পৃষ্ঠা:অদৃষ্ট.pdf/৯৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯০
অদৃষ্ট

   হালি।—বাৰু তেন্তে,মই এতিয়া যাওঁ। ৰাতিৰ ভিতৰতে কি কথা পাতা পাতা। পুৱাতে মোক খাটাংকৈ সমিধান দিব লাগিব।
   হালি গ’ল। সুভদ্ৰাই অকলৈ বহুত সময় ভাবিলে৷ তাৰ পাচত জীয়েকক মাতি ক’লে—“আই! দেখিছ নহয় আমাৰ পোৰা কপাল। এতিয়া আৰু দয়াৰামলৈ আশা কৰা মিছা। পুলিচে বিচাৰিছে যেতিয়া তাৰ আৰু সাৰিবৰ উপায় নাই। কি জগৰ কৰিছে, আনে নাজানিলেও আমি জানো। যদি ধৰা পৰে ফাঁচী বা কলীয়া পানী হ’ব। অাৰু যদি ধৰা নপৰে, তেনেহলেও দেখা-শুনাকৈ ওলাব নোৱাৰে। যি ফালৰ পৰা চাওঁ, দয়াৰামৰ লগত বিয়া হোৱাৰ অাশা সমূলি নাই।”
   কপাহীৰ চকু-লো বৈ গ’ল; কোনো উত্তৰ নিদিলে
   সুভদ্ৰা।—এতিয়া দদায়েৰ লাগিছে সৌ মদন মণ্ডলৰ ভায়েকলৈ দিবলৈ। মই যদিও নিজে একো নাজানো, তেও মণ্ডলৰ ঘৰ যে বৰ ধনী মানুহ সেই কথা আগৰে পৰা মানুহৰ মুখত শুনিছোঁ। মণ্ডলৰ ভায়েকৰ বিয়া পাতিছিল কলিয়া- বৰত। আজিয়েই বিয়াৰ দিন আছিল। পিচে বোলে ছোৱালীৰ কিবা দোষ ওলাল; সেই দেখি বিয়া নকৰোৱা হ’ল। ইফালে বিয়াৰ সকলো যোগাৰ হ’ল। যেই দেখি চ’ঠা দিনালৈ য’তে ত’তে বিয়া কৰাবই। ছোৱালী দিবলৈ হেনো বহুতো ওলাইছে। দদায়েৰেও তোৰ নিমিত্তে চেষ্টা