কেও কিছু নাই, কাৰবাৰ ঘৰত চাকৰ হৈ থাকি কিছু টকা গোটাই বিয়াখন পতাই তাৰ একমাত্ৰ উদ্দেশ্য। চেনিৰামৰ লগতে ভদ্ৰৰ এই বন্দৱস্ত হ’ল যে জেঠৰ পৰা ভাদলৈকে চাৰি- মাহ সি ছটকাকৈ আৰু বাকী আঠ মাহ চাৰি টকাকৈ দৰমহা পাব। বামুণৰ লগতে খাব, কিন্তু কাপোৰ-কানি নিজৰ খৰচতে ল’ব লাগিব।
বাৰীৰ চুক এটাতে চেনিৰামক এটা বহা সাজি দিয়া হ’ল।
বিধবা হোৱাৰ কেইদিনমানৰ পাচতে ৰূপহী শান্তি হ’ল। মাক নথকাত তেৱেই এতিয়া ঘৰখন চলাব লগাত পৰিল।
এনেকৈয়ে কেইমাহমান যোৱাৰ পাচত জনা গ’ল যে ৰূপহীৰ গাত আসোঁৱাহ। সকলোৱে চেনিৰামকেই দোষী বুলি ধৰিলে। চেনিৰামে প্ৰথমতে অস্বীকাৰ কৰিছিল আৰু দোষী কোন ধৰিও দিছিল। কিন্তু ভদ্ৰই চেনিৰামক বুজাই- বৰাই ক’লে—“তই যাৰ কথা কৈছ, সি হ’বৰ হ’লে গোৱে- পোৱে তল যোৱা কথা। তই সেইবোৰ নকৰি গাত ল। মোৰ কোনো নাই, সকলো সম্পত্তি তহঁতকে দিম।”
সম্পত্তিৰ লোভত চেনিৰামে আপত্তি নকৰিলে। তেতিয়া ৰাইজ গোট খাই চেনিৰামৰ হাততে ৰূপহীক গতাই দিলে। চেনিৰাম সেই বহাতে থাকিল আৰু ভদ্ৰৰ খেতি-বাতি পূৰ্ব্বৰ দৰেই চলি থাকিল। তাতে ৰূপহীৰ এটা লৰা হ’ল।
ভদ্ৰই চেনিৰামক মাজে-সময়ে কাপোৰ-কানি লবলৈ দুই- এটকা দিয়াৰ বাহিৰে কোনো দৰমহা দিয়া নাই। চেনিৰামে