খোজাত আগ ছোৱাত কৈছিল,—“তোৰ হাতত থাকিলে খৰচ
হৈ যাব, তাতকৈ মোৰ হাততে থাওক, পিচত একেবাৰেই
নিবি।”
ৰূপহীক গতাই দিয়াৰ পাচত কৈছিল,—“মোৰ গোটেইবোৰ
সম্পতিয়েই দেখোন তহঁতৰ ৷ দৰমহাৰ নিমিত্তে ভাবিছ কিয়?”
এনেকৈয়ে আৰু ডেৰ বছৰমান যোৱাত ভদ্ৰৰ মৃত্যু হ’ল ।
সম্পত্তিহে নালাগে চেনিৰামে পাবলগীয়া দৰমহাখিনিও
নাপালে ।
ভদ্ৰৰ উত্তৰাধিকাৰী হ’ল নৰাই শৰ্ম্মা । নৰাইৰ অৱস্থা
আগেয়ে বৰ বেয়া আছিল ; ঘৈণীয়েক আৰু তিনটা লৰা-
ছোৱালীৰে সৈতে কোনোমতেহে পেট-ভাতে খাইছিল । ভদ্ৰ
মৰাৰ পাচতে নৰায়ে পোতৰ টকাখিনি খানি নিলে, মুঠতে
আঢ়ৈ হেজাৰ পালে । টকাখিনি নিজৰ ঘৰলৈ নি তেওঁ মানুহক
দেখুৱাই টকা বিচাৰি ঘৰৰ ভেটি গোটেইটো খানিলে । কিন্তু
টকা ওলাব ক’ৰ পৰা ! যদিও নৰায়ে আগতে টকাখিনি
সৰকালে, আন মানুহে টকাবোৰ কি হ’ল একো বুজিব
নোৱাৰিলে । নৰায়ে এজন মানুহৰ পৰা টকাচেৰেক ধাৰ কৰি
শাস্ত্ৰ-সমস্তকৈ পানীৰ দাঁতিতে দদায়েকৰ চুৱাটো গুচাই
থ'লে । ”
চেনিৰাম আৰু ৰূপহী তাত থকা টান হৈ উঠিল। ৰূপহীৰ
লৰাটোৱে এতিয়া খোজ কাঢ়িব পাৰে ৷ সি কেতিয়াবা হঠাতে
বামুণৰ ভিতৰলৈকে সোমাই যায়, কেতিয়াবা নৰাইৰ লৰা-
পৃষ্ঠা:অদৃষ্ট.pdf/৩৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে