এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মণি।---তোমাৰ তেন্তে মোৰ কথাত মত অাছে?
মালতী৷ —আছে।
মণি৷ —মই চেষ্টা কৰি চাওঁ। যদি একো নহয়, তোমাক
বিয়াৰ আগতে পলুৱাই নিম।
মালতী৷ — সেইটো জানো ভাল হ’ব। মানুহে কি বুলিব।
মণি৷ —সেইটো ভাল যে নহয় তাক জানো। কিন্তু
বিয়াখন ভাঙিব নোৱাৰিলে তাকে কৰাৰ বাহিৰে অাৰু কি
উপায় অাছে!
মালতীয়ে একো উত্তৰ দিব নোৱাৰিলে। মণিও সাৱধানে
আঁতৰি গ’ল।