পৃষ্ঠা:অদৃষ্ট.pdf/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দ্বাদশ অধ্যায়।


এজাহাৰ।


   আজি বহাগৰ ওঠৰ দিন। বিহুৰ তিন দিন আগতে বাবাজীয়ে নৰাই শৰ্ম্মাৰ বাকচ বন্ধ কৰি থৈ গৈছিল, কালিয়েই কুৰি দিন পূৰ হ’ল। ইয়াৰ ভিতৰত নৰায়ে কিমান যে কল্পনা কৰিছে তাৰ সীমা নাই। তেওঁ ভাবিছে এবাকচ টকাৰে তেওঁৰ বহুত কাম হ’ব। প্ৰথমতে বৰ ঘৰটো অাৰু তাৰ পাচত ভঁৰাল ঘৰটো টিনৰ কৰিব, কেই পুৰামান ৰুপিত মাটিও কিনিব। তাৰ পাচত নেপালীৰ লগত বন্দবস্ত কৰি এটা গৰুৰ আৰু এটা ম’হৰ খুটি পাতিব। কিছু টকা সৰহীয়া সুতত ধাৰে দিব আৰু যি থাকে পুতি থ’ব। সকলো কামৰ দিহা হৈ গলে সৰ্ব্বেশ্বৰ পণ্ডিতক ভালকৈ এশিকনি দিব। মাজে মাজে, তেওঁ দুখ কৰে যে তেওঁৰ ঘৰত তাতকৈ ডাঙৰ বাকচ নাছিল। থকা হ’লে আৰু সৰহ টকা পালেহেতেন।
   ওঠৰ বহাগৰ দিনা প্ৰত্যুষতে উঠি তেওঁ প্ৰাতঃকৃত্য সমাপন কৰিলে। তাৰ পাচত গা ধুই গোঁসাই-সেৱা কৰিলে। তাৰ পাচত মনে মনে ঈশ্বৰৰ নাম আৰু হাতত চাবি কোছা লৈ ধনৰ বাকচৰ ওচৰ চাপিল। কিবা এটা আবেগত তেওঁৰ গোটেই শৰীৰ কঁপি উঠিছিল। থৰক-বৰক হাতেৰে তেওঁ