আয়োজন এক প্ৰকাৰ সম্পূৰ্ণ হৈছে। এতিয়া বিয়া ভাঙিলে
কিজানি কিবা ডাঙৰ লেঠাত পৰিব লাগে। তাতে দৰা
হৈছে ধনী মানুহ। এইবোৰ বিষয়ে তেওঁ সকলোৰে মতামত
ল’লে।
সকলোৱে ক’লে,—“তেজপুৰলৈ গৈ প্ৰথমতে কথাটোৰ ভালকৈ আঁতি-গুৰি লোৱা উচিত। সচা হ’লে কোনোমতেই ছোৱালী দিব নোৱাৰি। তেতিয়া উকীলৰ লগত পৰামৰ্শ কৰি যি হয় কৰিব লাগে।”
সকলোৰে উপদেশ মতে পিচ দিনা ভুধৰ তেজপুৰলৈ গৈ সূৰ্য্য বৰাৰ আলহী হ’ল অাৰু সকলো কথাৰ সম্ভেদ ল’লে। ঘটনাৰ সত্যতা সম্বন্ধে যেতিয়া তেওঁৰ সন্দেহ নাথাকিল,তেতিয়া তেওঁ বৰাকেই কিবা এটা উপায় দিবলৈ খাটনি ধৰিলে। বৰাই তেতিয়া উকীলৰ লগত পৰামৰ্শ কৰি মণ্ডললৈ এখন নোটিচ লিখিলেঃ —
যেহেতু তুমি পীতাম্বৰ নামে তোমাৰ যিটো ভায়েৰালৈ মোৰ মোক্কেল শ্ৰীভূধৰ বায়নৰ ছোৱালী মালতীক আঙঠি পিন্ধাইছিলা, সেই পীতাম্বৰৰ দুৰাৰোগ্য ব্যাধি আছে বুলি ভালকৈ প্ৰমাণ পোৱা গৈছে, সেই কাৰণে তোমাক জনোৱা যায় যে উক্ত মালতীক তোমাৰ ভায়েৰা পীতাম্বৰলৈ বিয়া দিয়া নহয়। এই জাননী পোৱা মাত্ৰে তুমি মোৰ মোক্কেলৰ লগত আপোচ কৰিবা। নতুবা সত্য গোপন কৰি মোৰ মোক্কেলক প্ৰবঞ্চনা অাৰু ক্ষতিগ্ৰস্ত কৰাৰ বাবে তুমি দায়ী থাকিবা ইতি।
পৃষ্ঠা:অদৃষ্ট.pdf/৬৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে