পৃষ্ঠা:অদৃষ্ট.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চতুৰ্দশ অধ্যায়।
ছেগ

   যি দিনা বলো সুভদ্ৰাৰ ঘৰলৈ আহিছিল, তাৰ পিচ দিনা মদন মণ্ডল হালিৰ ঘৰলৈ আহিল। হালিয়ে তেওঁক আথে- বেথে বহুৱালে আৰু তামোল-ছালি দি অকস্মাৎ অহাৰ কাৰণ সুধিলে।
   মণ্ডলে ক’লে —“অহাৰ কাৰণ ডাঙৰেই।”
   হালি৷—কি ?
   মদন৷— ক’ম। তাৰ আগতে এটা কথা সোধোঁ৷ তোমালোকৰ ছোৱালীজনীলৈ চপনীয়া ৰাখিব খুজিছিলা নহয়, সেইটোৰ কি হ’ল?
   হালি।—একো হোৱা নাই। চৌবিশ বহাগত বিয়াৰ কথা আছিল। একো দেখোন গম পোৱা নাই। কিয় সুধিলে নো ?
   মদন।—সোধাৰ কাৰণ আছে। ছোৱালীজনী মোৰ পছন্দ হৈছিল, সেই দেখি ভাইটোলৈ বিয়া কৰাবৰ মন কৰি তোমাৰ ওচৰলৈ আহিছিলোঁও। কোনোবা দয়াৰাম বুলি ল’ৰা এটা চপাই ল’ব খুজিছে বুলি তুমিয়েই মোক ককায়েৰাৰ ওচৰলৈ যাবলৈ হাক দিলা। এতিয়া ককায়েৰা নাই, দয়া-