মৰাও ইহঁতৰ আমোদ! এনেকৈ নো বাৰু মানুহৰ হৰিষত
বিষাদ মিলাব লাগে নে!
ডেকা দুজনে দৰাক চাব খুজিলে, মণ্ডলে দেখুৱাবলৈ লৈ
গ’ল। দৰা তেতিয়া গাৰুত আউজি বহিছিল, এটা মানুহে
ধৰি আছিল। তেওঁৰ অৱস্থা কলা ঘুমটিত থকা মানুহৰ দৰে।
ডেকা দুজনে চাই থাকেঁতেই হঠাৎ তেওঁ ডেডাউৰিয়াই বাগৰি
পৰিল; গাত এটা জোকাৰণি উঠিল; মুখে ফেন ওলাবলৈ
ধৰিলে।
মণ্ডলে ক’লে,—“গধূলি যাবলৈ সাজু হওঁতেই কোনোবাই
কুমন্ত্ৰ কৰিলে। বেজ-জ্ঞানী লগোৱাত ভাল হৈছিল। আকৌ
কিবা কৰিলে। এজন কাটন বেজ আনিবলৈ পঠাইছিলোঁ,
তেওঁ এতিয়াও অাহি পোৱা নাই। তেওঁ আহি পালেই
কুমন্ত্ৰ কেনিবা যাব। দৰাৰ লগতে তেওঁকো লৈ যাম। যোৱাত
হয়তো কিছু পলম হ’ব পাৰে। কন্যাঘৰত বুজাই ক’বা।”
“বাৰু” বুলি ডেকা দুজন উলটি আহিল আৰু দুই বজাৰ পিচতেই দোকান পাই তাত যি দেখিলে বলোহঁতক ভাঙি
পাতি ক’লে। বলোৱে তেতিয়া তেওঁলোকক ক’লে,—
“তোমালোক নাযাবা, ইয়াতে থাকাঁ। মই এবাৰ সুভদ্ৰাক
লগ ধৰি আহোঁ৷”
দোকানৰ পৰা সুভদ্ৰাৰ ঘৰলৈ মাত্ৰ তিন-চাৰি মিনিটৰ
বাট। বলো গৈ পালতে নানা জনে তেওঁ কলৈ গৈছিল,
বিয়ালৈ কিয় অহা নাছিল ইত্যাদি নানা প্রশ্ন কৰিবলৈ
পৃষ্ঠা:অদৃষ্ট.pdf/১১২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
অদৃষ্ট