বাকস মত খোলনা । বোলনেসে পহলেকে ৰখে হুএভী উড়
জায়েংগে ।”
এনেকৈ কৈ বাবাজীয়ে জুলিৰ পৰা অলপ ভস্ম আৰু
কেইটামান বেলপাত উলিয়াই ধনৰ ওপৰত থৈ কিবাকিবি মন্ত্ৰ
মাতিলে। তাৰ পাচত নিজ হাতে তলা বন্ধ কৰি তেওঁ কোৱা
মতে থ’বলৈ নিৰ্দেশ দি গুচি গ’ল ।
নৰাইৰ মনত পৰম আনন্দ মিলিল, চেনিৰামৰ ওপৰত উঠা
খং একেবাৰেই নোহোৱা হ’ল । তেওঁ ভাবিলে চেনিৰামক
নিমিত্ত কৰিয়েই তেওঁৰ এই সৌভাগ্য, এবাকচ ধন-সোণ লাভ৷
তাৰ পুৰস্কাৰ স্বৰূপে চেনিৰামক ধাৰে দিয়া টকা এৰি
দিবলৈকে তেওঁ মনে মনে স্থিৰ কৰিলে। কিন্তু সৰ্ব্বেশ্বৰ পণ্ডিতৰ
প্ৰতি তেওঁৰ শত্ৰুভাৰ প্ৰবল হৈ হে উঠিল। তেওঁ ভাবিলে
এতিয়া আৰু ভয় নাই। ধনৰ বলেৰেই তেওঁ সৰ্ব্বেশ্বৰ পণ্ডিতক
ভালকৈ শিক্ষা দিব পাৰিব। শূদিৰ হৈ বামুণক অপমান কৰাৰ
প্ৰতিশোধ নোলোৱাকৈ তেওঁ কেতিয়াও নাথাকে ।
ভবাৰ লগে লগে তেওঁ অালিলৈ ওলাই গ’ল । তেওঁৰ ভয়
আছিল, কিজানি আৰু কোনোবাই বাবাজীক তুষ্ট কৰি তেওঁৰ
নিচিনাকৈ ধনী হবৰ সুযোগ পায় । কিন্তু চকুৰে দেখা পোৱা
লৈকে বাবাজীক ৰোৱা নেদেখিলে । তেতিয়া তেওঁ নিশ্চিন্ত হৈ
ঘৰলৈ উলটি আহিল।
পৃষ্ঠা:অদৃষ্ট.pdf/৪৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
