সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খোজাত আগ ছোৱাত কৈছিল,—“তোৰ হাতত থাকিলে খৰচ হৈ যাব, তাতকৈ মোৰ হাততে থাওক, পিচত একেবাৰেই নিবি।”

 ৰূপহীক গতাই দিয়াৰ পাচত কৈছিল,—“মোৰ গোটেইবোৰ সম্পতিয়েই দেখোন তহঁতৰ। দৰমহাৰ নিমিত্তে ভাবিছ কিয়?”

 এনেকৈয়ে আৰু ডেৰ বছৰমান যোৱাত ভদ্ৰৰ মৃত্যু হ’ল। সম্পত্তিহে নালাগে চেনিৰামে পাবলগীয়া দৰমহাখিনিও নাপালে।

 ভদ্ৰৰ উত্তৰাধিকাৰী হ’ল নৰাই শৰ্ম্মা। নৰাইৰ অৱস্থা আগেয়ে বৰ বেয়া আছিল; ঘৈণীয়েক আৰু তিনটা লৰা- ছোৱালীৰে সৈতে কোনোমতেহে পেট-ভাতে খাইছিল। ভদ্ৰ মৰাৰ পাচতে নৰায়ে পোতৰ টকাখিনি খানি নিলে, মুঠতে আঢ়ৈ হেজাৰ পালে। টকাখিনি নিজৰ ঘৰলৈ নি তেওঁ মানুহক দেখুৱাই টকা বিচাৰি ঘৰৰ ভেটি গোটেইটো খানিলে। কিন্তু টকা ওলাব ক’ৰ পৰা! যদিও নৰায়ে আগতে টকাখিনি সৰকালে, আন মানুহে টকাবোৰ কি হ’ল একো বুজিব নোৱাৰিলে। নৰায়ে এজন মানুহৰ পৰা টকাচেৰেক ধাৰ কৰি শাস্ত্ৰ-সমস্তকৈ পানীৰ দাঁতিতে দদায়েকৰ চুৱাটো গুচাই থ'লে।”

 চেনিৰাম আৰু ৰূপহী তাত থকা টান হৈ উঠিল। ৰূপহীৰ লৰাটোৱে এতিয়া খোজ কাঢ়িব পাৰে। সি কেতিয়াবা হঠাতে বামুণৰ ভিতৰলৈকে সোমাই যায়, কেতিয়াবা নৰাইৰ লৰা-