এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দুৰ্ঘটনাৰ পিচ দিনাই দয়াৰাম ঘৰ পোৱাৰ কথা আছিল। সেইমতেই সুভদ্ৰা আৰু কপাহীয়ে বাট চাই আছিল। দয়াৰাম আবেলিতে পাবহি বুলি তেওঁলোকে ভাবিছিল। কিন্তু আবেলি নালাগে গধূলিও তেওঁ নাহিল। মটৰ অহাৰ সময় কেতিয়াবাই গ’ল। তেওঁ যে মটৰত অহা নাই সেইটোত সন্দেহ নাই। “কি জানি মটৰ ধৰিব নোৱাৰি খোজ কাঢ়ি আহিছে! নহ’লে ইয়াত নোসোমাই নিজৰ ঘৰলৈকে গ’ল বা।”-এনেদৰে ভাবি চিন্তি তেওঁলোকে বহুত সময় কটালে। তাৰ পাচত কিজানি ওলাবহিয়েই বুলি সুভদ্ৰা ভাত ৰান্ধিবলৈ গ’ল।
ৰন্ধা হলতো তেঁওলোকে কিছু সময অপেক্ষা কৰিলে। কিন্তু দয়াৰাম নাহিল। তেতিয়া মাক-জীয়েকে ভাত খালে আৰু শয্যাৰ আশ্ৰয ল’লে। তেতিয়া ৰাতি দুপৰ হৈছিল।
পাটীত পৰিও তেওঁলোকৰ টোপনি নাছিল। তেওঁলোকৰ চিন্তা":—দয়াৰাম বিয়াৰ বিষয়ে আলচ কৰিবলৈ ভিনীহিয়েকৰ ঘৰলৈ গৈছে। ভিনীহিয়েকে বা আকৌ কি কব২