই
জলকা লাগিল। খোৱা লোৱাৰ খবৰ নাই, চকুত টোপনি
নাই, আন নালাগে মানুহৰ লগত কথা পাতিবলৈকো এৰিলে ।
এনেকৈ এমাহমান যোৱাত এদিন অকস্মাতে তেওঁৰ হৃদযন্ত্ৰ
বন্ধ হ’ল ; দুখ-যন্ত্ৰণাৰ অন্ত পৰিল ।
দয়াৰামৰ বয়স এতিয়া তেইশ বছৰ । ইমান দিন পিতাকৰ
পাখিৰ আঁৰত থাকি সংসাৰৰ একো ভু-ভা লোৱা নাছিল।
পিতাকৰ মৃত্যুত তেওঁৰ মূৰত আকাশী চৰগ ভাগি পৰিল । মাটি
গ’ল, সম্পত্তি গ’ল, শেহত পিতাকো গ’ল ; জগৎখনেই তেওঁলৈ
অন্ধকাৰ হৈ পৰিল। কি কৰিব, কি নকৰিব একোকে ভাবিব
নোৱৰা হ’ল । বায়েক-ভিনীহিয়েক আহি পিতাকৰ মুখৰ ছাই
গুচালে । তেওঁলোকৰ লগতে দয়াৰামকো লৈ যাব খুজিছিল,
কিন্তু তেওঁ সম্প্ৰতি যাব নুখুজিলে ।
পৃষ্ঠা:অদৃষ্ট.pdf/১৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে