পৃষ্ঠা:অদৃষ্ট.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোৱাৰিলে। আগতে বন্দবস্ত নকৰাত মাটিখিনি আধি দিবও নোৱৰা হ’ল। শেহত কেই ডৰামান খাজান ভৰাকৈ দিলে; বাকীখিনি চনতে থাকিল।

 এতিয়া নৰাইৰ আন কথা নাই, মাত্ৰ বাবাজী, চেনিৰাম, সৰ্ব্বেশ্বৰ পণ্ডিত। যেনি যায় তেনি এওঁলোকক গালি পাৰি ফুৰে। তাকে দেখি বহুতে ভেঙুচালি কৰি জোকায়, এৱোঁ যাকে তাকে মাৰিবলৈ খেদি ফুৰে। কাকো একো কৰিব নোৱাৰি কেতিয়াবা এওঁ নিজৰ চুলিকে ছিঙে, নাইবা কপালত ভুকুৱায়।

 সকাম-নিকামলৈকো মানুহে মাতিবলৈ এৰিলে, হোৱাই নোহোৱাই তেওঁ যজমানক গালি পাৰে, শ্ৰাদ্ধৰ মন্ত্ৰ মাতি যাওঁতে মাজতে বাবাজী, ধন-সোণ, চেনিৰাম, সৰ্ব্বেশ্বৰ পণ্ডিত অাদি যি পায় তাকে বলকি যায়। কেতিয়াবা আকৌ আশীৰ্ব্বাদৰ মাজতে চিঞৰি উঠে, —“হতচিৰী হবি, ভেটিত তিতা লাও গজিব, শূদিৰ ধনী হ’ল, ভেকুলীয়ে পানী পালি", ইত্যাদি।

 এনেকৈয়ে দুমাহমান যোৱাত নৰাই শৰ্ম্মা সম্পূৰ্ণৰূপে পগলা হ’ল। এতিয়া তেওঁ পগলা ফাটেকত।


অন্ত