কৰিব খোজে, সেই দেখি তেওঁক কালিলৈ পুৱাতে আমাৰ
মতামত লাগে। এতিয়া তোৰ মত কি?
কপাহী৷—মোৰ কালৈকো যাবলৈ মত নাই। পিতায়ে
যি ঠিককৈ গৈছিল সেয়ে যেতিয়া নহ’ল, মই ঘৰতে থাকিম৷
ইয়াতে আধি-কটনা কাটি মা-জী দুয়ো খাই থাকিম।
সুভদ্ৰা।—সেইটো কেনেকৈ হব! মই জানো সদায়
তোক ধৰি থাকিম! মই চকু মুদিলে তোৰ কি গতি হ’ব!
কপাহীৰ মনত এনে ভাব খেলোৱাই নাছিল। হঠাৎ
মাক নথকা অৱস্থাটোৰ কথা ভাবি তাই শিয়ঁৰি উঠিল।
তাই একো ক’ব নোৱাৰিলে; উচুপি উচুপি কান্দিবলৈ
লাগিল।
বহুত বেলি বহুতো অালোচনাৰ পাচত কপাহীয়ে মাকক
কলে,—“তোমাক এৰি মোৰ কলৈকো যাবৰ মন নাই।
তথাপি যদি নগ’লেই নহয় মোক নুসুধিবা। তুমি যি ভাল
দেখা তাকে কৰা।”
ৰাতি এইবোৰ কথাকে ভাবি এজনীৰো টোপনি নাহিল।
ৰাতিপুৱা পাটীৰ পৰা উঠাৰ লগে লগেই হালি পালেহি আৰু
বৌৱেকক সুধিলে,—“কি ঠিক কৰিলে বৌ? এতিয়াই
মণ্ডলৰ তালৈ যাব লাগে নহলে সকলো মিছা হ’ব।”
সুভদ্ৰা।—মই একোকে নাজানো। তুমি যদি সচাকৈয়ে
ভাল দেখিছা, কৰা তোমাৰ মতেই। মুঠেই চাবা যাতে পিচত
কান্দিব লগা নহয়।
পৃষ্ঠা:অদৃষ্ট.pdf/৯৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
