পৃষ্ঠা:অদৃষ্ট.pdf/৩৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
২৯
বামুণ-শূদিৰ

কেও কিছু নাই, কাৰবাৰ ঘৰত চাকৰ হৈ থাকি কিছু টকা গোটাই দিয়াখন পতাই তাৰ একমাত্ৰ উদ্দেশ্য । চেনিৰামৰ লগতে ভদ্ৰৰ এই বন্দৱস্ত হ’ল যে জেঠৰ পৰা ভাদলৈকে চাৰি- মাহ সি ছটকাকৈ অাৰু বাকী আঠ মাহ চাৰি টকাকৈ দৰমহা পাব। বামুণৰ লগতে খাব, কিন্তু কাপোৰ-কানি নিজৰ খৰচতে ল’ব লাগিব।
   বাৰীৰ চুক এটাতে চেনিৰামক এটা বহা সাজি দিয়া হ’ল ।
   বিধবা হোৱাৰ কেইদিনমানৰ পাচতে ৰূপহী শাস্তি হ’ল । মাক নথকাত তেৱেই এতিয়া ঘৰখন চলাব লগাত পৰিল ।
   এনেকৈয়ে কেইমাহমান যোৱাৰ পাচত জনা গ’ল যে ৰূপহীৰ গাত অাসোঁৱাহ । সকলোৱে চেনিৰামকেই দোষী বুলি ধৰিলে । চেনিৰামে প্ৰথমতে অস্বীকাৰ কৰিছিল আৰু দোষী কোন ধৰিও দিছিল। কিন্তু ভদ্ৰই চেনিৰামক বুজাই- বৰাই ক’লে—“তই যাৰ কথা কৈছ, সি হ’বৰ হ’লে গোয়ে- পোৱে তল যোৱা কথা । তই সেইবোৰ নকৰি গাত ল। মোৰ কোনো নাই, সকলো সম্পত্তি তহঁতকে দিম ।”
   সম্পত্তিৰ লোভত চেনিৰামে আপত্তি নকৰিলে । তেতিয়া ৰাইজ গোট খাই চেনিৰামৰ হাততে ৰূপহীক গতাই দিলে । চেনিৰাম সেই বহাতে থাকিল অাৰু ভদ্ৰৰ খেতি-বাতি পূৰ্ব্বৰ দৰেই চলি থাকিল । তাতে ৰূপহীৰ এটা লৰা হ’ল ।
   ভদ্ৰই চেনিৰামক মাজে-সময়ে কাপোৰ-কানি লবলৈ দুই- এটকা দিয়াৰ বাহিৰে কোনো দৰমহা দিয়া নাই। চেনিৰামে