বলোৱে ঘটনাটো শুনি বৰ দুখ পালে, আৰু অন্যায় ভাবে সুভদ্ৰাৰ ওপৰত কৰা অভিমানৰ বাবে লজ্জিত হ’ল। তেওঁ
সুধিলে,-“দয়াৰাম যোৱাৰ পৰা কিবা খবৰ পাই জানো?”
সুভদ্ৰা।—নাই।
বলো৷ —তাক বিচাৰি কেতিয়াবা পুলিচ অহাৰ গম
পাৱ নে?
সুভদ্ৰা।— নাই পোৱা।
বলো।—মোৰ বোধেৰে। সিয়েই মাৰিছে বুলি পুলিচে
এতিয়াও গম ধৰিব পৰা নাই। গম পোৱা হ’লে তাক বিচাৰি
তাৰ ঘৰ পালেহেতেন আৰু তহঁতৰ ঘৰতো বিচাৰিলেহেতেন।
সুভদ্ৰা।—ধৰা পেলাব নোৱাৰিলেই হয়।
বলো।—সি পলোৱাই ভুল হৈছে। ঘটনাৰ সময়ত
কাণি-মুনি আন্ধাৰ। সেই তিৰুতাজনীৰ বাহিৰে আন
কোনেও দেখা নাই। তায়ো যে চিনাক্ত কৰিব পাৰিব তাৰ
আশা নাই। পুলিচে পম খেদি কেনেবাকৈ তাক চোভা
কৰিলেও প্ৰমাণ কৰা টান হ’লহেতেন। সেই দিনা সি যে হৰৰ
ঘৰৰ পৰা সেই সময়ত সেই বাট আহিছিল, সেইটো কেনেবাকৈ
উলিয়াব পাৰিলেহে পুলিচে তাৰ ওপৰত সন্দেহ কৰিব পাৰে।
সেয়ে হ’লে নিশ্চয় পুলিচে হৰৰ ঘৰত খবৰ কৰিছে। তহঁতে
তেতিয়াই মোলৈ খবৰটো দিয়া হ’লে মই জখলাবন্ধালৈ গৈ
ঘটনাৰ আঁতি-গুৰি ল’ব পাৰিলোঁহেতেন। এনে এটা ঘটনাৰ
কথাও তহঁতে মোক জনাব নাপাৱ নে?
পৃষ্ঠা:অদৃষ্ট.pdf/৭৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে