পৃষ্ঠা:অদৃষ্ট.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কি নহওক, বিয়াৰ সময়ত পলাল যেতিয়া, তাৰ বিয়া কৰাবৰ মন নাই। আমি মিছাতে তালৈ বাট চাই থকাৰ দৰকাৰ নাই।
   সুভদ্ৰা৷– আৰু নো কি কৰিম!
   হালি!—মোৰ মতে তুমি দয়াৰামৰ অাশা এৰাঁ। এটা বৰ ভাল ছেগ মিলিছে। তুমি মদন মণ্ডলৰ নাম শুনিছা নহয়?
   সুভদ্ৰা।—নাম শুনিছোঁ, মানুহটো দেখা নাই। তেওঁ- লোক বোলে বৰ ধনী মানুহ।
   হালি।— আকৌ কৈছা হে নে। তেওঁলোকৰ দৰে ধনী মানুহ জিলাতো নাই।
   সুভদ্ৰা।—পিচে কি হ’ল?
   হালি৷—তেওঁৰ এটা ভায়েকৰ এতিয়াও বিয়া হোৱা নাই। তালৈকে কলিয়াবৰত ছোৱালী ঠিক কৰিছিল; কালিলৈ বিয়াই অাছিল। পিচে এতিযা গম পালে ছোৱালীৰ হেনো অানৰ লগত কথা আছিল! সেই দেখি এৰি দিলে। এতিয়া সেই সমলেৰেই বহাগৰ একুৰি চাৰি দিন যোৱাত অান এজনীকে বিয়া কৰাব খোজে। ইয়াৰ ভিতৰতে কেইবাজনীও যাচি দিছে। মই ভাবিছোঁ ময়ো এবাৰ চেষ্টা কৰি চাওঁ, কিজানি কপাহীকে দিব পাৰোঁ। কেনেবাকৈ দিব পাৰিলে তাইৰেই ভাগ্য বুলিব লাগিব।
   সুভদ্ৰা৷ —মই এতিয়া একো ক’ব নোৱাৰোঁ। ককাই