পৃষ্ঠা:অদৃষ্ট.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চতুৰ্থ অধ্যায়।


ছদ্মবেশী৷


   দুৰ্ঘটনাৰ পিচ দিনাই দয়াৰাম ঘৰ পোৱাৰ কথা আছিল। সেইমতেই সুভদ্ৰা আৰু কপাহীয়ে বাট চাই আছিল । দয়াৰাম আবেলিতে পাবহি বুলি তেওঁলোকে ভাবিছিল । কিন্তু আবেলি নালাগে গধূলিও তেওঁ নাহিল। মটৰ অহাৰ সময় কেতিয়াবাই গ’ল । তেওঁ যে মটৰত অহা নাই সেইটোত সন্দেহ নাই । “কি জানি মটৰ ধৰিব নোৱাৰি খোজ কাঢ়ি আহিছে! নহ’লে ইয়াত নোসোমাই নিজৰ ঘৰলৈকে গ’ল বা।”-এনেদৰে ভাবি চিন্তি তেওঁলোকে বহুত সময় কটালে । তাৰ পাচত কিজানি ওলাবহিয়েই বুলি সুভদ্ৰা ভাত ৰান্ধিবলৈ গ’ল ।
   ৰন্ধা হলতো তেঁওলোকে কিছু সময অপেক্ষা কৰিলে । কিন্তু দয়াৰাম নাহিল। তেতিয়া মাক-জীয়েকে ভাত খালে আৰু শয্যাৰ আশ্ৰয ল’লে। তেতিয়া ৰাতি দুপৰ হৈছিল।
   পাটীত পৰিও তেওঁলোকৰ টোপনি নাছিল । তেওঁলোকৰ চিন্তা":—দয়াৰাম বিয়াৰ বিষয়ে আলচ কৰিবলৈ ভিনীহিয়ে- কৰ ঘৰলৈ গৈছে । ভিনীহিযেকে বা আকৌ কি কব